আপোনাৰ পদুলিলৈ স্পা আৰু চেলুন, বিশেষকৈ জ্যেষ্ঠজনলৈ এই সুবিধা

মূল- পল্লৱী সিন্হা

আপোনাৰ পদুলিলৈ স্পা আৰু চেলুন, বিশেষকৈ জ্যেষ্ঠজনলৈ এই সুবিধা

Thursday October 20, 2016,

3 min Read

ন’মাডিক স্পালুন (ভ্ৰাম্যমান স্পালুন), নামটোৱেই যথেষ্ট নহয় জানো ? ন’মাডিক স্পালুন, এক ভ্ৰাম্যমান স্পা- চেলুন, আজিৰ ব্যস্ততাৰ জীৱনত নাৰীসকলৰ হাতত যিহেতুকে সময় কম- ন’মাডিক স্পালুনে আপোনাৰ পদুলিলৈ লৈ আহিছে স্পা আৰু চেলুনৰ সুবিধা।

“দিনটোৰ কামখিনিৰ তালিকাখন শেষ কৰি চেলুনলৈ যাবলৈ আপোনাৰ, হাতত আৰু সময় ক’ত ? ইতিমধ্যে পিছদিনা কৰিব লগা কামখিনিয়ে আপোনাৰ মগজুত ভিৰ কৰেহি । এই কথাষাৰৰ উপলিব্ধয়েই স্পা আৰু চেলুনৰ সুবিধা এগৰাকী মহিলাৰ ব্যক্তিগত স্থানলৈ সম্পূর্ণ পেছাদাৰীত্বৰে লৈ যোৱাৰ চিন্তাই পোখা মেলে "The Nomadic Spaloon" মানে ভ্ৰাম্যমান স্পালুন– এই কথাষাৰ ব্যক্ত কৰিছে ন’মাডিক স্পালুনৰ প্ৰতিষ্ঠাপিকা সদস্যা সীমা নন্দাই।

image


হোটেল ব্যৱসায়ৰে কেৰিয়াৰ আৰম্ভ কৰা সীমাৰ বাবে ন’মাডিক স্পালুন তেওঁৰ শৈশৱ আৰু শিপাৰ সৈতে জড়িত । সীমাৰ মাতৃৰ হাইদৰাবাদত এখন স্পা আৰু চেলুন আছিল য’ত স্কুলৰ পৰা আহি সীমাই প্ৰায়ে মাকক সহায় কৰিবলৈ আহিছিল আৰু শৈশৱৰ এই অভিজ্ঞতাই সীমাক পুষ্ট কৰি তুলিছিল স্পা-চেলুন ব্যৱসায়ৰ লগত জড়িত প্ৰায় সকলোবেৰ কথাৰ সৈতে।

শিক্ষা শেষ কৰাৰ পিছত সীমা হস্পিটেলিটি উদ্যোগৰ সৈতে জড়িত হৈ পৰে, এজন প্ৰতিষ্ঠিত হোটেল ব্যৱসায়ীৰ লগত বিৱাহ পাশত আৱদ্ধ হৈ দিল্লীত থকিবলৈ লয়। দিল্লী মহানগৰীয়ে যেন সীমাৰ চকু খুলি দিলে। হোটেল ব্যৱসায়ৰ ডাঙৰ ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠান- “ইণ্টাৰকণ্টিনেণ্টেল”, “ৰেডিচন”, “দ্যা পার্ক” আদিৰ লগত জড়িত হৈ পৰিল যদিও পুৱা ৯ বজাৰ পৰা ৫ বজালৈকে একে কাম কৰি বিতুষ্ট হৈ পৰিল সীমা।

বিৰক্ত হৈ সীমাই চাকৰি এৰি দিলে আৰু চুলি আৰু চালৰ যতন লোৱাৰ ট্ৰেইনিং গ্ৰহণ কৰি Care Wellness Ltd.ৰ পৰা স্পা কনচালেটণ্ট ছার্টিফিকেট লাভ কৰে। কিন্তু সেই সময়তে তেওঁৰ মাতৃৰ বিয়োগ হয় আৰু ঠিক এবছৰৰ ভিতৰত পিতৃৰো বিয়োগ ঘটে। সীমাৰ মাকৰ চেলুনখন তেওঁৰ মৃত্যুৰ পিছত বন্ধ কৰি দিব লগা হয়।

