অসমীয়া বস্ত্ৰক বিশ্বৰ বজাৰলৈ নিয়া e-bozar.com

অসমীয়া বস্ত্ৰক বিশ্বৰ বজাৰলৈ নিয়া e-bozar.com

Monday June 13, 2016,

5 min Read

নভজ্যোতি ঠাকুৰীয়াক প্ৰথমতে তেওঁৰ মাতৃয়ে উপদেশটো দিছিল । নভজ্যোতিৰ মাতৃ ৰূণুমী ঠাকুৰীয়া পাট-মুগাৰ কাপোৰৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল । সেই সূত্ৰে নভজ্যোতিৰ বন্ধু-বান্ধৱৰপৰা প্ৰায়েই চাহিদা আহিছিল কিছুমান কাপোৰৰ বাবে । এদিন মাকে তেওঁক কৈছিল ক্ৰেতাই ঘৰতে বহি পাট-মুগাৰ কাপোৰ কিনিব পৰা ব্যৱস্থা এটা কৰিব পাৰি নেকি?  এই প্ৰশ্নই ভেঁটি স্থাপন কৰিছিল এটা ধাৰণাৰ। আৰম্ভ হৈছিল চিন্তা চৰ্চা। এই চিন্তা-চৰ্চাৰ ফচল ই বজাৰ ডট কম । ২০১২ চনত আৰম্ভ হোৱা e-bozar.com এ অসমৰ পাট মুগাৰ কাপোৰৰ লগতে অন্যান্য পাৰম্পৰিক সামগ্ৰীৰ এখন অনলাইন বজাৰ উপলব্ধ কৰোৱাৰ লগতে অসমৰ প্ৰথমটো ফেশ্যন ই কমাৰ্চ এপ মুকলি কৰিছে । 

ব্যৱসায়ৰ জগতখন নভজ্যোতিৰ বাবে অচিনাকী নাছিল । কাৰ্বি আংলঙৰ ডিফু নিবাসী পৰিয়ালটোত সৰুৰেপৰা নভজ্যোতিয়ে দেখি আহিছিল ব্যৱসায় । পিতৃ মহীধৰ ঠাকুৰীয়া  এজন ব্যৱসায়ী হোৱাৰ লগতে ইতিমধ্যে কোৱাৰ দৰে মাতৃৰো আছিল নিজাকৈ এটা ব্যৱসায় । ডিফুত স্কুলীয়া শিক্ষা সাং কৰি নভজ্যোতি আৰু তেওঁৰ ককায়েক গুৱাহাটীলৈ আহে পৰৱৰ্তী শিক্ষাৰ বাবে । কিন্তু এই সময়তে কেতবোৰ বাধাৰ সন্মূখীন হ'ব লগীয়া হয় । উচ্চতৰ মাধ্যমিক শিক্ষা গুৱাহাটীতে শেষ কৰি মহাবিদ্যালয়ত নামভৰ্তি কৰে যদিও সেই সময়তে তেওঁ ভীষণভাৱে অসুস্থ হৈ যথেষ্ট দুৰ্বল হৈ পৰাত কেইবাবছৰ ধৰি ঘৰতে জীৰণি লৈ থাকিবলগীয়া হয় । এই সময়ছোৱা আছিল অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ । সেই সময়ৰ কথা মনত পেলাই নভজ্যোতিয়ে কয়,

'মই যথেষ্ট হতাশ হৈ পৰিছিলো । কেইবাটাও বছৰ মোৰ অবাবত ব্যয় হৈছিল । মোৰ বন্ধুসকল বহুদুৰ আগবাঢ়ি গৈছিল আৰু মই হতাশ হৈ পৰিছিলো । কিন্তু মোৰ মায়ে এই সময়ত মোক উৎসাহ দিছিল । বৰ্তমানক লৈ হতাশ হৈ নপৰিবলৈ কৈছিল । এবাৰ সুস্থ হৈ উঠাৰ পাছত মই কিবা এটা নিশ্চয় কৰিব পাৰিম বুলি মোক উৎসাহ দিছিল।'

