কি কথাই নো গুগল মাউন্টেইন ভিউৰ এই দম্পতিক ভাৰতলৈ ওভটাই আনিলে

কি কথাই নো গুগল মাউন্টেইন ভিউৰ এই দম্পতিক  ভাৰতলৈ ওভটাই আনিলে

Thursday December 17, 2015,

7 min Read

২০১৫ চনৰ মাৰ্চ। ফ্লীপকাৰ্টে এ যেতিয়া মটৰলাৰ প্ৰাক্তন উপাধ্যক্ষ পুনীত চোনিক তেওঁলোকৰ চীফ প্ৰডাক্ট অফিচাৰ হিচাপে নিয়োগ কৰাৰ কথা ঘোষণা কৰিলে,তেতিয়াৰে পৰা ছিলিকন ভেলীৰ পৰা আৰম্ভ হ'ল ভাৰতীয় ষ্টাৰ্ট আপত সুযোগ সন্ধানৰ বাবে একাংশ উচ্চ পৰ্যায়ৰ ব্যৱস্থাপকৰ তৎপৰতা। লগে লগে পিযুষ জৈন (Flipkart), অম্বৰীশ কেংঘে (Myntra), নমিতা গুপ্তা (Zomato) আৰু অন্যান্য সকলেও সেই একেই শাৰীতে থিয় দিলে। এহাতে যদি ভাৰতীয় ষ্টাৰ্ট আপে সম্ভাৱনাৰ বহু বাট মুকলি কৰিছে আনহাতে এইক্ষেত্ৰত শীৰ্ষ পৰ্যায়ৰ এই বিষয়াসকলৰ পাৰিতোষিকৰ ব্যৱস্থা কৰিবলৈও সক্ষম হৈছে। এবাৰ YourStory ৰ আগত পুনিত চোনীয়ে ব্যক্ত কৰিছিল যে, বিশ্বৰ পৰৱৰ্তী শীৰ্ষ মানৰ কোম্পানীটো সৃষ্টি হব ভাৰতবৰ্ষত ।

মই এনেকুৱা এক দম্পতিক লগ পাইছিলো যিয়ে ইতিমধ্যে Google Mountain Viewৰ পৰা বাংগালুৰুলৈ ইতিমধ্যে নিজকে স্থানান্তৰিত কৰিছে। এই দম্পতিৰ নীনা বুধিৰাজাই Ola ৰ Director of Product Management পদত যোগদান কৰাৰ বিপৰীতে তেওঁৰ স্বামী হিমাংশু বাট্ৰাই নিজৰ ষ্টাৰ্ট আপৰ কাম আৰম্ভ কৰিছে। গুগলত একালত কাম কৰা আন দুজনৰ সৈতে মিলি শিক্ষা খণ্ডৰ এক ষ্টাৰ্ট আপৰ কাম আৰম্ভ কৰা হৈছে। তেওঁলোকৰ লগত কেইজনমান ইন্টাৰ্ণেও যোগ দিছে.। YourStory ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাতত এই দম্পতিয়ে তেওঁলোকৰ গুগলৰ জগতৰ পৰা ভাৰতমুখী ওভটনি যাত্ৰা আৰু কি কাৰকে তেওঁলোকক এই পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিলে তাৰ কথা ব্যক্ত কৰে।


image


আমেৰিকা যুক্তৰাষ্ট্ৰত যমুনানগৰ আৰু ডুবাইৰ মিলনৰ কথা

হাৰিয়ানাৰ যমুনানগৰৰ হিমাংশুৱে কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞান বিষয়ত অতি সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰি চিকাগোৰ ইলিনিয়ছ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিবলৈ সক্ষম হয়। আনফালে নীনাই ডুবাইত জন্মগ্ৰহণ কৰি তাতেই ডাঙৰ দীঘল হৈছিল। উচ্চতৰ মাধ্যমিক শিক্ষা লাভৰ বাবে দিল্লীলৈ অহা নীনাই পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। কাৰ্নেগী মোলন বিশ্ববিদ্যালয়ৰ টেপাৰ স্কুল অৱ বিজনেছৰ পৰা তেওঁ এম.বি.এ. ডিগ্ৰীও লাভ কৰে। ২০০৯ চনত গুগলত ইন্টাৰ্ণশ্বিপ আৰম্ভ কৰা নীনাই পৰৱৰ্তী সময়ত তাতেই চাকৰি লাভ কৰে। ইফালে ২০০৮ চনৰ পৰা হিমাংশু গুগলত প্ৰজেক্ট মেনেজাৰ হিচাপে কৰ্মৰত হৈ আছিল।

অতীত সুঁৱৰি হিমাংশুৱে কয়

মই যেতিয়া ২০০৫ চনত চিকাগোলৈ আহিছিলো, এই চহৰখন কোনোপধ্যেই ছিলিকন ভেলীৰ সমকক্ষ নাছিল। চিকাগোৰ কোম্পানীসমুহে অনলাইন ব্যৱসায় আৰম্ভ কৰিছিল আৰু কাৰিকৰি দিশত জনপ্ৰিয়তা লাভ কৰিবলৈ ধৰিছিল। এতিয়া কিন্তু পৰিস্থিতি সলনি হৈছে। এতিয়া প্ৰায় প্ৰত্যেক পাঁচ ঘন্টাৰ মুৰে মুৰে একোটা ষ্টাৰ্ট আপ আৰম্ভ হয়।

G মানে growth(উন্নতি)

নীনাই গুগলত ফাইনেনছিয়েল এনালিষ্ট হিচাপে আৰম্ভ কৰিলে তেওঁৰ সপোনৰ চাকৰিটো। অনতিপলমে তেওঁ কোম্পানীটোৰ Displays Ads Chief of Staff, পদত অধিস্থিত হয়। তেওঁ বাৰ্ষিক পৰিকল্পনা,পৰৱৰ্তী আচনি আদিৰ চোৱাচিতাৰে কাম আৰম্ভ কৰি পৰৱৰ্তী সময়ত গুগলৰ ১০০ নিযুত সাম্ৰাজ্যৰ বিপণন বিভাগৰ বিজ্ঞাপন শাখাৰ প্ৰডাক্ট মেনেজাৰ হিচাপে উন্নীত হয়। ২০১৪চনত নীনাই নিজৰ আগ্ৰহ আৰু জ্যেষ্ঠ সহকৰ্মীৰ সহায় পৰামৰ্শৰে আগুৱাই গৈ গুগল এক্সপ্ৰেছৰ এম-কমাৰ্ছ লীড হিচাপে নিজকে প্ৰতিস্থা কৰে। এইক্ষেত্ৰত তেওঁ কয়, 

আমি গ্ৰাহকৰ সংখ্যা ৫০ ৰ পৰা ৬০ শতাংশলৈ বৃদ্ধি হোৱা দেখিলো আৰু ইয়াৰ বৃদ্ধিত মনোনিবেশ কৰি ভুল ক্ৰুটি আঁতৰোৱাত লাগিলো।


image


এয়া সেই সময়ৰ কথা ,যেতিয়া তেওঁ নিজৰ ৮বছৰীয়া অভিজ্ঞতাখিনি কামত খটুওৱাবলৈ আগবাঢ়িল। গুগল ৰিছ প্ৰোগ্ৰেমৰ অংগ হিচাপে উন্নয়নশীল দেশসমুহৰ গুগল ব্যৱহাৰকৰ্তাসকলৰ সৈতে অপেছাদাৰী সংস্থাসমুহৰ মাজত এক যোগসূত্ৰ স্থাপনৰ এক প্ৰকল্পত আজাদ ফাউণ্ডেশ্বনৰ হৈ কাম কৰিবলৈ তেওঁ এবাৰ ভাৰতলৈ আহিল। তেওঁৰ কাৰ্যকালত সাখা কেবচ নামৰ এটা পৰিবহণ সংস্থাৰ সৈতে কাম কৰোতে তেওঁ ভাৰতৰ পৰিবহণ ব্যৱস্থা আৰু উদ্যোগটো ওচৰৰ পৰা পৰ্যবেক্ষণৰ সুবিধা পালে।

আনফালে হিমাংশুৱে জাগৃতি যাত্ৰাত অংশগ্ৰহণ কৰি নাৰায়ণ মুৰ্তি,অংশু গুপ্তা আদিৰ দৰে পৰিবৰ্তনকামী লোক সকলক সাক্ষাতৰ মাধ্যমেৰে দেশখনক ভালকৈ বুজিলে। প্ৰথম বাৰৰ বাবে তেওঁ অনুধাৱন কৰিলে যে দেশত ষ্টাৰ্ট আপৰ প্ৰতি আগ্ৰহ বঢ়ায়ে নহয়,যুৱ প্ৰজন্মৰ মাজত কিবা এটা পৰিবৰ্তনকামী কাম কৰাৰ হেপাঁহ আৰু একাগ্ৰতা বৃদ্ধি হৈছে। নীনাৰ মতে, গুগলত কাম কৰি থকাৰ সময়ত নিম্নোক্ত কথাকেইটাই তেওঁৰ উত্তৰণত সহায় কৰিছিল:

0 নিজৰ শ্ৰেষ্ঠত্বক নিৰূপণ কৰাৰ বাবে বিভিন্ন ৰূপ ধাৰণৰ ক্ষমতা।

0 সহকৰ্মীৰ দক্ষতাৰ সহায়

0 প্ৰতিটো দিনতেই নতুন নতুন প্ৰত্যাহ্বান গ্ৰহণ

0 কৰ্মীৰ সংখ্যাত গুৰুত্ব প্ৰদানৰ পৰিৱৰ্তে কৰ্মসম্পাদনৰ ক্ষেত্ৰত তেওঁলোকৰ চিন্তা আৰু পদ্ধতি

0 নিৰৱে নিজৰ কাম কৰি যাওক,য'ত আপোনাৰ ব্যৱস্থাপকে আপোনাক কামৰ ক্ষেত্ৰত জাৱৰ হিচাপে গণ্য নকৰে।

২০০৯চনত অৰ্থনৈতিক অস্থিৰতাৰ বাতাৱৰণৰ সময়ত নীনাই পুনৰ ছিলিকন ভেলীত প্ৰৱেশ কৰিলে। সেই সময়ৰ কথা সুঁৱৰি তেওঁ কয়,

ভাৰতে মোক স্থায়িত্ব আৰু নেতিবাচক কথা গ্ৰহণ নকৰাৰ শিক্ষা প্ৰদান কৰিলে।

কৰ্মক্ষেত্ৰৰ ভাৰসাম্য য'ত ৰূপকথা নহয়

হিমাংশুৰ মতে গুগলে কৰ্মচাৰীসকলৰ মাজত কৰ্মৰ ক্ষেত্ৰত এক ভাৰষাম্যতাৰ অনুভুতি জগাই তোলে। মাউন্টেইন ভিউত থকা সময়ত তেওঁৰ দিনটো আৰম্ভ হৈছিল ৰাতিপুৱা ৮বজাত। এটা চিৰাচৰিত দিনৰ বৰ্ননা কৰি তেওঁ কয়- এজন কৰ্মচাৰীয়ে কেইঘন্টামান কাম কৰাৰ পিছত ফুটবল খেলিবলৈ বা কিবা খাবলৈ যাব পাৰে। তাৰ পিছত আৰু কেইঘন্টামান কাম কৰি পুনৰ খেলিবলৈ বা নৃত্যৰ শিক্ষাগ্ৰহণৰ বাবে অথবা শৰীৰ মালিচ কৰিবলৈ যাবলৈ সুবিধা পায়। তাৰ পিছক ঘৰলৈ যাব পাৰে। তেওঁ ভাবে যে কামৰ মাজে মাজে নিজকে কামৰ পৰা আতৰাই বেলেগত নিয়োজিত কৰাটো অতি প্ৰয়োজনীয়। তদুপৰি উৎপাদনশীলতা বৃদ্ধিৰ বাবে ১৬-১৭ ঘন্টা কাম কৰাটো মুঠেও জৰূৰী নহয়। তেওঁ তদুপৰি কয়, সুখী ব্যক্তি এজন হে আটাইতকৈ উৎপাদনশীল ব্যক্তি হব পাৰে। যেতিয়া কোনো লোক মৃত্যু পথৰ যাত্ৰী হয়,তেওঁ কেতিয়াও নকয়, ‘আৰু অলপ কাম যদি কৰিব পাৰিলো হয়! ’

নীনা আৰু হিমাংশু দুয়োৰে মতে, এটা চাকৰিৰ ক্ষেত্ৰত কিমানসময় কাৰ্যালয়টোত উপস্থিত আছে,সেই কথা গুৰুত্বপূৰ্ণ নহয়। এটা সংস্থাৰ বাবে এইটো বৰ বেমেজালিৰ বস্তু। তেওঁলোকে তদুপৰি বিশ্বাস কৰে যে গুগলত তেওঁলোকে লগ পোৱা লোকসকল বেছি একাগ্ৰ,দক্ষ আৰু নম্ৰ।


image


ভাৰতত দ্বিতীয় অধ্যায়ৰ আৰম্ভনী

ভাৰত এৰাৰ প্ৰাকমুহুৰ্তত নীনাই অ'লা নামৰ সংস্থাটোৰ ভাৱিশ আগৰৱালক লগ পায়। ছান ফ্ৰান্সিস্কোত তেওঁৰ সঞ্চালকে তেওঁক উবেৰৰ কৰ্মীসকলৰ লগত চিনাকী কৰি দিয়ে। নীনাই ভাৰতৰ ষ্টাৰ্ট আপৰ ব্যৱস্থাটোত বিভিন্ন স্থান আৰু পদত তেওঁৰ বিভিন্ন বন্ধু-বান্ধৱীক লগ পায়। তেওঁ তাৰে ভিতৰত অ'লাৰ কৰ্মক্ষেত্ৰখনকে অধিক আগ্ৰহী হৈ বাছি ল'লে । নীনাৰ ভাষাত কাৰ্যালয়টোৰ পৰা ওলাই অহাৰ পিছত তেওঁৰ অনুভৱ আছিল - ‘মই কৰিব পাৰোঁ' বনাম 'এইলোকসকলে বঢ়িয়া কাম কৰি আছে’।

গুগলক থাকোতে তেওঁ লক্ষ্য কৰিছিল যে ভাৰতক একধনৰণৰ ডেস্কটপে নিয়ন্ত্ৰণ কৰি আছে আৰু তেওঁ মবাইলৰ অগ্ৰগতিও মন কৰিছিল। তেওঁ বিশ্বাস কৰে যে পৰৱৰ্তী পৰ্যায়ৰ উত্তৰণ আহিব পুঁজিপতি ভাৰতীয়সকলৰ ফালৰ পৰা । তেওঁৰ মতে এগৰাকী ভাৰতীয় হিচাপে ভাৰতৰ উত্তৰণৰ অংশ নহৈ মাউন্টেইন ভিউত বহি থকাটো বাতুলামিৰ ব্যতিৰেকে একো নহয়।

ইফালে হিমাংশুৰ মতে নিজৰ ষ্টাৰ্ট আপৰ বাবে গ্ৰাহক অনাটো অতি প্ৰত্যাহ্বানমূলক। তেওঁৰ ষ্টাৰ্ট আপটো সম্পৰ্কত তেওঁ কয় যে, এই মুহুৰ্তত মোৰ ষ্টাৰ্ট আপটোৰ কথা ক'বলৈ হ'লে ক'ব লাগিব যে মোৰ দ্বাৰা উৎপাদিত সামগ্ৰীয়ে বিশ্ববিদ্যালয় আৰু তাৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাজীৱন কিছু সহজ কৰি তুলিব। যেতিয়ালৈকে শিক্ষাক কাৰিকৰি দিশৰ সৈতে একত্ৰিত কৰিব নোৱাৰি তেতিয়ালৈকে আমি আগবঢ়িব নোৱাৰিম। মই ব্যক্তিগতভাবে বিশ্বাস কৰোঁ যে ভাৰতৰ সৰহ সংখ্যক সমস্যা সমাধান কৰাৰ একমাত্ৰ উপায়টোৱেই হৈছে শিক্ষা।

তেওঁ তদুপৰি কয় যে তেওঁ আৰু নীনা ভাৰতলৈ উভটি আহে মূলত কাৰিকৰী শক্তি প্ৰয়োগ কৰি দেশত কিবা এটা পৰিৱৰ্তন সাধন কৰাৰ মানসিকতাৰে।

উত্তৰণৰ দিশত অগ্ৰসৰ হোৱা নতুন সঞ্চালকলৈ 'অ' লা'(Ola - অভিবাদন)

নীনাই বিশ্বাস কৰে যে পুজিপতিসকলে ইন্টাৰনেট ব্যৱসায়ৰ ক্ষেত্ৰত গ্ৰাহক অৰ্জন কৰা আৰু ধৰি ৰখাৰ বাবে যথেষ্ট কষ্ট কৰে। তেওঁ কয়,

ব্যৱহাৰকাৰী গ্ৰাহকসকলে আপোনাৰ সেৱাটো বুজিছেনে নাই অথবা জানিছেনে নাই সেইটো বৰ গুৰুত্বপূৰ্ণ। এটা ফ্ৰিজ অৰ্ডাৰ দিবৰ বাবে এগৰাকী মাতৃয়ে এটা মোবাইল এপ কিয় ব্যৱহাৰ কৰিব? এইক্ষেত্ৰত প্ৰেৰণা হব লাগিব অৰ্থনৈতিক দিশত লাভজনক। তাৰ পিছতেই আমি ভাবিব লাগিব কেনেকৈ এই ব্যৱস্থাটো অনাগত দুই তিনিবছৰলৈ ধৰি ৰাখিব পৰা যায়।

নিজৰ শেষৰটো কাৰ্যকালত গুগল এক্সপ্ৰেছে দ্বিতীয় পৰ্যায় লাভ কৰিলে,যত গ্ৰাহকে সেৱাটো বুজি উঠিলে আৰু গোটেই দলটোৱেই এই সেৱাটো বিনামুলীয়াকৈ কিদৰে আগবঢ়াই থাকিব পাৰি তাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল।

Olaত নিজৰ কাৰ্যকালৰ সম্পৰ্কত নীনাই কয়, 

Ola বৰ্তমান ইয়াৰ জীৱন পৰিক্ৰমাৰ এটা বৰ আকৰ্ষণীয় পৰ্যায়ত আছে। বৰ্তমান আমি দেশৰ ১০০খন চহৰত উপলব্ধ হৈছো। আমি বৰ্তমান উত্তৰণৰ পৰৱৰ্তী পৰ্যায়লৈ যাবলৈ সাজু হৈছো। সেয়া হৈছে আমাৰ গ্ৰাহকে কিয় আৰু কেতিয়া আমাৰ সৈতে যোগাযোগ কৰে তাক ভালকৈ বুজি গ্ৰাহকৰ জীৱনৰ এটা অংশ হৈ পৰিবলৈ চেষ্টা কৰিছো।

তেওঁ জানে যে তেওঁৰ থকা আৰু কৰা সকলো কামতকৈ তেওঁ সুক্ষ্ম সুক্ষ্ম একোটা দিশতহে মনোনিবেশ কৰিব লাগিব।

ছিলিকন ভেলীৰ পৰশ

গুগলত লাভ কৰা অভিজ্ঞতাৰে নীনা আৰু হিমাংশুৱে তেওঁলোকৰ ষ্টাৰ্ট আপৰ অনাগত যাত্ৰাত নিম্নোক্ত কথা সমুহত গুৰুত্ব দি যাব:

• গুগলত সকলো কথা আৰু চিন্তা আৰম্ভ হয় ব্যৱহাৰকৰ্তা গ্ৰাহকৰ পৰা। গ্ৰাহক কেন্দ্ৰিকতা হৈছে এক জটিল কথা। কাৰণ এইক্ষেত্ৰত আমি এটা ব্যৱস্থাৰ পৰা ব্যৱস্থাটোলৈ যোৱা পথলৈ উন্নীত হব লগীয়া হয়।

• বাংগালুৰুলৈ ছিলিকন ভেলী সদৃশ এক সংস্কৃতি অনা— সদায় কৰি অহা দৈনন্দিন কামবোৰৰ পৰা নিজকে আঁতৰাই আনি এক ডাঙৰ সপোন দেখা, আমাৰ কৰ্মীৰ দলটোৱে সুসম খাদ্য খোৱাৰ পৰা ব্যায়াম কৰলৈকে সকলো দৃষ্টি ৰখা, আমাৰ লক্ষ্য হৈছে আমাৰ কোম্পানীটোক শ্ৰেষ্ঠ কৰ্মক্ষেত্ৰ হিচাপে প্ৰতিস্থা কৰা।

নীনাই কয়, শেষ কথা হল, এখন কলেজৰ সংস্কৃতি নিৰ্ধাৰণ কৰে কোনে? ছাত্ৰই। তাৰ বাহিৰে আন একো উপাদানেই নহয়। একেদৰে প্ৰতিস্থাপক আৰু কৰ্মচাৰীসকলেহে এটা ষ্টাৰ্ট আপৰ কৰ্ম সংস্কৃতি নিৰূপণ কৰে। ইয়েই ভাৰতীয় ষ্টাৰ্ট আপৰ সামগ্ৰীক প্ৰতিচ্ছৱিখন অংকন কৰিব। আহক তাকেই কৰা যাওক ।

মূল-আলোক চোনী

অনুবাদ - প্ৰাঞ্জল শৰ্মা