নাৰী শক্তিক পুনৰ প্ৰমাণ কৰি দিল্লীৰ পৰা লণ্ডনলৈ গাড়ী চলাই অভিযান সম্পূৰ্ণ কৰিলে নিধি তিৱাৰী আৰু তেওঁৰ দুই সহযাত্ৰীয়ে

0

তিনি গৰাকী মহিলা,২৩,৮০০ কিলোমিটাৰ দূৰত্ব,১৭ খন দেশ,৯৭ দিন আৰু এক সাহসী পৰিক্ৰমা।হয় বাঙ্গালুৰুৰ তিনিগৰাকী মহিলাই সাহসীকতাৰ নিদৰ্শন দাঙি ধৰাৰ লগতে আকৌ এবাৰ প্ৰমাণ কৰিলে যে মহিলা কোনোকাৰণত পুৰুষতকৈ পিছপৰা নহয়। নিধি তিৱাৰী,ৰশ্মি কাপুৰ আৰু ডা° সৌম্ম্যা গৌৱেলে ৰাজধানী দিল্লীৰ পৰা সুদূৰ লণ্ডলৈ স্থলপথেৰে এক প্ৰত্যাহ্বান পূৰ্ণ যাত্ৰা সম্পূৰ্ণ কৰি দেখুৱালে।নতুন দিল্লীৰ ইণ্ডিয়া গেটস্থিত মেজৰ ধ্যানচান্দ ষ্টেডিয়ামৰ পৰা বিগত বৰ্ষৰ ২৩ জুলাই তাৰিখে যাত্ৰা আৰম্ভ কৰি ২৭ অক্টোবৰত লণ্ডনত উপস্থিত হয় তিনিগৰাকী মহিলা। তেওঁলোকে যাত্ৰা কৰিছিল এখন স্কৰপিঅ' গাড়ীৰে।গুৰুত্বপূৰ্ণ কথা হল যে এই যাত্ৰাপথত গাড়ী চালক আছিল কেৱল এগৰাকী মহিলা। প্ৰায় চৌব্বিশ হাজাৰ কিলোমিটাৰ দূৰত্ব অকলেই গাড়ী চলাই অতিক্ৰম কৰা এই ভ্ৰমণটোৰ পৰিকল্পনাও আছিল নিধি তিৱাৰীৰ।

এজন সেনা জোৱানৰ পত্নী আৰু দুই সন্তানৰ মাতৃ নিধি তিৱাৰী এগৰাকী আউটডৰ শিক্ষয়ত্ৰী হোৱাৰ লগতে অফৰোড জীপাৰ হিচাপে জনাজাত।দীঘলীয়া দূৰত্ব আৰু ওখ ঠাইত ড্ৰাইভিঙ কৰি ভাল পায় নিধি তিৱাৰীয়ে।

য়'ৰ ষ্ট'ৰীৰ লগত হোৱা এক সাক্ষাৎকাৰত নিধি তিৱাৰীয়ে কয়-'এই যাত্ৰাত যোৱাৰ আগতে মই পশ্চিমীয়া দেশৰ লগতে উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, চিকিম, অৰুণাচল প্ৰদেশ, নেপাল, ভূটান, আমেৰিকা, দক্ষিণ কোৰিয়া আৰু কেনিয়াত ড্ৰাইভিঙ কৰিছো। বিবাহৰ আগত মই বাঙ্গালুৰুত জিপিঙ কৰিছিলো আৰু মই প্ৰথম মহিলা জীপাৰ হিচাপে জনাজাত আছিলো।'

বিবাহৰ পিছত নিধি দিল্লীলৈ আহে যদিও তেওঁৰ ড্ৰাইভিঙৰ প্ৰতি থকা নিচা কমা নাছিল।তেওঁৰ স্বামীয়ে তেওঁৰ ইচ্ছাক সফল কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। বিবাহৰ পিছত তেওঁ স্বামীৰ সৈতে ভাৰতবৰ্ষৰ প্ৰায়বোৰ ঠাই ভ্ৰমণ কৰিছে।২০০৭ চনত প্ৰথমবাৰৰ বাবে লাডাখলৈ ড্ৰাইভিঙ কৰি যোৱাৰ পিছত পাহাৰীয়া ঠাই ভ্ৰমণৰ প্ৰতি তেওঁৰ আগ্ৰহ জন্মিল। 'মই যেতিয়া প্ৰথমবাৰ লাডাখলৈ ড্ৰাইভিঙ কৰি গৈছিলো, সেই যাত্ৰাত বহু প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছিলো। কিন্তু প্ৰতিকূলতাক নেওচি মই যাত্ৰা সম্পূৰ্ণ কৰাত সফল হ'লো। মই যিহেতু দেশৰ প্ৰায়বোৰ ঠাইলৈ ড্ৰাইভিঙ কৰি গৈছিলো সেয়ে মই আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভ্ৰমণ কৰাৰ কথা ভাবিলো।'

