ভাৰ্ছুৱেল ৰিয়েলিটি হেডছেটেৰে গোৱাৰ ‘বিটছ পিলানী’ ৰ শিক্ষাৰ্থীৰ ষ্টাৰ্ট-আপ ‘এবছেনছিয়া’

ভাৰ্ছুৱেল ৰিয়েলিটি হেডছেটেৰে গোৱাৰ ‘বিটছ পিলানী’ ৰ শিক্ষাৰ্থীৰ ষ্টাৰ্ট-আপ ‘এবছেনছিয়া’

Sunday December 13, 2015,

3 min Read

‘বিটছ পিলানী’। ঔদ্যোগিক সংস্কৃতিৰ বাবে প্ৰখ্যাত এক নাম। মহাবিদ্যালয়খনৰ বহুকেইজন প্ৰাক্তন ছাত্ৰই ইতিমধ্যে ষ্টাৰ্ট-আপ উদ্যোগত সাফল্যৰ শিখৰ আৰোহন কৰিছে।ইয়াৰ ভিতৰত ‘ৰেড বাছ’, ‘এক্স’টেল’, ‘জিভামি’, ‘ব্লুম ভেনচাৰছ’ আদিৰ প্ৰতিস্হাতাসকল অন্যতম।‘নিউ ভেনছাৰ ক্ৰিয়েশ্বন’ শীৰ্ষক পাঠ্যক্ৰমৰ জৰিয়তে ‘বিটছ’ৰ অধীনত স্হাপিত ষ্টাৰ্ট-আপসমূহক পুঁজিৰ যোগান ধৰা হয়।মহাবিদ্যালয়খনৰ এই সংস্কৃতিয়ে শিক্ষাৰ্থীসকলক সপোন দেখিবলৈ উৎসাহী কৰাৰ লগতে সেই সপোন বাস্তবায়িত কৰিবলৈকো প্ৰেৰণা যোগায়।

টীম এবছেনছিয়া

টীম এবছেনছিয়া


‘বিটছ পিলানী’ ৰ সাফল্যৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ‘বিটছ পিলানী গোৱা কেম্পাছ’ৰ শুভম মিশ্ৰ,ভ্ৰুশালী প্ৰসাদ আৰু হৰিকৃষ্ণ ভালিয়াঠ নামৰ মহাবিদ্যালয়খনৰ তিনিজন শিক্ষাৰ্থীয়ে‘এবছেনছিয়া’ কোম্পানীৰ নামত নিৰ্মাণ কৰি উলিয়াইছে ভাৰ্ছ্যুৱেল ৰিয়েলিটি হেডছেট -‘টেছাৰেক্ট’

ভাৰ্চ্যুৱেল ৰিয়েলিটি প্ৰযুক্তিৰ নায়ক ‘অকুলাছ’ (Oculus) কোম্পানীটো ফেচবুকে ২ বিলিয়ন ডলাৰত ক্ৰয় কৰিছে।‘অকুলাছ’ৰ সাফল্যই সকলোকে মুগ্ধ কৰিছে।কিন্তু অকুলাছ ৰিফ্টে 3D গেমিঙত প্ৰৱেশ কৰাৰ লগে লগে টীম এবছেনছিয়াইও তেওঁলোকৰ হেডছেট টেছাৰেক্টক বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। শুভমে কয়-

• আমাৰ নিজস্ব উন্নত ডেফ্ট মেপিং, ক্লাছটাৰিং,কলন পদ্ধতিৰে আপোনাৰ লেপটপত চাব পৰা যিকোনো বিষয়(ভিডিঅ গেম মিনি ক্লিপছ ইত্যাদি) 3D,৩৬০ ডিগ্ৰী দৃষ্টিলৈ ৰূপান্তৰ কৰিব পাৰি

• প্লেটফৰ্ম ইণ্ডিপেণ্ডেন্ট প্ৰযুক্তিৰ সহায়ত ব্যৱহাৰকাৰীয়ে যিকোনো গেমৰ সৈতে টেছাৰেক্ট ব্যৱহাৰ কৰিব পাৰে।কোনো বিশেষ গেম প্ৰস্তুত কৰাৰ প্ৰয়োজন নাই।লগতে অন্য হেডছেটৰ বাবে প্ৰস্তুত কৰা যিকোনো গেম বা বিষয়ৰ বাবেও আমাৰ হেডছেট অনুকূল।

• আমাৰ ভি আৰ ৱাকথ্ৰ’ ছাপ’ৰ্টৰ সহায়ত গ্ৰাহকে যিকোনো 3 D মডেলত ৩৬০ ডিগ্ৰি দৃষ্টিৰে ভি আৰ ৱাকথ্ৰ’ৰ সুবিধা পাব পাৰে।এই ব্যৱস্হাটো নিৰ্মাতা,ডিজাইনাৰ,ৰিয়েল ইষ্টেট ইত্যাদিৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হব।

• আমাৰ ৩৬০ ডিগ্ৰি ভিডিঅ’প্লেয়াৰে গ্ৰাহকক ৩৬০ টা ভিডিঅ’ সম্পূৰ্ণ 3D ৰূপত উপভোগ কৰাৰ সুবিধা দিব ।

• বিশাল আকাৰৰ ফটো ক্লিক কৰি আমাৰ হেড গিয়েৰ আৰু ছফ্টৱেৰৰ সহায়ত 3Dৰ ৩৬০ দৃষ্টিৰে চাব পাৰিব ।

• এইচ ডি এম আই(HDMI) ডংগল অনুকুল টেছাৰেক্টত গ্ৰাহকে এণ্ড্ৰইড/আই অ’এছ গেমছ খেলিব পাৰিব ।

image


‘টেছাৰেক্ট’ সাজু নে? “আমি আমাৰ প্ৰাক-নিৰ্মাণ নমুনাৰ সৈতে সাজু হৈছো।আমাৰ ডিভাইচ আৰু চফ্টৱেৰসমূহো সাজু আৰু সম্পূৰ্ণ হৈ উঠিছে।বৰ্তমান আমি ডেম’ আৰু চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰস্তুত আছো”,শুভমে কয়। প্ৰতিটো চকুত 4kৰ উচ্চ ৰিজল্যুশ্বনযুক্ত টেছাৰেক্ট ৰ মূল্য ১৫০-২২০ডলাৰৰ ভিতৰত হব।য’দি টেছাৰেক্ট নামটো আপোনাৰ খুৱ চিনাকি যেন লাগিছে তেন্তে ইন্টাৰষ্টেলাৰ চলচ্চিত্ৰ খন মনত পেলাওক।আপোনাৰ প্ৰশ্নৰ উত্তৰ তাতেই বিচাৰি পাব।

প্ৰকল্পটোৰ আৰম্ভণিৰ পৰা এইপৰ্যন্ত চফ্টৱেৰ,হাৰ্ডৱেৰ,প্ৰডাক্ট ডিজাইন ইত্যাদি সকলো বিষয় তিনিওজনে চম্ভালিছে।মডেলটো সম্পূৰ্ণ হৈ উঠিবলৈ তেওঁলোকক আঠমাহ সময় লাগিছিল।সম্পূৰ্ণ হৈ উঠা মডেলটোক এতিয়া তেওঁলোকে বাহিৰলৈ উলিয়াই দিবলৈ সাজু হৈছে।“ভি আৰ হৈছে এখন বৃহৎ অ-দখলীকৃত বজাৰ আৰু আন্তৰ্জাতিক পৰ্যায়ত উৎপাদিত সামগ্ৰীৰ প্ৰৱাহ আৰু বিপণনৰ বাবে প্ৰায় ১০০,০০০ৰ পৰা ১৫০,০০০ ডলাৰৰ বিনিয়োগৰ প্ৰয়োজন হব”,শুভমে কয়।

প্ৰকল্পটো পিচিবি আৰ্হিত বুটস্ট্ৰেপ্ড কৰাৰ পিছত মুম্বাইত চূড়ান্ত ৰূপত গঢ় দিয়া হৈছিল।কিছু অংশ ছেনঝেন,চীনৰ পৰা অনা হৈছে আৰু বাকী অংশসমূহ মুম্বাইৰ গ্ৰান্ট ৰোডত নিৰ্মাণ কৰা হৈছে।তেওঁলোকে আগন্তুক ষাণ্মাসিকত ‘নিউ ভেনছাৰ ক্ৰিয়েশ্বন’ পাঠ্যক্ৰমৰ বাবে আবেদন কৰাৰ চিন্তা কৰিছে।

প্ৰকল্পটো অভিলাষী তথা উচ্চাকংক্ষী।সামগ্ৰীটো এবাৰো ব্যৱহাৰ নকৰাকৈ আমি এই বিষয়ত কোনো মন্তব্য দিব নোৱাৰোঁ কিন্তু যি সাহসেৰে দলটোৱে চিন্তা কৰিছে আৰু এই দিশত আগবাঢ়িছে সেয়া সঁচাই প্ৰশংসনীয়।এবছেনছিয়া কেৱল এটা ধাৰণা হৈ থাকি যাব পাৰে(অথবা আগবাঢ়ি গৈ এদিন বজাৰ দখল কৰিব পাৰে)।সেয়া ভৱিষ্যতৰ কথা।কিন্তু আচল কথাটো হল দলটোৱে যিটো নমুনা তৈয়াৰ কৰিছে সিয়ে ভাৰতৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত অব্যাহত থকা সৃষ্টিশীলতাক প্ৰমাণিত কৰিছে।


মূল-জুবিন মেহতা

অনুবাদ-সংগীতা দেৱী দত্ত