বিয়াৰ খৰচ কমাই কৃষকৰ পৰিয়াললৈ দান দিয়া এক দম্পতি

বিয়াৰ খৰচ কমাই কৃষকৰ পৰিয়াললৈ দান দিয়া এক দম্পতি

Thursday December 29, 2016,

2 min Read

অভয় দেৱাৰে আৰু প্ৰীতি কুম্ভাৰে বিবাহ বহুতৰে বাবে আছিল আশীৰ্বাদ স্বৰূপ । তেওঁলোকে সকলো ধৰণৰ আড়ম্বৰ পৰিত্যাগ কৰি মাত্ৰ কেইজনমান অতিথিৰ উপস্থিতিত বৈবাহিক জীৱনত প্ৰৱেশ কৰে আৰু ইয়াৰ ফলত ৰাহি হোৱা সকলো ধন তেওঁলোকে আত্মহত্যা কৰা কৃষকৰ দহটা পৰিয়াললৈ দান কৰে । অভয় হৈছে ভাৰতীয় ৰাজহ সেৱাৰ এজন বিষয়া আৰু প্ৰীতি হৈছে আই ডি বি আই বেংকৰ এগৰাকী বিষয়া । তেওঁলোকে প্ৰতিটো পৰিয়াললৈ ২০ হাাজাৰ টকাকৈ দান কৰে ।

Image: India Times

Image: India Times


এই বিবাহত উপস্থিত থাকে সমাজকৰ্মী চন্দ্ৰকান্ত ৱানখাড়ে যি উপস্থিত অতিথিসকলৰ আগত কৃষকৰ আত্মহত্যা সম্পৰ্কে ব্যখ্যা কৰে । বিবাহ স্থলীত এই বিষয়টো সম্পৰ্কে বিভিন্ন প'ষ্টাৰ আঁৰি ৰখা হৈছিল । ইয়াৰ উপৰিও তেওঁলোকে ৫২ হাজাৰ টকাৰ কিতাপ কেইবাটাও পুথিভঁৰাললৈ দান কৰে । 

অভয় আৰু প্ৰীতিয়ে বিশ্বাস কৰে যে সামাজিক উত্থানৰ বাবে উপদেশতকৈ আৰ্হি ভাল । অভয়ে কয় যে ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীক লগ পোৱাৰ সময়ৰ কথা বৰ্ণনা কৰি কয় যে তেওঁক ৰাষ্ট্ৰপতিয়ে সামাজিক পৰিৱৰ্তনৰ বাহক হ'বলৈ আহ্বান জনাইছিল আৰু ই তেওঁক যথেষ্ট অনুপ্ৰাণিত কৰিছিল । 

অভয়ে কয় যে প্ৰতি বছৰে ভাৰতত কেৱল বিয়াৰ নামতে এক লাখ কোটি টকা খৰচ কৰা হয় । গড় হিচাপত একোখন বিয়াত ৩ লাখৰপৰা ৫ কোটি টকা খৰচ কৰা হয় । কিছুমান মানুহে ধাৰ ঋণ কৰি হলেও বিয়াত খৰচ কৰিবলৈ ধন যোগৰ কৰে । তাৰ সলনি এই ধনখিনি সমাজৰ বাবে ব্যয় কৰিলে ইয়াৰপৰা বহুতৰ উপকাৰ হ'ব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এবছৰত ১১ লাখ গছপুলি ৰোৱা এগৰাকী মহিলা

মেৰীনা বীচত চাহ বিক্ৰী কৰোঁতেই বিশাল ব্যাৱসায়িক সাম্ৰাজ্যৰ সপোন দেখিছিল এইগৰাকী মহিলাই

অতিৰিক্ত খাদ্য পেলাব নোৱাৰিব ফ্ৰান্সৰ ছুপাৰমাৰ্কেটে

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড