অসমৰ এখন সৰু চহৰৰ পৰা ৰুবৰু মিঃ ইণ্ডিয়ালৈ সঞ্জু ৰায়ৰ যাত্ৰা

অসমৰ এখন সৰু চহৰৰ পৰা ৰুবৰু মিঃ ইণ্ডিয়ালৈ সঞ্জু ৰায়ৰ যাত্ৰা

Saturday May 14, 2016,

3 min Read

হলত চিনেমা আহিলেই এৰি নিদিছিল ল’ৰাজনে। চিনেমা চাই চাই আত্মবিভোৰ হৈ পৰিছিল। নিজকে চিনেমাৰ নায়কতকৈ কোনোগুণে কম নাভাবিছিল কিয়নো তেওঁৰ আছিল প্ৰচুৰ মনোবল, এটা সুন্দৰ চেহেৰা আৰু আত্মবিশ্বাস। মডেলিঙৰে মাজতে আভিনয়ৰ পৃথিৱীত খোজ পেলাব বিচাৰিছিল। কিন্তু ল’ৰাজনৰ জীৱনৰ বাট-পথ সিমান মসৃণ নাছিল। যথেষ্ট কষ্ট, অধ্যৱসায়, দৃঢ়তা বলত এদিন তেওঁ সক্ষম হ’ল ৰুবৰু মিঃ ইণ্ডিয়া 2016 হবলৈ। তেওঁৰ নাম সঞ্জু ৰায়। বঙাইগাওঁ জিলা ১ নং চাপাগুৰিৰ বলিচৰণ ৰায় আৰু পূৰ্ণিমা ৰায়ৰ পুত্ৰ সঞ্জু ৰায়।

image


সপোনক দিঠকত পৰিণত কৰিবলৈ যাওঁতে

সৰুৰে পৰা চিনেমা চোৱাটো একপ্ৰকাৰৰ হবি আছিল। চিনেমা নায়কৰ দৰে বাস্তৱত নায়ক হ’বলৈ যাওঁতে বহুটো কষ্টকময় পথ অতিক্ৰম কৰিব লগা হৈছিল । এই সম্পৰ্কে সঞ্জুৱে য়'ৰ ষ্ট'ৰী অসমীয়াক এনেদৰে কয়-

'মই বঙাইগাওঁ কলেজৰ পৰা বি কম স্নাতক হৈ প্ৰথমে মোৰ সপোনক বাস্তৱ ৰূপ দিবৰ বাবে জিমত যোগদান কৰোঁ। এইখিনি সময় মোৰ বাবে বহুত প্ৰত্যাহৱানপূৰ্ণ আছিল। কিয়নো জিমলৈ যোৱাৰ লগতে জিমৰ ৰুটিন, খাদ্যাভাস পালন কৰাটো মোৰ বাবে বহু কষ্টকৰ আছিল । ঘৰৰ পৰা আৰ্থিক সমৰ্থন সিমান পোৱা নাছিলো। সেয়েহে মই মোৰ সপোনক দিঠকত পৰিণত কৰিবলৈ যাওতে সকলো প্ৰকাৰৰ কষ্ট মূৰ পাতি ল’বলৈ নিজকে সষ্টম কৰি ৰাখিছিলো। জিমত Diet Maintain কৰাৰ বাবে যথেষ্ট টকাৰ প্ৰয়োজন হৈছিল। সেই টকাৰ বাবে মই কেতিয়াবা ৬ কি মি চাইকেল মাৰি টিউচন কৰি জিমৰ খৰচ যোগাৰ কৰিছিলো। পিছলৈ টিউচনৰ টকাৰে নোজোৰাত বাবে Partnership ত এখন Gift Item ৰ দোকান খোলো। দোকানৰ ব্যৱসায়ে মোক কিছু সকাহ যোগালে। এনে সময়ত এজন বন্ধুৱে মোক জনালে যে সমগ্ৰ উত্তৰ পূৱৰ মডেলক লৈ Mega Mr. North East গুৱাহাটী হৈ আছে আৰু পৰৰ্বত্তী সময়ত মই অংশগ্ৰহণ কৰোঁ।'
image


