ডিজিটেল আক্ৰমণকাৰীৰ বিৰুদ্ধে যুঁজত ৰিয়াজ আহমেদ ৱালিকাৰ

ডিজিটেল আক্ৰমণকাৰীৰ বিৰুদ্ধে যুঁজত ৰিয়াজ আহমেদ ৱালিকাৰ

Wednesday December 23, 2015,

8 min Read

“এটা ঘণ্টাৰ ভিতৰতে মোৰ গোটেই ডিজিটেল জীৱনটোৱেই নষ্ট হৈ গ’ল।প্ৰথমে মোৰ গুগল একাউণ্টটো হেক কৰি মচি দিয়া হ’ল।পিছত মোৰ টুইটাৰ একাউণ্টটোকো হেক কৰি সেইটোৰ জৰিয়তে কিছুমান অশ্লীল বাৰ্তা প্ৰেৰণ কৰা হ’ল।সৰ্ব্বোপৰি মোৰ এপল্ আইডিটো হেকাৰ বিলাকে ব্যৱহাৰ কৰি মোৰ আই ফোন, আই পেড আৰু মেকবুকত থকা সকলো তথ্য নষ্ট কৰি পেলালে।”

এয়া কোনো এক বৈজ্ঞানিক কল্পকাহিনীৰ ছবিৰ অংশ নহয়, বৰং এক সত্য ঘটনা, যিটো ২০১২ চনত মেট হ’নান নামৰ এজন সাংবাদিকৰ লগত সংঘটিত হৈছিল।আজিৰ ডিজিটেল পৃথিৱীৰ অতি যোগাযোগ ব্যৱস্থাত এই ঘটনাটোৱে ইণ্টাৰনেটৰ নিৰাপত্তা যে কিমান বেছি সেইটোকে বুজাইছে।কেৱল ২০১৪ চনতে বিশ্বজুৰি ৪২মিলিয়নৰো অধিক চাইবাৰ অপৰাধ সংঘটিত হৈছে, যিটো ২০১৩ৰ তুলনাত ৪৮ শতাংশ বেছি।অলপতে, ভাৰতৰ আগশাৰীৰ ষ্টাৰ্টআপ প্ৰতিস্থান অ’লা, জমেট’ আৰু গানা ডট কমৰ একাউণ্ট হেক কৰি লাখ লাখ ব্যৱহাৰকাকীৰ তথ্য বিপদাপন্ন কৰি তুলিছিল।এতিয়া আৰু ইণ্টাৰনেটৰ নিৰাপত্তা বিলাসিতা নহয়, ই অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে।আমি আজি এনে এজন লোকৰ কথা ক'বলৈ ওলাইছো যি বেছিভাগ সময় সামগ্ৰীৰ বুজাপৰা, ভাঙোন আৰু যোৰা লগোৱা আৰু নিৰাপত্তা বিষয়ক গৱেষণাতে পাৰ কৰিলে।বৰ্তমান তেওঁ গুগল, ফেচবুক, এড’ব, মজিলা আৰু টুইটাৰৰ নিৰাপত্তাৰ কাৰণে হল অৱ ফেমত আছে।

image


ৰিয়াজ আহমেদ ৱালিকাৰ এজন ৱেব এপ্লিকেশ্যন নিৰাপত্তা বিশেষজ্ঞ আৰু এজন ভেদ পৰীক্ষক অভিযন্তা। তেওঁ ৱেবচাইট আৰু ডিজিটেল ব্যৱস্থাত সংঘটিত ভয়াবহতাবোৰ চিনাক্ত কৰি সেইবোৰ নষ্ট কৰি পেলায়।জীৱনৰ এছোৱা গুৰুত্বপূৰ্ণ সময় গোৱাত পাৰ কৰা ৰিয়াজৰ কাহিনী বৰ আকৰ্ষণীয়।

এগৰাকী জ্যোতিৰ্বিজ্ঞানী, এগৰাকী শিক্ষক বা এগৰাকী তাৰকা পদাৰ্থবিদ বা নহ’লে এজন বৈমানিক হ’লে কেনে হয়...