মাতৃৰ মৃত্যুৰ পিছত সীমাই “প্ৰভাদ’ স্পা প্ৰাইভেট লিমিটেড” নামৰ স্পা কম্পেনী আৰম্ভ কৰে। ঠিক এবছৰৰ ভিতৰত সীমাই তেওঁৰ গ্ৰাহকসকলক তেওঁলোকৰ নিজৰ সময়ত, নিজৰ ঠাইত স্পা আৰু চেলুনৰ সুবিধা দিবৰ বাবে আৰম্ভ কৰে ন’মাডিক স্পালুন। সীমাই জনোৱা মতে ন’মাডিক স্পালুনে মাহে প্ৰায় ২৫০ জন গ্ৰাহকক সেৱা আগবঢ়ায়।

জ্যেষ্ঠজনৰ বাবে বিশেষ সুবিধা

জ্যেষ্ঠসকলক বিশেষ সুবিধা প্ৰদান কৰিব পাৰি সীমা যথেষ্ট গৌৰৱান্বিত। স্পা-চেলুনে প্ৰদান কৰা সকলো সা-সুবিধা থকাৰ উপৰিও ন’মাডিকে শয্যাগত বৃদ্ধাসকলৰ চুলি ধুৱাই দিয়া আৰু নখ কাটি দিয়াৰ ব্যৱস্থাও ৰাখিছে। সীমাই কয়, "আমি ডাঙৰ/বয়স্ক গছত সৌন্দর্য় বিচাৰি পাওঁ, কিন্তু এগৰাকী বয়স্কৰ মাজত একো নাপাওঁ। আমি নিজে ডাঙৰ হোৱাত গুৰুত্ব দিওঁ কিন্তু তেওঁলোক যে লাহে লাহে বৃদ্ধ হৈ গৈ আছে পাহৰি যাওঁ।"

মুখ, চুলি, নখৰ যত্ন লোৱাৰ উপৰিও মূৰ আৰু পিঠি বিষৰ বিশেষ মালিচ দিয়াৰ ব্যৱস্থাও আছে, ঘৰত থকা বৃদ্ধা সকলৰ উপৰিও বৃদ্ধাশ্ৰমত থকা বৃদ্ধা সকলৰো যত্ন লোৱা হয় বুলি সীমাই জানিবলৈ দিয়ে।

Team/নমাডিকেল চেলুন- দল

বর্তমান সময়ত ন’মাডিক স্পালুনৰ সাতগৰাকী স্থায়ী আৰু চাৰিগৰাকী অস্থায়ী বিশেষজ্ঞা কর্মৰত। ন’মাডিক এক NGOৰ লগতে সংযোজিত হৈ আছে যিয়ে স্পা আৰু চেলুনৰ সুশ্ৰুষাৰ শিক্ষা থকা যুৱতীসকলক কর্মসংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে। তেওঁলোকক পৰৱর্তী সময়ত আৰু উন্নত ট্ৰেইনিং দিয়াৰ উপিৰও অভিজ্ঞতা বৃদ্ধিৰ বাবে অভিজ্ঞ প্ৰশিক্ষকৰ লগত গ্ৰাহকৰ ওচৰলৈ গৈ কাম কৰা আৰু চোৱাৰ সুবিধা প্ৰদান কৰে।

সীমাই আজিৰ মহিলাসকলৰ সমস্যা ভালদৰেই বুজি পায় আৰু সেয়ে তেওঁৰ সংস্থানৰ লগত জড়িত যুৱতীসকলৰ সুৰক্ষাৰ প্ৰতিও বিশেষ দৃষ্টি ৰাখে। যুৱতীসকলক গ্ৰাহকৰ ঘৰলৈ অনা-নিয়াৰ ব্যৱস্থা কৰাৰ উপৰিও গাড়ীচালক সকল যাতে শিক্ষিত আৰু ভদ্ৰ হয় এই কথাতো গুৰুত্ব দিয়ে।

সীমাই নিজৰ এই ব্যৱসায়ৰ পৰিধি সমগ্ৰ দিল্লী অঞ্চল সামৰিব পৰাকৈ বৃদ্ধি কৰিব বিচাৰে। সীমাই দিনৰ ভাগত কার্য়ক্ষম হোৱাকৈ NCRত এখন অত্যাধুনিক বিলাসী স্পা খুলিব বিচাৰে এখন Balinese স্পা ফার্মৰ সৈতে। সকলো ঠিক থাকিলে ২০১৫ চনৰ নৱেম্বৰ মাহৰ পৰাই এই স্পা কার্য়ক্ষম হৈ উঠিব। সীমাই ন’মাডিক স্পালুনৰ জড়িয়তে বিভিন্ন হাস্পতালত থকা ৰোগীসকলকো সহায় কৰিব বিচাৰে। সৌন্দর্য়্য আৰু সু-স্বাস্থ্যৰ ব্যৱসায়ৰ জগতখনত অসুস্থ আৰু বৃদ্ধ সকলক সেৱা আগবঢ়াই এক সুকীয়া স্থান দখল কৰিব বিচাৰে সীমা নন্দাই।