বিশ্বত ধুমুহাৰ সৃষ্টি কৰা ভাৰতৰ ৩০টা এণ্টাৰপ্ৰাইজ ষ্টাৰ্টআপ

বিশ্বত ধুমুহাৰ সৃষ্টি কৰা ভাৰতৰ ৩০টা এণ্টাৰপ্ৰাইজ ষ্টাৰ্টআপ

Sunday December 06, 2015,

8 min Read

আপুনি সদায় শুনি অহা ষ্টাৰ্টআপসমূহতকৈ এণ্টাৰপ্ৰাইজ ষ্টাৰ্টআপসমূহ যথেষ্ট সুকীয়া। কাৰণ এইবোৰ দেখাত কলেজ আধৰুৱাকৈ এৰাসকলে স্থাপন কৰা ষ্টাৰ্টআপৰ দৰে চকমকীয়া নহয়।বৰং এণ্টাৰপ্ৰাইজ ষ্টাৰ্টআপসমূহে উচ্চমানৰ সামগ্ৰী উৎপাদন কৰাৰ লগতে কাৰ্য সোনকালে আৰু ভালদৰে সম্পাদন হ’বলৈ প্ৰযুক্তিৰ এটা ভেঁটি নিৰ্মাণ কৰাতহে গুৰুত্ব দিয়ে।

যোৱা বছৰ এণ্টাৰপ্ৰাইজ ষ্টাৰ্টআপৰ এই চতুৰ্থ পৰ্যায়ৰ ঢৌৰ বিষয়ে Light Speed Ventures Partnersৰ অন্যতম সহযোগী দেৱ খাৰেই নিজৰ লিখনীৰে প্ৰকাশ কৰি এণ্টাৰপ্ৰাইজ ষ্টাৰ্টআপৰ বিভিন্ন শাখাৰ বিষয়েও উল্লেখ কৰিছিল।

এইসমূহক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি।ইয়াৰে অন্যতম এবিধ হৈছে ব্যৱসায়ত কামৰ গতি আৰু পৃষ্ঠ অথবা আহিলাৰ গতি স্বয়ংক্ৰিয় কৰি তোলা এপ্লিকেচন। বিভিন্ন বিনিয়োগকাৰীৰ বৰঙনিৰে ২০১৩ আৰু ২০১৪ চনৰ প্ৰথমাৰ্ধত এনেধৰণৰ ষ্টাৰ্টআপসমূহ বৃহৎ হাৰত মুৰ দাঙি উঠা দেখা যায়।বিগত বৰ্ষত ইয়াৰ বিকাশৰ হাৰ আছিল দ্ৰুত আৰু অদমনীয়।ভাৰতৰ এনে বহু কোম্পানীয়ে বৰ্তমান বিশ্বৰ আন প্ৰান্তত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে।আমি এইদিশত কেইটামান কোম্পানীৰ নাম উল্লেখ কৰিব পাৰোঁ (কোনোধৰণৰ নিৰ্দিষ্ট ক্ৰমত নৰখাকৈ)

Fresh Desk-অনলাইন গ্ৰাহক সেৱা ছফ্টৱেৰ আৰু হেল্প ডেস্ক সমাধানকাৰী। প্ৰতিষ্ঠাপক গিৰিশ মাথ্ৰুবুথম। ভাৰতৰ অন্যতম প্ৰতিশ্ৰুতিসম্পন্ন কোম্পানী।চেন্নাইৰ পৰা মুৰ দাঙি উঠা এই কোম্পানীৰ সেৱা বিশ্বৰ বিভিন্ন প্ৰান্তত গ্ৰহণ কৰা হয়।শেহতীয়াকৈ Fresh Desk য়ে ৫০ নিযুত মাৰ্কিন ডলাৰৰ series E আৰম্ভ কৰিছে আৰু ইয়াৰ দ্বাৰা উপকৃত হৈছে ৪০,০০০ এণ্টাৰপ্ৰাইজ উপভোক্তা।

ChargeBEE-চাবস্ক্ৰিপছন আৰু বিল আদায়কাৰী ছফ্টৱেৰ।ইয়াৰ সহ প্ৰতিষ্ঠাপক হৈছে চেন্নাইৰ ক্ৰিছ সুব্ৰনিয়াম।টাইগাৰ গ্ল’বেল আৰু একচেল পাৰ্টনাৰছৰ পৰা ৫ নিযুত মাৰ্কিন ডলাৰৰ অনুদানপ্ৰাপ্ত এই কোম্পানীয়ে এতিয়া গ্ৰাহকৰ বাবে বাৰ্ষিক ১০০ মাৰ্কিন ডলাৰৰ লেন-দেন কৰে।

Capiliary-বুদ্ধিদীপ্ত গ্ৰাহক সেৱা পৰিচালনাৰ সমাধানকাৰী।আনিশ ৰেড্ডী আৰু কৃষ্ণা মেহৰাই প্ৰতিষ্ঠা কৰা কেপিলাৰী হৈছে এক সাত বছৰ পুৰণি কোম্পানী আৰু এই কোম্পানীয়ে বৰ্তমান বিশ্বৰ বজাৰত এক শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।এইপৰ্যন্ত কোম্পানীটোৱে ৩৪ নিযুত মাৰ্কিন ডলাৰ আয় কৰিছে। শেহতীয়াকৈ কোম্পানীটোৱে আজুৰি অনা এক অন্যতম সাফল্য হৈছে Sequia Capital আৰু Norewest Venture Partner পৰা ১৪ নিযুত মাৰ্কিন ডলাৰৰ চিৰিজ ‘বি’ ৰাউণ্ডৰ ব্যৱসায়।

Peel Works-ডাটা বিশ্লেষণৰ মাজেৰে ব্যৱসায় গঢ়ি তোলাত সহায় কৰা কোম্পানী।শচীন চাব্ৰাই আৰম্ভ কৰা এই কোম্পানীয়ে ২০১৪ চনৰ জুলাইত ২নিযুত মাৰ্কিন ডলাৰৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।

Sapience-সময় ৰক্ষাকাৰী আৰু কৰ্মচাৰীৰ প্ৰদৰ্শনৰ ছফ্টৱেৰ। সহ প্ৰতিষ্ঠাপক শিৰিশ দেওধৰৰ পুনেস্থিত Innovize Tech ছফ্টৱেৰে শেহতীয়াকৈ Orios Ventures Partners আৰু আন অনুৰুপ কোম্পানীৰ পৰা চিৰিজ ‘বি’ ৰাউণ্ডত ৪৫ কোটি টকা আহৰণ কৰিবলৈ সক্ষম হৈছে।২০১৩-২০১৪ বৰ্ষত চেপিয়েন্সে ৬০,০০০ৰো অধিক অনুজ্ঞাপত্ৰ বিক্ৰী কৰিছে।এই সেৱাৰে কৰ্মস্থলীত সময়ৰ উপযুক্ত ব্যৱহাৰ সম্ভৱ হয়।

Helpshift-ম’বাইল এপছৰ সহায়কাৰী এনে ছফ্টৱেৰ যাৰ দ্বাৰা এপপ ব্যৱহাৰকাৰীয়ে ডেভেলপাৰৰ সৈতে সংযোগত থাকিব পাৰে।অবিনাশ ত্ৰিপাঠীৰ নেতৃত্বত গঢ়ি উঠা এই ষ্টাৰ্টআপে পুনেৰ পৰা মুৰ দাঙি উঠি সম্প্ৰতি বিশ্বত পৰিচিতি বুটলিবলৈ সক্ষম হৈছে।শেহতীয়াকৈ ইণ্টেল কেপিটেল আৰু ভিজনেৰি ভেনচাৰে গ্ৰহণ কৰা চিৰিজ ‘এ’ ৰাউণ্ডৰ পৰা এই ষ্টাৰ্টআপে ১০নিযুত মাৰ্কিন ডলাৰ আয় কৰিছে।

image


Framebench-অনলাইন ফাইল পৰীক্ষণ কৰে।ৰোহিত আগৰৱাল আৰু বিনীত মাৰ্কানে প্ৰতিষ্ঠা কৰা Framebenchয়ে ডিজাইনসকলৰ বাবে এক যুটীয়া ভেঁটি প্ৰদান কৰিছে।এইদিশৰ বাটকটীয়াৰূপে কোম্পানীটোৱে এক এণ্টাৰপ্ৰাইজৰূপে ভুমুকি মাৰে।পূৰ্বে iAccelerator প্ৰ’গামৰ মাজেৰে পৰিচালিত হোৱা আৰু পৰৱৰ্তী সময়ত Blume Venturesৰ সহায়ত Framebenchয়ে পেছাদাৰী ব্যৱহাৰকাৰীসকলৰ বাবে আওহতীয়া ঠাইৰ পৰাও যিকোনো অনলাইন ফাইল শ্বেয়াৰ, পুনৰীক্ষণ আৰু একেলগে কাম কৰিবলৈ নতুন বাট মুকলি কৰিব বিচাৰে।

Kayako-হেল্পডেস্ক আৰু গ্ৰাহক সহায়কাৰী ছফটৱেৰ।২০০১ চনত বৰুন শ্বুৰে প্ৰতিষ্ঠা কৰা কায়াক’ হৈছে জলন্ধৰৰ পৰা গ্ৰহণ কৰা এক অন্যতম সফল পদক্ষেপ।বৰ্তমান জলন্ধৰৰ লগতে নতুন দিল্লী আৰু লণ্ডনতো কায়াক’ৰ কৰ্মকৰ্তাৰ দল আছে আৰু ইয়াৰ এণ্টাৰপ্ৰাইজ ছফটৱেৰ সমগ্ৰ বিশ্বতে ব্যৱহাৰ হয়।

Mindtickle-বিক্ৰীৰ ক্ষেত্ৰত সহায়কাৰী ছফ্টৱেৰ।প্ৰথমাৱস্থাত এক শিক্ষণৰ ব্যৱস্থাৰূপেহে গঢ় লৈ উঠা Mindtickle হৈছে ২০১১ চনত আৰম্ভ হোৱা এক পুনেস্থিত কোম্পানী।তেতিয়াৰে পৰা বিক্ৰীৰ সৈতে জৰিত দলক প্ৰশিক্ষণ প্ৰদানত এই কোম্পানী জড়িত হৈ আছে।

Unmetric-ছছিয়েল মিডিয়া বিশ্লেষণকাৰী কোম্পানী।চেন্নাই আৰু নিউয়ৰ্কৰ শাখাৰে Unmetricয়ে ২০১৩ চনত ৫.৫ নিযুত মাৰ্কিন ডলাৰৰ চিৰিজ ‘বি’ ৰাউণ্ড লাভ কৰে।বৰ্তমান Unmetricয়ে ৩০টাৰো অধিক ক্ষেত্ৰক ২৫,০০০ৰো অধিক ব্ৰেণ্ডৰ ছটা ছছিয়েল নেটৱৰ্কিং ছাইটৰ ১৫০,০০০,০০০ৰো অধিক ক্ষুদ্ৰ উপাদান পৰিশোধন কৰে।

image


Zoho-বিভিন্ন ব্যৱসায়িক প্ৰয়োজনত ব্যৱহৃত ছফ্টৱেৰ।শ্ৰীধৰ ভেম্বুৱে প্ৰতিষ্ঠা কৰা Zohoহৈছে এক Bootstraped কোম্পানী যাৰ আনুমানিক আয় হৈছে ১০০ নিযুত মাৰ্কিন ডলাৰ।সময়ৰ সোঁতত নিজৰ ভেঁটি খামুচি এক বিশ্বমানৰ কোম্পানীলৈ পৰিণত হোৱা কমসংখ্যক এণ্টাপ্ৰাইজ কোম্পানীৰ ভিতৰত Zoho অন্যতম।

