কোনো NSA, CIAই আপোনাৰ মেইলত আৰু চকু ৰাখিব নোৱাৰিব

কোনো NSA, CIAই আপোনাৰ মেইলত আৰু চকু ৰাখিব নোৱাৰিব

Friday April 01, 2016,

4 min Read

ৰাষ্ট্ৰীয় নিৰাপত্তা, উন্নত কাৰিকৰী ব্যৱস্থাৰ উদ্ভাৱন। আমি নতুন কোনো টিভি চিৰিজ বা কল্প-কাহিনীৰ কথা কোৱা নাই। আমি কৈছো ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিকত আমেৰিকাৰ National Security Agency (NSA)ই নিজৰ ইনবক্সত ভুমুকি মৰাৰ ভয়ত লৰহ সংখ্যক লোকেই শংকিত হৈ থকাৰ কথা। ৱেব হিষ্টৰীয়েই হওঁক বা ডাটা প্ৰাইভেচিয়েই হওঁক ,চৰকাৰী সংস্থাসমুহে অসামৰিক লোকসকলৰ ইন্টাৰনেট হিষ্টৰীৰ ওপৰত নজৰ ৰখা বিতৰ্কিত বিষয়টোৱে এতিয়া এক আকৰ্ষণীয় মোৰ লাভ কৰিছে। হাৱাৰ্ড আৰু এমআইটিৰ ছাত্ৰসকলে ইমেইলৰ পৰা আৰম্ভ কৰি ইন্টাৰনেটৰ অন্যান্য সকলো গোপনীয়তা ৰক্ষাৰ বাবে এক বিশেষ ব্যৱস্থা গঢ়ি তোলাৰ দিশত কাম কৰি আছে। তেওঁলোকে এনেকুৱা এক অতি গোপনীয় মেইল সেৱা উদ্ভাৱন কৰি উলিয়াইচে , যিটোৱে আনকি এনএছএ কো আঁতৰত ৰাখিব পাৰে । ইয়াৰ নাম দিয়া হৈছে প্ৰটনমেইল ।

তেওঁলোকৰ ৱেবচাইটটোৰ মতে: “আমি হৈছো সৰ্ব সাধাৰণ লোকৰ অনলাইন স্বাধীনতা ৰক্ষাৰ বাবে কাম কৰা বৈজ্ঞানিক,অভিযন্তা আৰু উদ্ভাৱকৰ এটা দল। সেইবাবেই আমি প্ৰটনমেইল নামৰ এই সেৱাটো আৰম্ভ কৰিছো,যিটো এণ্ড টু এণ্ড এনক্ৰিপষণ আৰু ষ্টেট অৱ ড্যা আৰ্ট চিকিয়ৰিটি ফচাৰছ সমুহেৰে নিৰ্মান কৰি তোলা হৈছে। আমাৰ লক্ষ্য হৈছে এনেকুৱা এক ইন্টাৰনেট সেৱা আৰম্ভ কৰা. যিয়ে গোপনীয়তা ৰক্ষা কৰে আৰু চাইবাৰ আক্ৰমণৰ পৰা নিৰাপত্তা প্ৰদান কৰে।”


image


ছুইছ নিৰাপত্তা

ProtonMail ৰ সহ-প্ৰতিস্থাতা Jason Stockmanএ কয় যে স্নউডেন লিকৰ পিছতেই তেওঁলোকৰ মনত এই চিন্তাৰ উদয় হয়। ছুইজাৰলেণ্ডৰ নিউক্লিয়াৰ গৱেষণা সংস্থা CERNত কাম কৰি থকা সময়তেই এই ঘটনাটোৱে তেওঁলোকক এইদিশত কাম কৰিবলৈ উৎসাহ দিয়ে বুলি তেওঁ The Huffington Postৰ আগত কয়।

ProtonMailৰ চাৰ্ভাৰ আছে ছুইজাৰলেণ্ডত আৰু ই এণ্ড টু এণ্ড এনক্ৰিপষণ ব্যৱহাৰ কৰে, যিটোৱে ব্যৱহাৰ কৰ্তাসকলৰ ই-মেইলৰ গোপনীয়তা ৰক্ষা কৰে। জেছনে লগতে কয় যে কোনোবাই যদি সেই ডাটা উদ্ধাৰো কৰিবলৈ সক্ষম হয় তেনেহলে তেওঁ মাথো খেলিমেলি কোনো ডাটা বা এনক্ৰিপটেড ডাটাহে লাভ কৰিব।

আমেৰিকাৰ বাহিৰত অৰ্থাৎ ছুইজাৰলেণ্ডত ইয়াৰ চাৰ্ভাৰটো থকাৰ বাবে এনএছএই বহুকেইটা আগশাৰীৰ ইন্টাৰন্ট সেৱা প্ৰদানকাৰী কোম্পানীৰ সহায়ত বিভিন্নজনৰ ইন্টাৰনেটৰ তথ্য আহৰণ কৰাৰ বাবে ব্যৱহাৰ কৰা বুলি ধাৰণা কৰা প্ৰিজম প্ৰোগ্ৰেমৰ (PRISM)সহায়ত ইয়াৰ তথ্য লাভ কৰাটো সম্ভৱ নহয়। ইন্টাৰনেটৰ গোপনীয়তাৰ প্ৰৱক্তাসকলে বিশ্বাস কৰে যে কোনো ইন্টাৰনেট নিৰাপত্তাই বিশ্বাসযোগ্য নহয় কাৰণ ইয়াৰ নিৰ্দিষ্ট কৰ্তৃপক্ষই বিভিন্ন তথ্য কাৰোবাক দিবলৈ বাধ্য হৈ পৰিব পাৰে। সেইবাবেই ProtonMail ৰ প্ৰতিস্থাতা সকলে এটা কথা নিশ্চিত কৰিছে যাতে তেওঁলোকৰ সেৱা গ্ৰহণ কৰা লোকসকলৰ তথ্য বা কথোপকথনবোৰ তেওঁলোকেও পঢ়িব নোৱাৰে। সেইদৰেই তেওঁলোকে নিৰাপত্তা আৰু গোপনীয়তা সুনিশ্চিত কৰিছে। ২০১৪চনত এক ক্ৰাউড ফাণ্ডিং আৰম্ভ কৰা ProtonMailএ সৰ্বসাধাৰণ অসামৰিক নাগৰিকসকলৰ বাবে তেওঁলোকৰ সেৱা এণ্ড্ৰইড আৰু আইঅছ দুয়োটা চিষ্টেমতেই মুকলি কৰি দিছে । এইক্ষেত্ৰত হোৱা বিলম্বৰ বাবে তেওঁলোকে আমেৰিকাৰ চৰকাৰৰ তৰফৰ পৰা লাভ কৰা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰে। ইয়াৰ এক সেৱা ইতিমধ্যে একাংশ সাংবাদিক,সমাজকৰ্মী আৰু ব্যৱসায়ীয়ে পৰীক্ষা কৰিছে। ProtonMailৰ দলটোৰ পূৰ্বানুমান যে এই এণ্ড টু এণ্ড এনক্ৰিপছন ব্যৱস্থাটো ভৱিষ্যতে সকলোবোৰ ইন্টাৰনেট সেৱা সংস্থায়েই ব্যৱহাৰ কৰিব। কিন্তু তেওঁলোকে এটা কথা স্বীকাৰ কৰি লৈছে যে সকলো ব্যৱস্থায়েই হেক কৰিব পাৰি আৰু ১০০শতাংশ সুৰক্ষিত বুলি কোনো বস্তু নাই।

নিশ্চিত হ'ব নে নহ'ব

বিগত তিনিটা বছৰত আমেৰিকাৰ চৰকাৰ আৰু এনএছএৰ দ্বাৰা সুৰক্ষা আৰু নিৰাপত্তা সন্দৰ্ভত বহুতো বিতৰ্কৰ সূচনা হৈছে।বিখ্যাত স্ন'ডেন কাণ্ডত প্ৰাক্তন চিআইএ কৰ্মচাৰী এডৱাৰ্ড স্নউডেনে ফাদিল কৰিছিল যে আন্তৰ্জাতিক স্তৰত চোৰাংচোৱাগিৰিৰ আঁৰত আছে এনএছএ। যদিও সম্পূৰ্ণ তালিকাখন উপলব্ধ নহয়, কিন্তু এটা কথা নিশ্চিত যে এনএছএই কেইবা মিলিয়ন ই-মেইল একাউন্ট, ইনষ্টেন্ট মেছেজিং চাৰ্ভিছৰ কন্টেক্ট লিষ্ট পৰীক্ষা,বিভিন্ন চেলফোনৰ মেপিং আৰু ট্ৰেকিং আদি কৰি আহিছে।

অতি শেহতীয়াভাবে এফবিআই আৰু এপলৰ মাজৰ বিবাদখনো তুংগত উঠিছে। এইক্ষেত্ৰত দুটা প্ৰৱল শক্তিশালী কন্ঠ শুনা গৈছে। সেয়া হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ব্যক্তিগত গোপনীয়তা। এই অৱস্থাটো কণীটো আৰু কুকুৰাটোৰ সম্পৰ্কৰ দৰেই জটিল। কিন্তু ব্যক্তি বিশেষৰ গোপনীয়তাৰ ন্যায়িক বৈধতাৰ কথাও অশ্বীকাৰ কৰিব কোনেও নোৱাৰে।

বিষয়টো কিন্তু এতিয়াও স্পষ্ট নহয়। প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ সমান্তৰালভাবে আমি তথ্য আৰু যোগাযোগৰ ক্ষেত্ৰত শক্তিশালী নতুন আহিলাৰ সন্ধানত সদায়েই থাকো। বহুতে বিশ্বাস কৰে যে এইধৰণৰ ক্ষেত্ৰসমুহত স্বচ্চতাৰ প্ৰয়োজন । কিন্ত বিশ্বৰ ভিন্ন প্ৰান্তত অপৰাধমূলক কামকাজক বৃদ্ধি কৰাতো সহায় নকৰা নহয়। আজিৰ দিনত প্ৰতিটো মিনিটতেই এটা উল্লেখযোগ্য মাত্ৰাৰ ডাটা সংৰক্ষন হৈ আছে। আমি ইন্টাৰনেটত আমাৰ ভ্ৰমন বিলাসৰ কাৰ্যসূচীৰ কথা লুক-ধাক নকৰাকৈয়ে প্ৰকাশ কৰি থকাৰ সময়তেই কিন্তু ১৯৮৪ চনৰ জৰ্জ অৰৱেলৰ সদৃশকৈ চৰকাৰে ব্যক্তিগত ইন্টাৰনেট যোগাযোগৰ তথ্য আহৰণ কৰি আছে।

বহুতে হয়তো ভাবিব পাৰে যে ই এটা আমেৰিকাকেন্দ্ৰীক সমস্যা। কিন্তু স্নউডেন কাণ্ডই এটা কথা উদঙাই দিছে যে ই বিশ্বজুৰী সকলো লোকৰ গোপনীয়তাত প্ৰভাৱ পেলাইছে। সৰ্বসাধাৰণ লোকে নিজৰ ব্যক্তিগত আৰু বৃত্তিগত তথ্যৰ গোপনীয়তা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰাত আচৰিত হবলগীয়া একো নাই। 

মূলঃসিন্ধু কাশ্যপ

অনুবাদঃপ্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অৰ্কিডৰ প্ৰতি থকা দুৰ্বাৰ প্ৰেমে ক্ষণজিৎ গগৈক দিলে আন্তৰ্জাতিক খ্যাতি

সাত পুৰুষ ধৰি এটা কলাক ধৰি ৰখা এটা পৰিয়াল

উদ্যমিতাৰে বহু লোকৰ জীৱন পোহৰোৱা এগৰাকী সাহসী মহিলা চয়নিকা ৰাজখোৱা

অসমৰ শিক্ষা জগতলৈ অভিনৱ অৱদান শান্তনু আৰু উৎপলাৰ GOOD WORDS