উদ্যোগশীলতাৰ যাত্ৰা পথৰ কাঁইট সমূহ

উদ্যোগশীলতাৰ যাত্ৰা পথৰ কাঁইট সমূহ

Monday May 09, 2016,

4 min Read

এয়া সকলোৱে জনা কথা যে যিসকল লোক উদ্যমিতাৰ ক্ষেত্ৰখনত আগবাঢ়ে, তেওঁলোকৰ বেছিভাগেই অলপ দূৰ গৈ হাৰ মানিবলগীয়া হয়, সফলতাৰ মুখ দেখে কেইজনমানেহে। আনহাতে, উদ্যোগী সকলৰ সফলতাৰ বিষয় যিদৰে চৰ্চা হয়, সেইদৰে তেওঁলোকে এই ক্ষেত্ৰখনত কৰিবলগীয়া কষ্ট, সংগ্ৰামৰ তল পৰি ৰয়।

সংবাদ মাধ্যম তথা অনলাইন ছ'ছিয়েল নেটৱৰ্কসমূহত সফল উদ্যোগীসমূহে যথেষ্ট প্ৰচাৰ লাভ কৰে। তেওঁলোক লাইম লাইটলৈ আহে। কিন্তু যিসকলে বিনিয়োগকাৰীয়ে পুঁজি বিনিয়োগ কৰে, তেওঁলোক বঞ্চিত হৈ ৰয়। তেওঁলোকৰ সফলতাক এনেকৈ ডাঙি ধৰা হয় যে, তেওঁলোকৰ বাবে জীৱনটো যেন একেবাৰে সহজ। পুঁজি বিনিয়োগ কৰাটো যেন একেবাৰে সহজ কাম। এই বিশ্বাস মানুহৰ মাজত আৰু দৃঢ় হয় কিয়নো বহু বিনিয়োগকাৰীয়ে পুঁজি বিনিয়োগ কৰা বহু প্ৰতিষ্ঠান দহ বছৰৰ ভিতৰত সফল প্ৰতিষ্ঠান হিচাপে মানুহৰ মাজত পৰিচিত হয়। 

এটা পৰ্যায়লৈকে সংবাদ মাধ্যমে বিনিয়োগকাৰীৰ সফলতাৰ বিষয়ে প্ৰচাৰ কৰিলেও তেওঁলোকৰ সংগ্ৰামৰ কথা আঁৰত থাকি যায়। কিন্তু সংগ্ৰামৰ বিষয়ে আলোচনা কৰাটোহে বেছি গুৰুত্বপূৰ্ণ, কিয়নো সংগ্ৰামেহে একোজন ব্যক্তিক সফল উদ্যোগী হিচাপে গঢ়ি তুলে।

image


TED ২০১৬ ত জো জেবিয়াই কৰা এষাৰ মন্তব্য মই শুনিছিলোঁ। এয়াৰ মেট্ৰেছ আৰু পুৱাৰ আহাৰৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকে অতিৰিক্ত ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। এই ধাৰণা প্ৰসাৰ কৰিবলৈ প্ৰথম তিনিজন গ্ৰাহকেই যথেষ্ট আছিল। আৰু এনেকৈয়ে জন্ম হৈছিল Airbnb।

তেওঁলোকৰ প্ৰথম পৰ্যায়ৰ সংগ্ৰাম আৰু আন স্বাধীনচিতীয়া প্ৰতিষ্ঠান সমূহৰ বিষয়ে সুন্দৰ বৰ্ণনা কৰা হৈছিল। কিন্তু ভাৰতীয় কম্পেনী সমূহৰ বিষয়ে এনে তথ্য খুব কম লাভ কৰা যায়।

Kstart ৰ আৰম্ভণিয়ে বিনিয়োগকাৰী সকলক একেখন মঞ্চলৈ অনাৰ লগতে তেওঁলোকৰ অভিজ্ঞতাৰ পৰা নতুন প্ৰজন্মৰ উদ্যোগী সকলে শিক্ষা লাভ কৰাৰ সুবিধা দিছে।

'Bangalore Boys' শীৰ্ষক এক আলোচনা চক্ৰত ম্যান্ত্ৰাৰ মুকেশ আম্বানি, ফ্ৰী চাৰ্জৰ কুনাল বনচল, অলাৰ ভাবিশ অগৰৱাল, ইনমবিৰ নবীন টীৱাৰীয়ে অংশগ্ৰহণ কৰিছিল। এই আলোচনাৰ আঁত ধৰিছিল ৱায়াৰ্ড মেগাজিনৰ ডেভিড ৰৱানে।

আলোচনাচক্ৰত আলোচিত কেইটামান গুৰুত্বপূৰ্ণ বিষয় আগবঢ়াব খুজিছোঁ-

বিসংগতিপূৰ্ণ ধাৰণা, ইয়াৰ পিছত আৰু কি?

