ৰাধা কাপুৰঃনিউয়ৰ্কৰ বিখ্যাত পাৰ্চনছ স্কুলক ভাৰতলৈ লৈ অহা মহিলাগৰাকী

ৰাধা কাপুৰঃনিউয়ৰ্কৰ বিখ্যাত পাৰ্চনছ স্কুলক ভাৰতলৈ লৈ অহা মহিলাগৰাকী

Wednesday December 02, 2015,

4 min Read

আপুনি ইমানিদনে শুনি অহা সাধাৰণ মহিলাৰ পেছাগত জীৱন পৰিক্ৰমাৰ পৰা ৰাধা কাপুৰৰ কাহিনী যথেষ্ট সুকীয়া।এগৰাকী তীক্ষ্ণ মেধাসম্পন্ন নাৰী ৰাধাই আগছোৱা সময়ত নিজৰ বাবে বাছি লৈছিল এক নিশ্চিত কৰ্পৰেট কেৰিয়াৰ। কিন্তু তেওঁৰ অভিভাৱকৰ চিন্তা আছিল বেলেগ ধৰণৰ।আন ভাৰতীয় অভিভাৱকসকলৰ স্বভাৱসুলভ চিন্তা-ধাৰণাৰ পৰা আঁতৰি কেৱল সুৰক্ষিত কেৰিয়াৰৰ স্বাৰ্থত ৰাধাই নিজৰ আকাংক্ষাৰ সৈতে আপোচ কৰাটো বিচৰা নাছিল তেওঁৰ পিতৃয়ে।YES BANKৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰাধাৰ পিতৃয়ে তেওঁক দিছিল এখন মুকলি আকাশ।লক্ষ্যণীয় যে ৰাধাৰ পিতৃয়ে নিজেও পেছাদাৰী জীৱনৰ শীৰ্ষত আৰোহণ কৰাৰ সময়তে কৰ্পৰেট কেৰিয়াৰ ত্যাগ কৰি ব্যৱসায়ত হাত দিছিল।নিজে নিজৰ বাট মুকলি কৰা এইজন ব্যক্তিয়ে ভালদৰে বুজিছিল যে নিজৰ হৃদয়ৰ আহ্বান শুনিলেহে ৰাধা প্ৰকৃত অৰ্থত সুখী হ’ব পাৰিব।এক সৌন্দৰ্যপিয়াসী মনৰ সৈতে ৰাধাৰ আছিল ব্যতিক্ৰমী ক্ষেত্ৰৰ শৈলী বা ডিজাইনৰ প্ৰতি দুৰ্বলতা।অভিভাৱকৰ পৰা উৎসাহ লাভ কৰি ৰাধাই নিউয়ৰ্কৰ Parsons-The New School of Designৰ পৰা সুকুমাৰ কলাৰ এক আনুষ্ঠানিক ডিগ্ৰী লাভ কৰিবলৈ ৰাওনা হয়।“মুম্বাইৰ বাহিৰত মই কেতিয়াও থাকি পোৱা নাছিলো। মোৰ সুবিধাজনক বৃত্তৰ পৰা মোক উলিয়াই পঠিওৱাৰ ক্ষেত্ৰত মোৰ মা-দেউতাৰে অৱদান সৰ্বাধিক।মই সাহসিকতাৰে আগুৱাই যোৱাটো তেওঁলোকে সদায় বিচাৰিছিল।”ৰাধাই কয়।

বিভিন্ন ধৰণৰ ডিজাইনৰ মুকলি পৃষ্ঠ আৰু আন সংলগ্ন সা-সুবিধাৰ এক প্ৰতিষ্ঠানত সুদীৰ্ঘ ৫ বছৰ কটাই ভাৰতলৈ উভটি অহাৰ সময়ত ৰাধাৰ মনত আছিল অৰ্থপূৰ্ণ ডিজাইনক লৈ নতুন পৰীক্ষণ-নিৰীক্ষণৰ প্ৰৱল ধাউতি।

image


এবছৰৰ ভিতৰত নিজৰ সহযোগী আলোক নাথৰ সৈতে ৰাধাই অতি কম বয়সতে প্ৰতিষ্ঠা কৰে নিজৰ প্ৰথম প্ৰতিষ্ঠান Brandcanvas।“পাৰ্চনছত শিকা সকলোখিনি মই উজাৰি দিছিলো।ব্যৱসায়িক স্থানক অৰ্থপূৰ্ণ আৰু সৌন্দৰ্যশালী কৰি তুলিবলৈ মই কলা আৰু ব্ৰেণ্ডৰ সংমিশ্ৰন ঘটাব বিচাৰিছিলো।প্ৰতিষ্ঠানটোৰ আদৰ্শ আৰু লক্ষ্য-উদ্দেশ্য যাতে ফুটি ওলায় তাত গুৰুত্ব দিছিলো।”ৰাধাই কয়।ইয়াৰ বাবে বেৰত অৰ্থপূৰ্ণ গ্ৰাফিক আৰ্ট,সুন্দৰ ছবি,বিভিন্ন পেনেল ডিজাইন, বন্ধাই থোৱা কলাসন্মত ভিডিঅ’ আদি সংলগ্ন কৰা হৈছিল।