এই উদ্দেশ্য আগত ৰাখি নিধিয়ে তেওঁৰ বান্ধৱীৰ লগত আলোচনা কৰি ড্ৰাইভিঙৰ ক্ষেত্ৰত মহিলা সকলৰ মাজত সজাগতা অনাৰ লগতে 'Women Beyond Boundaries' নামৰ এক সংস্থাৰ জন্ম দিয়ে। নিধিয়ে অনুভৱ কৰিছিল ভাৰতবৰ্ষত মহিলাই গাড়ী চলোৱা কথাটো পুৰুষসকলে বিশ্বাসত নলয়।আনহাতে মহিলা সকলৰো ড্ৰাইভিঙৰ প্ৰতি এক শংকা আছে। নিধিয়ে এই সন্দৰ্ভত কয়-'ভাৰতীয় মহিলা সকলে ড্ৰাইভিঙৰ কৌশল ভালদৰে নাজানে।আনহাতে মহিলা সকল নিজে বাহনৰ গৰাকী নোহোৱাৰ বাবে ড্ৰাইভিঙ কৰিবলৈ তেওঁলোকৰ আত্মবিশ্বাসৰ অভাৱ।এই সংগঠনৰ দ্বাৰা আমি মহিলা সকলক ড্ৰাইভিঙৰ প্ৰতি আগ্ৰহান্বিত কৰাৰ লগতে তেওঁলোক যাতে সকলো দিশৰ পৰা পুৰুষৰ সমানে আগবাঢ়ি যাব পাৰে তাৰবাবে তেওঁলোকক আত্মবিশ্বাসী কৰি তুলিব খোজোঁ।'

'উইমেন বিয়ণ্ড বাউণ্ডেৰিজ' গঠনৰ পাছত এই ব্যয়বহুল যাত্ৰাৰ খৰচ বহন কৰিবলৈ তেওঁলোকে এজন উদ্যোগীৰ সন্ধান কৰিছিল।এইক্ষেত্ৰত নিধিয়ে কয় যে এই কাম তেওঁলোকৰ বাবে যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল আৰু বাস্তবিক ক্ষেত্ৰত তেওঁ প্ৰথমবাৰলৈ বহু প্ৰশ্নৰ সন্মুখীন হৈছিল।'বহু দেশ, বহু দিনৰ যাত্ৰা,দুৰ্গম ৰাস্তা আৰু এগৰাকী অকলশৰীয়া মহিলা। প্ৰায়বোৰ লোকে এই কথাৰ প্ৰতি শংকা প্ৰকাশ কৰিছিল। তেওঁলোকে মোক কলে যে মই যি কৰাৰ কথা চিন্তা কৰিছো সেয়া সম্ভৱ নহয়।কিন্তু এই কথাবোৰে মোক প্ৰেৰণাহে দিছিল।'

অৱশেষত মহিন্দ্ৰাৰ সঞ্চালকে তেওঁৰ প্ৰস্তাৱত সন্মতি জনায়।নিধিয়ে কয়-'মহিন্দ্ৰাৰ সঞ্চালকৰ লগত মোৰ কথা-বাৰ্তা সদৰ্থক আছিল। কিন্তু তেওঁলোকেও মোৰ যাত্ৰা সুগম নহয় বুলি শংকা প্ৰকাশ কৰিছিল। তেওঁলোকে কৈছিল যে এই যাত্ৰাত মই কেইজনমান সঙ্গী ললেহে মোৰ যাত্ৰাৰ উদ্যোগ তেওঁলোকে ল'ব।আনহাতে Lenovo এ আমাক টিমফন, থিংকপেড আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী দিয়াৰ প্ৰতিশ্ৰুতি দি আমাক উৎসাহিত কৰিলে।'

পৰৱৰ্তী সময়ত নিধিয়ে তেওঁৰ স্কুলীয়া বান্ধৱী ৰশ্মি কাপুৰ আৰু আৰু ডা° সৌম্ম্যা গৌৱেলক তেওঁৰ সহযাত্ৰী হোৱাৰ প্ৰস্তাৱ দিয়াত তেওঁলোক ৰাজী হৈছিল।ৰশ্মি কাপুৰ এটা সন্তানৰ মাতৃ হোৱাৰ লগতে বাঙ্গালুৰুৰ এম.এছ.ৰামেয়া বিশ্ববিদ্যালয়ৰ হোটেল মেনেজমেন্ট বিভাগৰ প্ৰফেছৰ।আনহাতে ফিজিঅ থেৰাপিষ্ট ডা° সৌম্ম্যা গৌৱেলো এগৰাকী ভ্ৰমণ বিলাসী মহিলা।

