গ্ৰেণেড বিস্ফোৰণত অংগক্ষত হৈয়ো আজি প্ৰেৰণাৰ অন্য নাম মালবিকা আয়াৰ

1

২০০২ চনৰ ২৬ মে’। এই দিনটো আজিও ভালদৰে মনত আছে মালবিকা আয়াৰৰ, যেন কালিৰহে কথা। মালবিকা তেতিয়া নৱম শ্ৰেণীৰ ছাত্ৰী। তেতিয়া বিদ্যালয়ৰ গৰমৰ বন্ধ। সেই দেওবাৰৰ দিনটোত মালবিকাহঁতৰ ঘৰলৈ আলহী আহিছিল। দেউতাকে ড্ৰাইনিং ৰুমত আলহীৰ সৈতে কথা পাতি আছিল। বায়েক ব্যস্ত পাকঘৰত চাহ বনোৱাত। মাকে কুলাৰত পানী ভৰাই আছিল। সেইদিনা মালবিকাই পিন্ধি আছিল এটা জিন্স পেন্ট। পিছে পেন্টটোৰ এটা জেপ বাহিৰলৈ ওলাই ওলমি আছিল। মালবিকাই ভাবিলে ফেবিকল লগাই জেপটো আঠা দি দিয়াৰ কথা যাতে বাহিৰত ওলাই ওলমি নাথাকে। লগে লগে ঘৰৰ গেৰেজলৈ গৈ মালবিকা ফেবিকলৰ বটল খুলিবলৈ লাগিল।

মালবিকাই জনা নাছিল যে কিছু সময় পূৰ্বে কলনীটোত থকা গোলা-বাৰুদৰ ডিপো এটাত জুই লাগিছিল। সেয়া আছিল বিকানেৰৰ আয়াৰ পৰিয়ালৰ বসতি স্থান। গোলা বাৰুদৰ ডিপোত জুই লগাৰ ফলত বাৰুদৰ টুকুৰা ওচৰে পাজৰে সিঁচৰতি হৈ পৰিছিল। মালবিকাই ফেবিকল লগাবলৈ গেৰেজলৈ গৈ তাত আচৰিত ধৰণৰ কিবা এটা পালে, যিটো দেখাত কোনোকাৰণতে ক্ষতিকাৰক যেন লগা নাছিল। বস্তুটো লৈ মালবিকা বেডৰূম পালেগৈ। মালবিকাই ভুলতো ভবা নাছিল যে তাই আটোম-টোকাৰীকৈ আনি বেডৰূম সুমুওৱা বস্তুটো এটা গ্ৰেনেড। সময় তেতিয়া ১বাজি ১৫ মিনিট। এটা বিস্ফোৰণে কপাঁই গ’ল মালবিকাৰ বেডৰূম। বিস্ফোৰণত ঘড়ীটো বন্ধ হৈ গৈছিল বাবে আজিও বিস্ফোৰণৰ সময়টো মনত আছে মালবিকাৰ।

বিস্ফোৰণৰ শব্দ শুনি ঘৰৰ মানুহে ভাবিছিল মালবিকাৰ ৰুমত থকা টিভিৰ পৰা অহা শব্দ সেয়া। স্বাভাবিক কথাই আছিল, কাৰণ কোনেও কল্পনাও কৰিব পৰা নাছিল যে সৰু ছোৱালী এজনীৰ কোঠাত বোমা ফুটিব পাৰে। বিস্ফোৰণৰ পিছৰ মালবিকাৰ শৰীৰৰ স্নায়ুতন্ত্ৰ অচল হৈ পৰিছিল। সেই বাবে মালবিকাৰ আঘাত অনুভৱ হোৱা নাছিল। কিন্তু মাক মালবিকাৰ কোঠালৈ আহি তাইৰ অৱস্থাটো দেথি চিঞৰি উঠিল-“মোৰ ছোৱালী জনীৰ হাতটো জ্বলি গ’ল ঔ”। তাৰ পিছতে মালবিকাৰ দেউতাকে বন্ধু এজনৰ সৈতে ডাঙি গাড়ীৰে চিকিৎসালয়লৈ লৈ গ’ল। মালবিকা তেতিয়া তেজেৰে ৰাঙলী হৈ পৰিছিল। তাইৰ অৱস্থাটো দেখি সকলোৱে ভয় খাইছিল। মালবিকাৰ এখন ভৰি ওলমি পৰিছিল, এজন খুড়াকে ৰুমালেৰে বান্ধি ধৰি আহিছিল মালবিকাৰ ওলমি পৰা ভৰিখন।

