ষ্টাৰ্টআপ আৰম্ভ কৰিব খুজিছে নেকি ? এই এঘাৰটা ভুল নকৰিব

ষ্টাৰ্টআপ আৰম্ভ কৰিব খুজিছে নেকি ? এই এঘাৰটা ভুল নকৰিব

Tuesday December 15, 2015,

4 min Read

( ষ্টাৰ্টআপ আৰম্ভ কৰিবলৈ লওতে প্ৰতিজন উদ্যোগীয়ে কেতবোৰ সাধাৰণ ভুল কৰা দেখা যায়। এই ভুলবোৰ আঙুলিয়াই দেখুৱাইছে ফাইণ্ডযোগীৰ সংস্থাপক নমন চেৰাউগীয়ে। )

মই তেওঁলোক সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থী। সহযোগীসকলৰ সকলৰ সৈতে কাম কৰাৰ সলনি ফাইণ্ডযোগী প্ৰতিষ্ঠা কৰাৰ পৰৱৰ্তী ৩বছৰত মই কমেও ২০-২৫ জন সংস্থাপকৰ সৈতে কথা পতাৰ সুযোগ পাইছিলো, আমি প্ৰায় প্ৰতিদিনে ইজনে-সিজনক দেখা পাইছিলো আৰু কেতিয়াবা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ সময়ত আমি নিজৰ সমস্যাসমূহ আলোচনাও কৰিছিলো। তেওঁলোকক কোনো ধৰণৰ সহায় আবঢ়াব নোৱাৰিলেও এই দৈনন্দিন ভুলবোৰৰ এক বিশেষ পেটাৰ্ণ মই লক্ষ্য কৰিছিলো। বেছিভাগ সংস্থাপক মোতকৈ দহবছৰ ডাঙৰ হোৱাৰ লগতে ভাল সংস্থাত অধ্যয়ন কৰি ডাঙৰ ডাঙৰ কোম্পানীত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট আছিল।গতিকে এয়া অভিজ্ঞতা বা বয়সৰ কথা নাছিল।প্ৰকৃততে এইসমূহ আছিল ভয় আৰু হয়তো বহুসময়ত কেৱল আলস্য।

ইয়াত এখন তালিকা সংলগ্ন কৰা হৈছে।(কোনো ক্ৰম নোহোৱাকৈ)

ফ্লেক্সি টাইমিং(নমনীয় সময়ানুৱৰ্তিতা)-

প্ৰতিদিনে নিজৰ কামত অন্তত দহঘণ্টাকৈ থকাৰ চেষ্টা কৰক, বিশেষকৈ পুৱা ৯বজাৰ পৰা সন্ধিয়া ৭বজালৈকে।ইয়াৰ দ্বাৰা আপুনি শাৰীৰিক আৰু মানসিকভাৱে সক্ৰিয় আৰু সুস্থ হৈ থাকিব ।আপুনি নিজৰ দলৰ লোকসকলক প্ৰত্যক্ষভাৱে লগ পোৱাটো জৰুৰী।সময়ৰ জ্ঞানবোধ নথকাটোৱে অনুশাসনহীনতা আৰু মূল লক্ষ্যৰ পৰা বিচলিত হোৱাটো সূচায়।অনুশাসনেৰে বাটেৰে যিকোনো ক্ষেত্ৰতে জয়ী হোৱাটো সম্ভৱ।

image


কাৰোবাক চাকৰি দিওতে বেছি সময় নলগোৱা-

মানুহে সাধাৰণতে উৰা জাহাজৰ সস্তীয়া টিকট বিচাৰি এঘণ্টা সময় নষ্ট কৰে কিন্তু কাৰোবাক চাকৰি দিয়াৰ আগত তেওঁক ভালদৰে জানি লোৱাটো দৰকাৰী বিবেচনা নকৰে। পানীৰ টেপ এটাৰ পৰা এবাৰতে সৰহকৈ পানী উলিওৱাতকৈ টেপটো একেৰাহে এমাহ খুলি ৰাখিলে অধিক পানীৰ অপব্যয় হোৱাটো অৱধাৰিত।