শৈশৱত ৰিয়াজ ইমানেই বেছি উৎপতীয়া আছিল যে তেওঁ যে ডাঙৰ হৈ কিবা হ’ব পাৰিব কোনেও ভৱা নাছিল।মাক-দেউতাক দুয়ো কলেজলৈ যিহেতু গৈ নাপালে, সেয়ে তেওঁলোকৰ ল’ৰা-ছোৱালীকেইটাই যাতে শিক্ষাৰ মূল্যটো বুজি পায় তেওঁলোকে সেই কথাটোত গুৰুত্ব দিছিল।স্কুলীয়া দিনত ৰিয়াজে ‘তুমি কি হ’বলৈ বিচৰা?’ প্ৰশ্নটোৰ উত্তৰ সদায় বেলেগ বেলেগ শ্ৰেণীত বেলেগধৰণেৰে দিছিল।সপ্তম মানত তেওঁ জ্যোতিৰ্বিজ্ঞানী হ’ব বুলি ভাৱিছিল, অষ্টম মানত শিক্ষক, আকৌ পিছত তাৰকাপদাৰ্থবিদ, কেতিয়াবা বৈমানিক, চিকিৎসক আদি হ’ব বিচাৰিছিল।

'মই মাথোঁ জীৱনটোক লৈ সন্তুষ্ট হ’ব বিচাৰিছিলো।যদি মই মানুহক সহায় কৰিব পাৰোঁ আৰু দেশখন (সমগ্ৰ বিশ্ব) আগবাঢ়ি যোৱাত কিবা বৰঙণি আগবঢ়াব পাৰোঁ, তেতিয়াহে মই মোৰ কাম কৰিব পাৰিছো বুলি ভাৱিম আৰু তেতিয়াই নিজকে সফল হৈছো বুলিও ভাৱিম। ৰিয়াজে নৱম শ্ৰেণীতে কম্পিউটাৰৰ লগত পৰিচয় হৈছিল, কিন্তু তেতিয়া কম্পিউটাৰ এটা কিনাৰ কথা ভাৱিব পৰা নাছিল। সেয়ে তেওঁ কম্পিউটাৰ চাফা কৰা, তাত লাগি থকা ধুলি চাফা কৰা আৰু লাইব্ৰেৰীৰ কাম কৰিছিল যাতে কম্পিউটাৰটোৰ বিষয়ে অলপ জানিব পাৰে। দ্বাদশ শ্ৰেণীত জীৱবিজ্ঞান ভালপাইছিল যদিও একমাত্ৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হ’বলৈ ধাৰ্য কৰা কাট-অফ-মাৰ্কৰ দেওনা পাৰ হ’ব নোৱাৰিলে।ইফালে, আন কলেজবিলাকত ফিজ ১৮ লাখ, সেয়ে মেডিকেলৰ পৰিৱৰ্তে তেওঁৰ নতুনকৈ আগ্ৰহ জন্মা কম্পিউটাৰৰ বাবেই তেওঁ ইঞ্জিনিয়াৰিং পঢ়াৰ কথা ভাৱিলে।

image


২০০৮ চনত ৰিয়াজ

ইঞ্জিনিয়াৰিং কলেজৰ তৃতীয় বৰ্ষত থাকোতে ৪০০ পৃষ্ঠাৰ এখন কিতাপ লিখিছিল! ৰিয়াজে ইলেক্ট্ৰনিকচ্ আৰু টেলিকমিউনিকেশ্যনত নামভৰ্তি কৰিছিল মূলতঃ দুটা কাৰণত—

১) তেওঁৰ দেউতাকৰ বন্ধুজনৰ দাবী আছিল যে, কম্পিউটাৰত কোনো ভৱিষ্যৎ নাই, আনহাতে ইলেক্ট্ৰনিকচ্ আৰু টেলিকমিউনিকেশ্যনত ভাল সুবিধা আছে।

২) ৰিয়াজে ভাৱিছিল তেওঁ ইলেক্ট্ৰনিকচ্ আৰু টেলিকমিউনিকেশ্যনত মাইক্ৰপ্ৰচেছৰ আৰু হাৰ্ডৱেৰকে ধৰি কম্পিউটাৰৰ একেবাৰে প্ৰাথমিক কথাবোৰ শিকিব পাৰিব।

ৰিয়াজৰ প্ৰথম বৰ্ষত C++ আৰু মাইক্ৰপ্ৰচেছৰ আছিল আৰু তেওঁ দুয়োটাতে ভাল ফল দেখুৱালে।অৱশ্যে, তেওঁ এটা কথা অনুভৱ কৰিলে যে,তেওঁ কম্পিউটাৰৰ প্ৰতি থকা ভালপোৱাৰ ক্ষেত্ৰত যেন ন্যায় কৰা নাই, সেয়ে তেওঁ কোনো আনুষ্ঠানিক শিক্ষা অবিহনেই কম্পিউটাৰ শিকিবলৈ ধৰিলে।ৰিয়াজে এইদৰে ক’লে।

