আপোনাৰ ষ্টাৰ্টআপৰ বাবে ধন আহৰণৰ ১২টা পদক্ষেপ

আপোনাৰ ষ্টাৰ্টআপৰ বাবে ধন আহৰণৰ ১২টা পদক্ষেপ

Tuesday February 23, 2016,

8 min Read

এটা যিকোনো প্ৰতিস্থান বিশেষকৈ এটা ষ্টাৰ্টআপৰ বাবে অৰ্থ সংগ্ৰহৰ কথাটো মূল কথা বুলি কোৱাটো এটা বিতৰ্কৰ বিষয়।একোটা ষ্টাৰ্টআপৰ প্ৰতিস্থাতাসকলে প্ৰায়েই অৰ্থ সংগ্ৰহৰ বাবে নিজৰ শক্তি, সামৰ্থ, সময় আদি সকলো বিনিয়োগকাৰী, পুঁজিপতি আদিৰ ওচৰলৈ যোৱা, বিভিন্ন কনফাৰেন্সত অংশ লৈ নিজৰ ব্যৱসায়টোৰ প্ৰচাৰ কৰি বিভিন্ন বিনিয়োগকাৰীক তেওঁৰ ষ্টাৰ্ট আপত বিনিয়োগ কৰিবলৈ আগ্ৰহী কৰি তোলাৰ প্ৰচেষ্টাতে লগায়। কিন্তু বহুতে ভবাৰ দৰে এইটোৱেই সৰল বাট নহয়।


image


এইটো লিখনীৰ মূল উদ্দেশ্য হৈছে ষ্টাৰ্ট আপৰ প্ৰতিস্থাতা সকলক তেওঁলোকৰ পৰিকল্পনাসমুহ পুনৰীক্ষণ কৰি বজাৰখনলৈ ওলাই গৈ তেওঁলোকে বিচৰা ধৰণৰ বিনিয়োগ আহৰণৰ ক্ষেত্ৰত সবলীকৰণত সহায় কৰা । ইয়াত একোজন উদীয়মান উদ্যোগীয়ে নিজৰ পৰিকল্পনা আৰু প্ৰচেষ্টাক এটা সঠিক গতি দি নিজৰ ষ্টাৰ্ট আপৰ বাবে এটা উচিত দিশত অৰ্থ সংগ্ৰহত সহায় হোৱাকৈ ১২টা উপায় দিয়া হৈছে। তথাপিও এটা কথা কওঁ যে এই ১২টা উপায়েই যে সঠিক সেই কথাটোও তৰ্কৰ উৰ্দ্ধত নহয় । কাৰণ এনেকুৱা কোনো পন্থা নাই যিটো প্ৰকৃততে ব্যৱহৃত আৰু ফলপ্ৰসু বুলি নিশ্চিত। প্ৰতিটো খেলেই পৃথক আৰু প্ৰতিগৰাকী খেলূৱৈয়ে খেলপথাৰত নিজৰ নিজৰ ধৰণেহে খেলে।

উপায় ১ঃ সদায় এটা চিন্তাৰেই আৰম্ভণী হয়

কেৱল এটা চিন্তাই বিনিয়োগ আনি দিব নোৱাৰে। আপুনি আপোনাৰ চিন্তাৰ গভীৰতালৈ যাব লাগিব। আপোনাৰ চিন্তাটোক কেইবাটাও ভাগত ভাঙি প্ৰকৃত তথা উৎকৃষ্ট অংশটো বাচি উলিয়াব পাৰিব লাগিব। আপোনাৰ সমস্যাটো কি আৰু আপুনি কি সমাধান উলিয়াইছে,তাক বিচাৰ কৰিব লাগিব। আপুনি চাব লাগিব আপোনাৰ আটাইতকৈ শ্ৰেষ্ঠ উপাদানটো কি যিটোৱে আপোনাক আনতকৈ পৃথক কৰি বাহিৰলৈ উলিয়াই আনিব। এবাৰ যদি আপুনি সেই কথা চিনাক্ত কৰিবলৈ সক্ষম হয়, তেন্তে কেইটামান শব্দৰ ভিতৰতে তাক সংজ্ঞাৰ আকাৰ দি উলিয়াওক আৰু সেইটোৱেই হ'ব আপোনাৰ ‘Unique Selling Point’। সমস্যাটো কি, তাৰ বাবে আপোনাৰ সমাধান কি আছে আৰু সি আনতকৈ কিদৰে পৃথক সেই কথাৰেই আপোনাৰ ‘এলিভেটৰ পিটছ’টো অৰ্থাত আকস্মিক ভাষণটো প্ৰস্তুত কৰি তোলক। সকলো কথা এক মিনিটৰ ভিতৰত কৈ শেষ কৰিব পৰা হ'ব লাগিব।

