এলৰাইন’ : নিশা বৰাৰ বাবে মাৰ্কেট এনালাইছিছতকৈ আকৰ্ষণীয় গঁড়ৰ গোবৰ‌

0

নিশা বৰাৰ মতে “এলৰাইন ’ প্ৰকৃততে আছিল এক দুৰ্ঘটনা ।” নিশাৰ পিতৃ অৱসৰপ্ৰাপ্ত মাইনিং আভিযন্তা মহেশ বৰা সেইসময়ত ব্যস্ত হৈ থাকিবৰ বাবে কিবা এটা ‘ইণ্টাৰেষ্টিং’ কামৰ সন্ধানত আছিল। কাকতালীয়ভাবে ঠিক সেই সময়তে তেওঁ কৰবাত পঢ়িবলৈ পালে ৰাজস্থানত হাতীৰ গোবৰৰ পৰা কাগজ প্ৰস্তুত কৰাৰ কথা । অথচ ৰাজস্থান কোনেকালেই হাতীৰ বাবে জনাজাত নাছিল । নিশাৰ ভাষাত “তেওঁৰ ভাব হ’ল এই কামৰ বাবে ৰাজস্থান একেবাৰে আচহুৱা ঠাই গতিকে এই কাম অসমত কৰিলে কেনে হয় ?” লগে লগে গোবৰৰ পৰা কাগজ প্ৰস্তুত প্ৰণালী নিজ চকুৰে চাবলৈ তেওঁ তৎক্ষণাত ৰাওনা হ’ল ৰাজস্থানলৈ ।

ৰাজস্থানৰ পৰা উভতি আহি আৰম্ভ তেওঁ কৰিলে বিভিন্ন পৰীক্ষা-নিৰীক্ষা । লক্ষ্য- লাভজনকভাৱে কাগজ উৎপাদনৰ লগতে সমাজৰ প্ৰতিও কিছু অৰিহণা যোগোৱা । “এই বয়সত এনে এক প্ৰকল্প হাতত লোৱা কথাটোত কোনেও আস্থা প্ৰকাশ কৰা নাছিল ।” বন্ধু-বান্ধৱ, আত্মীয় স্বজন সকলোৰে দৃষ্টিত এয়া আছিল এক বৃদ্ধাৱস্থাৰ বলিয়ালি মাত্ৰ। কিন্তু নিশাই সিদ্ধান্ত ল’লে তেওঁ নিজে গৈ চাব পিতৃৰ কামত কোনোধৰণে সহায় কৰিব পাৰি নেকি । সচাকৈয়ে এই যাত্ৰাই যেন অভাৱনীয়ভাৱে মুকলি কৰি দিলে বহু নতুন সম্ভাৱনীয়তাৰ দুৱাৰ ।

‘‘মই হতবাক হৈ গ’লো যেতিয়া মই দেখিলোঁ তেওঁ কি সাংঘাতিক কাম কৰি আছে ।’’ নিশাই কয় । কেইবাজনো কমৰ্চাৰী আৰু যন্ত্ৰ-পাতিৰে উদ্যোগতো ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছিল । নিশাৰ বক্তব্য, “পছন্দৰ কিবা এটা কাম কৰাৰ মোৰ নিজৰ ইচ্ছাটোৰো প্ৰতিফলন যেন মই দেখা পালোঁ এই কামটোত ।” কোনোৱে ভৱা নাছিল নিজ চহৰখনৰ এটা যাত্ৰাতে নিশাই বিচাৰি পাব জীৱনৰ প্ৰকৃত লক্ষ্য । শিক্ষা সামৰাৰ পাছত নিশা ব্যস্ত আছিল ক’ৰ্পৰেট জগতত নিজৰ খোপনি সুদৃঢ় কৰাত । “মই মূলতঃ এগৰাকী কোৱালিটেটিভ মাৰ্কেট ৰিচাৰ্ছাৰ,” নিশাই কয়, “ বহু দিনৰ আগতে মই কোৱাণ্টাম নামৰ এটা কোম্পানীত কাম কৰিছিলোঁ । তাত দুবছৰ কাম কৰি মই চাকৰি বাদ দিওঁ । মোৰ মনত আছে সেই সময়ত মোৰ বছে মোক কৈছিল মই এটা অতি সম্ভাৱনাপুৰ্ণ কেৰিয়াৰ বাদ দিবলৈ ওলাইছোঁ ।” কিন্তু নিশাৰ মনত কোনো সন্দেহ নাছিল যে ক’ৰ্পৰেট জখলা বগাই থকাটোৱেই তেওঁৰ জীৱনৰ লক্ষ্য নহয় ।

এলৰাইন’ আৰম্ভ কৰাৰ সময়ত কোনো ব্ৰেণ্ড প্ৰতিস্থাৰ কথা ভবা হোৱা নাছিল । সমূখত আছিল আছিল উপলব্ধ সম্পদ সমুহ ব্যৱহাৰ কৰি জীৱিকাৰ উপায় সৃ্ষ্টি কৰাৰ লগতে অসমৰ প্ৰায় দুহেজাৰ এশিঙীয়া গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ ইচ্ছা । এসময়ত ভাৰতৰ বন্যপ্ৰাণীকূলৰ অবিচ্ছেদ্য অংগ এশিঙীয়া গঁড়ৰ সংখ্যা বৰ্ত্তমান কমি গৈ প্ৰায় তিনি হাজাৰমান হৈছেগৈ । ইয়াৰে অধিকাংশ পোৱা যায় অসমত । বৰা পৰিয়ালৰ ইতিহাস বহুকেইজন পৰিবেশবিদ আৰু সংৰক্ষণকৰ্মীৰে সম্বৃদ্ধ আৰু সেয়ে এই পৰিয়ালৰ বাবে গঁড়ৰ সংৰক্ষণ এক অন্যতম গুৰুত্বপুৰ্ণ বিষয় । নিশাই কয়, “এলৰাইন’ৰ মূল ভেটিটো আছিল সামাজিকভাৱে প্ৰভাৱ পেলাব পৰা বিধৰ গতিকে আমি ধৰি লৈছিলোঁ যে আমাৰ কাগজ মানুহে কিনিব । কিন্তু সোনকালেই আমি বুজি উঠিলোঁ যে আমাৰ কাগজৰ চাহিদা বজাৰত নাই । ” এয়া আছিল স্বাভাৱিক । কিয়নো ভাৰতৰ কাগজ আৰু কাগজৰ মণ্ড প্ৰস্তুতকাৰী উদ্যোগ পৃথিৱীৰ বৃহত্তম আৰু ইয়াৰ শীৰ্ষস্থানীয় প্ৰতিস্থানসমূহতে প্ৰায় ন লক্ষাধিক লোক নিয়োজিত । আনহাতে প্ৰায় দহ হাজাৰ লোক নিয়োজিত হৈ থকা একৈশ কোটি টকীয়া হস্তনিৰ্মিত কাগজৰ উদ্যোগ মূলত উত্তৰ ভাৰত, বিশেষকৈ জয়পুৰৰ দখলত । “কাগজ প্ৰস্তুত হয় কিলো আৰু টন হিচাপত ।” গতিকে এনে এটা সংগঠিত উদ্যোগৰ সন্মুখত অসমৰ এটা সৰু কাগজ প্ৰস্তুতকাৰী গোট তিস্থি থকা সম্ভৱপৰ নাছিল । “দৰাচলতে উত্তৰ-পূৱত কাগজ প্ৰস্তুত কৰাৰ কোনো প্ৰয়োজনেই নাছিল, ” নিশাৰ মন্তব্য । আন এক প্ৰত্যাহ্বান আছিল গোবৰৰ পৰা প্ৰস্তুত কাগজ সম্পৰ্কে সজাগতাৰ অভাৱ । “মানুহে ভাৱে যে এই কাগজ আন কাগজৰ দৰে উপযোগী নহয় । আমি প্ৰদৰ্শন কৰিবলগীয়া হৈছিল যে এই কাগজ উৎকৃষ্টমানৰ । পাছত মই সেই কাগজেৰে আন সামগ্ৰী প্ৰস্তুত কৰিবলৈ ধৰিলোঁ ।” নিশাই বাণিজ্য মেলা সমূহত লক্ষ্য কৰিলে যে তেওঁৰ কাগজৰ কোনো চাহিদা নাথাকিলেও কাগজেৰে নিৰ্মিত সামগ্ৰী সমূহৰ প্ৰতি বহুতে আগ্ৰহ প্ৰদৰ্শন কৰিছে । আনকি তেওঁৰ ফেচবুক পেজতো দেখা গ’ল এই সামগ্ৰী সমূহৰ প্ৰতি ব্যাপক আগ্ৰহ । লাহে লাহে তেওঁৰ ব্যক্তিগত ফেচবুক পেজটো হৈ পৰিল এলৰাইন’ৰ ব্যৱসায়ৰ এক অন্যতম আহিলা । এজন এজনকৈ বাঢ়ি গ’ল এলৰাইন’ৰ শুভাকাংক্ষী ।

নিশাই কয়, “মোৰ লক্ষ্য কেতিয়াও এলৰাইন’ক উপভোক্তাকেন্দ্ৰিক কৰি তোলাটো নাছিল । উৎকৃষ্টমানৰ কাম কৰি কেতবোৰ বিশেষ প্ৰতিস্থানক বিক্ৰী কৰাটোৱেই আছিল এলৰাইন’ৰ লক্ষ্য আৰু মোৰ কাম আছিল কৰ্মচাৰীসকলক সঠিকভাৱে পোহ-পাল দিয়াটো সুনিশ্চিত কৰা । আজি দুবছৰৰ পাছত মই গ্ৰাহকৰ সৈতে দীৰ্ঘস্থায়ী আৰু দায়বদ্ধ সম্পৰ্কৰ গুৰুত্ব বুজি পাইছোঁ । এলৰাইন’ৰ শুভকাংক্ষীসকল আজি অনুগামীত পৰিণত হৈছে অথচ তেওঁলোকে আমাৰ সামগ্ৰীসমূহ কিনাৰ সুযোগ নাপায় । সেয়েহে আমি এতিয়া কিছুমান বিক্ৰী কেন্দ্ৰৰ যোগেদি এই সামগ্ৰীসমূহৰ বিক্ৰীৰ যো-জা চলাইছোঁ । ”

নিশাই মনে-প্ৰাণে বিশ্বাস কৰে যে এটা ভাল কাহিনীৰ জনপ্ৰিয় হোৱাৰ নিজৰে ক্ষমতা থাকে । তেনে স্থলত এল ৰাইন’ৰ কাহিনী এটা উৎকৃষ্ট কাহিনী । নিশাৰ বাবে আটাইতকৈ ডাঙৰ যুঁজখন আছিল সামাজিক দায়বদ্ধতাৰ সৈতে ব্যৱসায়িক লক্ষ্যৰ সামঞ্জস্য ঘটোৱা । মুনাফা, স্থায়ীত্ব আৰু গঁড় সংৰক্ষণৰ প্ৰচেষ্টাক একেলগ কৰাৰ আন এক নাম আছিল এলৰাইন’ । “আজি এলৰাইন’ যথেষ্ট ডাঙৰ এক নামত পৰিণত হৈছে আৰু ই যি মনোযোগ পাইছে সেয়া গঁড় সংৰক্ষণ প্ৰচেষ্টাৰো সহায়ক হ’ব ।”

নিশা আশাবাদী যে অনতিপলমে অসম চৰকাৰো এই সংৰক্ষণ তথা নিয়োগৰ সুবিধা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশীদাৰ হ’বলৈ আগবাঢ়ি আহিব । উল্লেখযোগ্য যে নিশাৰ পৰিয়ালে গঁড়ৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন বিপন্ন কৰাসকলৰ বাবে এক অনুস্থান চলাই আহিছে ।

কিন্তু এনে ধৰণৰ অধিক উদ্যোগ স্থাপনৰ বাবে নিশা অথবা মহেশ বৰাৰ দৰে অন্যান্য লোকসকল অনুপ্ৰেৰণা যোগাবৰ বাবে চৰকাৰে অধিক পদক্ষেপ ল’ব বুলি আশা কৰে নিশাই । “যেতিয়া আমি কোনো অনুদান বা অন্যান্য সা-সুবিধা বিচাৰোঁ তেতিয়া আমি অতিৰিক্ত মনোযোগ পোৱা উচিত যিহেতু উত্তৰ-পূৱত কোনো উদ্যোগ স্থাপন কৰাটোৱোই সাহসৰ কথা । আন্তঃগাঁঠনি, দক্ষতা, জলবায়ু – এই আটাইকেইটা দিশৰ ফালৰ পৰা ইয়াত উদ্যোগ চলোৱাটো সহজ নহয় । এই অঞ্চলৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিহেতু উত্তৰ-পূৱৰ বাবে কেন্দ্ৰই আৱণ্টন দিয়া ধন আমাৰ দৰে লোকসকলৰ হাতত কেতিয়াও নপৰেহি ।” নিশাৰ মতে সামাজিক দায়বদ্ধতাৰে পৰিচালিত এলৰাইন’ৰ সামগ্ৰীসমূহ উপহাৰ সামগ্ৰীৰ চেইন ষ্ট’ৰত উপলব্দ্ধ কৰাব পৰা নাযায় । হস্তনিৰ্মিত কাগজেৰে বনোৱা বাবে এই সামগ্ৰীসমূহৰ দামো বেছি কিন্তু নিশাৰ বক্তব্য- “আমি বিচাৰোঁ আমাৰ সামগ্ৰীসমূহ হওক বিশেষ আৰু এক্সক্লুজিভ ।”

নিশা বৰাৰ ভাষাত নৈতিকতাৰ ভেটিত প্ৰতিস্থিত এলৰাইন’ৱে কেতিয়াও আগশাৰীৰ কাগজ প্ৰস্তুতকৰ্তাসকলৰ লগত ফেৰ মাৰিব নোৱাৰে কিন্তু তেওঁৰ মূখ্য অগ্ৰাধিকাৰ হৈছে এনে এচাম স্থায়ী গ্ৰাহক সৃষ্টি কৰা যি ভালকৈ জানে তেওঁলোকৰ ধন কিহত ব্যয় হৈছে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

4G ডিভাইচ শ্বিপমেন্টৰ বৰ্ধিত পৰিসংখ্যাই ইন্টাৰনেট ষ্টাৰ্ট-আপসমূহক কিমান লাভান্বিত কৰিব?

'ভাল' যেন লগা 'বেয়া' ষ্টাৰ্ট-আপ পৰিকল্পনাৰ পৰা কেনেকৈ বাচিব পাৰি

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

Related Stories