কোনো কডিং নথকাটো-

এজন সংস্থাপক হিচাপে আপুনি হয়তো নিৰ্মাণ কৰে অথবা বিক্ৰী কৰে আৰু ইয়াত আন মানুহৰ প্ৰয়োজন নাথাকে। সাধাৰণতে যুৱ প্ৰজন্মৰ সংস্থাপকে প্ৰথমাৱস্থাত প্ৰতিদিনৰ কাম প্ৰতিদিনে কৰি যোৱাটো পচন্দ কৰে। তেওঁলোকে কাৰ্যালয়ৰ কাম নিজে চোৱা-চিতা কৰাৰ বিপৰীতে কাৰিকৰী দিশ আৰু বিক্ৰীৰ কামৰ বাবে কৰ্মচাৰী নিয়োগ কৰে। এনেধৰনৰ ষ্টাৰ্টআপৰ আয়ুস অধিক হোৱা দেখা নাযায়।

আন ষ্টাৰ্টআপৰ বিষয়ে আলোচনা কৰা-

এইটো মোৰ পচন্দৰ কামৰ ভিতৰত এটা কাম।মই এতিয়াও এই কাম কৰো। ডট কমৰ মাজেৰে দুজন সংস্থাপকৰ মাজত চিনা-পৰিচয় থাকিব পাৰে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোক একেটা উদ্যোগৰ সৈতে জড়িত।এনে পৰিপ্ৰেক্ষিতত দুয়োজনৰ মাজত আলোচনাৰ কোনো প্ৰশ্ন নুঠে।ইয়াৰ পৰিৱৰ্তে তেওঁলোকে উন্নত মানৰ সামগ্ৰী নিৰ্মাণ অথবা কোনো সমস্যা সমাধানত গুৰুত্ব দিয়া উচিত।ইটো ষ্টাৰ্টআপৰ কি দশা হ’ল সেয়া আপোনাৰ জানিবলগীয়া বিষয় নহয়।

এটা ল’গ’ নিৰ্মাণৰ চেষ্টা-

বজাৰত বিক্ৰীৰ বাবে আপোনাৰ সামগ্ৰী উপযুক্ত হয় নে নহয় সেয়া নজনাকৈ আপুনি মানুহক কি বাৰ্তা প্ৰদান কৰিব? ৱিজৰাকেটলৈ মন কৰক ইয়াত বাৰ্তা অস্পষ্টকৈ লিখা থাকিলেও তাত এটা কাহিনী সুমুৱাই দিয়া হৈছে।অৱশ্যে ৱেবছাইট আৰম্ভ হোৱাৰ আগতেও তেওঁলোকৰ ওচৰত গ্ৰাহক আছিল।

যু্ক্তি আধৰুৱাকৈ এৰাটো ভুল-

তৰ্ক কৰাটো ভাল কথা।কিন্তু এইবোৰ কেতিয়াও আধৰুৱাকৈ নেৰিব।অধিক তথ্য জমা কৰি তাৰ পিছত সিদ্ধান্ত গ্ৰহণ কৰিব। আধৰুৱা তৰ্কৰ বাবে বহুসময়ত যিকোনো বিষয়ক লৈ কাম কৰোতে অধিক দিন খৰচ হয়। পৰস্পৰৰ সৈতে তৰ্ক কৰিবলৈ সুবিধাজনক অনুভৱ নকৰা দুজন ব্যক্তিয়ে কেতিয়াও একেলগে কাম কৰিব নোৱাৰে।

ফেচবুকৰ জৰিয়তে গ্ৰাহক বিচাৰি উলিওৱা-

আপুনি চিনি নোপোৱা মানুহৰ ওপৰত অধিক সময় নষ্ট নকৰিব।ফেচবুকত মাত্ৰ কিছু টকা খৰচ কৰি এটা বিজ্ঞাপন দিলেই আপুনি নিজৰ অৱধাৰণা পৰীক্ষা কৰিব পাৰিব।

