ভাৰত-বাংলা নৌপৰিবহন বুজাবুজি চুক্তিত কেবিনেট অনুমোদন

ভাৰত-বাংলা নৌপৰিবহন বুজাবুজি চুক্তিত কেবিনেট অনুমোদন

Tuesday March 21, 2017,

1 min Read

কেন্দ্ৰীয় কেবিনেটে ভাৰত চৰকাৰৰ জাহাজ পৰিবহন মন্ত্ৰালয়ৰ ডাইৰেক্টৰেট জেনেৰেল অফ লাইটহাউছ এণ্ড লাইটশ্বিপ আৰু বাংলাদেশৰ জাহাজ পৰিবহন বিভাগৰ মাজত নৌপৰিবহন বিষয়ত এক বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷

বুজাবুজিৰ চুক্তিখনে ভাৰত আৰু বাংলাদেশৰ মাজত নিম্নোক্ত ক্ষেত্ৰত সহযোগিতা আগবঢ়াব—

১.লাইটহাউছ আৰু বিকন সন্দৰ্ভত পৰামৰ্শ বৃদ্ধি কৰা৷

২. ভেছেল ট্ৰেফিক পদ্ধতি আৰু স্বয়ংক্ৰিয় চিনাক্তকৰণ পদ্ধতিৰ চেইন সন্দৰ্ভত পৰামৰ্শ বৃ্দ্ধি কৰা৷

৩. ইণ্টাৰনেচনেল এছ’চিয়েচন অৱ মেৰিন এইডছ টু নেভিগেশ্যন এণ্ড লাইটহাউছ অথৰিটীৰ প্ৰশিক্ষণ আৰ্হি অনুসৰি বাংলাদেশৰ এইডছ টু নেভিগেশ্যন মেনেজাৰ আৰু টেকনিচিয়ানক প্ৰশিক্ষণ প্ৰদান কৰা৷

image


বুজাবুজিৰ চুক্তিখনে দুয়োখন দেশকে নিম্নোক্ত দিশত সহযোগিতা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰিব—

১.এইডছ টু নেভিগেশ্যনক লৈ পৰামৰ্শ প্ৰদান কৰা৷

২.এইডছ টু নেভিগেশ্যনৰ বিষয়ববীয়াসকলক উপযুক্ত প্ৰশিক্ষণৰ দ্বাৰা শৈক্ষিক জ্ঞান প্ৰদান কৰা৷

৩.এইডছ টু নেভিগেশ্যন ক্ষেত্ৰত দক্ষতা বৃ্দ্ধিৰ বাবে কৰ্মশালা,সন্মিলন আয়োজনত প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা৷

দক্ষিণ এছীয় অঞ্চলত এইডছ টু নেভিগেশ্যন ক্ষেত্ৰৰ দক্ষতা বৃদ্ধিৰ বাবে এই বুজাবুজিৰ চুক্তিয়ে গুৰুত্বপূৰ্ণ সহযোগিতা আগবঢ়াব৷ 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

সুৰক্ষিত জীৱনক বেছি গুৰুত্ব দিয়াজন ভাল উদ্যমী হ'ব নোৱাৰে: মাৰ্ক লাইটফ্লাং ষ্ট'ন

ব্যাৱসায়িক পৰিকল্পনা ভাল হলে পুঁজি আহিবই: ৰৱি ৰঞ্জন, নাছকম ১০,০০০ ষ্টাৰ্টআপছ

এক্ট ইষ্ট নীতিয়ে সলনি কৰিব উত্তৰ-পূবৰ ছবি: অধ্যাপক ই বিজয় কুমাৰ

সামগ্ৰী আৰু সেৱা কৰ সম্পৰ্কিত চাৰিখন বিলৰ প্ৰতি কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন