ভাৰতবৰ্ষৰ দৰে জনবিস্ফোৰিত অৰ্থনীতিত উদ্যোগশীলতাৰ বাহিৰে বিকল্প নাই-অৰুণ জেটলী

ভাৰতবৰ্ষৰ দৰে জনবিস্ফোৰিত অৰ্থনীতিত উদ্যোগশীলতাৰ বাহিৰে বিকল্প নাই-অৰুণ জেটলী

Saturday January 16, 2016,

3 min Read

নতুন দিল্লীৰ বিজ্ঞান ভৱনত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত হোৱা Startup India কাৰ্যসূচী উন্মোচন কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে ভাৰতৰ উদ্যোগী আৰু চৰকাৰৰ দায়িত্ব আদি বিষয়ত বক্তৃতা প্ৰদান কৰে।দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ উদ্যোগপতি আৰু আমোলাই অংশগ্ৰহণ কৰা এই অনুষ্ঠানটো ভাৰতীয় ষ্টাৰ্টআপসকলৰ বাবে উল্লেখনীয় দিন বুলি মন্তব্য কৰি অৰুণ জেটলীয়ে কয়-'এই বিজ্ঞান ভৱনত মই এতিয়ালৈকে বহু বক্তৃতা প্ৰদান কৰিছো, কিন্তু আজি দিনটো এটা পৃথক দিন। আজি এই অনুষ্ঠানত মই বহু নতুন উদ্যোগী প্ৰত্যক্ষ কৰিছোঁ যিসকলে অৰ্থনীতিৰ পৰিসীমা অতিক্ৰমি আগুৱাই যাবলৈ প্ৰতিজ্ঞাবদ্ধ। নতুন উদ্যোগীৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ দিশটোত গুৰুত্ব প্ৰদান কৰি জেটলীয়ে কয় যে নিৰ্দ্ধাৰিত কিছুমান নীতি ৰূপায়ণ কৰাৰ বাহিৰে নতুন উদ্যোগীক উৎসাহিত কৰিবলৈ চৰকাৰে কোনো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব পৰা নাই। মই ষ্টাৰ্ট আপ ইণ্ডিয়া বিষয়টোত কেমপেইনৰ দিশটোত অধিক গুৰুত্ব প্ৰদান কৰি আহিছো কাৰণ এই দিশত আমি এতিয়ালৈকে উদ্যোক্তাহে।'

image


কেইবা দশক পূৰ্বে ভাৰতৰ অৰ্থনীতি আৰু বৰ্তমানৰ ঔদ্যোগিক বিকাশৰ তুলনা কৰি বিত্ত মন্ত্ৰীজনে মন্তব্য কৰে-'১৯৯১ চনৰ লাইচেঞ্চ ৰাজ আৰু নিদ্ধাৰ্ৰিত অৰ্থনীতিৰ পৰিধি আমি ভংগ কৰিবলৈ সক্ষম হৈছো।কিন্তু সেয়া এক নিৰ্দিষ্ট সীমালৈ হে।বিনিয়োগকাৰী আৰু দেশৰ কিছুমান প্ৰতিকূল নীতিৰ বাবে বিদেশী বিনিয়োগৰ ক্ষেত্ৰত এতিয়াও জটিলতা দেখা যায়।চৰকাৰৰ ভূমিকাও এই দিশত হতাশাজনক।নতুন উদ্যোগীৰ বাবে মূল পথ হিচাপে বিবেচিত ডি.আই.পি.পি.য়ে বৰ্তমান আশাজনক ভূমিকা লোৱা বুলি কব পাৰি।'

উদ্যোগৰ বাহিৰে ভাৰতৰ বাবে এতিয়া বিকল্প নাই

যদিও বিনিয়োগ,অৰ্থনৈতিক নীতি আদিয়ে ভাৰতীয় উদ্যোগী সকলক কিছু পিছুৱাই নিয়ে সেই সময়ত চৰকাৰে আঁচনি,প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ আৰু বন্ধুত্বসুলভ কৰ শিথিলকৰণ আদিৰে ভাৰতীয় উদ্যোগী সকলক উৎসাহিত কৰি আহিছে।

জেটলীয়ে মন্তব্য কৰে যে কিছু দশকৰ আগতে অৰ্থনীতিৰ লগত জড়িত সমস্যা সমূহ সীমিত আৰু পৃথক আছিল।কিন্তু আজিৰ প্ৰক্ষাপট বেলেগ।পৃথিৱীখন যিমানেই আন্ত:সংযোগৰ সুবিধা উপলব্ধ হৈছে সিমানেই সমস্যামসূহ বাঢ়ি গৈছে।পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সমস্যাৰ এক গোলকীয় প্ৰভাৱ পৰিছে।যিসময়ত বিশ্বৰ অৰ্থনীতিৰ গতি মন্থৰ গৈছে, সেই সময়ত ভাৰতৰ অৰ্থনীতি দ্ৰুত গতিত আগবাঢ়িছে কিন্তু এই ক্ষেত্ৰত প্ৰত্যাহ্বান নথকা নহয়।চৰকাৰেও নতুন উদ্যোগী সকলৰ বাবে বিদেশী বিনিয়োগৰ ব্যৱস্থা কৰাৰ লক্ষ্য হাতত লৈছে।

আহিবলগীয়া বছৰ/মাহবোৰত কেনে ধৰণৰ প্ৰত্যাহ্বান ৰৈ আছে সেয়া কোনেও ভৱিষ্যতবাণী কৰিব নোৱাৰে।চাৰ্ভিচ চেক্টৰৰ লগতে মেনুফেকচাৰিঙ ৰ ক্ষেত্ৰত ভাৰতবৰ্ষ যথেষ্ট আগবাঢ়িছে।নগৰ অঞ্চল সমূহত এফ.ডি.আই এ গা কৰি উঠিছে।অৱশ্যে কৃষিৰ ক্ষেত্ৰত জলবায়ুৰ তাৰতম্যৰ বাবে বিকাশৰ গতি কিছু মন্থৰ দেখা গৈছে।

সকলোৰে বাবে চাকৰিৰ ব্যৱস্থা কৰাত চৰকাৰৰ সীমাবদ্ধতা আছে, উদ্যোগীয়ে এই ক্ষেত্ৰত পদক্ষেপ লব লাগিব

সমাজৰ পিছপৰা শ্ৰেণীৰ বাবে চৰকাৰে মুদ্ৰা আঁচনি আৰম্ভ কৰিছিল যাৰ অধীনত ১.৭৩ কোটি উদ্যোগীয়ে ঋণ লাভ কৰে।এই আঁচনি সফল ৰূপায়নৰ প্ৰতি লক্ষ্য ৰাখি জেটলীয়ে মন্তব্য কৰে 'আমি এই আঁচনিৰ বাবে মহিলাৰ লগতে SC/ST ৰ অধীনৰ লোকসকলক টাৰ্গেট কৰি প্ৰায় তিনি হাজাৰ উদ্যোগীৰ সৃষ্টি কৰিব খুজিছো।কাৰণ মহিলা আৰু জনজাতীয় লোকসকলৰ মাজত উদ্যোগী কম দেখা যায়।'

ভাৰতবৰ্ষৰ বৰ্দ্ধিত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি অৰুণ জেটলীয়ে মন্তব্য কৰে যে উদ্যোগী সকলে যাতে চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি বহি নাথাকে।কিয়নো চৰকাৰে প্ৰতি জন উদ্যোগীক সুকীয়াকৈ সহায় কৰিব নোৱাৰিব পাৰে।

'এনেদৰে ষ্টাৰ্ট আপৰ জন্ম দিয়াটো প্ৰধান মন্ত্ৰীৰ নিজা পৰিকল্পনা আছিল। Silicon Valley ত বসবাস কৰা ভাৰতীয় সকলে উৎপাদন কৰা সম্পদ আৰু পৰিকল্পনাৰ পৰা নৱ ভাৰতবৰ্ষ আগুৱাই যাব বুলি আমি আশা ৰাখিছো। মহিলাৰ লগতে SC/ST সম্প্ৰদায়ৰ মাজত উদ্যোগশীলতা গঢ়ি তুলাই ষ্টাৰ্ট আপ ইণ্ডিয়া কাৰ্যসূচীৰ মূল লক্ষ্য।'

entrepreneur-friendly taxation regime সন্দৰ্ভত আমি চিন্তা কৰিছো।ৰাজ্যিক নীতিৰ পৰা উদ্যোগী সকল স্বাধীন হ'ব লাগে।ভাৰতৰ IT sector বিকাশৰ মূল কাৰণ হ'ল আমি তাত কোনো বাধ্য বাধকতা প্ৰয়োগ কৰা নাই।

ভাৰতীয় ষ্টাৰ্ট আপ সকলে অনুষ্ঠানটোৰ প্ৰতি দেখুওৱা আগ্ৰহ আৰু উপস্থিত দৰ্শকক ধন্যবাদ জ্ঞাপন কৰি জেটলীয়ে তেওঁৰ বক্তব্যৰ সামৰণি মাৰে, 'এই কাৰ্যসূচী এক ষেটডিয়ামতহে হ'ব লাগিছিল । ইয়াত বহু লোকে ভাগ লবলৈ ইচ্ছা কৰিছিল কিন্তু সকলোৰে বাবে আমি ব্যৱস্থা কৰিব নোৱাৰিলো। এই মহান উদ্যোগ হাতত লোৱাৰ বাবে DIPP ক কৃতজ্ঞতা জ্ঞাপন কৰিছো।এই জনসমাগমত পৃথিৱী বিখ্যাত উদ্যোগপতিও উপস্থিত আছে।আমি সকলোকে লৈ গৌৰৱান্বিত।'


মূল: হৰ্ষিত মাল্ল্যা আৰু দিপ্তী নায়াৰ

অনুবাদ: পূবালী ভাগৱতী