বিশ্বৰ কনিষ্ঠতম কম্পিউটাৰ প্ৰগ্ৰামাৰ মহম্মদ হামজা
Thursday September 22, 2016,
2 min Read
মহম্মদ হামজা শ্বাহজাদ হৈছে সাত বছৰীয়া পাকিস্তান মূলৰ বৃটিছ শিশু । তেওঁ বৰ্তমান বিশ্বৰ কনিষ্ঠতম কম্পিউটাৰ প্ৰগ্ৰামাৰ । বাৰ্মিংহামৰ হেণ্ডছৱৰ্থ এলেকাৰ নিবাসী হামজাক তেওঁৰ পিতৃ আছিমে সৰুৰেপৰা প্ৰশিক্ষণ দিছে । আছিমে আমেৰিকান তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ বাবে কাম কৰে । শেহতীয়াকৈ বাৰ্মিংহাম মেইলৰ আগত হামজাই কয়- "মই বিল গেটছ হবলৈ বিচাৰোঁ ।"
হামজাৰ এয়ে প্ৰথম বিশ্ব অভিলেখ নহয় । ছবছৰ বয়সত তেওঁ বিশ্বৰ কনিষ্ঠতম মাইক্ৰছফ্ট অফিছ প্ৰফেছনেল হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল । ৭০০ মন্বৰ পাবলগীয়া এটা পৰীক্ষাত তেওঁ লাভ কৰিছিল ৭৫৭ । তেওঁ বৰ্তমান ছফ্টৱেৰ ডিভেলপমেন্ট ফাণ্ডামেন্টেলছত পাৰ্গত ।
অলপতে লণ্ডনৰপৰা ৱেষ্ট মিডলেণ্ডলৈ বদলি হৈ গৈছে হামজাৰ পৰিয়াল । তেওঁ বৰ্তমান নিজা এটা কম্পিউটাৰ প্ৰগ্ৰামৰ ওপৰত কাম কৰি আছে ।
"মই এটা গেম বনাবলৈ বিচাৰোঁ আৰু মই তাকেই কৰি আছো ।" তেওঁ কয় ।
আন শিশুৱে টিভিত কাৰ্টুন চাই থকাৰ সময়ত মহম্মদে কম্পিউটাৰ প্ৰগ্ৰাম নিৰ্মাণ কৰি থাকে । তেওঁৰ পিতৃ ৪০ বছৰীয়া আছিম মাৰ্কিন ছফটৱেৰ কোম্পানী চাইবাৰ ৰয়েলত কৰ্মৰত । আছিমে কয়, "স্কুলত তেওঁ নিজৰ মান নিজে নিৰ্দ্ধাৰণ কৰে । আমি তেওঁক কেৱল তেওঁৰ বাবে শ্ৰেষ্ঠতৰ কৰি তুলিব নিবিচাৰোঁ । আনৰ বাবেও বিচাৰোঁ । "
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
মালগাড়ীৰ গাৰ্ডৰূপে কাম কৰা ভাৰতৰ প্ৰথম মহিলা ইউ এইচ লক্ষ্মী
জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাতা নৰেশ গোয়েলে ষ্ট্ৰীটলাইটৰ পোহৰত পঢ়িছিল
অৰ্জুনৰ বংশধৰ বুলি পৰিচয় দিয়ে মেঅ' মুছলমান সম্প্ৰদায়ে
এজন কুখ্যাত ড্ৰাগ মাফিয়াৰ জীৱনৰপৰা দুটামান শিক্ষা