Airbnb ৰ দৰে যদি এজন বিনিয়োগকাৰীয়ে বিসংগতিপূৰ্ণ ধাৰণাৰে কাম কৰে তেন্তে সংগ্ৰামে যোগাত্মক মাত্ৰা লোৱাটো স্বাভাৱিক। তেওঁলোকে কিছুমান তৰল মনৰ মানুহক তেওঁলোকৰ লগত কাম কৰিবলৈ বিচাৰে। প্ৰথম পৰ্যায়ৰ মানুহ খিনি অন্তত: প্ৰত্যাহ্বান গ্ৰহণ কৰা বিনিয়োগকাৰী জনৰ দৰে বিশ্বাসযোগ্য হোৱা উচিত। তেওঁলোকক ধাৰণাটো সম্পূৰ্ণৰূপে পতিয়ন নিয়াব লাগিব। তেওঁলোকে বিশ্বাস কৰিব পাৰিব লাগিব যে এটা বিসংগতিপূৰ্ণ সমস্যাৰ সমাধান উলিওৱাৰ প্ৰত্যাহ্বানৰো অৰ্থ আছে।

এটা গোটক একেলগ কৰি কাম কৰাৰ সমস্যাৰ বিষয়ে কুনাল শ্বাহে আকৰ্ষণীয় মন্তব্য কৰে। এজন দৰ্শনৰ স্নাতকে যদি এটা কাৰিকৰী ক্ষেত্ৰৰ ষ্টাৰ্ট আপত বিনিয়োগ কৰে তেন্তে সেই ষ্টাৰ্ট আপত যোগদান কৰিবলৈ মানুহৰ শংকা হ'ব। সম্ভাৱনাময় কৰ্মী সকলে বিনিয়োগকাৰীৰ ধাৰণাটোতকৈ তেওঁৰ চাৰ্টিফিকেটৰ ওপৰত বেছি গুৰুত্ব দিয়ে জানো?

মুকেশ বনচলে তেওঁৰ অভিজ্ঞতা সন্দৰ্ভত কয় যে এটা সময়ত কিছুমান কৰ্মচাৰীক লৈ তেৱোঁ প্ৰত্যাহ্বান ল'ব লগীয়া হৈছিল। কিয়নো কৰ্মচাৰী সকলে তেওঁলোকৰ আৰামৰ চাকৰি এৰি ষ্টাৰ্ট আপত যোগদান কৰিবলৈ ইচ্ছুক নাছিল।

প্ৰতিভাৰ সন্ধান

য'ত প্ৰতিভাৰ পৰিমাণ বেছি থাকে সমস্যাৰ সমাধানো তাতে থাকে। বহু ক্ষেত্ৰত এয়া বাস্তব নহ'ব পাৰে। ভাবিশ অগৰৱালৰ মতে যদি এজন বিনিয়োগকাৰী বহু বছৰ বিনিয়োগ কৰাৰ পিছত মুম্বাইৰ পৰা বাংগালুৰুলৈ স্থানান্তৰিত হয়, তেন্তে এই সিদ্ধান্তই কাম দিব পাৰে। তেওঁ কয় যে এজন উদ্যোগীয়ে প্ৰতিভাৰ সন্ধান কৰা উচিত আৰু এয়া নিশ্চিত হোৱা উচিত যে প্ৰতিভাই প্ৰতিভাৰ জন্ম দিয়ে। প্ৰথম পৰ্যায়ৰ মানুহখিনি ব্যতিক্ৰমী হোৱা প্ৰয়োজন। কিয়নো উদ্যোগীয় এজনেও তেওঁৰ প্ৰতিষ্ঠানটো ব্যতিক্ৰম হোৱাটো বিচাৰে।

প্ৰতিভা, প্ৰযুক্তি আৰু পুঁজি-এই তিনিটাক কিহে একেলগ কৰে

ষ্টাৰ্ট আপ এটাৰ আৰম্ভণিতে পুঁজি, প্ৰযুক্তি আৰু প্ৰতিভাক লৈ সমস্যাৰ সৃষ্টি হয়। এটা প্ৰতিষ্ঠানে এই সমস্যা সমূহক প্ৰত্যাহ্বান হিচাপে লৈ এক বৃহত্তৰ লক্ষৰ দিশে আগবাঢ়িব খোজিলে এনে কিবা এটা লাগিব যি প্ৰতিষ্ঠানটোক একত্ৰিত কৰি ৰাখিব।