তথ্য-প্ৰযুক্তি বিভাগৰ সন্দেশ পাটিল আৰু শ্ৰীমতী ৰাজিয়াই মোৰ কম্পিউটাৰত আগ্ৰহ আৰু দক্ষতা থকাৰ কাৰণে মোক ভালপাইছিল আৰু সমৰ্থন কৰিছিল।ইলেক্ট্ৰনিকচ্ আৰু টেলিকমিউনিকেশ্যনৰ শিক্ষাৰ্থীৰ বাবে পৃথক কম্পিউটাৰ লেব নাছিল যদিও তেওঁলোকে মোক কম্পিউটাৰ লেব ব্যৱহাৰ কৰাৰ অনুমতি দিছিল য’ত মই মোৰ ইচ্ছামতে যি মন যায় শিকিব পাৰিছিলো।

দ্বিতীয় বৰ্ষলৈ ৰিয়াজে C++ আৰু ভিজুৱেল বেচিকখিনি ভালদৰে শিকি ল’লে।একেটা বছৰতে গোৱা চৰকাৰে এটা কম্পিউটাৰ, প্ৰিণ্টাৰসহ মাত্ৰ ১০০০ টকাত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকললৈ আগবঢ়াইছিল।ৰিয়াজৰ ককায়েক একাদশ শ্ৰেণীত পঢ়ি আছিল আৰু মাক-দেউতাকক কম্পিউটাৰটো অনাৰ বাবে সৈমান কৰাইছিল।১০ দিনৰ ভিতৰত ঘৰলৈ ডেস্কটপটো আহিল আৰু সেইটোক লৈ ৰিয়াজৰো পৰীক্ষা-নিৰীক্ষা আৰম্ভ হ’ল।যেতিয়া তেওঁৰ squid proxy server ৰ সৈতে পৰিচয় হ’ল, তেওঁ দেখিলে যে HTTP অনুৰোধবোৰ প্ৰতক্ষ্যভাৱে ইণ্টাৰনেটলৈ যোৱাৰ পৰিৱৰ্তে, Squid লৈহে গৈছে।এইটোৱে তেওঁক কৌতুহলী কৰি তুলিলে আৰু এই বস্তুবোৰ কেনেকৈ ভাঙিব পাৰি সেই বিষয়ে পঢ়িবলৈ ধৰিলে।স্নাতক তৃতীয় বৰ্ষত ৰিয়াজে আন চিষ্টেমবোৰ নিয়ন্ত্ৰণ কৰিবলৈ এটা প্ৰগ্ৰাম লিখিলে, যিটোৱে তেওঁক ব্যৱহাৰকাৰী, কণ্ট্ৰল চিষ্টেমৰ মাউচলৈ বাৰ্তা প্ৰেৰণ কৰা আৰু স্ক্ৰীণশ্বট লোৱা আৰু প্ৰকৃত সময়ত লগ আৰু ডিচপ্লে কিষ্ট্ৰক কৰিবলৈ সক্ষম কৰি তুলিলে।প্ৰগ্ৰাম এটা চলি থকাৰ সময়ত গোটেই চিষ্টেমটো তেওঁৰ নিয়ন্ত্ৰণত আনিবলৈও সক্ষম হ’ল।এইধৰণৰ সৰু সৰু কথাবোৰেই তেওঁৰ নেটৱৰ্ক নিৰাপত্তাৰ দীৰ্ঘদিনীয়া আগ্ৰহ আৰু কেৰিয়াৰত সাৰ-পানী যোগাইছিল।

চাকৰিৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হ’বলৈ অনুপযুক্ত, চাকৰিৰ বাবে উপযুক্ত