FusionCharts-ৱেব, ম’বাইল আৰু আন এপত ব্যৱহৃত জাভাস্ক্ৰীপ্ট চাৰ্ট।কলকাতাত গঠন হোৱা এই সফল কোম্পানীটোক ১৫ বছৰ পূৰ্বে প্ৰতিষ্ঠা কৰিছিল ১৭বছৰীয়া পল্লৱ নাদানীয়ে।Excelৰ বিকল্পৰূপে বজাৰলৈ অহা কোম্পানীটোৱে অতি কম সময়ৰ ভিতৰতে নিজৰ ধ্বজা উৰুৱাবলৈ সক্ষম হয়। FusionChartsও Bootstraped কোম্পানী।

Mobstac-সম্ভাৱনীয় বজাৰৰ ক্ষেত্ৰ আৰু বিশ্লেষণকাৰী ছফ্টৱেৰ।শৰথ পথাৰাজুৰ সহ উদ্যোগত প্ৰতিষ্ঠা হোৱা Mobstacয়ে প্ৰথমে ভ্ৰাম্যমাণ বাণিজ্যৰ ক্ষেত্ৰত ব্ৰেণ্ডসমূহক সহায়কাৰী ৰূপে কাম কৰিছিল। পৰৱৰ্তী সময়ত কোম্পানীটোৱে Accel Partners আৰু Ciscoৰ পৰা ২নিযুত মাৰ্কিন ডলাৰৰ চিৰিজ ‘বি’ আদায় কৰে।

Druva-এণ্টাৰপ্ৰাইজ আৰু পইণ্ট ডাটা সুৰক্ষাকাৰী আৰু পৰিচালনাকাৰী ছফটৱেৰ।মিলিন্দ বৰাটে,জশপ্ৰীত সিং আৰু ৰমনী কথানদাৰামানে ২০০৮ চনত প্ৰতিষ্ঠা কৰা কোম্পানীটোৱে বিনিয়োগৰ ক্ষেত্ৰত ৬৫ নিযুত মাৰ্কিন ডলাৰ পৰ্যন্ত আয় কৰাৰ লগতে বিশ্বৰ ৩০০০ ৰো অধিক এণ্টাৰপ্ৰাইজ গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

CloudByte-শ্বেয়াৰ কৰা তথ্য আৰু মাল্টি এপ্লিকেচন ক্ষেত্ৰৰ সাঁচতীয়া ভাণ্ডাৰ।জ্যেষ্ঠ প্ৰযুক্তিবিদৰ এটা দলে ২০১১ চনত প্ৰতিষ্ঠা কৰিছিল এই কোম্পানী।CloudByteৰ মুখ্য কাৰ্যবাহী বিষয়া হৈছে গ্ৰেগ গয়েলজ।এইপৰ্যন্ত কোম্পানীটোৱে বিনিয়োগৰ দিশত আদায় কৰিছে ৬নিযুত মাৰ্কিন ডলাৰৰো অধিক ধন।ইয়াৰ গ্ৰাহকৰ তালিকাত আছে ছনী,চিট্ৰিক্স,নেটমেজিক,এপ্তিভ’ আদি।

Webengage-অনছাইট গ্ৰাহকৰ সেৱাপ্ৰদানকাৰী কোম্পানী।অৱলেশ সিং আৰু অংকিত উটৰেজাই প্ৰতিষ্ঠা কৰা Webengageৰ আঁৰত আছে ৰাজন আনন্দনৰ দৰে এঞ্জেল কোম্পানী। পৰৱৰ্তী সময়ত এই কোম্পানীয়ে Blume Ventures আৰু GTI capitalৰ পৰা ২.৫কোটি টকাৰ ৰাউণ্ড লাভ কৰে।বিশ্বৰ সহস্ৰাধিক এণ্টাৰপ্ৰাইজ গ্ৰাহকে সেৱা গ্ৰহণ কৰা Webengageৰ শাখা মুম্বাইৰ লগতে নিউয়ৰ্কত আছে।