উপায় ২ঃ এটা আদিৰূপ প্ৰস্তুত কৰি লওঁক

নিজৰ ইউ এছ পি নিৰ্ধাৰণ কৰাৰ পিছত আপুনি ইয়াৰ লগতে এটা ইয়াৰ প্ৰট'টাইপ অৰ্থাত আদিৰূপ এটা তৈয়াৰ কৰি উলিয়াওক। আদিৰূপৰ কথা কলেও ই জৰুৰী নহয় যে ই এটা সুদৃশ্য আৰু সুনিৰ্মিত সামগ্ৰী হ'ব। আপুনি পাৱাৰ পইন্ট, ফট'শ্বপ বা কাগজত আঁকিও আপোনাৰ উৎপাদনৰ কথা বৰ্ণনাৰ আদিৰূপ এটা তৈয়াৰ কৰি ল'ব পাৰে, যাতে সেয়া আপুনি বিনিয়োগকাৰী বা পুঁজিপতিসকলৰ আগত দেখুৱাবগৈ পাৰে। তদুপৰি আপুনি এটা সৰু এনিমেটেড ভিডিঅ'ও বনাব পাৰে। তাত আপোনাৰ সামগ্ৰী বা সেৱাৰ কথা বৰ্ণিত হব এক নিৰ্দিষ্ট সূচী মতে।

উপায় ৩ঃ এটা বহ্যিক দৃষ্টিভংগী ৰাখক

আপোনাৰ প্ৰট'টাইপ বা আদিৰূপটো সাজু হৈ উঠাৰ পিছত সেই আদিৰূপটো এবাৰ পুনৰীক্ষণ কৰক অৰ্থাত আনে কি কয় তাৰো উমান লওঁক। যেতিয়া মই আনক কওঁ যে নিজৰ আশাৰ গ্ৰাহকৰ ওপৰত মনোনিবেশ কৰক তাৰ অৰ্থ হৈছে যে আপোনাৰ সামগ্ৰী বা সেৱাৰ এটা নমুনা আনৰ বাবে মুকলি কৰক আৰু গ্ৰাহকৰ প্ৰতিক্ৰিয়া মন কৰক বা তালিকাভুক্ত কৰক। ই আপোনাক বজাৰৰ গৱেষণা এটা কৰাৰ দৰে সহায় কৰিব, যিটো পৰৱৰ্তী সময়ত আপোনাৰ কামত আহিব। এই কামৰ সময়চোৱাত এটা কথা মন কৰক যে আপোনাৰ গ্ৰাহকে মুদ্ৰাটোৰ দুয়োটা পিঠিৰ অৰ্থাত আপোনাৰ সেৱাৰ বা সামগ্ৰীৰ কোনটো দিশ ভাল পাইছে। তদপৰি আপোনাৰ প্ৰত্যাশিত গ্ৰাহকে আপোনাৰ সেৱা বা সামগ্ৰীৰ কোনটো দিশ ভাল পাইছে বা বেয়া পাইছে সেই কথা গুৰুত্ব দিয়ক।