সঞ্জুৰ বন্ধু হ’ল পথপ্ৰদৰ্শক

বন্ধুৰ কথাশুনি সঞ্জু ৰৈ নাথাকিল। Mega Mr. North East যোগাদান কৰি ফাইনালিষ্ট হোৱাৰ যোগ্যতা অৰ্জন কৰে। অৱশ্যে এইয়াই তেওঁৰ বাবে এটা ডাঙৰ অভিজ্ঞতা। পুনৰ গুৱহাটী পৰা ঘৰ অৰ্থাৎ বঙাইগাৱৰ অভিমুখে যাত্ৰা কৰে। সঞ্জুৰ ভাষাত ক’বলৈ গ’লে ঘৰলৈ গ'লো যাতে পৰৱৰ্ত্তী পৰ্য্যায়ত সুস্থ ভাবে সিদ্ধান্ত লব পাৰোঁ। এবাৰ পুনৰ গুৱাহাটীলৈ আহিলো। দোকানৰ ব্যৱসায়ৰ সিমানতে অন্ত পেলাও।

সঞ্জুৰ দ্বিতীয় পদক্ষেপ- গুৱাহাটীলৈ আহি অসমৰ আগশাৰীৰ ডিজইনাৰ প্ৰশান্ত ঘোষৰ Assam Art and Designing Instituteত মডেলিঙ শিকাটো| এই ক্ষেত্ৰত তেওঁক তেওঁৰ দেউতাই যথেষ্ট সহায় কৰে। পুনৰ 9th Male Storn ত অংশগ্ৰহণ কৰোঁ। ইয়াত অংশগ্ৰহণৰ কৰাৰ সকলৰ এটাই চৰ্ত্ত আছিল যিয়েই Top 10 ত থাকিব সিয়েই ৰুবৰু মিঃ ইণ্ডিয়াত অংশগ্ৰহণ কৰিব পাৰিব। Top 10 ৰ ভিতৰত আছিলো সেয়েহে অডিচনৰ বাবে সুযোগ পাইছিলো। আমাৰ অডিচন দিল্লীত হৈছিল । ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰতিযোগীয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল।

image


'ৰুবৰু মিঃ ইণ্ডিয়া প্ৰতিযোগিতাত আমাক বিভিন্ন বিষয়ৰ ওপৰত বক্তব্য ৰাখিবলৈ কৈছিল। মই নাৰী নিৰ্যাতনৰ ওপৰত বক্তব্য ৰাখিছিলো। এই প্ৰতিযোগিতাখন বিশেষ কৈ Handsome With Brain ওপৰত ভিত্তি কৰিয়ে হয়। গতিকে যথেষ্ট আত্মবিশ্বাসী আছিলো। অৱশেষত “Mr. Tourism World 2016” বিজয়ী হ’বলৈ সক্ষম হওঁ।' সঞ্জু ৰায়ে কয়।

উল্লেখযোগ্য যে পৰবৰ্ত্তী সময়ত ইণ্ডোনেছীয়াত আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে। সফল হওক সঞ্জু ৰায়ৰ যাত্ৰা। য়'ৰ ষ্ট'ৰীৰ ফালৰ পৰা থাকিল বহু শুভকামনা।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

কেৱল অসমৰ জাতি জনগোষ্ঠীৰ বাবে প্ৰথমটো মেট্ৰিমনিয়েল ছাইট subhabibah.com

উত্তৰ পূৱত কাঠফুলাৰ খেতিৰে বিপ্লৱ সুচনা কৰা উদ্যমীজন

ড্ৰাগছৰ বিৰুদ্ধে যুঁজত আছাম টকছৰ সৈতে য়'ৰ ষ্ট'ৰী

জীৱনৰ প্ৰতিটো খোজত বিফলতাই গঢ় দিয়া এজন সফল উদ্যমী