ব্যৱসায় আৰম্ভ কৰাৰ বাবে বিনিয়োগৰ প্ৰয়োজন নাই

ব্যৱসায় আৰম্ভ কৰাৰ বাবে বিনিয়োগৰ প্ৰয়োজন নাই

Thursday December 24, 2015,

5 min Read

নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ কিমান টকাৰ বিনিয়োগৰ প্ৰয়োজন হয় বাৰু। মই বিৰলা বা আম্বানিয়ে ব্যৱসায় আৰম্ভ কৰাৰ সেই যুগটোৰ কথা কোৱা নাই। আমি বৰ্তমান অনলাইন ব্যৱসায়ৰ এটা যুগত বাস কৰিছো, যত পৰম্পৰাগত উদ্যোগতকৈ এই উদ্যোগ অধিক গুৰুত্বপূৰ্ণ।

আপুনি জানেনে যে Flipkart এ মাত্ৰ ৫লাখ টকাৰ ব্যক্তিগত বিনিয়োগেৰে নিজৰ ব্যৱসায় আৰম্ভ কৰিছিল ?

জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ ব্যৱসায়ৰ বাবে যথেষ্ট পৰিমাণৰ ধনৰ প্ৰয়োজন হয়। কাৰণ এইক্ষেত্ৰত ঘৰভাৰা, ষ্টক, প্ৰথম দিনটোৰ পৰা কৰ্মচাৰী নিয়োগ কৰা, বিপণনকৰ্তাক আগধন প্ৰদান আদি বহুতো খৰচৰ কথা থাকে। কিন্তু ইন্টাৰনেটৰ ব্যৱসায়ত প্ৰথমটো দিন্ৰ পৰা এইধৰণৰ বিনিয়োগৰ প্ৰয়োজন নাথাকে। আপোনাক মাথো ইন্টাৰনেট সংযোগ থকা এটা লেপটপৰ প্ৰয়োজন আৰু আপোনাৰ ব্যৱসায় আৰম্ভ।


image


এটা কথা মানি লওঁ যে ব্যৱসায়িক সামগ্ৰী, হষ্টিং,যাতায়াত আদিত কিছু খৰচ আছে। কিন্তু এইধৰণৰ খৰচে সিমান প্ৰভাৱ নেপেলায়। নিজৰ দৈনন্দিন খৰচখিনি যদি আপুনি জোগাৰ কৰিব পাৰে তেনেহলে এইখিনিও হৈ যায়।

এটা কাহিনী কওঁ শুনক-

এজন ১৬বছৰীয়া লৰা আছিল। তেওঁ পঢা-শুনাত সিমান ভাল নাছিল। তাৰ ডিছলেক্সিয়া নামৰ পঢা-শুনাত বাধা প্ৰদান কৰা এটা বেমাৰৰ লক্ষণ আছিল। তেওঁ নিজে কৰি ভাল পোৱা কিবা এটা কৰিব বিচাৰিছিল। তেওঁ স্কুলৰ আলোচনীখনৰ বাবে কাম কৰিব আৰম্ভ কৰিছিল। তেওঁ এজন এককালিন ব্যৱসায়ীৰ দৰে বিভিন্ন প্ৰকাশন গোষ্ঠীৰ সৈতে যোগাযোগ কৰিবলৈ আৰম্ভ কৰি দিলে। তেওঁ তাক সহায় কৰিবলৈ তাৰ বন্ধু মহলক সৈমান কৰিও ল'লে। এইদৰেই তেওঁ প্ৰথম ব্যৱসায় আৰম্ভ কৰিলে। তেওঁ আন কোনো নহয়, তেওঁ হৈছে শূন্যৰ পৰা আৰম্ভ কৰি এক ব্যৱসায়িক সাম্ৰাজ্যৰ অধিকাৰী হোৱা ভাৰজিন গ্ৰুপৰ স্বত্বাধিকাৰী ছাৰ ৰিচাৰ্ড ব্ৰেনছন। তেওঁ কেৱল নিজৰ অন্তৰৰ কথা শুনিছিল আৰু সকলো প্ৰতিকুলতাৰ মাজেৰে গৈ কোনো বাহিৰা সমৰ্থন নোপোৱাকৈয়ে নিজৰ ব্যৱসায় আৰম্ভ কৰিছিল।

এতিয়াও কোনোবাই বিনিয়োগ কৰিব বুলি ভাবি নিজৰ আগৰ সেই কামটোতে ব্যস্ত হৈ আছে নেকি? কোনো বাহিৰা বিনিয়োগ অবিহনেই নিজৰ ব্যৱসায় আৰম্ভ কৰিব পৰাৰ কেইটামান কিটিপ আগবঢ়াব বিচাৰিছো।

# প্ৰাৰম্ভিক বিনিয়োগৰ বাবে নিজৰ জমা-ধন, পিতৃ-মাতৃ, বন্ধু,খুৰা-মামা আদিৰ

সহায় লওক

নিজৰ খুচুৰা পইচাৰ টেকেলিটো ভাঙি লওক, পুতলাবোৰ বিক্ৰি কৰি দিয়ক, অব্যৱহৃত সামগ্ৰী সমুহ নিলাম কৰি দিয়ক আৰু আপোনাৰ ব্যৱসায়ৰ বাবে ইয়াৰ পৰা কিমান টকা আহৰণ হব হিচাপ কৰক। আপোনাৰ মা-দেউতা,বন্ধু,খুৰা-মামা আদিৰ পৰা টকা ধাৰলৈ লওক। ধাৰলৈ লোৱা টকাবোৰ খৰচ কৰাৰ ক্ষেত্ৰত সাৱধান হওক। কাৰণ আপুনি সেই সমষ্ট ধন সুত সহিতে ওভটাব লাগিব। নিজৰ আপোনজনৰ পৰা টকা ললেও ব্যৱসায়ৰ ক্ষেত্ৰত পোছাদাৰিত্ব ৰাখক।

# আপুনি যিটো কাম ভালকৈ জানে সেইটো হে কৰক।

ধাৰ কৰা টকাৰে যিকোনো কাম নকৰিব। আপুনি যিটো কামত সিদ্ধহস্ত সেইটো হাতত লওক। যিটো কামৰ বাবে মানুহে আপোনাৰ সহায় বিচাৰে, সেই কাম হে কৰক। সেয়া লাগিলে ছফ্টৱেৰৰ ক্ষেত্ৰত হেকিং, ফাইণ্ডিং,কিলিং বাগছেই হওক। অন্য মানুহে অগোচৰ কৰা কাম কিছুমান কৰিব পাৰে, যেনে ধুনীয়া ডিজাইন বনোৱা, আকৰ্শনীয় কাহিনী লিখন, সামাজিক বিষয় উত্থাপন, নিজৰ ঠাইৰ সমস্যা উত্থাপন, শিক্ষা আৰু সজাগতা সৃষ্টি আদি ।

# ঘৰতেই কাম আৰম্ভ কৰক অথবা সৰু কোঠা এটা ভাৰালৈ লওক।

নিজৰ কোঠাটোতেই নিজৰ দলটোৱে বহি কাম কৰিব পৰা হৈ থকালৈকে ঘৰ ভাৰাৰ নামত এটকাও খৰচ নকৰিব। যদিহে ঘৰৰ পৰাই কাম কৰাটো সুবিধাজনক নহয়, তেনেহলে হে সৰু কোঠা এটা ভাৰালৈ লব পাৰে। ধনৰ অভাৱত থাকিলে প্ৰথমটো দিনৰে পৰা সহযোগী কাৰ্যালয়ৰ ব্যৱস্থাটো কৰি লোৱাৰ প্ৰয়োজন নাই।


# ইন্টাৰনেটৰ বিলটোৱেই হৈছে আটাইতকৈ ডাঙৰ খৰচ

যদি আপুনি নিজৰ ইন্টাৰনেটৰ বিলতকৈ অধিক ধন আন কিবা বেলেগ কামত খৰচ কৰি আছে,তাক বন্ধ কৰক।

এইটো আপোনাক কিয় লাগে? এইটো নহলে আপোনাৰ কামটো আজি বন্ধ হৈ যাব নেকি? যদি উত্তৰটো হৈছে, নহয়, তেনেহলে সেই খৰচটো কাইলৈলৈকে ৰখাই থওক। এই কামটো তেতিয়ালৈকে কৰক, যেতিয়ালৈকে সেই বস্তুটোৰ অভাৱত আপোনাৰ কামটো বন্ধ হৈ নাযায়। উদাহৰণ স্বৰূপে- প্ৰিন্টাৰ, ফেক্স, নতুন লেপটপ অথবা অতিৰিক্ত এলচিডি মনিটৰ !

# প্ৰথমখন চেক নোপোৱালৈকে কোম্পানীক পঞ্জিয়ন নকৰিব

এই ভুলটো নতুনকৈ উদ্যোগশীলতালৈ অহা প্ৰায় প্ৰতিজনেই কৰে। আমি আমাৰ প্ৰাইভেট লিমিটেড কোম্পানী নোহোৱাকৈ ব্যৱসায় কৰিব নোৱাৰোনে ?পাৰো, কিয় নোৱাৰিম।

আপুনি নিজৰ প্ৰথমখন উপাৰ্জনৰ চেক লাভ নকৰালৈকে নিজৰ কোম্পানীটো নগঢ়াকৈয়ে ব্যৱসায় কৰি যাওক। যদি কোনো কোনো গ্ৰাহকে আপোনাৰ সৈতে ব্যৱসায় কৰাৰ বাবে আপোনাৰ কোম্পানীৰ কথা সোধে তেনেহলে কওক যে আপোনাৰ কোম্পানী নিৰ্মাণ শেষ পৰ্যায়ত আছে। প্ৰথমতে আপুনি ভাবি থোৱা নামটোৰে আপোনাৰ কোম্পানীৰ নামত প্ৰথমখন চেক আহৰণ কৰি লওক। ( তাৰ বাবে চাই লওঁক সেই নাম MCA websiteত আছেনে নাই)

