সুধাকণ্ঠৰ স্মৃতিত দেশৰ দীৰ্ঘতম দলং উন্মোচন প্ৰধানমন্ত্ৰীৰ

সুধাকণ্ঠৰ স্মৃতিত দেশৰ দীৰ্ঘতম দলং উন্মোচন প্ৰধানমন্ত্ৰীৰ

Friday May 26, 2017,

2 min Read

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে অসমত উদ্ভোধন কৰিলে ভাৰতৰ দীৰ্ঘতম দলংখন । ব্ৰহ্মপুত্ৰৰ এখন অন্যতম উপনদী লোহিতৰ ওপৰত নিৰ্মিত ভাৰতৰ ভিতৰতে দীৰ্ঘতম ৯.১৫ কিলোমিটাৰ দীঘল ধলা-শদিয়া এই দলংখনে আসম আৰু অৰুণাচলৰ মাজৰ যোগাযোগ উন্নত কৰাৰ লগতে যাত্ৰাৰ সময় বহুপৰিমাণে হ্ৰাস কৰিব। দলংখন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামেৰে নামাংকৃত কৰিবলৈ সিদ্ধান্ত লৈছে চৰকাৰে।

image


দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দলঙেৰে যাত্ৰা কৰাৰ লগতে অলপ সময় দলঙৰ ওপৰত খোজ কাঢ়ে। পিছত ঢলাৰ জনসভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, এই দলংখনৰ উদ্বোধনে এই অঞ্চলৰ ৰাইজৰ বহুদিনীয়া অভাৱ পূৰণ কৰিব।

মোডীয়ে লগতে কয় যে, উন্নয়নৰ বাবে আন্তঃগাঁথনিৰ অতি প্ৰয়োজন আৰু কেন্দ্ৰীয় চৰকাৰে ৰাইজৰ আশা আৰু সপোনবোৰ সাৰ্থক কৰিবলৈ সদায়ে প্ৰয়াস কৰি আহিছে।তেওঁ কয় যে, এই দলংখনে অসম আৰু অৰুণাচলৰ মাজৰ যোগাযোগ উন্নত কৰাৰ লগতে বিশাল মাত্ৰাত অৰ্থনৈতিক উন্নয়নৰ দুৱাৰ মুকলি কৰিব। মোডীয়ে লগতে উল্লেখ কৰে যে দেশৰ পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত অৰ্থনৈতিক উন্নয়নৰ বিশাল সম্ভাৱনীয়তা আছে।আৰু কেন্দ্ৰীয় চৰকাৰৰ এই দিশত কৰা চিন্তা-চৰ্চাৰ এটা অংশ এই দলংখন।

এই দলংখনে অঞ্চলটোৰ সাধাৰণ জনতাৰ জীৱনধাৰালৈ যোগাত্মক পৰিৱৰ্তন আনিব বুলিও মোডীয়ে মন্তব্য কৰে।তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে জলপথসমূহৰ উন্নয়নৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিছে। উত্তৰ-পূৰ্বাঞ্চলৰ লগত দেশৰ অন্য প্ৰান্তৰ যোগাযোগ উন্নত কৰাত কেন্দ্ৰীয় চৰকাৰে অগ্ৰাধিকাৰ দিছে আৰু তাৰবাবে দ্ৰুতগতিত কাম চলিছে। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নত যোগাযোগ ব্যৱস্থাই দক্ষিণ-পূৱ এচিয়াৰ অৰ্থনীতিকো সংযোজিত কৰিব।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

আইনষ্টাইন আৰু ষ্টিফেন হকিঙতকৈ বু্দ্ধিমত্তা সম্পন্ন ভাৰতীয় মূলৰ শিশু ৰাজগৌৰী

ভাৰতৰ ১৮ বছৰীয়া ৰিফাটে বিশ্বৰ ক্ষুদ্ৰতম কৃত্ৰিম উপগ্ৰহৰ আৰ্হি প্ৰস্তুত কৰিছে

সৰ্থেবাৰীৰ কাঁহ-পিতলক দেশজোৰা বজাৰ দিয়াৰ চেষ্টা কাহী-বাটি ডট কমৰ