একেৰাহে চাৰি দিন মালবিকাৰ চিকিৎসা চলি থাকিল যদিও ভৰিত সংক্ৰমণৰ আশংকা বাঢ়ি গৈ থাকিল। ইপিনে গ্ৰেণেডৰ সৰু সৰু টুকুৰা ভৰিত সোমাই যোৱাৰ ফলত গোটেই ভৰিতে ঘাঁ হ’ল। যাৰ ফলত ভৰিটো মুকলিকৈ ৰাখি চিকিৎসকে যথেষ্ট সাৱধানেৰে চিকিৎসা কৰিব লগীয়াত পৰিল। প্ৰায় তিনিমাহ ভৰিটো খোলাকৈ ৰাখি প্ৰতিদিনে পৰিস্কাৰ কৰি চিকিৎসা চলি থাকিল। মালবিকাৰ মতে এই ঘটনাটোৰ পূৰ্বে তাইৰ শিশুকালটো স্বৰ্গৰ পৃথিৱীতকৈ কোনোগুণে কম নাছিল। সেই দিনবোৰত মালবিকা আছিল টমবয়। কলনীৰ ল’ৰা ছোৱালীবোৰৰ লীডাৰ আছিল মালবিকা। সংগীত, নৃত্য আৰু খেলত পাৰ্গত আছিল। সাত বছৰ ধৰি কথকৰ প্ৰশিক্ষণো লৈছিল মালবিকাই। ইয়াৰ উপৰিও ‘ৰ'লাৰ স্কেট’ৰ প্ৰতিও খুবেই দুৰ্বলতা আছিল মালবিকাৰ। এবাৰ কোনোবাই এযোৰ ‘ৰ'লাৰ স্কেট’ উপহাৰ দিয়াত ২৪ ঘন্টাই খোলা নাছিল, ক’ৰবালৈ যাবলৈ হ’লেও পিন্ধিহে গৈছিল।

মালবিকাই এনেবোৰ স্মৃতিৰেই অস্ত্ৰোপচাৰৰ পিছত ১৮ মাহ কটালে। অস্ত্ৰোপচাৰ আৰু থেৰাপীৰ সময়চোৱাত খুবেই কষ্ট পালে মালবিকাই। কিন্তু চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভটাৰ পিছত বৰ অকলসৰীয়া অনুভৱ কৰিলে মালবিকাই। কাৰণ তাইৰ সকলো লগৰীয়া তেতিয়া ব'ৰ্ড এক্জামৰ বাবে ব্যস্ত। ব্যস্ত জীৱনত আগবাঢ়ি যোৱাৰ পৰিকল্পনাত। ইয়াৰ পৰিবৰ্তে মালবিকা সন্দিহান ভবিষ্যতক লৈ। তাই নাজানে তাই এতিয়া কৰিব কি? ঘটনাটোৰ পিছত মালবিকা বিদ্যালয়লৈ যাব পৰা অৱস্থাত নাছিল, ঘৰৰ মানুহেও ভবা নাছিল যে তাই আকৌ আগৰ দৰে চলা ফিৰা কৰিব পৰা হ’ব। কিন্তু জীৱনক অন্য দৃষ্টিৰে চোৱা মালবিকাই তেনে অৱস্থাতো আন মানুহৰ দৰেই জীৱনত আগবাঢ়ি যাব বিচাৰিছিল। সেই বাবেই তাই সিদ্ধান্ত ল’লে আগন্তুক ব'ৰ্ডৰ পৰীক্ষা খুউব ভালকৈ দিব।

দূৰ্ঘটনাটো হোৱাৰ পিছত নৱম আৰু দশম দুয়োটা পাঠ্যক্ৰমেৰে হোৱা ব'ৰ্ডৰ পৰীক্ষাৰ বাবে পঢ়া একেবাৰে হোৱা নাছিল, পৰীক্ষালৈ মাজত মাথো তিনি মাহ। ইপিনে সৰহ ভাগ সময় বিছনাত কটাবলৈ বাধ্য মালবিকা। মালবিকা আছিল এগৰাকী মধ্যমীয়া ছাত্ৰী। দুৰ্ঘটনাৰ পূৰ্বে পঢ়া শুনাতকৈ অন্য দুষ্টামিতহে মন আছিল মালবিকাৰ। কিন্তু এতিয়া মালবিকাৰ জীৱন সলনি হ’ল, সেইবাবেই তাই জীৱনৰ ওচৰত নিজক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ মন বান্ধিলে। ব'ৰ্ডৰ পৰীক্ষাৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰি পৰীক্ষাৰ বাবে মনপুতি পঢ়িবলৈ ধৰিলে। স্থানীয় কোছিং চেন্টাৰ এটাৰো সহায় ল’লে। এই সময় চোৱাতে কোছিং চেন্টাৰলৈ অনা নিয়াৰ দ্বায়িত্ব ল’লে মালবিকাৰ মাকে। তিনিমাহৰ যত্নৰ অন্তত পৰীক্ষা দিয়াৰ সময় আহি পৰিল। লিখাৰ অসুবিধাৰ বাবে গণিত, বিজ্ঞানৰ দৰে বিষয়ো মালবিকাই শ্ৰুতলিপি দিয়েই পৰীক্ষা দিব লগীয়া হ’ল। কিন্তু পৰীক্ষা দিয়াৰ অন্তত মালবিকা নিশ্চিত হ’ল যে তাই ভাল ফলাফল দেখুৱাই পৰীক্ষাত উত্তীৰ্ণ হ’ব।

এসময়ত মালবিকাৰ লগতে ঘৰৰ সকলোৱে অপেক্ষা কৰি থকা ফলাফল ঘোষণাৰ দিনটোও পালেহি। সেই দিনটোৱে সলাই পেলালে মালবিকাৰ জীৱন, কাৰণ মালবিকাই মুঠ ৫০০ নম্বৰৰ পৰীক্ষাত ৪৮৩ নম্বৰ পাই উত্তীৰ্ণ হ’ল ব'ৰ্ডৰ পৰীক্ষাত। ইমানেই নহয়, গণিত আৰু বিজ্ঞানত মালবিকাই সম্পূৰ্ণ ১০০ নম্বৰ পোৱাৰ লগতে হিন্দী বিষয়ত ১০০ ৰ ভিতৰত ৯৭ নম্বৰ পাই ৰাজ্য খনৰ ভিতৰতে প্ৰথম হ’ল মালবিকা। ইয়াৰ পিছতে সকলোৰে দৃষ্টি পৰিল মালবিকালৈ। বিস্ফোৰণত গুৰুতৰ ভাবে আঘাত পাই বিকলাংগ হোৱা মালবিকাই গণিত আৰু বিজ্ঞানৰ দৰে বিষয়তো ইমান ভাল ফলাফল দেখুওৱা দেখি সকলোৰে উৎসুকতা বৃদ্ধি পালে মালবিকাৰ প্ৰতি। মালবিকাৰ অধ্যৱসায় দেখি সেই সময়ৰ ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামে সাক্ষাৎ কৰিবৰ বাবে মাতি পঠিয়ালে। মালবিকাৰ জীৱনৰ এক স্মৰণীয় মুহুৰ্ত আছিল সেই দিনটো। ইয়াৰ পিছত মালবিকাই উপলব্ধি কৰিলে যে তাইৰ জীৱনৰ বহু কথাই এতিয়াও সলনি হোৱা নাই। পুনৰ আগৰ দৰে মালবিকাই নিজকে সুন্দৰ কৰি কাপোৰ সলাই সলাই শৈক্ষিক প্ৰতিষ্ঠানলৈ অহা যোৱা আৰম্ভ কৰিলে।