লাহে লাহে সুস্থ হৈ উঠি নভজ্যোতিয়ে পিতৃ আৰু জ্যেষ্ঠ ভাতৃৰ ব্যৱসায়ত সহযোগ কৰিবলৈ ধৰিলে । কিন্তু নিজাকৈ কিবা এটা কৰাৰ ইচ্ছাটোৱে তেওঁক অহৰহ আমনি দিবলৈ ধৰিলে । অৱশেষত গুৱাহাটীত নিজাকৈ এখন দোকান আৰম্ভ কৰিলে নভজ্যোতিয়ে । ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰপৰা নিজৰ আধৰুৱা স্নাতক শিক্ষা সমাপ্ত কৰাৰ লগতে তথ্য প্ৰযুক্তি বিষয়ক কেইবাটাও পাঠ্যক্ৰম সম্পন্ন কৰিছিল নভজ্যোতিয়ে । এইবাৰ তথ্য প্ৰযুক্তিৰ জ্ঞানৰ সাধনা নিজাকৈ কৰিবলৈ আগবাঢ়িল তেওঁ । 

'মই দোকানত থকা সময়ত গ্ৰাহক নথকা সময়খিনি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ল'লো । তাৰ কাৰণে দোকানতে কম্পিউটাৰ এটা ৰাখি লৈ ইন্টাৰনেটযোগে বিভিন্ন কথা অধ্যয়ন কৰিবলৈ ধৰিলো । এইদৰে অতি কম সময়ৰ ভিতৰত মই বহু কথা শিকি পেলালো। মোৰ ইচ্ছা আছিল তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত কিবা এটা কৰাৰ । ' তেওঁ কয় । এইদৰে তথ্য প্ৰযুক্তিৰ বিশেষকৈ ৱেবছাইট আৰু এণ্ড্ৰইড এপ ইত্যাদি বিভিন্ন দিশত জ্ঞান লাভ কৰি থকাৰ সময়তে তেওঁৰ মাতৃৰ কথাত এটা ই কমাৰ্চ ব্যৱসায়ৰ চিন্তা মনত খেলালে নভজ্যোতিৰ । মাতৃৰপৰা পোৱা পাট-মুগা সম্পৰ্কীয় জ্ঞানক সাৰথি কৰি এই দিশতেই ব্যৱসায়তো আগবঢ়োৱাৰ কথা চিন্ত কৰিলে তেওঁ । লগতে আন কেইটামান কথায়ো তেওঁক অনুপ্ৰাণিত কৰিলে এই ব্যৱসায়ৰ বাবে । বিভিন্ন ই-কমাৰ্চ ছাইটত অসমীয়া পাৰম্পৰিক সাজ-পাৰ সম্পৰ্কে কিছুমান ভুল তেওঁৰ চকুত পৰিল । উদাহৰণ স্পৰূপে এবিধ কাপোৰৰ নামৰ সৈতে তাৰ লগত থকা ফটোখনৰ সাদৃশ্য নাই । গতিকে অসমীয়া সংস্কৃতি সম্পৰ্কত মানুহে যাতে ভুল ধাৰণা নলয় তাৰ বাবেও তেওঁ এই কামত আগবঢ়াৰ সিদ্ধান্ত ল'লে । এই কামত সঙ্গী হ'ল পত্নী গিতালী শইকীয়া ঠাকুৰীয়া, সম্বন্ধীয় ভাতৃ ধ্ৰুবজ্যোতি কলিতা, বস্ত্ৰ নগৰী শুৱালকুছিৰ দিক্ষীত মহন্ত আৰু যোগেশ দাস । ২০১২ চনৰ ছেপ্তম্বৰৰ পৰা গৱেষণা আৰু বজাৰ অধ্যয়ন আৰম্ভ কৰি ডিচেম্বৰৰ ২৫ তাৰিখে উন্মোচন কৰা হ'ল e-bozar.com নামৰ ই কমাৰ্চ পৰ্টেলটোৰ । 

