আপোনাৰ চাকৰিটো এৰি উদ্যোগ আৰম্ভ কৰাৰ সঠিক সময় কেনেকৈ চিনিব

আপোনাৰ চাকৰিটো এৰি উদ্যোগ আৰম্ভ কৰাৰ সঠিক সময় কেনেকৈ চিনিব

Saturday April 23, 2016,

4 min Read

মোৰ ষ্টাৰ্টআপৰ অভিজ্ঞতাৰ কথাৰে সকলোকে ক'ব বিচাৰিছো মই প্ৰথমবাৰ বিফল হোৱাৰ পিছত পৰবৰ্তী সময়ত কেনেদৰে সফল হ’লো। উদ্যোগী হোৱাটো বৰ সহজ কথা নহয়; ইয়াৰ বাবে আপুনি প্ৰতিদিনেই সহ্য কৰিব লাগিব অনেক বেদনা। সাধাৰণতে মানুহে বহু অনিশ্চয়তা থকাৰ বাবে নিজৰ চাকৰিটো এৰি ব্যৱসায় আৰম্ভ কৰিবলৈ ভয় কৰে।

কিন্তু পাহৰি নাযাব- আটাইতকৈ ডাঙৰ সম্ভাৱনা লুকাই থাকে অনিশ্চয়তাৰ মাজতে।

আপুনি যদি মোক শোধে, ব্যৱসায় আৰম্ভ কৰাৰ সঠিক সময় কি, মই ক’ম, কলেজ এৰক আৰু ব্যৱসায় আৰম্ভ কৰক। যিকোনো লোকৰ বাবেই এইটো বৰ কঠিন সিদ্ধান্ত, কিন্তু এতিয়া ভাবো যদি সেই সময়লৈ উভটি গৈ মই সিদ্ধান্তটো ল'ব পৰা হ'লে । আপুনি যদি স্নাতক হৈ ল'ব খোজে, তেতিয়াও পঢ়া শেষ কৰিয়েই আপোনাৰ ব্যৱসায় আৰম্ভ কৰক, অন্যথা কৰ্পৰেট জবে আপোনাক এলেহুৱা আৰু ভয়াতুৰ কৰি তুলিব। তেতিয়া আৰু আপোনাৰ সপোন সাৰ্থক কৰিবলৈ মোৰ দৰে সাতটা বছৰ অপেক্ষা কৰিব লাগিব।

image


মই আপোনালোকক কেইটামান কৌশল দিব বিচাৰিছো, যাতে আপোনালোকে চাকৰিটো এৰিবৰ পৰত জানিবুজি সিদ্ধান্তটো ল'ব পাৰে।

প্ৰথমে নিজকে এই প্ৰশ্নকেইটা সোধকঃ

কিয় আপুনি ব্যৱসায় কৰিব বিচাৰে? ধন আৰু মানৰ বাবে, নিজে নিজৰ মালিক হোৱাৰ বাবে, নে কিবা সমস্যা সমাধান কৰিবৰ বাবে?

আপোনাৰ জীৱিকা নিৰ্বাহৰ বাবে খৰছ কিমান?

আপোনাৰ মুলধন কিমান আছে? তাৰে আপুনি দুবছৰ খাবৰ বাবে আৰু আপোনাৰ ব্যৱসায়টোত বিনিয়োগ কৰিবলৈ পৰ্যাপ্ত নে?

আপোনাৰ উপাৰ্জনৰ অন্য উৎস আছেনে?

আপোনাৰ অন্য কিবা দ্বায়িত্ব আছে নেকি?

অদূৰ ভবিষ্যতত আপোনাৰ কিবা ডাঙৰ খৰছ আহি আছে নেকি?

আপোনাৰ বিজনেছ আইডিয়াটো ফলপ্ৰসু কৰিবলৈ আপোনাৰ কিবা প্ৰাথমিক কৌশল?

আপোনাৰ ক’ৰ টীম বা আপোনাৰ আইডিয়া ফলপ্ৰসু কৰিবলৈ কামত ল'ব পৰা কোনোবা পটু লোক আছেনে?

মই ধৰি ল’লো এই প্ৰশ্ন কেইটাৰ কেইটামানৰ উত্তৰ নেতিবাচক, এতিয়া আপুনি চাকৰিটো এৰিবলৈ আৰু ভয় কৰিব। মই যদি এই গোটেই প্ৰশ্ন কেইটাৰ উত্তৰ ইতিবাচক হোৱালৈ বাট চালোহেতেন তেতিয়া হ'লে মোৰ আৰু চাকৰি এৰাটো নহ'লেই হেতেন। মই হয়তো এতিয়াও মোৰ তেতিয়াৰ সহকৰ্মী সকলৰ দৰে চাকৰিত আৰু এটা প্ৰমোচন পোৱালৈ যুঁজ দি থাকিব লগা হ’ল হেতেন।

“তুমি যদি ঘৰ এৰাৰ আগতে সকলো লাইট সেউজীয়া হোৱালৈ বাট চোৱা, তেতিয়া হ’লে তোমাৰ কোনোদিনেই আগত যোৱা নহবগৈ।”- জিগ জিগলাৰ

আপুনি চাকৰিটো এৰাৰ আগতে আপোনাৰ উদ্যোগটোৰ বাবে ১৮-২৪ মাহ ধৰি ৰাণৱে নিৰ্মাণ কৰিব লাগিব। মোৰ ক্ষেত্ৰত ৰাণৱে নিৰ্মাণ ২৪ মাহতকৈও বেছি হৈছিল যদিও মই কেইটামান ভুল কৰি পেলাইছিলো। কিন্তু মই এই যাত্ৰাত কেইবাজনো মানুহক লগ পালো। এই দুটা কথাই মোক বচালে। আপুনি তেনে ভাগ্যবান নহবও পাৰে, কিন্তু আপুনি ষ্টাৰ্টআপ প্ৰস্তুতিৰ বাবে আপোনাৰ ফুল টাইম জব কৰি থকাৰ সময়তো মোৰ পাচঁটা মন্ত্ৰ ব্যৱহাৰ কৰি চাব পাৰে।

#১- তিনি চাৰি মাহৰ বাবে 'মিনিমাম ভায়েবল প্ৰডাক্ট'ৰ ওপৰত কাম কৰা

আপুনি চাকৰিৰ পইছাৰে আপোনাৰ 'মিনিমাম ভায়েবল প্ৰডাক্ট' নিৰ্মাণ কৰা উচিত। 'মিনিমাম ভায়েবল প্ৰডাক্ট'টো ন্যুনতম সা-সুবিধাৰে সৈতে কাম কৰা প্ৰডাক্ট হ’ব লাগিব। প্ৰডাক্টটো পিছতো উত্তৰণ ঘটাব পৰা যাব, কিন্তু প্ৰডাক্টটোৱে উপভোক্তাৰ সমস্যা সমাধান কৰিব পৰা হ’ব লাগিব।

#২- এটা টীম বনাওক য’ত আপোনাৰ সৈতে কাম এৰিবলৈ সাজু থকা কমেও এজন মানুহ থাকিব

উদ্যোগী সদায় অকলশৰীয়া। আপুনি নিজকে আবিস্কাৰ কৰাৰ পথত। কিন্তু আপুনি কনচাল্টিং বিজনেচ কৰাৰ বাদে কোনো কাম অকলে কৰিব নোৱাৰে। আপোনাক কমেও এজন মানুহ লাগিব, যিয়ে আপোনাৰ প্ৰডাক্টটো লঞ্চ কৰাত সহায় কৰিব পাৰে। তেওঁৰ পৰা আপোনাৰ সৈতে একেলগে কাম এৰাৰ নিশ্চিতিও লওক যাতে দুয়ো একেলগে একে উদ্যমেৰে কাম কৰিব পাৰে।

#৩- আপোনাৰ খৰছ কমাওক আৰু কমেও এবছৰ চলা খৰছ জমা ৰাখক

আপুনি কম খৰছত কেনেকৈ চলিব লাগে শিকক। এই সুত্ৰটো আপোনাৰ ব্যক্তিগত জীৱনৰ লগতে ষ্টাৰ্টআপটোৰ ক্ষেত্ৰটো খটুৱাওক। প্ৰতিটো এনে ষ্টাৰ্টআপৰ ক্ষেত্ৰতে টকাটোলৈকে বচোৱা মানে ৰাণৱে বৃদ্ধি কৰা আৰু ষ্টাৰ্টআপটো বচাই ৰখাৰ সম্ভাৱনা বঢ়োৱা। ইয়াৰ মাজতে নিজৰ বাবে এবছৰলৈ প্ৰয়োজন হোৱা ধন নিলগাই ৰাখক।

#৪-আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি কৰক

আপোনাৰ সৃষ্টিশীলতা বৃদ্ধিয়ে আপোনাক সলনি কৰি পেলাব। মই কেনেদৰে মোৰ সৃষ্টিশীলতা ১৫০ শতাংশ বৃদ্ধি কৰিছিলো সেয়া জানিব [http://yourstory.com/2015/07/productivity-work-schedule/]ত। আপুনি এই কৌশল আগতীয়াকৈ শিকিব পাৰে তেতিয়া আপুনি আপোনাৰ ষ্টাৰ্টআপটো আৰম্ভ কৰাৰ সমান্তৰাল ভাবে চাকৰিৰ কামো সহজে শেষ কৰিব পাৰিব। আপুনি চাকৰিটো এৰাৰ পিছত আপুনি হয়তো দুজনৰ কাম অকলে কৰিব লগীয়া হ’ব পাৰে।

#৫- এজন মাৰ্গদৰ্শক লওক

যিমান সোনকালে আপুনি এজন মাৰ্গদৰ্শক লয়, সিমানে আপোনাৰ সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰতিজন উদ্যোগীৰে এজন মাৰ্গদৰ্শক থাকে; মোৰ মাৰ্গদৰ্শকজনৰো এজন মাৰ্গদৰ্শক আছে।

কিন্তু, সাৱধান। যিলোকে কোনোদিনে নিজে একো উদ্যোগ আৰম্ভ কৰি পোৱা নাই তেনে বহু লোকে আপুনি আৰম্ভ কৰা দেখিলে মাৰ্গদৰ্শক হবলৈ আহিব, তেনে লোকক বিশ্বাস নকৰিব। আপুনি নিজে খোজ কাঢ়িব পৰা নোহোৱালৈকে আপোনাৰ হাতত ধৰি খোজ কঢ়াব পৰা এজন লোকক বিচাৰি উলিয়াওক। কিছুমান মাৰ্গদৰ্শকে ইকুইটি বিচাৰে, কিছুমানে ধন আৰু ইকুইটি দুয়োটা। আপুনি নিজে সিদ্ধান্ত লওক আপোনাক কোনটোৱে পোচাব।

মূলঃ প্ৰদীপ গোৱেল

অনুবাদঃ মুকুন্দ মাধৱ নেওগ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

উদ্যোগীয়ে টোপনিৰ ওচৰত হাৰ নামানে

চাহৰ কাপত বিপ্লৱ আনিছে সন্দীপ গগৈয়ে

১৬মাহত হেৰুৱাইছিল শ্ৰৱণ আৰু বাক শক্তি, আজি দেশে চিনি পায় এঞ্জেলা লাহনক

বানে গৰকা বালিময় মাটিত সপোন ৰচিছে মতালেব, কাচেম, শোৰহাব, শোভানহঁতে