এনে এটা দূৰ্ঘটনাৰ পিছত বহুতেই সাহস হেৰুৱাই পেলাব, কিন্তু মালবিকাই বিশ্বক দেখুৱাই দিলে বিকলাংগ হৈ পৰিলেও মালবিকা দূৰ্বল হৈ পৰা নাই, এতিয়াও বহু প্ৰতিভা আছে, সাহস আছে আগবাঢ়ি যোৱাৰ। ইয়াৰ পিছতো মালবিকাই পঢ়া শুনা চলাই গ’ল আৰু ছেন্ট ষ্টিফেন্স কলেজৰ পৰা ইক’নমিক্স বিভাগত স্নাতক ডিগ্ৰী ল’লে। যথেষ্ট আত্মবিশ্বাসী হৈ পৰিল মালবিকা। মালবিকাই দেখিলে দ্ৰুত গতিত সলনি হৈ গৈ আছে পৃথিৱী খন, সময়ত লগত তাল মিলাবলৈ মালবিকাই দিল্লীৰ স্কুল অৱ স্পেচিয়েল ৱৰ্কৰ পৰা ছ’চিয়েল ৱৰ্কত স্নাতকোত্তৰ ডিগ্ৰী ল’লে। তাৰ পিছৰে পৰা মালবিকাই ফিল্ড ৱৰ্কৰ লগতে বিকলাংগ ল’ৰা ছোৱালীক পঢ়ুৱাবলৈ ধৰিলে। মালবিকাই উপলব্ধি কৰিলে বিকলাংগ ল’ৰা ছোৱালীৰ মাজত থকা সাহস আৰু দৃঢ়তা।

মালবিকাই বিশ্বাস কৰে তাই লোৱা কেইটামান সিদ্ধান্তৰ ফলত আজি সমাজত নিজৰ এক স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছে। দুৰ্ঘটনাটোৰ পিছত বহু মানুহে তাইৰ বিষয়ে বিভিন্ন ধৰণৰ কথা কৈ ফুৰিছিল। ছোৱালীজনীক কোনে বিয়া পাতিব তাক লৈয়ো তেওঁলোকহে বেছি চিন্তিত হৈছিল! প্ৰথমে মালবিকাৰো মানুহবোৰৰ কথাবোৰ বিশ্বাস হৈছিল, কিন্তু পাছত তাইৰ নিজৰ ওপৰত বিশ্বাস ঘুৰি আহিল। লগে লগে পৰিবৰ্তন আহিল মালবিকাৰ জীৱনলৈ। এতিয়া মালবিকা পিএইছডি স্কলাৰ। আন্তৰাষ্ট্ৰীয় মতিভেশ্বনেল স্পীকাৰ। ইউটিউবত মালবিকাৰ ‘টেড টক্’ (TED TALK)ত দিয়া ভাষণ হাজাৰ হাজাৰ লোকে শুনিছে। সাজপাৰৰ প্ৰতি বিশেষ টান মালবিকাৰ। এতিয়া বিকলাংগ লোক সকলৰ বাবে সাজপাৰ প্ৰস্তুত কৰা ডিজাইনাৰ সকলৰ বাবে মডেল হিচাপে কাম কৰে মালবিকাই। মালবিকাই কয়, ৰেম্পত থাকোতে যেতিয়া স্পট লাইট তাইৰ ওপৰত পৰে, নিজকে বলীউডৰ কাহিনীৰ এটা অংশ যেন অনুভৱ হয়। হাইহিল পিন্ধিব নোৱাৰে বাবে নিজৰ বাবে বিশেষ ধৰণৰ চেণ্ডেল তৈয়াৰ কৰোৱাই লৈছে মালবিকাই।

