এগৰাকী সফল স্বাৱলম্বী মহিলা হোৱাৰ পথত মানসী গান্ধীৰ অবিৰত যাত্ৰা

মূল- সিন্ধু কাশ্যপ

এগৰাকী সফল স্বাৱলম্বী মহিলা হোৱাৰ পথত মানসী গান্ধীৰ অবিৰত যাত্ৰা

Thursday October 20, 2016,

3 min Read

এগৰাকী সফল উদ্যোগী মহিলা মানসী গান্ধী। স্বাৱলম্বিতাৰ পথৰ ভৰি দি পিছলৈ উভতি চোৱা নাই মানসী গান্ধীয়ে।DoctorC ৰ প্ৰতিষ্ঠাতা আৰু COO মানসী গান্ধীৰ স্বাৱলম্বী যাত্ৰাৰ আৰম্ভ হৈছিল ২০০৯ চনত।সেই সময়ত বন্ধু কিছুমানৰ সৈতে লগ হৈ বিভিন্ন iOS app নিৰ্মান কৰিছিল।হাইদৰাবাদত জন্ম হোৱা মানসীয়ে বিশ্বাস কৰে যে তেওঁ শিক্ষা গ্ৰহণ কৰা স্কুলখনে তেওঁৰ ব্যক্তিত্ব নিৰ্মাণত যথেষ্ঠ প্ৰভাৱ পেলাইছিল।

শৈশৱৰ কথা স্মৰণ কৰি মানসীয়ে কয় যে সৰুতে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা, দু:সাহসিক ক্ৰীড়া, ছবি অঁকা আদি বিভিন্ন বিষয়ত তেওঁৰ ৰাপ আছিল।মাতৃয়ে তেওঁক কলা আৰু সংগীতৰ শিক্ষা লাভ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।আনহাতে দেউতাকৰ বিষয়ে মানসীয়ে কয়-মোৰ পিতৃ এজন চাৰ্টাড একাউন্টেন্ট হোৱাৰ লগতে Wings Infonet ৰ প্ৰতিষ্ঠাতা আৰু পৰিচালন সঞ্চালক।তেৱেঁই মোক ব্যৱসায়, ব্যক্তি আৰু জীৱনক বিভিন্ন দৃষ্টিৰে চাবলৈ শিকাইছে।তেওঁৰ পৰাই মই স্বাৱলম্বিতাৰ পাঠ শিকিছিলোঁ।"

নিজা ব্যৱসায় আৰম্ভ কৰাৰ আগতে মানসীয়ে Oracle নামৰ প্ৰতিষ্ঠানত application Engineer হিচাপে কাম কৰিছিল।একে সময়তে তেওঁ নিজা ববীয়াকৈ কিবা এটা কৰাৰ কথা চিন্তা কৰিছিল।যাৰ ফলস্বৰূপে WebMynx নামৰ এটা সংস্থাৰ জন্ম দি iPhone,ipad আদিৰ বাবে বিভিন্ন iOS app নিৰ্মান কৰিছিল।YouTube ৰ কাৰণে ছাউণ্ড বস্ক,ইন্টাৰনেটৰ পৰা Free music download কৰিব পৰা ipad app নিৰ্মান কৰি যথেষ্ঠ গৌৰৱান্বিত হৈছিলো মানসী।

image


পৰৱৰ্তী সময়ত মানসীয়ে San Fransico ত স্বামী নিহাৰৰ সৈতে Sleepyhead নামৰ এটা প্ৰতিষ্ঠান আৰম্ভ কৰে।বিভিন্ন iOS app নিৰ্মানৰ লগতে তেওঁলোকে চুটি ছবি আৰু The Green Bandits নামৰ ফিচাৰ ফিল্ম নিৰ্মান কৰিছিল।ফিচাৰ ফিল্ম নিৰ্মাণৰ অভিজ্ঞতা সম্পৰ্কে মানসীয়ে কয়, 'আশী জনীয়া এটা টিমৰ লগত কাম কৰাতো এক অনন্য অভিজ্ঞতা।লগতে ছবিখন নিৰ্মাণৰ দুই বছৰীয়া সময়খিনি জীৱনৰ স্মৰণীয় অভিজ্ঞতা।'

স্বাৱলম্বিতাৰ এই দুই পদক্ষেপৰ পিছত মানসীয়ে গ্ৰহন কৰা তৃতীয় পদক্ষেপে তেওঁক সফল উদ্যোগী মহিলা হিচাপে প্ৰতিষ্ঠিত কৰাইছিল।স্বাৱলম্বিতাৰ এই তৃতীয় পদক্ষেপ আছিল DoctorC, যি পদক্ষেপে স্বাস্থ্য ক্ষেত্ৰত এক জাগৰণ সৃষ্টি কৰা বুলি কলেও ভুল নহব।Technology আৰু Engineering, এই দুয়োটা বিষয়ৰ প্ৰতি মানসীৰ আগ্ৰহ আছিল।তেওঁ বিশ্বাস কৰে - বিজ্ঞানে আমাক যিকোনো বিষয় যুক্তি আৰু বিশ্লেষণেৰে সমাধান কৰাত সহায় কৰে।আৰু প্ৰযুক্তিয়ে আমাৰ জীৱন-ধাৰণ প্ৰণালী উন্নত কৰিছে।কম্পিউটাৰ,ইন্টাৰনেট,ইলেকট্ৰিক গাড়ীৰ পৰা আৰম্ভ কৰি চন্দ্ৰত খোজ দিয়াৰ কথা মানৱ জাতিয়ে চিন্তা কৰিব পাৰিছে একমাত্ৰ প্ৰযুক্তিৰ বাবে।

স্বাৱলম্বী মহিলা হিচাপে নিজকে গঢ় দিয়াৰ বাটত মানসী বহু ঘাত-প্ৰতিঘাতৰো সন্মুখীন হব লগা হৈছিল।যিকোনো সাধাৰণ মহিলাৰ দৰে মানসীও লিঙ্গ বৈষম্য ৰ মুখামুখি হব লগীয়া হৈছিল। স্বামীৰ সৈতে একেলগে কাম কৰোতে পুৰুষ সহকৰ্মী সকলে তেওঁৰ জ্ঞান আৰু নেতৃত্বক বহু সময়ত হেয় জ্ঞান কৰিছিল।কিন্তু মানসীয়ে এই কথাবোৰ গুৰুত্ব নিদি তেওঁৰ যোগ্যতা প্ৰতিপন্ন কৰি গৈছিল।

মানসীয়ে বিশ্বাস কৰে যে ধৈৰ্য আৰু আত্মবিশ্বাস থাকিলে যিকোনো পৰিস্থিতি নিজৰ অনুকূলে আনিব পাৰি।"মই ভাবোঁ ভাৰতবৰ্ষত মহিলাই পুৰুষৰ সমান মৰ্যাদা পাবলৈ আৰু সময় লাগিব।বিশেষকৈ স্বৱলম্বী হোৱাৰ ক্ষেত্ৰত মহিলাক উৎসাহিত কৰা নহয়।"

এই বৈষম্য আঁতৰোৱাৰ ক্ষেত্ৰত মানসীয়ে তেওঁৰ প্ৰতিষ্ঠানত সমঅধিকাৰত গুৰুত্ব আৰূপ কৰি আহিছে।তেওঁৰ প্ৰতিষ্ঠানত ছগৰাকী নেতৃস্থানীয় ব্যক্তিৰ ভিতৰত তিনিগৰাকীয়ে মহিলা।"সম্প্ৰদায়, জাতিগত বৈষম্যৰ উৰ্দ্ধত LGBT কো সাঙুৰি লোৱাটো আমাৰ উদ্দেশ্য।" মানসীয়ে কয়।"

স্বাৱলম্বী মহিলা সকলক উপদেশ হিচাপে মানসীয়ে কব বিচাৰে যে-নিজকে মহিলা উদ্যোগী বুলি ভবাৰ পৰিৱৰ্তে কেৱল উদ্যোগী বুলিহে ভবা উচিত।মহিলা বুলি নিজকে দুৰ্ব্বল অনুভৱ কৰা উচিত নহয়।কিয়নো আত্মবিশ্বাস থাকিলে সকলো সমস্যাৰে সমাধান পাব পাৰি।"মই ভাবোঁ এখন ঘৰৰ দায়িত্ব লৈ একেসময়তে এটা প্ৰতিষ্ঠান চলোৱাতো বহু মহিলাৰ বাবে সমস্যা হৈ পৰে।কিন্তু মোৰ ক্ষেত্ৰত মই সৌভাগ্যবান যে মোৰ স্বামীয়ে ঘৰুৱা কামত মোক যথেষ্ঠ সহযোগ কৰে।"
image


মানসীয়ে কয় যে স্বাৱলম্বিতাৰ এই যাত্ৰাত তিনিটা দিশে তেওঁক সফল হোৱাত সহায় কৰিছে-team, culture আৰু Speed।এটা বৃহৎ প্ৰতিষ্ঠানৰ বাবে বৃহৎ গোটৰ প্ৰয়োজন।আৰু ইয়াৰ পৰাই আৰম্ভ হয় এক সাংস্কৃতিক পৰিক্ৰমা।আৰু গতি হল আমি কিমান সোনকালে আগবাঢ়িব পাৰিছো-পৰিকল্পনাৰ পৰা ৰূপায়ণলৈ, বিফলতাৰ পৰা বিফলতালৈ আৰু অৱশেষত সফলতালৈ।" স্বাৱলম্বিতাৰ পথত মানসী গান্ধীৰ জীৱন পৰিক্ৰমা সকলো মহিলাৰ বাবে অনুপ্ৰেৰণাস্বৰূপ।