সময় বচাওক আৰু কাম সহজ কৰক: ষ্টাৰ্ট আপৰ বাবে ৫টা আহিলা

সময় বচাওক আৰু কাম সহজ কৰক: ষ্টাৰ্ট আপৰ বাবে ৫টা আহিলা

Thursday January 07, 2016,

3 min Read

ষ্টাৰ্ট আপৰ প্ৰাথমিক স্তৰত থকা উদ্যোগীসকলৰ বাবে ফলপ্ৰসূ কেইটামান আহিলা আগবঢ়াইছো।

• Hootsuite (https://hootsuite.com/): কোনো ব্যৱসায়তেই এৰাব নোৱাৰা এটা অংশ হৈছে সামাজিক মাধ্যমৰ ব্যৱস্থাপনা অথবা ছ'চিয়েল মিডিয়া মেনেজমেন্ট। কিন্তু যিহেতু বিভিন্ন ছ'চিয়েল মিডিয়া বৰ্তমান উপলব্ধ হৈ আছে,গতিকে প্ৰতিটোৰে সৈতে সমতা স্থাপন কৰা আৰু ব্যক্তিগতভাবে বিভিন্নজনৰ সৈতে যোগাযোগ কৰাতো যঠেষ্ট কঠিন।

Hootsuite হৈছে এনেকুৱা এক উমৈহতীয়া ছ'চিয়েল মিডিয়া ব্যৱস্থাপনাৰ আহিলা, যিটোৱে আপোনাক একেলগে সকলো মাধ্যমৰ সৈতে সামঞ্জস্য ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ জৰিয়তে বিভিন্ন ছ'চিয়েল মিডিয়াৰ প'ষ্টসমুহ আপুনি সমান্তৰালভাবে চাব পাৰে, তালিতাভুক্ত কৰিব পাৰে অথবা পৰ্যালোচনা কৰিব পাৰে।


image


• Nimble (www.nimble.com/): আমাৰ বিভিন্ন বাহিৰা কথাবতৰা বা যোগাযোগৰ তথ্যসমুহ বিভিন্ন মিডিয়াৰ একাউন্টত সিচৰতি হৈ থাকে। এইক্ষেত্ৰত গ্ৰাহক যোগাযোগ ব্যৱস্থাপনা Customer Relationship Management (CRM)ৰ আহিলাই সহায় কৰিব পাৰে।

Nimbleএ ক্ষুদ্ৰ আৰু মধ্যমীয়া ব্যৱসায়ীক ফলপ্ৰসূ গ্ৰাহক যোগাযোগ ব্যৱস্থাপনা Customer Relationship Management (CRM)ৰ ব্যৱস্থা কৰি দিয়ে। ইয়ে আপোনাৰ কৰ্মীদলৰ যোগাযোগ নম্বৰ, কেলেণ্ডাৰ, ই-মেইল আৰু ছ'চিয়েল মিডিয়া যোগাযোগ আৰু বিভিন্ন একাউন্টসমুহ একত্ৰিত কৰি ৰাখে। তেওঁলোকৰ ভাষাত, ‘যথোচিত যোগাযোগ, বিষয় আৰু অন্তৰ্দৃষ্টিৰে আপুনি আপোনাৰ সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰখনত ক্ষীপ্ৰ ,দক্ষ আৰু বুদ্ধিদীপ্ত হৈ উঠিব পাৰে। ’

সুবিধা : ক্ৰয়যোগ্য, প্ৰথম ১৫দিনৰ বিনামূলীয়া ব্যৱহাৰ


image


• Asana (https://asana.com/)/ Trello(https://trello.com/) : To-do & Check-lists হৈছে যিকোনো ক্ষেত্ৰতে নিয়মানুৱৰ্তী হৈ থকাৰ ক্ষেত্ৰত নিশ্চিতভাবে এক প্ৰয়োজনীয় ব্যৱস্থা। প্ৰজেক্ট মেনেজমেন্ট আহিলাসমুহে আপোনাক আৰু আপোনাৰ কৰ্মীদলটোক কৰ্মদক্ষতা বৃদ্ধি আৰু কাৰ্যকুশলতা সম্প্ৰসাৰণত সহায় কৰে।

Asana আৰু Trello হৈছে দুটা অতিকৈ জনপ্ৰিয় প্ৰজেক্ট মেনেজমেন্ট আহিলা। এই আহিলাই আপোনাক টিম প্ৰজেক্ট আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰৰ কাম এঠাইৰ পৰাই ব্যৱস্থাপনা কৰি দিয়ে। Trelloতকৈ Asana তুলনামুলকভাবে বেছি আগবঢ়া । কিন্তু কেতিয়াবা এই অগ্ৰগামিতাও নিজৰ মাজতে পশ্চাদগমনৰ কাৰকো নোহোৱা নহয়।

সুবিধা : বিনামূলীয়া সংস্থাপনৰ ব্যৱস্থা, সৰু গোটৰ বাবে বিনামূলীয়া আঁচনিৰ ব্যৱস্থা


image


• Slack (https://slack.com/) /HipChat (https://www.hipchat.com/): যদি আপুনি আপোনাৰ কাৰ্যালয়ত সহকৰ্মীৰ সৈতে সঘন যোগাযোগৰ বাবে হোৱাটছআপৰ সহায় লৈ আছে তেনেহলে এতিয়া আৰু এখোজ আগুৱাই যোৱাৰ সময় আহিল। !

Slack আৰু HipChat হৈছে নিজৰ দলটোৰ মাজৰ যোগাযোগ ব্যৱস্থাপনাৰ বাবে দুটা উৎকৃষ্ট আহিলা। আপুনি আপোনাৰ প্ৰজেক্ট আৰু দলৰ বাবে যোগাযোগৰ ভিত্তিত একোটা গ্ৰুপ বনাই লব পাৰে। বিভিন্ন ফাইল বা লিংক শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত ই সহায় কৰিব। ই ই-মেইল বাব অন্যান্য যোগাযোগৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিব। Slack হৈছে HipChatতকৈ সহজ আৰু ব্যয়বহুল।

সুবিধা : বিনামূলীয়া সংস্থাপনৰ ব্যৱস্থা, বিনামূলীয়া আঁচনিসমুহ কিন্তু বেছ ফলু্পসূ।


image


Recruiterbox (http://recruiterbox.com/): নিযুক্তিৰ ক্ষেত্ৰত বিভিন্ন আবেদন আৰু খালি ঠাইৰ মাজত সামঞ্জস্য ৰক্ষা কৰাটো কঠিন হৈ পৰে।

Recruiterbox হৈছে এনেকুৱা এটা ছফ্টৱেৰ, যিটোৱে বিভিন্ন খালি পদ, বিভিন্ন আবেদন পৰীক্ষা, দলটোৰ মাজত কামৰ ভাগ বটোৱাৰা কৰা, স্বয়ংক্ৰিয়ভাবে প্ৰত্যুত্তৰ দিয়া, বিভিন্ন অনুসন্ধানৰ তথ্য যোগান ধৰাত সহায় কৰে। মুঠৰ ওপৰত আপুনি বিভিন্ন পদত নিযুক্তিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ এইটো হৈছে এৰাব নোৱাৰা আহিলা।

সুবিধা : বিনামূলীয়া সংস্থাপনৰ ব্যৱস্থা, বিনামূলীয়া আঁচনিৰ ব্যৱস্থাত কেৱল ২০০খন আবেদনহে গ্ৰহণ কৰিব পাৰিব


image


মূল-শিৱম সিংলা

অনুবাদ-প্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

4G ডিভাইচ শ্বিপমেন্টৰ বৰ্ধিত পৰিসংখ্যাই ইন্টাৰনেট ষ্টাৰ্ট-আপসমূহক কিমান লাভান্বিত কৰিব?

'ভাল' যেন লগা 'বেয়া' ষ্টাৰ্ট-আপ পৰিকল্পনাৰ পৰা কেনেকৈ বাচিব পাৰি

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী