চকুৰ পচাৰতে বাজেট

চকুৰ পচাৰতে বাজেট

Thursday February 02, 2017,

2 min Read


কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে দাখিল কৰিলে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাজেট । চকুৰ পচাৰতে বাজেটখন-

image


কৃষি খণ্ড - 

প্ৰাকৃতিক দুৰ্যোগৰ পৰা কৃষকক সকাহ দিয়াত বিশেষ গুৰুতাব দিয়া হৈছে । 

কৃষকৰ ঋণৰ বাবে ১০ লাখ কোটি টকাৰ আবন্টন দিয়া হৈছে

৬০ দিনৰ সুদ ৰেহাই

নাবাৰ্ডৰ নিধি বৃদ্ধি

কৃষি বিজ্ঞান কেন্দ্ৰৰ সম্প্ৰসাৰণ

জলসিঞ্চনৰ সুবিধা বৃদ্ধি

দুগ্ধজাত সামগ্ৰীৰ উৎপাদনত অগ্ৰধিকাৰ

কৃষকলৈ ভূমিপট্টা

গ্ৰামেোন্নয়ণ- 

২০১৯ চনলৈ এক কোটি পৰিয়ালক দাৰিদ্ৰ্যৰ পৰা মুক্ত কৰাৰ লক্ষ্য

২০১৭-১৮ চনত এম জি এনৰেগাৰ অধীনত পাঁচ লাখ পুখুৰী খণ্ডোৱাৰ পৰিকল্পনা

গ্ৰামোন্নয়ণৰ বাবে তিনি লাখ কোটিৰো অধিক টকা ব্যয়

এম জি এনৰেগাত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি

গৃহহীণৰ বাবে এক কোটি ঘৰ নিৰ্মাণ

প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ বাবে ১৯,০০০ কোটি টকা ব্য

২০১৮ চনৰ মাৰ্চ মাহৰ ভিতৰত গ্ৰামাঞ্চলত ১০০ শতাংশ বৈদ্যুতিকৰণৰ লক্ষ্য

স্বচ্ছ ভাৰত অভিযানৰ সফলতাৰ প্ৰসংগত অনাময় ব্যৱস্থাৰ সুবিধা ৬০ শতাংশ পৰিয়ালে লাভ কৰা বুলি বিত্ত মন্ত্ৰীৰ ঘোষণা

যুৱ কল্যাণ-

মাধ্যমিক শিক্ষাত উদ্ভাৱনী শিক্ষাৰ বাবে বিত্তৰ যোগান

শিক্ষাৰ ক্ষেত্ৰত পাছপৰা ৩,৪৭৯ টা উন্নয়ণ খণ্ডৰ বাবে বিশেষ ব্যৱস্থা 

মহাবিদ্যালয়ৰ মূল্যায়ণ

স্কিল ইণ্ডিয়াৰ সম্প্ৰসাৰণ

দেশজুৰি ১০০ টা ইণ্ডিয়া ইন্টাৰনেছনেল চেন্টাৰ স্থাপন

বঠৰি স্নাতকোত্তৰ শিক্ষাৰ বাবে পাঁচ হাজাৰ আজন সৃষ্টি

দৰিদ্ৰ আৰু পাছপৰাসকলৰ স্বাস্থ্য সেৱা

মহিলা শক্তি কেন্দ্ৰৰ বাবে ৫০০ কোটি টকা অনুমোদন

অন্তঃসত্বা মহিলাক বাবে ৬০০০ টকাকৈ দিয়াৰ ব্যৱস্থা

মহিলা আৰু শিশুৰ বাবে ১৪৮৬৩২ কোটি টকা আবন্টন 

সকলোকে বাসগৃহ প্ৰদানৰ লক্ষ্য

২০১৯ৰ ভিতৰত নুটি আই নিৰ্মূল

স্বাস্থ্য উপকেন্দ্ৰবোৰক স্বাস্থ্য কল্যাণ কেন্দ্ৰ ৰূপে গঢ় দিয়া

অনুসূচুত জাতিৰ কল্যাণৰ বাবে ৫২,৩৯৩ কোটি টকা আবন্টন

আন্তঃগাঁঠনি আৰু ৰেলৱে

পথৰ বাবদ ৬৪০০০ কোটি আৰু আন্তঃগাঁঠনিৰ বাবদ ৩৯,৬১,৩৫৪ কোটি টকা আবন্টন

ডেৰ লাখ গাওঁ পঞ্চায়তলৈ উচ্চ গতিসম্পন্ন ইন্টাৰনেট 

বিত্তীয় খণ্ড-

প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পথ স্বয়ংক্ৰিয় আৰু সুগম কৰাৰ ব্যৱস্থা

প্ৰধানমন্ত্ৰী মূদ্ৰা যোজনাৰ অধীনত ২০১৭-১৮ বিত্তীয় বৰ্ষত ২.৪৪ লাখ কোটি টকা ঋণৰ লক্ষ্য

ধন হৰলুকি কৰা আৰু দোশ এৰি পলায়ণ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা

বিত্তীয় ব্যৱস্থা-

মূলধনী ব্যয় ২৫.৪ শতাংশ

বাজেটৰ ঘোষণা ৰূপায়ণৰ বাবে ৩০০০ কোটি টকা আবন্টন

বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশৰ বাবে ৩৭৪৩৫ কোটি টকাৰ আবন্টন

ৰাজহ ঘাটি ১.৯ শতাংশৰ লক্ষ্য

ৰাজ্য সমূহলৈ ৪.১১ লাখ কোটিৰ সম্পদ আবন্টন