উত্তৰ প্ৰদেশৰ বৰেলিৰ এশ বছৰীয়া এটা মছজিদ বুধ ৱালি মছজিদ । এই মছজিদলৈ দৈনিক শ-শ লোকৰ আগমন ঘটে । তাৎপৰ্যপূ্ৰ্ণ কথা এয়ে যে এই মছজিদৰ চোৱা-চিতাৰ প্ৰধান দায়িত্বত আছে এজন নৈষ্ঠিক ব্ৰাহ্মণ ৭৯ বছৰীয়া পণ্ডিত ৰাজেন্দ্ৰ শৰ্মা । তেওঁৰ আজোককাক পণ্ডিত দাসীৰামে এই মছজিদ প্ৰতিষ্ঠা কৰিছিল । তেওঁ এই মছজিদ প্ৰতিষ্ঠা কৰিছিল তেওঁৰ সন্তানৰ বাবে কৰা প্ৰাৰ্থনা পূৰণ হোৱাৰ পাছত । ৰাজেন্দ্ৰ শৰ্মাই এই মছজিদ দৈনিক পৰিষ্কাৰ কৰে ।
নয়া টোলা অঞ্চলৰ এটা ঠেক গলিত অৱস্থিত এই মছজিদ । 'এই মছজিদলৈ সকলো ধৰ্মৰ পুৰুষ মহিলা আৰু শিশু আহে । বিশষকৈ বুধবাৰে ইয়াত খুবৈই ভিৰ হয় । এই মছজিদ নিৰ্মাণৰ বছৰটো সঠিকভাৱে নাজানো কিন্তু অতীজৰে পৰা আমাৰ পৰিয়ালে ইয়াৰ চোৱা-চিতা কৰি আহিছে । মোৰ দেউতাই মছজিদৰ সকলো অভিলেখ উৰ্দু ভাষাত ৰাখিছিল ।' শৰ্মাই কয় ।
'মছজিদৰ কাষতেই আছে এটা মন্দিৰ আৰু মই এই মন্দিৰলৈ সদায় যাওঁ। উভটি অহাৰ পথত মই মছজিদত সোমাওঁ আৰু আল্লাক স্মৰণ কৰোঁ । মোৰ ল'ৰা-ছোৱালীয়েও সদায় মছজিদলৈ যায় আৰু ঘিউঁৰ চাকি জলায়, ' পণ্ডিত শৰ্মাই কয় ।
মছজিদৰ ইমাম হাফিজ জানি আলমে কয়, 'এই মছজিদলৈ সকলো ধৰ্মৰ মানুহ আহে আৰু ই ধৰ্মীয় সম্প্ৰীতিৰ এক উ'কৃষ্ট নিদৰ্শন ।'
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কেতবোৰ কাহিনী
আইছিছৰ বিৰুদ্ধে পাৰস্যৰ হাৰ্কিউলিছ
ৰেজিউমিখনত পাঁচটা কথাত মনোযোগ দিয়ক
বীৰুবালা ৰাভা: যি নিজেই এক বিশাল প্ৰতিষ্ঠান
বিদেশত অপমান, স্বদেশত প্ৰচণ্ড দুৰ্নীতি: তথাপি থমকি নৰ'ল এইজন সমাজ সচেতন উদ্যমী