'আৰণ্ভণীৰ দিনবোৰ আছিল যথেষ্ট কষ্টকৰ । ইন্টাৰনেটত কিদৰে ব্যৱসায় হয় এই সম্পৰ্কে বেছিভাগ মানুহৰ কোনো ধাৰণাই নাছিল । সেই সমস্যা এতিয়াও আছে । প্ৰথম অৱস্থাত আমি অকল পাট-মুগাক লৈ ব্যৱসায় আৰম্ভ কৰিছিলো । ২০১৩ চনৰ নৱেম্বৰ মানৰপৰা মানত আমালৈ এটা ভাল খবৰ আহিল । ইতিমধ্যে মানুহৰ মাজলৈ আমি অলপ সোমাই যাবলৈ সক্ষম হৈছিলো । আমি গম পালো যে ছিল্কমাৰ্ক অথৰিটি অৱ ইণ্ডিয়াৰ নিজস্ব কিছুমান গৱেষণাগাৰ আছে য'ত অসমীয়া পাট মুগা কাপোৰৰ মান পৰীক্ষা কৰি এখন প্ৰমাণ পত্ৰ লাভ কৰিব পাৰি। আমি কথাটো শুনি খুব ভাল পালো কাৰণ অসমীয়া পাৰম্পৰিক পাট-মুগা কাপোৰৰ ব্ৰেণ্ডিং দুৰৰে কথা কোৱালিটি কন্ট্ৰলৰ ধাৰণাটোও আমাৰ ইয়াত তেনেকৈ নাছিল । আচল নকলৰ পাৰ্থক্য বুজাও সহজ নহয় । আমি পাট-মুগা কাপোৰৰ লগত লেবৰেটৰী টেষ্ট ৰিপৰ্ট দিয়াৰ ব্যৱস্থা কৰিলো । ইয়াৰ লগে লগে দেশৰ বিভিন্ন ঠাইৰ লগতে বিদেশৰপৰাও বহু অৰ্ডাৰ লাভ কৰিবলৈ ধৰিলো ।'

অকল পাট-মুগাৰে আৰম্ভ কৰা এই ব্যৱসায়ত লাহে লাহে বাঁহ-বেতৰ সামগ্ৰী, কাঁহ-পিতলৰ বাচন-বৰ্তন আদিও অন্তৰ্ভুক্ত হ'ল। তেনেতে একাংশ ক্ষুদ্ৰ ব্যৱসায়ী অনুৰোধমৰ্মে ই-বজাৰ ডটকমত মাল্টিভেণ্ডৰ চিষ্টেম ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল য'ত যিকোনে বিক্ৰেতাই বিনামূল্যে নিজৰ একোটা একাউন্ট খুলি পোনপটীয়াকৈ গ্ৰাহকক বস্তু বিক্ৰী কৰিব পাৰে । ইতিমধ্যে ই-বজাৰে দেশ বিদেশৰ ক্ৰেতাৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে । ই-কমাৰ্ছ ভিত্তিত উত্তৰ-পূৰ্বাঞ্চলক আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত স্থান দিয়াৰ বাবে মিজোৰাম চৰকাৰে ই-বজাৰলৈ আগবঢ়াইছে বিশেষ পুৰস্কাৰ । অদূৰ ভবিষ্যতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পাৰম্পৰিক সা-সামগ্ৰীক সামৰি লোৱাৰ লক্ষ্যৰ লগতে অসমীয়া ছৱি আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ টিকতৰ অনলাইন বুকিঙৰো এক প্লেটফৰ্ম গঢ়ি তোলাৰ বাবে কাম কৰি আছে নভজ্যোতিয়ে । 

উঠি অহা প্ৰজন্মৰ বাবে নভজ্যোতিৰ পৰামৰ্শ- জীৱনত উজুটি খালে ভাগি নপৰিবা। জীৱন তাতেই শেষ নহয় । আৰণ্ভণীৰ বাবে সময় কেতিয়াও পাৰ হৈ নাযায় । ইচ্ছা থাকিলে সময় কেতিয়াও বাধা নহয় । যিকেনো কাম যিকোনো সময়তে আৰম্ভ কৰিব পাৰি। 'মোৰ সময় পাৰ হৈ গ'ল' বা 'মই আৰু এতিয়া নোৱাৰিম' বুলি তেতিয়াও ভাবিব নালাগে। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

আনে নোযোৱা পথেৰে ভ্ৰমণ কৰা ড° সঞ্জয় অগ্ৰৱাল

এসময়ত নিৰীহৰ তেজেৰে ৰাঙলী কাকপথাৰ এতিয়া অৰ্থনৈতিক বিপ্লৱৰ নিদৰ্শন

এসময়ত বালি, ইটা আৰু চিমেণ্টৰ কাম কৰা শ্ৰমিক এতিয়া ২০টাকৈ কোম্পানীৰ স্বত্ত্বাধিকাৰী

সাত পুৰুষ ধৰি এটা কলাক ধৰি ৰখা এটা পৰিয়াল