শিল্পী শিৱানী কাশ্যপৰ যাত্ৰাত সফলতা আৰু ব্যর্থতাই সাৰথি

শিল্পী শিৱানী কাশ্যপৰ যাত্ৰাত সফলতা আৰু ব্যর্থতাই সাৰথি

Friday January 08, 2016,

6 min Read

তেওঁ মুকলি মনৰ এগৰাকী উদাৰ মহিলা৷ যিকোনো পৰিস্থিতিতে তেওঁ সকলোৰে আগত মনৰ কথাবোৰ খোলাখুলিকৈ প্ৰকাশ কৰিব পাৰে৷ তাৰোপৰি সকলো ধৰণৰ বান্ধোনৰ পৰাওঁ তেওঁ মুক্ত৷ নিজকে মূলতঃ এগৰাকী চুফী বুলিয়েই তেওঁ চিনাকী দি ভালপায়৷ …মই গায়িকা শিৱানী কাশ্যপৰ কথা কৈছো - যিয়ে আকাশৱাণীৰ এফ. এম. ত এটা জিংগলেৰে নিজৰ কর্মজীৱন আৰম্ভ কৰিছিল৷ এদিন প্ৰায় এঘণ্টা শিৱানীৰ সৈতে কটোৱাৰ পিছত মই তেওঁৰ আত্মবিশ্বাস আৰু অনুপ্ৰেৰণাৰ উমান পাইছিলো৷

আৰু এতিয়া আপোনালোকৰ আগত শিৱানীৰ কথা বৰ্ণনা কৰিবলৈ লোৱা মূহুর্তত তেওঁৰ গানৰ কলি এটা মোৰ কাণত অহৰহ বাজিব ধৰিছে…

image


মই এগৰাকী মহিলা

…এজনী ছোৱালী

এয়াই মোৰ কাহিনী…

এটা ব্ৰেণ্ডৰ নির্মাণ প্ৰক্ৰিয়া…

ভাৰতত পপ সঙ্গীতৰ ধাৰাটোৱে প্ৰবেশ কৰা সময়তে শিৱানীয়ে পেছাদাৰীভাৱে গান গোৱা আৰম্ভ কৰিছিল৷ সেই সময়তে “চাজনা আ ভি যা…” শীর্ষক গীতটোৰেই তেওঁ প্ৰসিদ্ধি লাভ কৰিছিল৷ তাৰপিছত সময়ৰ সোঁতত সঙ্গীতৰ জগতখনত অহা পৰিবর্তনবোৰৰ লগত তাল মিলাই শিৱানীও আগবাঢ়ি যাব ধৰিলে৷ নিজৰ ওপৰত থকা বিশ্বাস আৰু সময়ে সময়ে সঙ্গীতৰ জগতখনে আনি দিয়া বিভিন্ন সুযোগ-সুবিধাবোৰ গ্ৰহণ কৰিব পৰা গুণেই শিৱানীক আজিলৈকে এই সঙ্গীতৰ ক্ষেত্ৰখনত প্ৰাসংগিক কৰি ৰাখিছে৷

শিৱানীৰ নিজৰ ভাষাত, “মই পৰনির্ভৰশীল নহয়, মোৰ গান আৰু সঙ্গীত মই নিজেই সৃষ্টি কৰোঁ৷ মনৰ দৃঢ়তা, স্পৃহা আৰু গভীৰ অনুৰাগৰ বলতেই মানুহ কৃতকার্য হ’ব পাৰে বুলি মই ভাৱোঁ”৷

ইতিমধ্যে জীৱনৰ ৩৬ টা বসন্ত গৰকি অহা শীৱানীৰ মতে – সপোন দেখিলেহে সেই সপোনৰ পিছ লৈ জীৱনটো উদ্যাপন কৰাৰ লগতে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰি৷

জীৱনৰ বার্তা বহন কৰা সঙ্গীত

শিৱানীয়ে সঙ্গীতক সমাজ সংস্কাৰৰ আহিলা হিচাপে গ্ৰহণ কৰিছে৷ সেইকাৰণেই মনে বিচৰা কথাটো উন্মূক্ত মনে, মুক্ত কণ্ঠে তেওঁ পৃথিৱীয়ে শুনাকৈ কোৱাৰ সাহস ৰাখে৷

শিৱানীয়ে কয় “মোৰ গানৰ মাধ্যমেৰে মানুহৰ মাজত প্ৰভাৱ বিস্তাৰ কৰি তেওঁলোকক নিজৰ অধিকাৰ আৰু কর্তৃত্ব প্ৰদান কৰিব পাৰিলেহে মই সন্তুষ্ট হওঁ”৷ নিজৰ গানত তেওঁ ইতিমধ্যে বহু বিষয় সামৰি লৈছে৷ স্তনৰ কেঞ্চাৰ, মহিলা সৱলীকৰণ, মদ্যপান কৰি গাড়ী চলোৱাৰ অপকাৰিতা, সন্ত্ৰাসবাদ আদি বহু বিষয় সামৰি শিৱানীৰ গানে বিস্তৃতি লাভ কৰিছে৷ লগতে আমাৰ সৈতে হোৱা বার্তালাপত শিৱানীয়ে ইয়াকো ক’লে যে বহু সময়ত শ্ৰোতা-দর্শকে নীতি শিক্ষা মূলক কথা-বতৰা বোৰ সমূলি ভাল নাপায় আৰু মূলতঃ সেইবাবেই তেওঁ নিজৰ গভীৰ বিষয়বস্তুৰ গানবোৰো সৰলীকৃত ৰূপত গোৱাৰ চেষ্টা কৰে৷

এক উন্মূক্ত সত্তা

image


শিৱানীৰ মতে প্ৰতিগৰাকী শিল্পী আৰু কলাকূশলীৰে এক গভীৰ অন্তর্মূখী দৃষ্টি থকা খুবেই প্ৰয়োজন৷

নিজৰ গায়নৰ বিষয়ে কওঁতে তেওঁ উল্লেখ কৰিলে যে বস্তুতঃ লোক সঙ্গীতকে সাৰথি কৰি তাৰ সৈতে অন্তৰৰ গভীৰ অনুভূতিৰ সংমিশ্ৰণ ঘটাই এক নিজস্ব শৈলীৰ সৃষ্টি কৰিবলৈ তেওঁ চেষ্টা কৰিছে৷ লগতে তেওঁ অনুভৱ কৰে যে চুফী সঙ্গীতৰ ধাৰাটোৰ বহুল প্ৰয়োগে ইয়াক বহু পৰিমানে হেয় কৰি তুলিছে৷ চুফীবাদৰ সম্পর্কত তেওঁ ক’লে যে দৈৱিক শক্তিত বিশ্বাস ৰাখি বিশ্ব চৰাচৰৰ মাজত নিজকে বিলীন কৰি দিব নোৱৰাজনে চুফীবাদ কি সেয়া অনুভৱ কৰিব নোৱাৰে৷

লগতে তেওঁ ইয়াকো ক’লে যে কেৱল ‘লাইভ পাৰফৰমেঞ্চ’ৰ প্ৰতি থকা ধাউতীয়েহে শিৱানীক গান গাই যাবলৈ প্ৰেৰণা যোগায়৷ দেশে-বিদেশে ভ্ৰমি ফুৰি অনুষ্ঠান পৰিবেষন কৰিবলৈ শিৱানীয়ে ভাল পায়৷ শেহতীয়াকৈ তেওঁ ‘গায়েনা’ত এক বৃহৎ সংখ্যক দর্শকৰ উপস্থিতিত অনুষ্ঠান পৰিবেশন কৰি দেশলৈ উভতি আহিছে৷ তেওঁৰ মতে শাৰীৰিক আৰু মানসিক ভাৱে সজীৱ হৈ নাথাকিলে এইদৰে ইঠাইৰ পৰা সিঠাইলৈ ভ্ৰমি ফুৰি অনিষ্ঠান পৰিবেশন কৰাটো সহজ কথা নহয়৷

জ্ঞান আহৰণ এটা জীৱন যোৰা প্ৰক্ৰিয়া

এতিয়াওঁ শিৱানীয়ে পুৱা-গধুলি নিতৌ সঙ্গীতৰ অনুশীলন কৰে৷ সেই কোনোবাটো যুগতে তেওঁ ‘দিল্লী স্কুল অৱ মিউজিক’ত কণ্ঠশিল্পী হিচাপে পশ্চিমীয়া শাস্ত্ৰীয় সঙ্গীতৰ শিক্ষা গ্ৰহণ কৰিছিল৷দিল্লীৰে আন এঠাইত তেওঁ পিয়ানোৰ শিক্ষা লোৱাৰ লগতে নিজৰ চেষ্টাত গীটাৰখনো বজাবলৈ শিকিছিল৷ আনহাতে তেওঁ কন্ঠশিল্পত ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ শিক্ষা পণ্ডিত পি. আৰ. ৱার্মাৰ পৰা সেই শৈশৱৰে পৰা আজিলৈকে গ্ৰহণ কৰিয়েই আছে৷