মালবিকাই এটা ঘটনাৰ কথা মনত পেলাই আজিও হাঁহে। চেন্নাইৰ এখন বজাৰত ঘুৰি আছিল মালবিকা। গৰম পৰাৰ বাবে খুবেই ঘামিছিল মালবিকা। তেনে অৱস্থাত হঠাতে মালবিকাৰ কৃত্ৰিম হাতখন খুলি পৰিল। তাত থকা মানুহবোৰৰ প্ৰতিক্ৰিয়া তেতিয়া চাবলগীয়া হৈছিল। সকলোৱে ভয় খাইছিল, কিন্ত আনৰ প্ৰতিক্ৰিয়া দেখি হাঁহি উঠিছিল মালবিকাৰ। এবাৰ মালবিকাই নিজৰ ভৰিটোত কস্মেটিক ছাৰ্জাৰী কৰিব বিচাৰি চিকিৎসকৰ কাষ চাপিল। চিকিৎসকে ভৰিৰ অৱস্থা দেখি চলা ফিৰা কৰিব নোৱাৰা ভৰিটোৰ কস্মেটিক ছাৰ্জাৰী কৰিব নোৱাৰিব বুলি জনালে। তেতিয়া মালবিকাই চিকিৎসকক নিজেই খোজকাঢ়ি চিকিৎসালয়লৈ অহা বুলি বুজাব লগীয়া হৈছিল। প্ৰকৃততে মালবিকাৰ ভৰিৰ স্নায়ুৰ ৭০-৮০ শতাংশই নষ্ট হৈ গৈছিল। চিকিৎসকজনে মালবিকাক বুজালে যে অৱশিষ্ট স্নায়ুয়ে কাম কৰি আছে যেতিয়া আৰু চাপ দিব নালাগে।

মালবিকা ইমানখিনি আগবাঢ়ি য়োৱাৰ পিছতো বহু লোকে এতিয়াও মালবিকাক উপলদ্ধি কৰায় যে তাই বিকলাংগ। তেতিয়া তাই ষ্টুৱাৰ্ট হেমিল্টনৰ সেই কথাষাৰ মনত পেলায়- কোৰোৱাৰ জীৱনৰ বিকলাংগতা কেৱল বেয়া ব্যৱহাৰহে। মালবিকাই কয় তাই দেশৰ ৰাষ্ট্ৰপতি হলেও সেই মানুহবোৰে তাইক পুতৌৱেই কৰি যাব। কাৰণ সেয়া তেওঁলোকৰ স্বভাৱ। সেইবাবেই মানুহৰ প্ৰতিক্ৰিয়াৰ ওপৰত ধ্যান নিদি মালবিকাই ধ্যান দিয়ে নিজৰ ক্ষমতাত। আৰু আজি নিজৰ জীৱনটো সলনি কৰি দিয়াত সক্ষম হৈছে মালবিকা। মালবিকাই কয় সুযোগ সকলোৰে জীৱনলৈ আহে, সেই সুযোগ নেহেৰুৱাই সকলোৱে যুঁজ দি আগবাঢ়ি যাব পাৰে।

মূলঃ হৰিষ বিষ্ট

অনুবাদঃ মুকুন্দ মাধৱ নেওগ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

কোটিপতি ক্লাবত ফুটপাথৰ 'ৰাজা'

গাঁৱৰ অশিক্ষিত মহিলাৰেই চেতনা গালাই গঢ়ি তুলিলে এটা বেংক

আৱৰ্জনা বোটলা শিশুসকলক শিক্ষাদানত ব্ৰতী বাৰাণসীৰ এজন ব্যক্তি

দৰিদ্ৰ শ্ৰমিকৰ পৰা আমেৰিকান প্ৰযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী হোৱা এগৰাকী অসাধাৰণ নাৰীৰ অদম্য সাহসৰ কাহিনী