উপায় ৪ঃ এটা কাৰ্যকৰী আদিৰূপ প্ৰস্তুত কৰি লওক

বহুতৰ বাবে অৰ্থ সংগ্ৰহৰ ক্ষেত্ৰত যাত্ৰাপথতটো বৰ কঠিন আৰু প্ৰত্যাহ্বানমূলক হৈ পৰে। এটা দেখুৱাবৰ বাবে প্ৰস্তুত কৰা আদিৰূপ আৰু এটা ব্যৱহাৰিক আদিৰূপ অৰ্থাত প্ৰট'টাইপ প্ৰস্তুত কৰি উলিওৱাটো সহজ কথা নহয়। সম্পূৰ্ণকৈ এটা সামগ্ৰী সাজি উলিওৱাতকৈ আপোনাৰ ধাৰণাটোক বাস্তৱ ৰূপ দি প্ৰস্তুত কৰি উলিৱাওক। আপোনাৰ বন্ধু, বন্ধুৰ বন্ধু, বা আপোনাক সহায় আৰু সমৰ্থন কৰিব পৰা সকলো লোকৰ সহায় আৰু সমৰ্থনত সেই কাম কৰি তোলক। আপোনৈৰ প্ৰস্তুতব্য সামগ্ৰীটোৰ ধৰণাটো বা চিন্তাটো সবল কৰি তুলিব বিচাৰে তেনেহলে বিভিন্নজনৰ চিন্তা ইয়াত একত্ৰিকৰণ কৰাওক। চিন্তা এটাৰ বৌদ্ধিক সম্পদখিনি ৰক্ষা কৰাটো বৰ দৰকাৰী, কাৰণ কোনো এটা চিন্তাতে কাৰো এককতা নাথাকে। আপুনি আনকি কোনো সংঘাট নোহোৱাকৈ এক গোপনীয়তাৰ চুক্তিও কৰি লব পাৰে। এটা কথা এইক্ষেত্ৰত কৈ লব পাৰে যে এটা কাৰ্যকৰী আদিৰূপ নিজে বা সংগীবৃন্দৰ সহযোগত যদি প্ৰস্তুত কৰি তুলিব পাৰে তেনেহলে তাতকৈ উৎকৃষ্ট কথা একো হব নোৱাৰে। কিন্তু এই ক্ষেত্ৰখন বৰ কৌশলৰ, গতিকে সাবধানে খোজ দিব।

উপায় ৫ঃ গ্ৰাহক আহৰণ

এইটো হৈছে পৰৱৰ্তী কঠিন আৰু প্ৰত্যাহ্বানমূলক পদক্ষেপ। সেয়া হৈছে আপোনাৰ সামগ্ৰীটোৰ বাবে গ্ৰাহকৰ ভীৰ কৰোৱাব পৰাটো। ইয়াৰ বাবে আপোনাৰ হাতত থকা সকলো ধৰণৰ পদ্ধতিয়েই অৱলম্বন কৰক। ফেচবুক, টুইটাৰ, ইউটিউৱ, ইমেইল প্ৰেৰণ, ব্লগত লেখামেলা, নিজৰ যোগাযোগত বাতৰি কাকতত প্ৰৱন্ধ প্ৰকাশ বা যদি সম্বলেৰে পাৰে টিভিটো বিজ্ঞাপন দিয়াৰ পৰা আন আন ষ্টাৰ্টআপৰ সৈতে সহযোগিতা কৰালৈকে সকলো কৰক। মুঠৰ ওপৰত যিমান যি পাৰে সকলো ব্যৱহাৰ কৰি নিজৰ বিজ্ঞাপন কৰক। এইটো পৰ্যায়ত আপোনাৰ সৰ্বমুঠ গ্ৰাহকৰ ভিতৰত ভাল সংখ্যাৰ এটা গ্ৰাহকৰ ভিত্তি আহৰণ কৰাটো বৰ দৰকাৰ। যদি অপ্ৰত্যাশিত ভাবে আপুনি এই সকলো কৰাৰ পিছতো গ্ৰাহকৰ এক ভাল সংখ্যা আহৰণ কৰিবলৈ সক্ষম নহয় তেনেহলে হতাশ নহ'ব। পুনৰ চেষ্টা কৰক। প্ৰথমৰ পৰা আৰম্ভ কৰক । খুব কম কোম্পানীয়েহে প্ৰথম পৰ্যায়তে সকলো লাভ কৰে। এই পদক্ষেপটোৱে আপোনাম মানসিক, শাৰীৰিক আৰু আৰ্থিক দিশত প্ৰত্যাহ্বান জনাব। গতিকে সাজু হওক।

উপায় ৬ঃ অৰ্থনৈতিক নীতিঃ

ইতিমধ্যে আপুনি নিশ্চয় এটা কথা বুজি উঠিব যে আপোনাৰ চিন্তাটোৰ দুভৰি সবল হৈ উঠিছে আৰু সেই চিন্তাই আপোনাৰ গ্ৰাহকৰ কান্ধত ধৰি বহুদুৰ আগুৱাই গৈছে। তাৰ অৰ্থটো হৈছে আপুনি এতিয়া এটা ব্যৱসায়িক পদ্ধতি গঢ়ি তুলিব পাৰে অৰ্থাৎ আপোনাৰ চিন্তাৰে ধন আহৰণৰ পথ চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। ইয়াৰ পৰাই আপোনাৰ চিন্তাটোৱে এটা ব্যৱসায়ৰ ৰূপ লাভ কৰিব। এতিয়া আপুনি চিনাক্ত কৰিব পাৰিব আপোনাৰ প্ৰাৰম্ভিক ,দ্বিতীয় পৰ্যায়ৰ আৰু তাৰ পিছৰ অংশীদাৰ কোন কোন হ'ব। ইয়াৰ পিছত এইসকল অংশীদাৰে আপোনাৰ ব্যৱসায়ত বিভিন্ন পৰ্যায়ত ভুমিকা পালন কৰিব। এই অংশীদাৰ সকলৰ প্ৰভাৱ বিত্তীয় বৰ্ষ, অৰ্থনৈতিক নীতি নিৰ্ধাৰণ, মানৱ সম্পদ বিভাগৰ নিয়মাৱলী আদি বিভিন্ন ক্ষেত্ৰত দেখা যাব। গতিকে এই সকলো পক্ষকে অৰ্থনৈতিক নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ একো একোটা গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰিব লাগিব। এইটো পৰ্য়ায়ত আপুনি নিজৰ চিন্তাটোক বিভিন্ন পৰ্যায়ত বিভিন্ন বাধা বিঘিনি নেওচি তাৰ পৰা অৰ্থনৈতিক লাভ আদায় কৰিব লাগিব । এই সমুহ নীতিক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আপুনি আপোনাৰ সঞ্চিত ৰাশি ব্যৱহাৰ কৰি পৰৱৰ্তী পৰ্যায়লৈকে উন্নীত হব লাগিব।

উপায় ৭ঃ আপোনাৰ সেৱা বা সামগ্ৰীৰ মান নিৰ্ধাৰণ কৰক

এতিয়ালৈকে পূৰ্বৰ পদক্ষেপ সমুহৰ বাবে আপুনি গ্ৰাহকৰ ভীৰ লাভ কৰিবলৈ আৰু লাভ আদায় কৰিবলৈ আৰম্ভ কৰিব। গতিকে এতিয়া সীমাৰ পৰিধি ভাঙি আপোনাৰ ডেউকা প্ৰসাৰিত কৰাৰ সময়। তাৰ বাবে আপুনি আপোনাৰ সামগ্ৰী বা সেৱাৰ মান উন্নিত কৰিব লাগিব। তাৰ বাবে সা সুবিধাও বঢ়াব লাগিব নিজৰ বাবে। যেনে ধৰক চাৰ্ভাৰটোৰ স্পেছ বৃদ্ধি কৰা আদি। ইতিমধ্যে আপুনি আপুনি আপোনাৰ বিনিয়োগকৰ্তাৰ ওচৰলৈ আপোনাৰ প্ৰয়োজনীয় ধনৰাশি বিচাৰি কাষ চাপিবলৈ সক্ষম হৈ উঠিব। ক'ত কিমান খৰচ হ'ব, কিহত কিমান ধনৰ প্ৰয়োজন হ'ব আদি বিভিন্ন প্ৰশ্নৰ উত্তৰ আপুনি সাজু কৰি লব লাগিব। অৰ্থাৎ আপুনি আপোনাৰ পিটছটো সাজু কৰিবৰ হল।

উপায় ৮ঃ আপোনাৰ পিটছটো সাজু কৰক

এইটো হৈছে প্ৰথম উপায়টোত উল্লেখ কৰা আপোনাৰ এলিভেটৰ পিটছ অৰ্থাৎ আকস্মিক ভাষণটোৰ সংবৰ্ধিত ৰূপ। ইয়াত আপুনি এটা সুন্দৰ উপস্থান ৰাখিব লাগিব। য'ত থাকিব আপোনাৰ সামগ্ৰীৰ বা সেৱাৰ বিস্তৃত বৰ্ণনা, বজাৰ গৱেষণাৰ ফলাফল, গ্ৰাহকৰ ভীৰৰ এটা উল্লেখযোগ্য সংখ্যা, বজাৰৰ আকাৰ আৰু বজাৰখনত আপোনাৰ স্থান আদি। যিটো দলে আপোনাৰ ব্যৱসায়ত বিনিয়োগ কৰিব তেওঁলোকে আপোনাৰ ব্যৱসায় সম্পৰ্কত বিশদভাবে জনাৰ লগতে আপোনাক বিশ্বাসত লব পাৰিব লাগিব। তেওঁলোকে ব্যৱসায়টোৰ ধৰণা আৰু অৰ্থনৈতিক নীতি সম্পৰ্কত আস্বস্ত হব লাগিব।


উপায় ৯ঃ অৰ্থৰ সন্ধান

আপোনাৰ পিটছটো সাজু হৈ উঠাৰ পিছত এতিয়া বিভিন্ন পন্থা যেনে লিংকডইন, স্থানীয় বিশ্ববিদ্যালয়ৰ ইনক্যুবেশ্বন চেন্টাৰ, এক্সিলাৰেটৰ প্ৰগ্ৰেমত অংশ গ্ৰহন কৰি, ব্যক্তিগত যোগাযোগ, বিভিন্ন বাণিজ্য মেলাত নিজৰ সামগ্ৰী বা সেৱাৰ নমুনা প্ৰদৰ্শন কৰি বিনিয়োগকাৰীৰ সন্ধান কৰিব লাগিব। আপুনি তদুপৰি বিভিন্ন মাধ্যমত নিজৰ সামগ্ৰী বা সেৱাৰ বিজ্ঞাপন কৰিও এই কাম কৰিব পাৰে।

উপায় ১০ঃ আপোনাৰ পিটছ বা ভাষণ প্ৰদান

ধন বা অৰ্থৰ এখন হাতৰ পৰা আন এখন হাতলৈ স্থানান্তৰৰ ক্ষেত্ৰত বিশ্বাসে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। এইটো পৰ্যায়ত আপুনি আপোনাৰ নিৰ্দিষ্ট বিনিয়োগকাৰীৰ বিশ্বাস আদায় কৰিব পাৰিব লাগিব। অৱশেষত আপুনি যেতিয়া আপোনাৰ বিনিয়োগকাৰীৰ সমুখত থিয় হবগৈ আপুনি আপোনাৰ তীক্ষ্মতা, বুদ্ধিমত্তা, বিষয়টোৰ পুংখানুপুংখ বিশ্লেষণ আদি উপস্থাপন কৰিব পাৰিব লাগিব। তেওঁলোকে যে আপোনাক বিশ্বাস কৰিব পাৰে, সেই কথা প্ৰমাণ কৰিব লাগিব। আপুনি সকলো কথা জানিব বুলি তেওঁলোকে আশা নকৰে। আপুনি পিটছটো আগবঢ়োৱাৰ আগতে সমুখিন হব পৰা সাম্ভাব্য সকলো প্ৰশ্নৰ উত্তৰ লৈ সাজু হৈ থাকক। আপুনি এজনৰ পিছত আন এজনৰ সমুখিন হব লাগিব, কিন্তু অৱশেষত আপুনি সেই নিৰ্দিষ্ট ব্যক্তি গৰাকীক লগ পাব। সেই মুহুৰ্তত আপোনাৰ মাত্ৰ এটায়ো উদ্দেশ্য যে আপুনি আপোনাৰ বিনিয়োগকাৰীক সন্তুষ্ট কৰাটো। এই কামটোও ইমান সহজ নহয়। ইয়াতো আপুনি প্ৰত্যাখ্যানৰ সমুখিন হব লগীয়া হব পাৰে। এটাৰ পিছত এটাকৈ বিনিয়োগকাৰীৰ দলৰ সমুখত গৈ কথা ক'ব লাগিব। আৰু অৱশেষত হয়তো কোনোবাই আপোনাৰ ব্যৱসায়ত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিব। সেইটোৱেই হব সেই ইউৰেকা মুহুৰ্ত।

উপায় ১১ঃ আপোনাৰ সামগ্ৰীটো পুনৰ উন্নীত কৰক

বিনিয়োগকাৰীৰ সন্ধান কৰাৰ পৰ্যায়সমুহৰ সমান্তৰালকৈ আপুনি আপোনাৰ সেৱা বা সামগ্ৰীৰ মান উন্নীত কৰিও গৈ থাকিব লাগিব। বাহ্যিক বা আভ্যন্তৰীণ দুয়োটা দিশতে সময়ৰ সৈতে মিলাই উন্নয়ন কৰি গৈ থাকিব লাগিব। সেই কাম কৰি থাকোতে আপুনি ক্ৰমান্বয়ে বিনিয়োগকাৰীক আকৰ্ষিত কৰিব পৰা হৈ গৈ থাকিব। কাৰণ বিনিয়োগকাৰীয়ে কেৱল এটা প্ৰস্তাৱ বা প্ৰকল্পত বিনিয়োগ নকৰে। তেওঁলোকে সামগ্ৰীৰ উন্নয়ন প্ৰক্ৰিয়াতো অংশ নলয়। তেওঁলোকে কেৱল সামগ্ৰীৰ মানৰ ওপৰত ভিত্তি কৰি হে বিনিয়োগ কৰিব। আপোনাৰ সামগ্ৰীৰ পুনৰ উন্নীতকৰণৰ প্ৰক্ৰিয়াটোত আপুনি উদ্ভাৱনৰ কোনো পথৰ সন্ধানো লাভ কৰিব পাৰে আৰু বজাৰৰ শেহতীয়া স্থিতি সম্পৰ্কতো আপুনি সম্পুৰ্ণ অৱগত হৈ থাকিব।

উপায় ১২ঃ ‘সিংহহৃদয়’ৰ আধিকাৰী হওঁক

এয়া হৈছে সকলো প্ৰতিকুলতাৰ সমুখিন হব পৰা গুণ। যিমানবাৰ আপুনি যাত্ৰা পথত বাগৰি নপৰক কিয় পুনৰ উঠি একেই উদ্যমেৰে খোজ দিয়া মানসিকতা আপোনাৰ লাগিব। প্ৰতিটো প্ৰত্যাখ্যানেই একো একোটা পাঠ। প্ৰতিগৰাকী উদ্যোগীয়েই প্ৰত্যাখ্যানৰ মুখামুখি হৈছে। এইখিনিতে ৰকি বালবোৱাৰ এটা প্ৰশ্ন উল্লেখ কৰিব খুজিছো- আপুনি কিমান জোৰেৰে আঘাট কৰিছে সেইটো ডাঙৰ কথা নহয়, আপুনি কিমান জোৰৰ আঘাট সহ্য কৰিব পাৰে সেইটোহে গুৰুত্বপূৰ্ণ।

এই ১২টা উপায় মাত্ৰ এক উপদেশমূলক দিগদৰ্শন হে। সকলো সময়তেই যে ই কাৰ্যকৰী হব সেয়া নিশ্চিত নহয়। আমাৰ দেশত কামত অহা কোনো উপায় আন দেশত অসাৰো হব পাৰে। কিন্তু সকলো উদীয়মান উদ্যোগীলৈ পথ নিৰ্দেশনা হিচাপে এই উপায় সমুহে কাম কৰিব। 

মূলঃ উদয় নায়াৰ

অনুবাদঃপ্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

৪০০ টকীয়া চাকৰিৰ পৰা কুইক হীলৰ প্ৰতিষ্ঠালৈকে কাটকাৰ ভাতৃদ্বয়ৰ চমকপ্ৰদ যাত্ৰা

“আল্পনা অংকন কৰিব পৰা গৃহিণীসকলে গ্ৰাফিক্স ডিজাইনো কৰিব পাৰে”-‘আঔ সাথ মা’

ললিত বৰাঃ অসমৰ গাঁৱে- ভূঞে, চহৰে -নগৰে গ্ৰন্থৰ সুবাস বিলাই ফুৰা মানুহজন

অসমীয়া খাদ্যক বিশ্ব সভালৈ নিয়া চেফ অতুল লহকৰ