কিন্তু অতি কম সময়ৰ ভিতৰত ৰাধাৰ ব্যৱসায় সম্প্ৰসাৰণে আন দিশলৈ গতি কৰে। “মই ডিজাইনৰ ক্ষেত্ৰত কিছু নতুন পৰীক্ষা চলাব বিচাৰিছিলো।আমাৰ প্ৰজন্মই বিভিন্ন ধৰণৰ জীৱিকা নিৰ্বাচন কৰি পেছাদাৰী দিশত নতুন নতুন উদাহৰণ তুলি ধৰা দেখা যায়।আমি ইয়াত আৰু এক নতুন গতি দিব বিচাৰিছিলো। ডিজাইন প্ৰস্তুত কৰিবলৈ উদ্যোগশীলতা,উদ্ভাৱন এই সকলোবোৰৰ সংমিশ্ৰন ঘটোৱা আমাৰ উদ্দেশ্য আছিল।” পুৰণি কথা সোঁৱৰি কয় ৰাধাই।নিজৰ সপোন খেদাৰ যাত্ৰাত ৰাধাৰ বাবে পৰম কাংক্ষিত আছিল নিজৰ শিক্ষা প্ৰতিষ্ঠানৰ সহযোগিতা।সৌভাগ্যক্ৰমে সেইসময়তে পাৰ্ছনছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰত শাখা সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছিল।ৰাধাৰ বাবে এয়া সোণালী সুযোগ যেন হৈ পৰিল।ভাৰতত পাৰ্ছনৰ শাখা প্ৰতিষ্ঠাৰ দায়িত্বৰ ভাৰ গ্ৰহণ কৰে ৰাধাই।

বৰ্তমান লৱাৰ পেৰেলত ইণ্ডিয়া বুলছ চেণ্টাৰত সগৌৰৱে মুৰ দাঙি থিয় হৈ থকা Indian School Of Design and Innovation হৈছে ডিজাইনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অন্যতম আকাংক্ষিত প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানে আত্মপ্ৰকাশ কৰিছে ৰাধাৰ কঠোৰ পৰিশ্ৰমৰ ভেঁটিত।সৃষ্টিশীলতা,উদ্ভাৱন আৰু বহনক্ষমতাৰ দৰ্শনেৰে পুষ্ট ভাৰতৰ আগশাৰীৰ ডিজাইন শিক্ষানুষ্ঠান ISDIয়ে ডিজাইন আৰু সৃষ্টিশীল উদ্যোগত নতুন নতুন জীৱিকাৰ সম্ভাৱনাৰ জন্ম দিছে। এক ব্যতিক্ৰমী আঁচনিৰ অধীনত ৰাধাই এনেধৰণৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব খুজিছিল যাৰ দ্বাৰা শিক্ষাৰ্থীসকলে নিজৰ সৃষ্টিশীল মনৰ প্ৰয়োগ কৰি ডিজাইনৰ বাণিজ্যিকীকৰণ কৰিবলৈ সক্ষম হয় আৰু একে সময়তে নিজৰ বাবে ব্যৱসায়ৰ বাটো মুকলি কৰিব পাৰে।

“আমাৰ পাঠ্যক্ৰমত ডিজাইন, ব্যৱসায় আৰু প্ৰযুক্তিৰ সমাহাৰ ঘটিছে।ডিজাইনৰ বিদ্যালয়ত পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পিছত নিযুক্তিৰ হাৰ ১৬.২ শতাংশলৈ বাঢ়িছিল।এনেদৰে পুৰণি ধাৰা ভংগ হৈছিল।আমি প্ৰতিভাসম্পন্ন শিক্ষাৰ্থীক সঠিক গতি প্ৰদান কৰি তেওঁলোকক উদ্যোগৰ বাবে সাজু কৰিব বিচাৰিছিলো।”ৰাধাই কৈ যায়।

