দেউলীয়া পিতৃৰ পুত্ৰই কোটিপতিৰ সৃষ্টি কৰে

দেউলীয়া পিতৃৰ পুত্ৰই  কোটিপতিৰ সৃষ্টি কৰে

Tuesday December 15, 2015,

3 min Read

সকলোৱেই নিজে কোটিপতি হ’ব খোজে। আমি এনে এগৰাকী মানুহ লগ পাইছোঁ যি আনক কোটিপতি বনোৱাত অধিক আগ্ৰহী। ব্যক্তিজনৰ নাম প্ৰতীক পেটেল। তেওঁ এজন দুজন নহয়, এতিয়ালৈকে প্ৰায় ত্ৰিশ হাজাৰ লোকক কোটিপতি বনোৱাৰ কামত ব্যস্ত প্ৰতীক।

2013 চনৰ প্ৰতীক পেটেলে “নিফটি মিলিয়নেয়াৰ” আৰম্ভ কৰে। আজি তেওঁৰ সংস্থাই শ্বেয়াৰ বজাৰত প্ৰায় 200 কোটি টকাৰ পুঁজি চম্ভালি আছে।

প্ৰতীকৰ মগজুত ভাৰতৰ শ্বেয়াৰ বজাৰৰ পৰিসংখ্যাটোৱে সদায় খেলা কৰিছিল। পৰিসংখ্যাৰ মতে দেশৰ কেৱল 4% লোকে হে শ্বেয়াৰ বজাৰত টকা বিনিয়োগ কৰে। আমেৰিকাত এই সংখ্যা প্ৰায় 40%। বৰ্তমান আমাৰ দেশত প্ৰায় 4500 কোটি টকা শ্বেয়াৰ বজাৰত বিনিয়োগ হৈ আছে। আৰু ইয়াৰ সতে জড়িত হৈ আছে প্ৰায় ডেৰকোটি বিনিয়োগকাৰী। অহা দহবছৰত এই সংখ্যা দহগুণ বৃদ্ধি পাব। এই ভৱিষ্যতৰ বিনিয়োগকাৰীসকলক সঠিক পথ দেখুৱাব খোজে প্ৰতীকে। “নিফটি মিলিয়নেয়াৰ” সেইদিশেই আগবাঢ়ি গৈছে।

image


এই সংস্থাৰ লক্ষ্য হৈছে প্ৰতিজন বিনিয়োগকাৰীকে আৰ্থিক লেনদেনৰ স্বাধীনতা প্ৰদান কৰা। সেইবাবেই সংস্থাৰ কৰ্মীবৃন্দই গ্ৰাহকৰ সৈতে খোলাখুলিকৈ কথা পাতে। তেওঁলোকে অৰ্থ বৃদ্ধিৰ উপায়ৰ উপৰিও গ্ৰাহকক বজাৰত থকা ৰিস্কৰ বিষয়ে জনাই দিয়ে। এই বিনিয়োগকাৰীসকল যাতে প্ৰতাৰকৰ জালত নপৰে, কৰ্মীসকলে সেই দিশতো লক্ষ্য ৰাখে। এই কাৰণেই “নিফটি মিলিয়নেয়াৰ”ৰ যোগেদি লেনদেন কৰি গ্ৰাহকসকলে লাভৰ মুখ দেখিবলৈ পাইছে।

পৰিসংখ্যাৰ মতে মুম্বাইৰ ফাৰ্মখনে প্ৰায় ডেৰহাজাৰ বিনিয়োগকাৰীক সেৱা প্ৰদান কৰে। সমগ্ৰ দেশতে তেওঁৰ কোম্পানীৰ ত্ৰিশহাজাৰতকৈও অধিক বিনিয়োগকাৰী আছে।
image


তেওঁ একেদিনাই এই সাফল্যৰ মুখ দেখা নাছিল। প্ৰতীকে অনেক প্ৰত্যাহবানৰ সমুখীন হ’বলগীয়া হৈছিল। তেওঁ মাত্ৰ ওঠৰ বছৰ বয়সতে নিজৰ দেউতাকক দেউলীয়া হোৱা দেখিছিল। এই ঘটনাই তেওঁক ভিতৰৰ পৰা কঁপাই তুলিছিল। নিজৰ এসাজ যোগাৰ কৰিবলৈকে পৰিশ্ৰম কৰিবলগীয়া হোৱা প্ৰতীকৰ মূৰত সদায়েই প্ৰশ্ন কিছুমান ঘূৰপাক খাই থাকিছিল। দেউতাকৰ “ব্ৰ’কাৰেজ ফাৰ্ম”ৰ শেষ হৈ যোৱাৰ উৎস বিচাৰি ফুৰোঁতেই তেওঁ নিজে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি পেলায়। প্ৰথমতে তেওঁৰ লোকচান হয়। কোন শ্বেয়াৰত বিনিয়োগ কৰিলে লাভ হয়? এই প্ৰশ্নৰ উত্তৰ পাবলৈ প্ৰতীকে কেইবাখনো শ্বেয়াৰ বজাৰ সম্পৰ্কীয় কিতাপ অধ্যয়ন কৰি পেলায়। কেইবাজনো ব্ৰ’কাৰৰ সৈতেও তেওঁ কথা পাতে।এইদৰে সঞ্চিত তেখেতে নিজৰ অভিজ্ঞতাৰ কথা পৰিচিত কেইজনমান লোককো জনায়। প্ৰতীকৰ পৰামৰ্শ মতে বিনিয়োগ কৰি তেওঁলোকে লাভান্বিত হয়। এজনে তেওঁক পৰামৰ্শ দিয়াৰ বাবদ অলপ টকা দিয়ে। সেই তেতিয়াৰে পৰাই “নিফটি মিলিয়নেয়াৰ”ৰ ভেঁটি স্থাপিত হৈছিল।

এখন সৰু মেজ আৰু এজন কৰ্মচাৰী ৰাখি দেউতাকৰ অফিচৰ এক সৰু অংশত তেওঁ “নিফটি মিলিয়নেয়াৰ” যাত্ৰা আৰম্ভ কৰিছিল। জুপুৰিৰ পৰা আৰম্ভ কৰি চাৰি বছৰৰ ভিতৰতে চাৰে আঠ হাজাৰ বৰ্গফুটৰ বিশাল অফিচ প্ৰতীকে গঢ়ি তুলিছে।

বিনিয়োগকাৰীৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে কৰ্মীৰ সংখ্যাও বাঢ়িছে। “নিফটি মিলিয়নেয়াৰ” কৰ্মচাৰীৰ সংখ্যা 100 পাৰ হৈ গৈছে। ইমান সফলতাৰ পিছতো প্ৰতীকৰ অহংকাৰ নাই। কাৰণ মহাত্মা গান্ধীৰ কথা এষাৰ তেওঁ সদায় মনত ৰাখি চলে: “দা ৱৰ্ল্ড হেজ এনাফ ফৰ এভ্ৰিওৱান্স নীড, বাট নট এনাফ ফৰ এভ্ৰিওৱান্স গ্ৰীড।” (পৃথিৱীৰ সম্পদসমূহ সকলোৰে প্ৰয়োজন পুৰাব পৰাকৈ যথেষ্ট কিন্তু সকলোৰে লোভ পূৰাব পৰাকৈ যথেষ্ট নহয় । )

মূল লেখ: তন্ময় মূখাৰ্জী

অনুবাদ: শান্তনু চাংমাই

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

এটিএম বিচাৰি হাবাথুৰি খোৱাৰ ফলত সৃষ্টি হোৱা এটা ব্যৱসায়ৰ লক্ষ্য ২৫০ কোটি টকা

চহকী ভাৰতীয়সকল চহকী আমেৰিকান সকলৰ দৰে দানী নহয় কিয় ? আজিম প্ৰেমজীয়ে দিব উত্তৰ

সন্তানৰ অসুখেই সফল উদ্যোগীত পৰিণত কৰিলে এগৰাকী মহিলাক

'এই কামটো আগৰ পৰাই কোনোবাই কৰিছে'-এজন উদ্যমী ব্যক্তিয়ে এই কথাষাৰৰ কেনে প্ৰতিক্ৰিয়া কৰিব