বন্ধ দুৱাৰ খুলি নিজকে প্ৰসাৰিত কৰাৰ বাটত প্ৰথমটো খোজ

সেনা-বাহিনীত কাম কৰা লোকৰ জীয়ৰী হিচাপে শিৱানীয়ে সৰুৰে পৰা এক ৰুটিন মাফিক বান্ধোনৰ মাজেৰে জীৱনটোক আগবঢ়াই নিবলৈ বাধ্য হৈছিল৷ দিল্লীত শৈশৱ আৰু কৈশোৰ অতিবাহিত কৰা শিৱানীয়ে লেডি শ্ৰীৰাম কলেজৰ পৰা সাহিত্যত স্নাতক ডিগ্ৰী আাহৰণ কৰাৰ পিছত স্বাধীনচিতীয়াকৈ জীৱনটোক আগবঢ়াই নিব খোজোতেই ঘৰৰ পৰা প্ৰথমটো প্ৰত্যাহ্বানৰ সন্মূখীন হৈছিল৷ শিৱানীয়ে ক’লে যে তেতিয়া মুক্ত ভাৱে নিজকে প্ৰকাশ কৰাটোৱেই আছিল তেওঁৰ একমাত্ৰ উদ্দেশ্য৷ স্নাতক হোৱাৰ পিছতে তেওঁৰ ঘৰৰ পৰা আঁতৰি নিজাববীয়াকৈ এটা ফ্লেট লোৱাৰ লগতে গাড়ী এখনো কিনি কেইদিনমানৰ ভিতৰতে গাড়ীখন চলাবলৈয়ো শিকি পেলালে আৰু লগে লগেই অনুভৱ কৰিলে যে চেষ্টা কৰিলে তেওঁ বহুত কিবা কিবি কৰিব পাৰিব৷

image


সফলতা আৰু ব্যর্থতা

শিৱানীৰ নিজৰ ভাষাত, “যিমানে বয়স বাঢ়ি যায় সিমানে প্ৰত্যাহ্বানবোৰো বাঢ়ি যায়৷ নৱাগত শিল্পী এজনৰ পৰা দর্শকে বৰ বেছি একো আশা নকৰে কিন্তু এবাৰ সফলতা পোৱাৰ পিছত শিল্পী এজনৰ পৰা মানুহে বহু কিবা কিবি আশা কৰিব ধৰে৷

সমালোচনাৰ উত্তৰ দিবলৈ গৈ শিৱানীয়ে ক’লে যে এবাৰৰ ব্যর্থতাৰ বাবেই শিল্পী এজনক কোনেও নস্যাৎ কৰি দিয়াটো উচিত নহয়৷ বহু সময়ত ভাল সৃষ্টি এটায়ো প্ৰয়োজনীয় প্ৰচাৰ আৰু বিপণনৰ অভাৱতো ৰাইজৰ দৃষ্টি আকর্ষণ কৰাত ব্যর্থ হয়৷ খিলে খিলে… শীর্ষক এসময়ত নিজৰ এটা ব্যৱসায়ীক ভাৱে অসফল গীত শেহতীয়াকৈ লাইভ পাৰফৰমেঞ্চ সমূহত গাওঁতে দর্শকে আদৰি লোৱা কথাটোও তেওঁ এই প্ৰসঙ্গতে দোহাৰে৷

শিৱানীৰ নিজৰ মতে তেওঁৰ তিনি ভাগৰ এভাগ গানহে ব্যৱসায়ীক ভাৱে সফল হৈছে৷

চিনেমা এখনত নিজৰ গীত এটা অন্তর্ভূক্ত হোৱাৰ সকলো বন্দবস্ত হৈ যোৱাৰ পিছতো কেনেকৈ শেষ মূহুর্তত গীতটো চিনেমাখনৰ পৰা বাদ পৰিছিল সেই ঘটনাটো মনত পেলাই তেওঁ জনালে সেই সেই সময়ত কেইদিনমানলৈ তেওঁ একেবাৰে ভাগি পৰিছিল৷ একমাত্ৰ নিজৰ অক্লান্ত মনোভাৱৰ কাৰণেই সেই হতাশাক অতিক্ৰমি তেওঁ আগবাঢ়ি যাব পাৰিছিল বুলি শিৱানীয়ে ভাবে৷ তেওঁৰ মতে সফলতা আৰু ব্যর্থতা এই দুয়োটাকে একে ধৰণেৰে গ্ৰহণ কৰি জীৱনত আগবাঢ়ি যাব খোজা জনেহে সুখী হ’ব পাৰে আৰু সেই কাৰণেই তেওঁ পৰিপূর্ণ গিলাছ এটাৰ তুলনাত অর্ধাংশ পূৰণ হৈ থকা গিলাছ এটাকহে বেছি অগ্ৰাধিকাৰ দিয়ে৷