'আমি যাত্ৰাৰ বাবে সাজু হোৱাত মহিন্দ্ৰাই আমাক এখন পুৰণি স্কৰপিঅ' গাড়ী প্ৰদান কৰে যিখন ইতিমধ্যে ৬৮৫০০ কিলোমিটাৰ চলোৱা হৈছিল।মই যিহেতু আগতে বহু ঠাইলৈ ড্ৰাইভিঙ কৰিছো,গতিকে আমাৰ এই যাত্ৰাৰ বাবে এইখন গাড়ী সুবিধাজনক বুলি মই বুজি পাইছিলো।আমি সৌভাগ্যবান যে এই কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰণালয়ে আমাক এই যাত্ৰাৰ বাবে সহযোগিতা আগবঢ়ালে।'

২৪ জুলাই তাৰিখে কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ আৰু সৰ্বানন্দ সোণোৱালে তেওঁলোকৰ যাত্ৰাৰ শুভৰাম্ভ কৰে।প্ৰথমটো সপ্তাহতে তেওঁলোকে ম্যানমাৰলৈকে ২৫০০ কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰে।পৰৱৰ্তী সময়ত চীন,উজবেকিস্তান, ৰুচ, ইউক্ৰেন, চেক গণৰাজ্য, জাৰ্মানী, বেলজিয়াম আদি দেশ পৰিভ্ৰমণ কৰি ২৭ অক্টোবৰ তাৰিখে লণ্ডনত উপস্থিত হয়।

নিধিয়ে কয় যে তেওঁলোকে নেপাল হৈ যাত্ৰা আৰম্ভ কৰাৰ কথা ভাবিছিল যদিও নেপালত ভূমিকম্প অহাৰ বাবে ম্যানমাৰ হৈ যাবলগীয়া হল।ইফালে ম্যানমাৰৰ যাত্ৰাপথো সুগম নাছিল।তাত হোৱা প্ৰৱল বানপানীৰ বাবে তেওঁলোক এমাহ আৱদ্ধ হবলগীয়া হৈছিল।'পৰিস্থিতি দেখি বহু লোকে আমাক ঘূৰি যাবলৈ পৰামৰ্শ দিছিল। মোৰ সহযাত্ৰী দুগৰাকী কিছুদিনৰ বাবে ঘৰলৈ গুছি গৈছিল যদিও মই অকলেই তাত থকাৰ সিদ্ধান্ত ললো।বানপানী কিছু কমাত মই অকলেই আগবাঢ়িলো আৰু মেডলিনত মোৰ সহযাত্ৰী দুগৰাকীয়ে পুনৰ এই যাত্ৰাত যোগ দিলে। ভিছাক লৈ কোনো কোনো দেশত জটিল পৰিস্থিতিৰ সন্মুখীন হৈছিলো যদিও দূতাবাস তথা আন উচ্চবৰ্গীয় বিষয়াৰ সহযোগত এই যাত্ৰা সমাপ্ত কৰাত সফল হৈছিলো।'

এই সম্পূৰ্ণ যাত্ৰাত প্ৰতিগৰাকী ব্যক্তিৰ আঠ লাখকৈ টকা খৰচ হৈছিল।এই খৰচ উদ্যোগকাৰীয়ে বহন কৰা খৰচৰ অতিৰিক্ত আছিল।ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত নিধিয়ে কয়-'আমি উইমেন বিয়ণ্ড বাউণ্ডেৰিজৰ প্ৰসাৰৰ লগতে এই সংগঠনৰ লগত আৰু মহিলাক জড়িত কৰি তেওঁলোকক ড্ৰাইভিঙৰ প্ৰতি আগ্ৰহান্বিত কৰিব বিচাৰোঁ।ইয়াৰোপৰি দিল্লীৰ পৰা লণ্ডলৈ সফল যাত্ৰাৰ পিছত এনে আৰু অভিযানৰ আমি পৰিকল্পনা কৰিছো।

নিধি তিৱাৰীৰ মতে এক নিৰ্দ্ধাৰিত দূৰত্ব অতিক্ৰম কৰা মানেই যাত্ৰা কৰা নহয়। নিজৰ ক্ষমতা বিচাৰি উলিয়াই জীৱনৰ নতুন লক্ষ্য নিৰ্দ্ধাৰিত কৰি সেই লক্ষ্য প্ৰপ্তিৰ বাবে নিজক অনুপ্ৰাণিত কৰাই হল যাত্ৰাৰ মূল লক্ষ্য।


ফটো উৎস: 'Women Beyond Boundaries'


মূল: নিশান্ত গোৱেল

অনুবাদ: পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

‘আঞ্জা-আচাৰত লেটি লৈ থকা এই ভাৰতীয়টোক পিটি পিটি ফাঁচী দিব লাগে’: ই-মেইল উদ্ভাৱক শিৱ আয়াদুৰাইৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰোশৰ কাহিনী

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান