এখন চহৰৰ বিকাশৰ বাবে প্ৰয়োজন উদ্যমীতাৰ স্পৃহা থকা মানুহ

এখন চহৰৰ বিকাশৰ বাবে প্ৰয়োজন উদ্যমীতাৰ স্পৃহা থকা মানুহ

Thursday December 17, 2015,

4 min Read

গুড়গাওঁ পৌৰ আয়ুক্তৰ কাৰ্যালয়লৈ ১৫ জন জাট সোমাই আহিল আৰু অফিচটো হঠাৎ সৰু যেন লগা হৈ পৰিল। তেওঁৰ বিশাল ডেস্কৰ সিটো মূৰে বহি থকা, নেহৰু জেকেট পিন্ধা সপ্ৰতিভ আয়ুক্তজন শক্তিশালী চেহেৰাৰ যুৱক আৰু ক্ষিপ্ৰ বৃদ্ধৰ দলটো দেখি অলপো বিচলিত হোৱা যেন নালাগিল। তেওঁলোকৰ অভিযোগ আছে আৰু সমাধান বিচাৰিহে তালৈ আহিছে।

image


গুড়গাওঁ পৌৰনিগমৰ ৩৮ বছৰীয়া আয়ুক্ত বিকাশ গুপ্তাৰ বাবে এনে সাক্ষাৎ প্ৰায় নিয়মীয়া ঘটনা। যোৱাবছৰ এইটো পদত নিযুক্ত হোৱা গুপ্তাৰ বাবে দায়িত্ব নিৰ্ধাৰিত হৈয়েই আহিল।

ব্যাপক নগৰীকৰণৰ ফলত গুড়গাৱঁৰ জনতাৰ বাবে আন্তঃগাথনিৰ সমস্যাটোৱে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। নগৰ উন্নয়নৰ বিপুল অভিজ্ঞতাৰে পুষ্ট ২০০১ বেচ্চৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া গুপ্তা গুড়গাওঁৰ বৰ্তমান সংকট নিৰ্মূল কৰিবলৈ আটাইতকৈ উপযুক্ত ব্যক্তি আছিল। ইয়াৰ পূৰ্ৱে তেওঁ হাৰিয়ানাৰ নগৰীয়া স্থানীয় সংস্থাৰ সঞ্চালক আৰু সচিব, ৰাজ্যিক, নগৰীয়া, জীৱিকা অভিযান আৰু ৰাজ্যিক নগৰ উন্নয়ন কতৃপক্ষৰ প্ৰকল্প সঞ্চালক ৰূপে কাৰ্যনিবাহ কৰিছিল। তেওঁ ৰোহতাত পৌৰ নিগমৰ আয়ুক্ত আৰু জিলা উপায়ুক্তৰ দায়িত্বতো আছিল।

শান্তি স্থাপনঃ

শীত-তাপ নিয়ন্ত্ৰিত কক্ষত বহি জাট গাওঁবাসী কেইজনৰ অভিযোগ শুনি শুনি বিকাশ গুপ্তাই দুয়োটা পক্ষক কিদৰে সন্তষ্ট কৰিব সেয়া মনতে জুকিয়াই ল’লে।গাওঁবাসীয়ে গাৱঁৰেই এজনে স্থাপন কৰা এটা আৱৰ্জনা পৃথকীকৰণ গোট আৰু আশ্ৰয়হীন মানসিক ৰোগীৰ বাবে স্থাপন কৰা এটা আৱাসৰ বিৰুদ্ধে আবেদন জনাবলৈ আহিছিল।‘কালপ্ৰিট’জনে তেওঁৰ সমৰ্থনৰ যুক্তি প্ৰদৰ্শন কৰি থকাৰ সময়ত ডেকা ল’ৰাসকল উত্তেজিত হৈ পৰিছিল। ‘উচ্ছেদ কৰিলে মই যাম কলৈ?’-তেওঁ আয়ুক্তক সুধিছিল।‘মোৰ আশ্ৰিতসকলক লগত লৈ যাবলৈ মোক অইনতো সমান মাটি দিব লাগিব’- তেওঁ লগতে যোগ দিলে।

গাওঁবাসীও তেওঁক উচ্ছেদৰ দাবীত অটল। তেওঁলোকৰ অভিযোগ-আবাসৰ কেইজনমান উন্মাদ লোকে কাপোৰ-কানি নিপিন্ধাকৈ গাৱঁত পিটপিটাই ফুৰিছিল।ইয়াক কেন্দ্ৰ কৰি গাওঁখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল।সচিবৰ সৈতে আয়ুক্তই মানুহজনক তেওঁৰ আৱৰ্জনা পৃথকীকৰণ গোট আৰু আশ্ৰয় নিবাসটো আন এডোখৰ ঠাইলৈ স্থানান্তৰ কৰিবলৈ দিলে আৰু এমাহৰ ভিতৰতে বিবাদটো মীমাংসা কৰিবলৈ কলে।

আৰম্ভণীৰ দিনবোৰঃ

জয়পুৰতে জন্ম আৰু ডাঙৰ-দীঘল হোৱা গুপ্তাই স্থানীয় আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ (বৰ্তমানে মালব্য ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান ৰূপে নামাকৰণ কৰা) পৰা ইলেক্ট্ৰনিক্স আৰু যোগাযোগ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ অবলীলাক্ৰমেহে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।‘মই মজলীয়া বিধৰ ছাত্ৰ আছিলো। সদায় প্ৰথম ১০ জনৰ মাজত আছিলো, কিন্ত কাহানিও প্ৰথম ৫ জনৰ মাজত নাছিলো’ -গুপ্তাই কয়। ‘মই কিয় অভিযন্তা হবলৈ গ’লো বুলি সুধিলে, উত্তৰ দিব নোৱাৰিম’- অলপ ৰৈ তেওঁ আকৌ ক’লে- ‘মোৰ অনুমান, মই অংক আৰু বিজ্ঞানত যিহেতু ভাল আছিলো, সেয়া স্বাভাৱিক পচণ্ড আছিল।কিন্ত মই IAS-ত কিয় যোগদান কৰিলো বুলি সুধিলে কব লাগিব যে মই ৰাজনৈতিক ঘটনাপ্ৰবাহৰ এক আগ্ৰহী পৰ্যবেক্ষক আছিলো, নৱম শ্ৰেণীতে মণ্ডল-মন্দিৰ আন্দোলনৰ সাক্ষী হৈছিলো।’।

আৰম্ভণীতে গুপ্তাই ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী লোৱাৰ পিছত বিজনেছ মেনেজমেণ্টৰ ডিগ্ৰী লৈ তেওঁৰ সমসাময়িক বহুতৰ দৰে কৰ্পৰেট খণ্ডত চাকৰি বিচৰাৰ চিন্তা কৰিছিল।১৯৯৬ চনত তেওঁৰ ছিনিয়ৰ এজনে IASপোৱা বুলি তেওঁ গম পালে। ‘আন সকলোৰে দৰে মইয়ো কৰ্প'ৰেট খণ্ডত কিবা চাকৰি কৰা বা অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ চিন্তা কৰিছিলো। মোৰ ছিনিয়ৰ এজনে IASপোৱাৰ পিছত ময়ো ভাগ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত ল’লো- জনালে গুপ্তাই।

তিনিবাৰ চেষ্টাৰ মূৰতহে তেওঁ সফল হ’ল। ‘প্ৰথম চেষ্টাত মই ৰেলসেৱাৰ বাবে নিৰ্বাচিত হ'লো, কিন্ত মই আগ্ৰহী নাছিলো।তৃতীয় বছৰত মই অসামৰিক সেৱাৰ লগতে CAT টো অৱতীৰ্ণ হ'লো।’ সেই বছৰে তেওঁ IAS পোৱাৰ লগতে CAT-তো উত্তীৰ্ণ হল।

জীৱনৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী সলনি কৰি দিয়া ঘটনাটোৰ স্মৃতিচাৰণ কৰি গুপ্তাই জনালে-‘ইঞ্জিনীয়াৰিঙৰ দ্বিতীয় বৰ্ষত মই ১০০ শতাংশ চেষ্টা কৰা নাছিলো আৰু ৬৫ গৰাকী ছাত্ৰৰ মাজত ২৩ নম্বৰ স্থানহে পাইছিলো।মোৰ এতিয়াও স্পষ্টকৈ মনত আছে মাইক্ৰো ইলেক্ট্ৰনিক্সৰ মৌখিক পৰীক্ষাত মই একো উত্তৰ দিব পৰা নাছিলো। মই একো জনাই নাছিলো। তেতিয়াই মই উপলল্ধি কৰিলো যে কঠোৰ শ্ৰম নকৰাকৈ একো পাব নোৱাৰি।’ এতিয়া এয়াই তেওঁৰ জীৱনৰ মন্ত্ৰত পৰিণত হৈছে।

জনতাৰ অংশগ্ৰহণঃ

নৱেম্বৰ মাহত গুড়গাৱঁত অনুষ্ঠিত Ys Gurgaon Story শীৰ্ষক অনুষ্ঠানত গুপ্তাই ক’লে ‘উপকণ্ঠ অঞ্চলত গুড়গাওঁ পৌৰ নিগমৰ দৰে পৌৰ সংস্থাসমূহৰ গুৰুত্ব পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। মোৰ মতে,নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ এখন চহৰৰ উত্তৰণৰ অন্যতম পূৰ্বচৰ্ত। উদ্যমীতাৰ স্পৃহা থাকিবই লাগিব।’

গুপ্তাই ১০ গৰাকী মান ন-উদ্যোগীৰ কাম-কাজৰ(startup)বুজ ললে, তেওঁলোকে চহৰৰ ট্ৰেফিক আৰু শক্তি জনিত বিভিন্ন সমস্যাৰ বিপৰীতে আগবঢ়োৱা সমাধানৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰদৰ্শন কৰিলে।

গুড়গাৱঁৰ দৰে এখন ঠাই প্ৰশাসন চলোৱাটো প্ৰত্যাহ্বান পূৰ্ণ। গাওঁ আৰু চহৰৰ বাসিন্দা, নতুন আৰু পুৰণি জীৱন ধাৰণৰ মাজত অবিৰত সংঘাত চলি থাকে। সকলো পক্ষৰ বাবে সন্তোষজনক হোৱাকৈ এই দ্বন্দৰ সমাধান উলিয়াবলৈ তীক্ষ্ণ মস্তিস্কৰ প্ৰয়োজন হয়। এই মূহুৰ্তত সকলো সমাধানৰ গৰাকী এজনেই- বিকাশ গুপ্তা।

মূল- দীপ্তি নায়াৰ, অনুবাদ- লুইত পাঠক।