আনহাতে, নবীন তিৱাৰীয়ে গঠনমূলক সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি প্ৰত্যাহ্বানৰ মুখামুখি হব পৰাকৈ মানৱ সম্পদ একত্ৰিত কৰিব পাৰে। নিজৰ সংগ্ৰামৰ বিষয়ে কবলৈ গৈ তেওঁ সৰ্বপ্ৰথমে নিজৰ অভিজ্ঞতাৰ বিষয়ে মন্তব্য কৰে -'মানুহক সদায় প্ৰথম গুৰুত্ব দিব লাগে। কিয়নো মানুহেই এনে সংস্কৃতিৰ সৃষ্টি কৰে যাৰ ফল সুফলদায়ক হয়।'

ডেভিডৰ বিকল্প গোলিয়াথ

বহু সময়ত যেতিয়া এটা ষ্টাৰ্ট আপ সফলতাৰ পথত আগবাঢ়ি যায়, একে ক্ষেত্ৰতে তেওঁলোক বহু শক্তিশালী প্ৰতিদ্বন্দীৰো সন্মুখীন হয়। ভাবিশে বৰ্ণনা কৰে কেনেকৈ ওলা কেবছে একে ক্ষেত্ৰত উবেৰৰ প্ৰতিদ্বন্দিতাৰ মুখামুখি হৈছিল। তেওঁ স্বীকাৰ কৰে যে এয়া শংকাজনক আছিল। প্ৰতিষ্ঠানটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বিনিয়োগকাৰীৰ প্ৰতিযোগিতাক গুৰুত্ব দিয়াৰ সলনি তেওঁ অদ্বিতীয় আঁচনি আৰু ব্যতিক্ৰমিতাক গুৰুত্ব দিছিল।

নবীনে তেওঁৰ মন্তব্যত কয় যে অতি কম সময়ৰ ভিতৰত তেওঁলোকে নতুন আঁচনি বিচাৰি উলিয়াইছি যিটোৰ প্ৰয়োজন আন ব্যৱসায়ৰ ক্ষেত্ৰতো হ'ব পাৰে। ভাৰতবৰ্ষৰ বাহিৰৰ প্ৰযুক্তিৰ বজাৰ খনত ইনমবিৰ প্ৰসাৰৰ বিষয়ে তেওঁ বৰ্ণনা কৰে।

কুনাল শ্বাহে ভাৰতীয় বজাৰখনৰ কথা আলোচনা কৰাৰ লগতে বিকশিত নোহোৱা সম্ভাৱনা সমূহৰ বিষয়ে আলোচনা কৰে। তেওঁ প্ৰতিযোগিতাক সামগ্ৰীৰ উন্নত মানেৰে জোখে। তেওঁ আৰু কয় যে, এজন উদ্যোগী একে সময়তে আশাবাদী হোৱাৰ লগতে নিৰাশাবাদীও হ'ব লাগিব।

ষ্টাৰ্ট আপৰ সফলতাৰ বিষয়ে আলোচনা কৰাটো যিদৰে প্ৰয়োজনীয়, তেওঁলোকৰ সংগ্ৰামৰ ইতিহাসো গুৰুত্বপূৰ্ণ। কিয়নো তেওঁলোকৰ মাজত ব্যৱসায়িক পাঠৰ বৃহৎ ভাণ্ডাৰ থাকে।

আহক কেৱল ৰঙীন পৰিসমাপ্তিৰ কথা আলোচনা কৰাৰ সলনি যাত্ৰা পথৰ কাঁইটৰ কথাও আমি আলোচনা কৰোঁ।


মূল: বাণী কলা

অনুবাদ: পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এসময়ত বালি, ইটা আৰু চিমেণ্টৰ কাম কৰা শ্ৰমিক এতিয়া ২০টাকৈ কোম্পানীৰ স্বত্ত্বাধিকাৰী

অগতানুগতিক ৰুচিৰ নিদানৰ বাবে গুৱাহাটীৰ 'নিদানা'

অৰ্ধশতিকা ধৰি ঘৰৰ ছাদতে এখন অৰণ্য প্ৰতিপালন কৰি আহিছে গুৱাহাটীৰ লাবু সেনাপতিয়ে

ভাৰতীয় মহিলাৰ সবলীকৰণৰ বাবে লোভনীয় চাকৰি ত্যাগ কৰা মহিলাগৰাকী