সকলো লিখি নিদিয়া-

সকলো নিৰ্দেশ লিখিত ৰূপত প্ৰদান কৰক। মানুহক মৌখিক নিৰ্দেশেৰে পৰিচালনা কৰাটো যথেষ্ট কষ্টকৰ।ইয়াৰ দ্বাৰা বিবাদৰ সূত্ৰপাতো হ’ব পাৰে।নতুন কাম এটা কৰিবলৈ যাওতে আপোনাৰ চিন্তাই পূৰ্ণৰূপ নাপালেও সকলো কথা লিখি গ’লে সুবিধা হয়।

সময় অনুসৰি কাম কৰি যোৱা-

“আমি ছমাহত সকলো ফাণ্ড গোটাব পাৰিম।”-এনেধৰণৰ দাবী কেতিয়াও নকৰিব।বৰং এনেদৰেহে কওক যে, “যেতিয়া আমি X নামৰ মাইলৰ খুঁটি অতিক্ৰম কৰিব পাৰিম তেতিয়াহে আমি সকলো পূঁজি সংগ্ৰহ কৰিম আৰু ইয়াৰ সহায়ত Y নামৰ মাইলৰ খুঁটি আহৰণ কৰিবলৈ চেষ্টা কৰিম।”এনেধৰণৰ চিন্তাৰে আপুনি এটা নিৰ্দিষ্ট লক্ষ্য বান্ধি আগুৱাই যাব পাৰিম।বৰদিনৰ পিছতহে আমি পূঁজি সংগ্ৰহ কৰিম বা সমস্যা শেষ হোৱাৰ পিছতহে আমি আগবাঢ়িম, অথবা আগৰ নিৱেশকে মানা কৰিলেহে আমি পৰৱৰ্তী চেষ্টা কৰিম।একেলগে কেইবাজনো নিৱেশকৰ সৈতে কথা পতাটো বাঞ্চনীয় আৰু একাধিক নিৱেশকৰ পৰা সকাৰাত্মক উত্তৰ পালে ইয়াৰে কিছুসংখ্যকক আপুনি নম্ৰভাৱে বিমুখ কৰিব পাৰে।

ষ্টাৰ্টআপত কাম কৰিব পৰা মানুহকহে চাকৰি প্ৰদান কৰক-

ষ্টাৰ্টআপত কাম কৰিবলৈ উৎসাহী হোৱাটো কোনো ডাঙৰ কথা নহয়। মানুহক প্ৰশিক্ষণ দিবলৈ আপুনি সময় নাপায়।এনে মানুহকহে কামত ৰাখিব যি আপোনাৰ কাম সময়ত সম্পন্ন কৰিব পাৰে।কৰ্মচাৰী নিয়োগ কৰাৰ ক্ষেত্ৰত ডাঙৰ কোম্পানীৰ সংস্কৃতি নকল নকৰিব কাৰণ তেওঁলোকৰ ভেঁটি ইতিমধ্যে প্ৰতিষ্ঠিত।

অদৰকাৰী পৰামৰ্শলৈ কাণ দিয়া-

আন ষ্টাৰ্টআপৰ বিষয়ে আপোনাক আন নিৱেশক আৰু দ্বিতীয় এজন সংস্থাপক সদস্যই যিমান জনাব সিমানহে আপুনি জানিব পাৰিব।যদি সংবাদমাধ্যমৰ জৰিয়তে এই তথ্য আপোনাৰ ওচৰলৈ আহিছে তেনেহ’লে সেয়া আপোনাৰ ধ্যান আকৰ্ষণৰ বাবেহে কৰাও হ’ব পাৰে।তেওঁলোকৰ বাবে সহায়ক কথাবোৰ আপোনাৰ বাবে সুবিধাজনক নহ’বও পাৰে।আপুনি ইয়াৰ সৈতে জড়িত নহ’লে প্ৰতিটো খবৰ জনাটো সম্ভৱ নহয়।গতিকে কাহিনীবোৰ মন দি শুনক কিন্তু নিজৰ প্ৰয়োজন অনুসৰিহে আগবাঢ়ক।

মূল-নমন চেৰাউগী

সাহিলৰ হিন্দী অনুবাদৰ অসমীয়া ৰূপান্তৰ-তুলিকা দেৱী