উত্তৰ-পূবৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ ৫০ কোটি টকীয়া 'অইল ষ্টাৰ্টআপ পুঁজি'

উত্তৰ-পূবৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ ৫০ কোটি টকীয়া 'অইল ষ্টাৰ্টআপ পুঁজি'

Monday November 07, 2016,

2 min Read

দেশৰ দ্বিতীয় বৃহৎ তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক উৎপল বৰাই আজি গুৱাহাটীত অনুষ্ঠিত এক সংবাদ মেলত ৫০কোটী টকীয়া “অইল ষ্টাৰ্ট আপ” পুজিৰ কাম-কাজ আৰু অগ্ৰগতিৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে । বিশেষকৈ উত্তৰ – পূব ভাৰতৰ তেল আৰু গেচ খণ্ডত নতুন নতুন ধ্যান-ধাৰণাৰ উন্মেষণ ঘটাই সিবিলাকৰ লালন-পালন কৰিবৰ উদ্দেশ্যেৰে ষ্টাৰ্ট আপ পুজি এটি গঠনৰ কথা যোৱা মাহত অইল ইণ্ডিয়া লিমিটেডে ঘোষণা কৰিছিল ।

image


উৎপল বৰাই কয় যে এই নতুন আচনিখনে তেল – গেচ খণ্ডত প্ৰযুক্তিসক্ষম চিন্তা- চৰ্চাৰ প্ৰয়োগযোগ্য ষ্টাৰ্ট আপ গঠনৰ অনুকূল পৰিবেশ সৃষ্টি হোৱাকৈ ভাৰতবৰ্ষৰ যুৱচামৰ মাজত উদ্যমিতাৰ মানসিকতা গঢ়ি তুলিব । তেখেতে লগতে কয় যে তেল – গেচ খণ্ডই দেশৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি যোগাই আছে । সাম্প্ৰতিক সময়ত উদ্যোগ খণ্ডটোৱে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে যাৰ মোকাবিলা কৰিবৰ কাৰণে নতুন নতুন চিন্তা – চৰ্চাৰ অত্যন্ত প্ৰয়োজন হৈছে ।

এইক্ষেত্ৰত অইলে আই আই টি, গুৱাহাটী (IIT, Guwahati) ৰ দৰে উৎকৃষ্ট প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্ক স্থাপন কৰিব । এই প্ৰতিষ্ঠানৰ কাম হ’ব ন – ন চিন্তা চৰ্চ্চাৰ উন্মেষ ঘটোৱা । এই দিশত আই আই টি গুৱাহাটীৰ সৈতে প্ৰাৰম্ভিক আলোচনা পৰ্ব ৪ নবেম্বৰ,২০১৬ তাৰিখে সম্পন্ন কৰা হৈছে ।

ষ্টাৰ্ট আপ্ আচনিৰ বাবে প্ৰকল্পৰ আহ্বান কৰি এটি ৱেবচাইট মুকলি কৰিবলৈও অইলে বিচাৰ-বিবেচনা কৰিছে । তাৰ বাবে উত্তৰ –পূৰ্বাঞ্চলৰ বাতৰি কাকততো বিজ্ঞাপন দিয়া হ’ব । কাৰিকৰী প্ৰতিষ্ঠান, বিশ্ববিদ্যালয় আদিৰ ছাত্ৰসমাজৰ পৰা অহা প্ৰকল্পৰ প্ৰস্তাৱক বিশেষ মনযোগ দিয়া হ’ব আৰু ৱেবটাইটৰ মাধ্যমত এনেদৰে অহা প্ৰস্তাৱক অইলৰ বিষয়া তথা সম পৰ্য্যায়ৰ বিশেষজ্ঞৰে গঠিত সঞ্চালন কমিটি এখনে পৰীক্ষা আৰু মূল্যাংকণ কৰিব ।

ইতিমধ্যে আচনিখনৰ কাম-কাজ চোৱাচিতা কৰিবৰ কাৰণে অইলে কোম্পানীৰ অন্বেষণ আৰু উন্নয়ন সঞ্চালকৰ অধ্যক্ষতাত এখন আভ্যন্তৰিণ সঞ্চালন কমিটি গঠন কৰিছে ।

সদ্যহতে ই অ’ আৰ ( Enhanced Oil Recovery ), দূৰণিবটীয়া তেলপথাৰত গেচৰ প্ৰজ্বলন, পৰিবেশ, নৱীকৰণযোগ্য আৰু পুৰণি হৈ অহা পাইপলাইন আদি পাঁচটা ক্ষেত্ৰ আচনিখনৰ বাবে গ্ৰহণ কৰা হৈছে । সময়ৰ লগে লগে তালিকাখন বৃদ্ধি পাব ।

ষ্টাৰ্ট আপ সংস্কৃতিৰ সম্পৰ্কত সজাগতা আনিবৰ কাৰণে অইল ইণ্ডিয়া লিমিটেডে বিশ্ববিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানৰ সহযোগত সময়ে সময়ে মিনি ষ্টাৰ্ট আপ ইভেন্টৰো আয়োজন কৰিব ।

২০১৬ -১৭ বিত্তবৰ্ষৰ চতুৰ্থ তৃতীয়াংশত (Q4) ষ্টাৰ্ট আপ আচনিখনৰ শুভাৰম্ভণি কৰা হ’ব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভাৱক স্বপ্ননীল তালুকদাৰৰ বাবে এলাহেই আছিল উদ্ভাৱনৰ মূল

আপোনাৰ ছাল কিমান ডাঠ?

'আৰোহন ফুডচ'ৰ সফল যাত্ৰাই অনুপ্ৰাণিত কৰিছে অসমৰ নৱ প্ৰজন্মৰ উদ্যোগীক

বাঁহৰ চুঙাৰে ধূপকাঠি পেকেজিঙ কৰি ব্যৱসায়ত সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছে অৰ্পণা দাসে