বিদ্যলয়লৈ যাব নোৱাৰা ল'ৰা-ছোৱালীৰ ঘৰতে বিদ্যালয়ৰ ব্যৱস্থা-বীণা চেট্টী লস্কৰীৰ ড'ৰষ্টেপ স্কুল

0

এষাৰ প্ৰচলিত কথা আছে- তৃষ্ণাতুৰজন নিজেই কুঁৱাৰ ওচৰলৈ যাব লাগিব। কুঁৱাটো কেতিয়াও তৃষ্ণাতুৰজনৰ কাষলৈ নাযায়। কিন্তু এই কথাষাৰ ওলট-পালট হব পাৰেনে। কুৱাটো যদি নিজে তৃষ্ণাতুৰজনৰ কাষলৈ যায়। আপুনি নিশ্চয় বিশ্বাস কৰিবলৈ টান পাইছে। কিন্তু এইয়া সম্ভৱ। এনে এক অসম্ভৱ কিন্তু সম্ভৱ কথাই আমি আপোনালোকক জনাব খুজিছোঁ।

শিক্ষাৰ অধিকাৰ আইন যদিও দেশ জুৰি প্ৰণয়ন কৰা হৈছে বা ইয়াক লৈ চৰ্চা হৈছে, কিন্তু এতিয়াও হাজাৰ হাজাৰ শিশু আছে যি শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত। সৰু চহৰ বা গ্ৰামাঞ্চলতকৈ ডাঙৰ চহৰত এই ছবিখন বেছি দেখা পোৱা যায়- বস্তি অঞ্চলত বাস কৰা শিশুবোৰ, ফুটপাথত পৰি থকা শিশুবোৰ বা কোনো নিৰ্মাণ কাৰ্যৰ আশে পাশে জীবিকাৰ সন্ধান কৰি ফুৰা শিশুবোৰ।এই শিশুবোৰে কেতিয়াবা শিক্ষাৰ পোহৰ দেখিছেনে।


এই সমস্যাৰ সমাধানৰ কথা চিন্তা কৰি মুম্বাই নিবাসী বীণা চেট্টী লস্কৰীয়ে আৰম্ভ কৰিলে ড'ৰষ্টেপ স্কুল অভিযান।যিসকল শিশুৱে শিক্ষাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই,তেওঁলোকৰ ওচৰলৈ বিদ্যালয় লৈ অহাৰ অভিযান।পঞ্চাশ টা শিশুৰে আৰম্ভ হোৱা এই অভিযান বৰ্তমান এক লাখ শিশুৰ ওচৰ পাইছেগৈ।

১৯৮৮ চনত মাষ্টাৰ্চ ইন ছছিয়েল ৱৰ্ক বিষয়ত অধ্যয়ন কৰি থাকোঁতে বীণা চেট্টী লস্কৰীয়ে ড'ৰষ্টেপ স্কুল আৰম্ভ কৰিছিল।সেই সময়ত তেওঁ লক্ষ্য কৰিছিল যে কিছুমান শিশু স্কুললৈ যোৱাৰ সলনি জীৱিকাৰ সন্ধানত কাম বিছাৰি যাবলগীয়া হৈছিল।কেৱল সেয়ে নহয়, তেওঁ মন কৰিছিল যে এই শিশু সকলৰ বয়স আঠ বছৰৰ পৰা দহ বছৰৰ ভিতৰৰ আছিল। সেয়ে তেওঁলোকক বিদ্যালয়লৈ যাবলৈ পতিয়ন নিওৱাটো সহজ নাছিল। সেই শিশু সকলক তেওঁলোকৰ ওচৰলৈ গৈ শিক্ষা দিয়াৰ কথা ভাবিলে বীণা চেট্টী লস্কৰীয়ে।


ড'ৰষ্টেপ স্কুল নামৰ সংগঠনটোৱে বস্তি অঞ্চলত বসবাস কৰা শিশু সকলৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰে। ইয়াৰে এক কাৰ্যসূচী হল 'স্কুল অন হুইল'। বিশেষ ডিজাইনেৰে তৈয়াৰ কৰা একোখন বাছত শ্ৰেণীকোঠাৰ এক পৰিবেশ তৈয়াৰ কৰা হয়।এই বাছ খন পুৱা আঠ বজাৰ পৰা নিশা আঠ বজালৈ বিভিন্ন স্থানলৈ যায় আৰু ল'ৰা ছোৱালীবোৰে ইয়াত আহি পঢ়া-শুনা কৰে। আঢ়ৈ ঘন্টাৰ পৰা তিনি ঘন্টালৈ বাছখনত পাঠদান হয়। মনকৰিবলগীয়া যে বাছখনত ২০-২৫ জন ছাত্ৰ-ছাত্ৰীয়ে একেলগে পঢ়া-শুনা কৰিব পাৰে। ইয়াত পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰী সকলৰ বয়স ছবছৰৰ পৰা ওঠৰ বছৰ বয়সৰ। বাছখনত অডিঅ' ভিজুৱেলৰ লগতে খোৱা পানী,গ্ৰন্থাগাৰ আদিৰো সুবিধা আছে।


বীণা চেট্টীয়ে য়'ৰষ্ট'ৰীৰ আগত মন্তব্য কৰে-'ইয়াত পঢ়িবলৈ অহা ল'ৰা-ছোৱালী সকলক পঢ়া-শুনাৰ লগতে পৰিস্কাৰ পৰিচ্ছন্নতাৰ বিষয়েও সজাগ কৰা হয়। ইয়াৰ লগতে তেওঁলোকক শিষ্টাচাৰ,সু-অভ্যাস আদিৰো শিক্ষা দিয়া হয়। যিসকল ল'ৰা-ছোৱালীয়ে পঢ়া শুনাত ভাল ফল দেখুৱায়, সেইসকলক পিছৰ পৰ্যায়ত চৰকাৰী বা আন স্কুলত ভৰ্তি কৰোৱা হয়।'

ড'ৰষ্টেপে ল'ৰা-ছোৱালীৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃকো কাউন্সেলিঙ কৰে যাতে সন্তানৰ শিক্ষাৰ প্ৰতি তেওঁলোক আগ্ৰহান্বিত হয়।

মুম্বাইত পাঁচখন বাছেৰে শিক্ষাদান কৰাৰ লগতে পুণেত তিনিখন বাছ আছে। বাছ কেইখনৰ উপৰি বিভিন্ন বস্তি অঞ্চলত শতাধিক শিক্ষা কেন্দ্ৰ খোলা হৈছে। সোমবাৰৰ পৰা শুকুৰবাৰলৈকে ক্লাছ হয়। এগৰাকী শিক্ষকে দিনত দুটাকৈ ক্লাছ লয়। বস্তি অঞ্চলত বা ফুটপাথত বাস কৰা ল'ৰা-ছোৱালী সমূহে এই শ্ৰেণী সমূহত শিক্ষাদান কৰে। তেওঁলোকক বিজ্ঞান,গণিত,কম্পুউটাৰ আদি বিভিন্ন বিষয়ৰ পাঠদান কৰা হয়। এই শ্ৰেণী সমূহত পঢ়া-শুনাৰ লগতে নাচ,গান,নাটক আদিৰো প্ৰশিক্ষণ দিয়া হয়।

'বহু ল'ৰা-ছোৱালী আছে যিসকলে শিক্ষাৰ বাবে আগবাঢ়ি আহে। কিন্তু ঘৰত তেওঁলোকক পঢ়া-শুনাত সহায় বা উৎসাহ যোগাবলৈ কোনো নাথাকে। সেয়ে তেওঁলোকে আধাতে পঢ়া সামৰিব লগীয়া হয়। এই শিশু সকলৰ কথা ভাবি আমি শিক্ষা কেন্দ্ৰ সমূহ আৰম্ভ কৰিছোঁ।'


বীণা চেট্টীয়ে মন্তব্য কৰে যে ল'ৰা-ছোৱালী সকলক স্কুল অন হুইল বা শিক্ষা কেন্দ্ৰত পঢ়িবলৈ সন্মত কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান। ইয়াৰ বাবে শিক্ষক সকল ঘৰে ঘৰে গৈ ল'ৰা-ছোৱালী আৰু পিতৃ-মাতৃক বুজাবলগীয়া হয়। ইয়াৰোপৰি কিছুমান আকৰ্ষণীয় কাৰ্যসূচীৰ দ্বাৰা ল'ৰা-ছোৱালী সকলক শিক্ষাৰ প্ৰতি আগ্ৰহান্বিত কৰিবলৈ চেষ্টা কৰা হয়। এই অনুষ্ঠানত শিক্ষা লাভ কৰা বহু ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান সংস্থাপন লাভ কৰিছে। চাৰ্টাড একাউন্টেটৰ পৰা বৃহৎ কম্পেনিৰ উচ্চ পদস্থ বিষয়া হিচাপে কৰ্মৰত হৈ আছে এসময়ত শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত এইসকল ল'ৰা-ছোৱালী।

সম্প্ৰতি ডৰষ্টেপ স্কুলে এশতকৈয়ো অধিক চৰকাৰী বিদ্যালয়ৰ সৈতে মিলি কাম কৰি আছে। পাঁচশতকৈ অধিক কৰ্মচাৰীৰে ড'ৰষ্টেপ স্কুলে মুম্বাই, থানে আৰু পুণেত সেৱা আগবঢ়াইছে। ভৱিষ্যতে মুম্বাইৰ আশে-পাশে থকা নবী মুম্বাই, কল্যাণ আদি অঞ্চললৈ তেওঁলোকৰ সেৱা কাৰ্য প্ৰসাৰ কৰাৰ লগতে আন ৰাজ্যত থকা সংস্থা সমূহক প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা আগত ৰাখিছে যাতে এই সংস্থা সমূহেও এই ক্ষেত্ৰত উৎকৃষ্ট সেৱা আগবঢ়াব পাৰে।

মূল হৰিষ

অনুবাদ পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

উত্তৰ-পূৱ ভাৰতৰ ‘পুষ্পসজ্জা’ৰ ক্ষেত্ৰখনক নতুন মাত্ৰা দিছে নাচিমা বেগম লহকৰে

জৈৱিক পদ্ধতিৰে চাহ খেতি কৰি বিশ্বজুৰি সমাদৰ লাভ কৰিছে লখিমপুৰৰ গোবিন হাজৰিকাই

চৰকাৰৰ উদাসীনতাত অতিষ্ঠ হাৰিয়ানাৰ ৰাইজে নিজে নিৰ্মাণ কৰা দলঙত ৰাজনীতিকৰ প্ৰৱেশ নিষেধ

বীৰুবালা ৰাভা: যি নিজেই এক বিশাল প্ৰতিষ্ঠান