যদি কোনো গ্ৰাহকে আপোনাক এখন চেক দিছে তেনেহলে নিশ্চিত হওক যে আপুনি এজন প্ৰকৃত গ্ৰাহক লাভ কৰিছে। মই এনেকুৱাও দেখিছো যে গ্ৰাহক কিছুমানে প্ৰতিশ্ৰুতি ঠিকেই দিয়ে কিন্তু শেষ মুহুৰ্তত এনেকুৱা কিবা এটা ঘটে যে তেওঁলোকে আপোনাক সঁহাৰি দিয়াটো বন্ধ কৰি দিয়ে। (বিশেষকৈ আপুনি যেতিয়া এটা সৰু ষ্টাৰ্ট আপ হয়)। কোম্পানীক ক'ৰ্পৰেটকৰণ হৈছে খৰচি কাৰবাৰ। আপুনি প্ৰতিবছৰে বিভিন্ন শিতানত চাৰ্টাৰ্ড একাউন্টেন্টক ধন পৰিষোধ কৰি থাকিব লাগিব।

# কৰ্মচাৰীৰ দল গঠন

দলটো গঠন কৰাৰ বাবে একে ধৰণে চিন্তা কৰা লোকক নিৰ্বাচন কৰক। বিভিন্ন চাকৰিৰ বিজ্ঞাপনৰ পৰা উপলব্ধ লোকক নানিব। কাৰণ তেওঁলোকে ষ্টাৰ্ট আপৰ সৈতে নিজকে মিলাব নোৱাৰিব পাৰে। আপোনাৰ প্ৰাৰম্ভিক যি দুই তিনিজন কৰ্মী হব,তেওঁলোক হয়তো আপোনাৰ সহ প্ৰতিস্থাপক অথবা সমভাবাপন্ন কৰ্মী হোৱা উচিত।

যদি আপুনি সেয়া কৰিব নোৱাৰে তেনেহ’লে এটা কথ শিকি লওক৷ আপুনি আন ডাঙৰ কোম্পানীৰ দৰে আন মানুহক নিয়োগ কৰিব নোৱাৰে৷ আপুনি আপোনাৰ সপোনটো বা লক্ষ্যটো আনৰ আগত ব্যক্ত কৰক৷ আপোনাৰ লক্ষ্যৰ সৈতে সহমত পোষণ কৰা লোকে আপোনাৰ সংগী হ’ব৷ সততা আৰু স্বচ্ছতা ৰাখক৷ যদি আপোনাৰ টকা নাই সেই কথা প্ৰকাশ কৰক৷ যদি আপোনাৰ ঠাই নাই সেই কথাও কৈ পেলাওক৷ এজন ভুল ব্যক্তিক কামৰ সংগী কৰি লোৱাতকৈ আপুনি নিজৰ মাজতে থকা সম্পদৰ উত্তৰণত মন দিয়ক৷

#বিপণনত টকা খৰচ কৰাতকৈ উত্তৰণত মনোনিবেশ কৰক

ফেচবুকৰ বিজ্ঞাপন বা গুগলৰ বিজ্ঞাপনত খৰচ কৰাৰ কোনো প্ৰয়োজন নাই৷ বিজ্ঞাপনত খৰচ কৰাটো ধনবানৰ কাম৷ উন্নত সামগ্ৰী বা সেৱা প্ৰস্তুত কৰক আৰু উন্নতি আজুৰি আনক৷ আপুনি যদি নিয়মিত ভাবে Growth Hackers আৰু Hacker News নপঢ়ে তেনেহ’লে আপুনি ষ্টাৰ্ট আপৰ মাৰ্কেটিঙটো বুজি নাপাব৷

(বিধিসন্মত ঘোষণা: এই নিখনিত উল্লিখিত ধাৰণাসমুহ লিখকৰ ব্যক্তিগত৷ ইয়াৰ YourStoryৰ সৈতে কোনো সম্পৰ্ক নাই৷)

মূল-প্ৰদীপ গোয়েল

অনুবাদ-প্ৰাঞ্জল শৰ্মা


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

তিনি বছৰত তিনিটা ষ্টাৰ্ট আপৰ প্ৰতিস্থাতা অৰ্পিতা খাদৰিয়াই ৩৩বছৰ বয়সত মাত্ৰ আৰম্ভণীহে কৰিছে

'মোৰ পকেটত ৫০টকীয়া নোট এখনৰ বাহিৰে হাতত ভাত খাবলৈও এটকাও নাছিল ’ – এজন উদ্যোগীৰ কাহিনী

এটা সদ্যোজাত ষ্টাৰ্ট আপত যোগ দিয়াৰ সিদ্ধান্তৰ মূখামুখি হোৱা এগৰাকী নতুন স্নাতকলৈ এখন মুকলি চিঠি

৬০ টকাত ঘৰ চলোৱা এজন ব্যক্তি আজি কেইবা শ কোটি টকাৰ মালিক