এধানি আশ্ৰয়ৰ সন্ধান

শিৱানীয়ে ক’লে যে জীৱনৰ প্ৰতি মূহুর্ততে তেওঁ আগবাঢ়ি যোৱাত মাক, ককায়েক আৰু গিৰিয়েকে সহায় কৰিছে৷ সঙ্গীতৰ ক্ষেত্ৰখনত মাক আৰু ককায়েকেই তেওঁৰ আটাইতকৈ ডাঙৰ সমালোচক হোৱা হেতুকেই আজি তেওঁ ইমানখিনি বাট অতিক্ৰম কৰি আহিব পাৰিছে বুলি শিৱানীয়ে ভাৱে৷ কাৰণ তেওঁলোকৰ গঠনমূলক সমালোচনাই নিজকে শুধৰাই লোৱাত তেওঁক সহায় কৰিছিল৷

আনহাতে স্বামী, অভিনেতা ৰাজীৱ ৰুদাৰ প্ৰসঙ্গত তেওঁ ক’লে যে একমাত্ৰ তেওঁহে শিৱানীক নিজৰ সঙ্গীতৰ গুণাগুণ সম্পর্কে সঠিকভাৱে অনুধাৱন কৰিবলৈ শিকাইছে৷

শিৱানীয়ে কয়, 'অকল ৰাজীৱৰ কাৰণেই আাজি মই কাম এটাৰ গুণাগুণ আগতীয়াকৈ পৰীক্ষা কৰি কামটো কৰিম নে নকৰিম সেইটো সিদ্ধান্ত ল’ব পৰা হৈছো৷'

ব্যৱসায় আৰু সৃজনশীলতা

শিল্পী সকলৰ ব্যৱসায়িক জ্ঞান নথকাৰ বাবেই বহুসময়ত তেওঁলোক বঞ্চিত হ’বলগা হয়৷ শিৱানীৰ মতে ভাৰতবর্ষত সঙ্গীতৰ ক্ষেত্ৰত ভাল মেনেজাৰৰ অভাৱটো তেওঁৰ দৰে শিল্পী সকলৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিছে৷ আজিকালি এনেকুৱা এজন ব্যৱসায় বিশেষজ্ঞৰ প্ৰয়োজন যিয়ে নেকি কোনো শিল্পীৰ সঙ্গীতখিনি বুজি পায়, অনুভৱ কৰে আৰু সেইমতে তাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে বিপণনৰ ব্যৱস্থা কৰিব পাৰে৷ এনে হ’লে শিল্পীজনৰ শৈলী, পৰিচিতি, সৃষ্টিৰ গুণাগুণ অনুযায়ী নিজৰ সৃষ্টিৰাজীৰ উচিত মূল্য শিল্পীগৰাকীয়ে লাভ কৰিব পাৰিব বুলি শিৱানীয়ে পৰামর্শ আগবঢ়ায়৷

সততাৰে নিজৰ মূখামূখী হোৱা

উঠি অহা সঙ্গীত শিল্পীসকলক উদ্দেশী শিৱানীয়ে কয় যে প্ৰথম অৱস্থাতে বিখ্যাত হ’বলৈ চেষ্টা কৰাতকৈ বাৰে বাৰে অনুশীলন কৰি নিজৰ শিল্পক ক্ৰমে উচ্চ স্তৰলৈ নিবলৈ সকলোৱে চেষ্টা কৰা উচিত৷ লগতে তেওঁ ইয়াকো কয় যে কোনো প্ৰতিষ্ঠিত শিল্পীক নকল কৰিবলৈ চেষ্টা কৰাতকৈ নিজৰ সৱলতা খিনিক সাৰথি কৰিহে সকলোৱে আগবঢ়া উচিত৷


মূল কাহিনী – তনৱি ডুৱে

অসমীয়া অনুবাদ – মণি ভট্টাচার্য্য