image


২০১৩ চনত কেৱল ৪০জন শিক্ষাৰ্থীৰে আৰম্ভ হোৱা এই প্ৰতিষ্ঠানে বৰ্তমান বছৰেকত ৪৫০ জন কলাকাৰৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।পূৰ্বপ্ৰতিশ্ৰুতিমতে ৰাধাই ভাৰতীয় পাৰিপাৰ্শ্বিকতাৰ বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ নিজৰ ডিজাইনৰ প্ৰয়োগ অব্যাহত ৰখা দেখা গৈছে।নিজৰ চৌপাশৰ ক্ষেত্ৰতে তেওঁ গ্ৰহণ কৰিছে প্ৰথম পদক্ষেপ।এক উদ্বাৱনীমূলক পাৰিপাৰ্শ্বিক ব্যৱস্থাৰ সৃষ্টি কৰিবলৈ তেওঁ গঠন কৰিলে লৱাৰ পেৰেল উদ্ভাৱনীমূলক জিলাৰ, এয়া হৈছে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱনীমূলক জিলাসমূহৰ পৰা আহৰণ কৰা এক বিশেষ আৰ্হি।ভাৰতত এনেধৰণৰ পদক্ষেপ এয়াই প্ৰথম।ISDIয়ে শেহতীয়াকৈ মাইক্ৰ’ছফটৰ সৈতে যুটী বান্ধি ডিজাইনৰ উদ্ভাৱনীমূলক আৰু প্ৰযুক্তিগত ষ্টাৰ্ট আপসমূহক উৎসাহ যোগাবলৈ এক সৃষ্টিশীল গতিবৰ্ধক প্ৰতিষ্ঠাৰ যো-জা চলাইছে।

সামাজিক পদক্ষেপৰ অধীনত ৰাধাই অৱহেলিত মহিলাসকলৰ সৱলীকৰণৰ বাবে কাম কৰি আহিছে। ISDI PARSONSৰ সমৰ্থনত তেওঁলোকক গহনা-পাতি প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰালৈকে ৰাধাই সহায় কৰে।ইয়াৰ লগতে ISDIত অধ্যয়নৰ বাবে ইচ্ছুক মেধাৱী দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰতিবছৰে কমেও এক কোটি টকাৰ স্কলাৰশ্বিপৰ ব্যৱস্থা ISDIয়ে কৰে।

ৰাধা্ৰ কৃতিত্ব ইমানতে সীমাৱদ্ধ নহয়। ২০০৯ চনত তেওঁ ন ন সৃষ্টিশীল আৰু উদ্ভাৱনীমূলক ধাৰণাক উৎসাহ আৰু সাকাৰ ৰূপ দিবলৈ সহযোগী কোম্পানীৰূপে প্ৰতিষ্ঠা কৰিছিল ‘DOIT CREATIONS’ক।বিভিন্ন ধৰণৰ ব্যতিক্ৰমী আৰু সফল ধাৰণা বাস্তৱায়িত কৰাত এই প্ৰতিষ্ঠানৰ বিপুল অৰিহণা আছে।

শেহতীয়াকৈ প্ৰ-কাবাড্ডী লীগতো ৰাধাই আগ্ৰহ দেখওৱা পৰিলক্ষিত হৈছে। প্ৰ-কাবাড্ডী লীগত দিল্লী ফ্ৰেনচাইজি আৰু ইণ্ডিয়া হকী লীগত মুম্বাই ফ্ৰেনচাইজিৰ স্বত্ব তেওঁৰ হাতত আছে।

“ক্ৰিকেটৰ পিছতে কাবাড্ডীৰে টিআৰপি সৰ্বাধিক।সঠিক উপস্থাপনে কাবাড্ডীক মূল সূঁতিৰ সৰ্বসাধাৰণৰ অধিক কাষ চপাই নিব আৰু আমাৰ কোম্পানী এইক্ষেত্ৰত দৃঢ় বিশ্বাসী।” ৰাধাৰ যুক্তি।

কিন্তু কম সময়তে বিপুল সফলতা আহৰণ কৰা আৰু অনাগত সময়ৰ বহু সম্ভাৱনাৰ বাট মুকলি কৰা ৰাধাৰ বাবে এয়া কেনেদৰে সম্ভৱ হৈছে? ৰাধাৰ ভাষাত “ভগৱানৰ আশীৰ্বাদেই ইয়াৰ একমাত্ৰ কাৰণ।নিজৰ আকাংক্ষাৰ প্ৰতিখন দুৱাৰ মুকলি কৰা আৰু ফলাফলৰ বাবে অপেক্ষা কৰা।” নিজৰ সফলতা সন্দৰ্ভত মন্তব্য ৰাধাৰ।

মূলঃবিনজাল শ্বাহ

অনুবাদঃতুলিকা দেৱী