২০০ টকীয়া নোট সম্পৰ্কে জানিবলগীয়া দহটা কথা

২০০ টকীয়া নোট সম্পৰ্কে জানিবলগীয়া দহটা কথা

Thursday August 24, 2017,

2 min Read

ভাৰতৰ বিত্ত মন্ত্ৰালয়ে বুধবাৰে আনুস্থানিকভাৱে ঘোষণা কৰে নতুন ২০০ টকীয় নোট প্ৰৱৰ্তনৰ সিদ্ধান্তৰ কথা । ইতিমধ্যে এই সম্বন্ধে ৰাজপত্ৰিত ঘোষণা কৰা হৈছে । এই ঘোষণা ১৯৩৪ চনৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আইনৰ ২৪তম দফা অনুসৰি আৰু আৰ বি আইৰ কেন্দ্ৰীয় সঞ্চালক মণ্ডলীৰ পৰামৰ্শ অনুসৰি কৰা হৈছে । এই নোট বৃহস্পতিবাৰৰপৰা মুকলি কৰা হ'ব ।

নতুনকৈ প্ৰৱৰ্তন হবলগীয়া ২০০ টকীয়া নোট সম্পৰ্কে জানিবলগীয়া দহটা কথা-

image


১. এই নোটৰ আকাৰ হৈছে ৬৬ মিলিমিটাৰ x ১৪৬ মিলিমিটাৰ ।

২. এই নোটত থাকিব স্বচ্ছ ভাৰত অভিযানৰ ল'গ' ।

৩. এই নোটৰ বিপৰীত ফালে থাকিব সাঁচিৰ স্তুপৰ ছবি ।

৪. ২৫ আগষ্টত আৰ বি আয়ে মহাত্মা গান্ধী (নতুন) ছিৰিজৰ এই নোট মকলি কৰিব ।

৫. ইয়াত স্বচ্ছ আখৰেৰে দেৱনাগৰী লিপিত ২০০ সংখ্যাটো লিখা থাকিব ।

৬. মহাত্মা গান্ধীৰ ছবি সোঁমাজত থকাৰ উপৰিও ক্ষুদ্ৰ আখৰেৰে আৰ বি আই, ‘भारत’, ‘India’, আৰু ২০০ লিখা থাকিব । 

৭. লৰচৰ কৰিলে এই নোটৰ সুৰক্ষা পটিৰ ৰং সেউজীয়া আৰু নীলাৰ মাজত পৰিৱৰ্ত্তিত হৈ থাকিব ।

৮. দৃষ্টিহীনৰ বাবে বিশেষভাৱে মহাত্মা গান্ধীৰ ছবি, অশোক স্তম্ভ, ইংৰাজী এইচ আখৰটো আৰু ২০০ সংখ্যাটোৰ উপৰিও চাৰিদাল ৰেখাৰ মাজত দুটা চক্ৰ সোঁফালে আৰু বাওঁফালে খোদিত কৰা হৈছে ।

৯. নোটখনৰ মূল ৰং উজ্জল হালধীয়া ।

১০. নোটখনৰ আৰ্হিৰ লগত সংগতি ৰাখি ইয়াত অন্যান্য কিছু পেটাৰ্ণো সংযুক্ত কৰা হৈছে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

শুকুৰবাৰে মুকলি হ'ব ২০০ টকীয়া নোট

বি এছ এফৰ ইতিহাসৰ প্ৰথম মহিলা বিষয়া তনুশ্ৰী পাৰিক

বিদেশী ভাষা শিকাটো কেৰিয়াৰৰ বাবে কিয় লাভজনক