Wingify-A/B পৰীক্ষণৰ বাটকটীয়া।বৰ্তমান এই কোম্পানীয়ে পৰীক্ষণ আৰু অপটিমাইজেচনলৈও নিজৰ ক্ষেত্ৰ সম্প্ৰসাৰণ কৰিছে।Wingify হৈছে এনে এক Bootstraped ষ্টাৰ্টআপ যিয়ে A/B পৰীক্ষণত নিজৰ এক সুকীয়া স্থান দখল কৰিছে আৰু বৰ্তমান ইয়াৰ গ্ৰাহকৰ সংখ্যা হৈছে ৩৭০০ৰো অধিক। A/B পৰীক্ষণৰ ভাণ্ডাৰ ৰূপে ব্যৱহৃত Wingify প্ৰতিষ্ঠা কৰিছিল নতুন দিল্লীৰ পাৰস চোপ্ৰাই।

SignEasy-বৈদ্যুতিক স্বাক্ষৰ।সুনীল পাত্ৰই প্ৰতিষ্ঠা কৰা SignEasyয়ে ছপা,ফেক্স, স্কেন আৰু ৰাতিটোৰ ভিতৰতে কৰিবলগীয়া কাগজ-পাতিৰ প্ৰেৰণ আদিৰ ব্যৱস্থা নাইকীয়া কৰি কোম্পানী আৰু ব্যক্তিসকলৰ ব্যৱসায়িক আদান-প্ৰদান আৰু কামৰ সোঁত দ্ৰুততৰ কৰি তুলিছে।১৫০ দেশৰ হাজাৰ হাজাৰ কোম্পানীয়ে ইয়াৰ সেৱা গ্ৰহণ কৰে। SignEasyৰ ৫০,০০০ ৰো অধিক ধনৰ বিনিময়ত সেৱা গ্ৰহণকাৰী গ্ৰাহক আছে।

Ozonetel-ব্যৱসায়ৰ বাবে যোগাযোগৰ কেন্দ্ৰ আৰু আইভিআৰ সেৱাপ্ৰদানকাৰী।বাংগালুৰুৰ বাহিৰত অৱস্থিত আৰু সহ প্ৰতিষ্ঠাপক চৈতন্য চিৰ উদ্যোগত গঢ়ি উঠা Ozonetel হৈছে এক Bootstraped কোম্পানী।চলিত বৰ্ষৰ সমাপ্তিলৈকে ইয়াৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ৫ নিযুত মাৰ্কিন ডলাৰলৈ বৃদ্ধি পোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

Exotel-ক্লাউড টেলিফোন সেৱা প্ৰদানকাৰী। বাংগালুৰুস্থিত এই কোম্পানীৰ প্ৰতিষ্ঠাপক হৈছে শিৱকুমাৰ গণেশন।২০১২ চনত এই কোম্পানীয়ে ৫০০হাজাৰ মাৰ্কিন ডলাৰৰ ৰাউণ্ড নিজৰ বাবে আজুৰি আনে।তেতিয়াৰ পৰা বিভিন্ন সেৱাগ্ৰহণকাৰী কোম্পানীৰ প্ৰিয় ছফটৱেৰ ৰূপে পৰিগণিত হৈ আহিছে। ইয়াৰ গ্ৰাহকৰ ভিতৰত অন্যতম হৈছে, ৰেডবাছ, অ’লা আৰু আৰবানলেডাৰ আদি।

Knowlarity-ক্লাউড টেলিফনি আৰু ক্লাউড হেণ্ডলিং সমাধানকাৰী। নতুন দিল্লীত অম্বৰীশ গুপ্তাই প্ৰতিষ্ঠা কৰা Knowlarityয়ে বিশ্বজুৰি গ্ৰাহক লাভ কৰিবলৈ সক্ষম হৈছে।২০১৪ চনৰ জুলাই মাহত Knowlarityয়ে ১৬ নিযুত মাৰ্কিন ডলাৰৰ চিৰিজ ‘বি’ ৰাউণ্ড আজুৰি আনিবলৈ সক্ষম হয়।

Germin8-ছছিয়েল মিডিয়া বিশ্লেষণকাৰী কোম্পানী।২০১২ চনত নিজৰ প্ৰথম সেৱা Explicit8 মুকলি কৰি Germin8য়ে প্ৰযুক্তিগত দিশ আৰু এলগৰিথম সেৱা উন্নত কৰে।তেতিয়াৰ পৰা এই কোম্পানী বিশ্বজুৰি সম্প্ৰসাৰিত হৈ গৈ থকাৰ লগতে শেহতীয়াকৈ কালাৰী কেপিটেলৰ পৰা ৩নিযুত মাৰ্কিন ডলাৰ আহৰণ কৰিবলৈ সক্ষম হৈছে।

Covacsis-উৎপাদনকাৰী কোম্পানীৰ বৃহৎ তথ্য বিশ্লেষণকাৰী।২০০৯ চনত এই কোম্পানী প্ৰতিষ্ঠা কৰিছিল তৰুণ মিশ্ৰা আৰু অভিজিত মাহাত্ৰেই।মুম্বাইস্থিত এই কোম্পানীয়ে উৎপাদনকাৰী উদ্যোগক লক্ষ্য কৰি বুদ্ধিদীপ্ত প্লাণ্টৰ আন্তগাঁঠনিৰ ধাৰণা গ্ৰহণ, ডিজাইন কৰাৰ লগতে ইয়াক প্ৰৱৰ্তনো কৰিছে।কোম্পানীটোৱে ৰিলায়েন্স আৰু চিস্কোৰ পৰা ২.৪৫ কোটি টকাৰ ব্যৱসায় আদায় কৰিবলৈ সক্ষম হৈছে।

Logistimo-ম’বাইল বিতৰণকাৰী শৃংখলাৰ আহিলা।অনুপ,অক্কিহালে প্ৰতিষ্ঠা কৰা Logistimo হৈছে গ্ৰাম্যক্ষেত্ৰৰ বজাৰৰ বাবে এক বিশেষ বিতৰণকাৰী শৃংখলাৰ ছফটৱেৰ।

Seclore-তথ্যৰ সুৰক্ষা আৰু অধিকাৰ পৰিচালনাকাৰী ছফ্টৱেৰ।বিশাল গুপ্তাই গঢ় দিয়া এই সুৰক্ষামূলক ছফ্টৱেৰে ২০১৩ চনত হিলিয়ন ভেনছাৰ পাৰ্টনাৰছ আৰু ভেন্টুৰিয়েষ্টৰ পৰা ৬নিযুত মাৰ্কিন ডলাৰ অৰ্জন কৰে।বিগত তিনিবছৰত এই কোম্পানী ২০গুণ ডাঙৰ হৈছে।কোম্পানীটোৱে নিযুক্তি প্ৰদান কৰিছে ১০০ ৰো অধিক লোকক।

Ezetep-ধনৰ লেন-দেন সহজ কৰি তুলিছে।এঞ্জেল প্ৰাইমে সমৰ্থন প্ৰদান কৰা আৰু সহপ্ৰতিষ্ঠাপক অভিজিত বোসে গঢ় দিয়া Ezetepয়ে ধনৰ লেন-দেন সহজ কৰি তুলিবলৈ চেষ্টা কৰিছে।২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত কোম্পানীটোৱে ৮নিযুত মাৰ্কিন ডলাৰৰ চিৰিজ ‘বি’ ৰাউণ্ড আহৰণ কৰে।১০০ৰো অধিক কৰ্মচাৰীৰ এটা দলৰ সহায়ত কোম্পানীটোৱে তদাৰক কৰে ভাৰত, দক্ষিণ পূৱ এছিয়া আৰু আফ্ৰিকাত ব্যৱহাৰ হৈ থকা ২০,০০০ৰো অধিক যন্ত্ৰ।

Tyto-ThoughWorksৰ প্ৰাক্তন পেছাদাৰী ভি নাৰায়ণ ৰামনে প্ৰতিষ্ঠা কৰা Tyto ৰ মূলমন্ত্ৰ হৈছে ৱেব এপ্লিকেচনৰ স্বয়ংক্ৰিয়তা পৰীক্ষা কৰা। এক বিশ্বমানৰ Bootstraped কোম্পানী Tytoয়ে যোৱা বছৰৰ ডিচেম্বৰ মাহত সফলতাৰে পাঁচ বছৰ সম্পূৰ্ণ কৰিছে। তেওঁলোকৰ ছফটৱেৰ Sahi Proবৰ্তমান ৩৫০ৰো অধিক গ্ৰাহকে ব্যৱহাৰ কৰে।

Zapstitch-ই-কমাৰ্চ ষ্ট'ৰ আৰু একাউণ্টিং ছফ্টৱেৰৰ মাজত তথ্যৰ সমন্বয় ঘটায়।সত্য ডেভাৰকোণ্ডাই প্ৰতিষ্ঠা কৰা বাংগালুৰুৰ এই কোম্পানীয়ে ২০১৪চনৰ আৰম্ভণিতে এক এঞ্জেল ৰাউণ্ড ৰূপায়ন কৰিছিল।বৰ্তমান ১২০০ৰো অধিক অনলাইন ষ্টৰে Zapstitchৰ সেৱা গ্ৰহণ কৰে।

Cocubes-মূল্যায়ন আৰু কেম্পাছ নিযুক্তিৰ ভেঁটি প্ৰদানকাৰী।হৰপ্ৰীত গ্ৰভাৰ আৰু বিভোৰ গয়েলে সহযোগিতাৰে প্ৰতিষ্ঠা কৰা Cocubesৰ সেৱা বৰ্তমান ৪৫০ কৰ্পৰেট প্ৰতিষ্ঠান আৰু ২৬০০ কলেজে গ্ৰহণ কৰে।অ’জাছ ভেনচাৰ পাৰ্টনাৰ আৰু আন এঞ্জেলছে Cocubesক সমৰ্থন প্ৰদান কৰে।

Contify-এণ্টাৰপ্ৰাইজ আৰু বিভিন্ন গোটৰ বাবে Contify হৈছে প্ৰতিযোগিতামূলক মেধা।মোহিত ভাকুনিয়ে প্ৰতিষ্ঠা কৰা Contifyৰ বুদ্ধিদীপ্ততাৰ ভেঁটি বিভিন্ন এণ্টাৰপ্ৰাইজে ব্যৱহাৰ কৰি নিজৰ প্ৰতিযোগিতামূলক দক্ষতা,বিশেষ প্ৰকল্প,আওতাৰ বাহিৰৰ কাৰ্যসূচী আৰু গ্ৰাহকক সেৱা প্ৰদানৰ মান বৃদ্ধি কৰে।

Whatfix-‘কেনেকৈ কাৰ্য কৰিব’-ইয়াৰ বাবে আন্তঃসমন্বয়কাৰী পথ নিৰ্দেশক গ্ৰহণ কৰাত কোম্পানীসমূহক সহায় কৰে।খাদিম বাট্টি আৰু বাৰা কুমাৰে প্ৰতিষ্ঠা কৰা Whatfixয়ে সাম্প্ৰতিক এণ্টাৰপ্ৰাইজৰ আৰ্হিৰ বাটকটীয়াৰূপে পৰিচয় তুলি ধৰিছে।শেহতীয়াকৈ হেলিয়ন ভেনছাৰ পাৰ্টনাৰৰ পৰা এই কোম্পানীয়ে ১নিযুত মাৰ্কিন ডলাৰৰ ৰাউণ্ড অৰ্জন কৰিছে।

Wooqer-দলগত আৰু ব্যক্তিগত উৎপাদনশীলতা বৃদ্ধিৰ এক মঞ্চ।১০০ৰো অধিক গ্ৰাহক আৰু মুঠ ১লাখ ব্যৱহাৰকাৰীৰে Wooqerহৈছে এক Bootstrapped কোম্পানী। বিভিন্ন কোম্পানী তথা ফৰামসমূহৰ কামত অহাকৈ যোগাযোগ আৰু আন সেৱাৰ মাধ্যম প্ৰদান কৰে এই Wooqerয়ে।

Simplify360-বাংগালুৰুস্থিত এক ছছিয়েল মিডিয়া বিশ্লেষণকাৰী কোম্পানী আৰু ২০০৯ চনত ভূপেন্দ্ৰ খানালে ইয়াক প্ৰতিষ্ঠা কৰিছিল।এবছৰ পূৰ্বে কোম্পানীটোৰ অধীনস্থ Adope,Wpp আদি সেৱা বিক্ৰী হোৱাৰ উৰাবাতৰি ওলাইছিল যদিও কোম্পানীটোৱে এনেসময়তো দৃঢ়তাৰে মুৰ দাঙি থিয় হৈ ৰয়।হিৰ’, ইনফ’ছিছ,এইচডিএফচি,অগলীভি আৰু বহুতো নামজ্বলা কোম্পানীয়ে Simplify360ৰ সেৱা গ্ৰহণ কৰে।গোলকীয় ছছিয়েল মিডিয়া বিশ্লেষণকাৰী ক্ষেত্ৰত Simplify360হৈছে এক শক্তিশালী নাম।

KNOLSKAPE-ব্যৱসায়ৰ বাবে এক পৰীক্ষামূলক শিক্ষণ সমাধান।২০০৮ চনত ৰাজীৱ জয়াৰামনে এই কোম্পানী প্ৰতিষ্ঠা কৰে। KNOLSKAPEয়ে গেমিফিকেচন আৰু দক্ষতাৰ ৰূপান্তৰৰ ক্ষেত্ৰত ছিমুলেচন ছফটৱেৰত গুৰুত্ব প্ৰদান কৰে।বিভিন্ন উচ্চমানৰ মানৱ সম্পদ বিভাগৰ সৈতে যুঁটি বন্ধা কোম্পানীটোৱে নিজৰ সৱল স্থিতি প্ৰমাণ কৰিছে ছিংগাপুৰ, মালয়েছিয়া আৰু ফিলিপিনছৰ দৰে দেশতো।

টোকাঃএই প্ৰৱন্ধ যুগুত কৰা হৈছিল ভাৰতৰ পৰা পৰিচালিত হোৱা B2Bষ্টাৰ্টআপে গ্ৰহণ কৰা বিভিন্ন কামৰ ওপৰত আলোকপাত কৰিবলৈ।এনেধৰণৰ আন বহুতো কোম্পানীয়ে উন্নত প্ৰদৰ্শন কৰি আছে সেই বিষয়ে আমি নিশ্চিত। আমি অনাগত সময়ত এই প্ৰৱন্ধত নতুন তথ্য সন্নিবিষ্ট কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিম।

মূলঃজুবিন মেহতা

অনুবাদঃতুলিকা দেৱী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিমান প্ৰযুক্তিৰ ডিজাইনিঙৰ পৰা অনলাইনত চাহ বিক্ৰী কৰালৈ, অভিজিত মজুমদাৰৰ সাফল্যৰ কাহিনী।

১৫ লাখ টকা লোকচান আৰু এবছৰতে বন্ধ হৈ যোৱা মোৰ প্ৰথম ব্যৱসায়টো

দীপা মালিকঃ শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি অসম্ভৱক সম্ভৱ কৰি তোলা এগৰাকী মহিলা

ডুডল ডুৰ চিত্ৰকলা আৰু উদ্যোগশীল ৰচনা প্ৰভু