তৃতীয় বৰ্ষৰ শেষলৈ ৰিয়াজে “Beginner’s approach to windows” নামেৰে এখন ৪০০ পৃষ্ঠাৰ কিতাপ লিখি উলিয়ালে। কেম্পাচ প্লেচমেণ্টৰ বাবে অনুষ্ঠিত হোৱা সাক্ষাৎকাৰত ৰিয়াজ অনুপযুক্ত হৈ ৰ’ল, কাৰণ তেওঁ ৫ টা চেমিষ্টাৰলৈকে ৫৬ শতাংশ নম্বৰহে পাই আছিল,য’ত নেকি ন্যূনতম ৬০ শতাংশ লাগিছিল।অৱশ্যে তেওঁ বন্ধুকেইজনমানৰ লগত নিয়োগকৰ্তা কমিটিৰ প্ৰতিনিধি হিচাপে নিয়োগস্থলীলৈ গৈছিল।কাৰণ তেওঁ জানিছিল যে সাক্ষাৎকাৰত কি কি সুধিব, সেইবাবে তেওঁ আন প্ৰাৰ্থী সকলৰ মক্ টেষ্ট লৈ আছিল। যেতিয়া মাইক্ৰলেণ্ড নিয়োগস্থলীলৈ আহিল, ৰিয়াজে কোম্পানীটোৰ প্ৰতিনিধি অৰুল ৰাজ আৰু তেওঁৰ সহকৰ্মীৰ সৈতে মিলি কোম্পানীৰ নিয়োগৰ সময়ছোৱাত সহায় কৰি আছিল।তেওঁ কথাবোৰ সুৱঁৰি কৈছিল যে, মই যিহেতু সাক্ষাৎকাৰৰ বাবে অনুপযুক্ত, সেয়ে নিয়োগৰ কথাবোৰত মন দিয়া নাছিলো। তেওঁলোকে কৈ আছিল যে কেনেদৰে তেওঁলোকৰ নিৰাপত্তাৰক্ষীৰ দলটোৱে আন আন কোম্পানীক নিৰাপত্তা বিষয়ত সহায় কৰি আহিছে। সেই মূহুৰ্তলৈকে এনেধৰণৰ বৃত্তিৰ প্ৰতি মোৰ কোনো ধাৰণাই নাছিল, সেয়ে লগে লগে মোৰ তেওঁলোকৰ মাজৰে এজন হ’বলৈ মন গ’ল। তেওঁ লগে লগে বায়’ডাটা আৰু তেওঁ লিখা কিতাপখন লৈ নিয়োগকৰ্তা বিষয়াগৰাকীৰ ওচৰলৈ গ’ল। বিষয়াজনে তেওঁক সাক্ষাৎকাৰত বহিবলৈ অনুমতি দিলে যদিও অৰুলে (কোম্পানীৰ প্ৰতিনিধি) ৰিয়াজক বিশেষ অনুমতি প্ৰদান কৰাটোত মান্তি হোৱা নাছিল। ইয়াৰ বাবে ৰিয়াজক এক চুক্তি কৰোৱা হ’ল যে, ৰিয়াজক টেকনিকেল টেষ্টত তেতিয়াহে অৱতীৰ্ণ হ’বলৈ দিয়া হ’ব, যদিহে তেওঁ অভিব্যক্তিৰ পৰীক্ষাত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰে।ফলস্বৰূপে ৰিয়াজ ৪ ঘণ্টা জোৰা এক কঠিন টেকনিকেল টেষ্টত অৱতীৰ্ণ হ’ল। ৰিয়াজে চাকৰি পালে, কিন্তু চৰ্ত হ'ল চাকৰিটো তেতিয়ালৈকেহে থাকিব, যেতিয়া ৰিয়াজে ৬০ শতাংশ লৈ স্নাতক হ’ব। পিছত ৰিয়াজ ৬০.২ শতাংশ নম্বৰেৰে স্নাতক হয়।

ইঞ্জিনিয়াৰিঙৰ চূড়ান্ত বৰ্ষত ৰিয়াজ

নেটৱৰ্ক নিৰাপত্তাৰ নেটৱৰ্ক-

মাইক্ৰলেণ্ডত প্ৰশিক্ষণ লৈ থকা অৱস্থাত ৰিয়াজ নেটৱৰ্ক নিৰাপত্তাৰ কামৰ প্ৰতি আকৰ্ষিত হয়।প্ৰশিক্ষণৰ অন্তত, বাচনি দলটোত কেৱল ৰিয়াজকে ৰখা হ’ল।পিছত ৰিয়াজে জানিলে যে, অৰুলে তেওঁক সাক্ষাৎকাৰৰ দিনাই বাচনি কৰিছিল আৰু এই কথা কোম্পানীটোকো জনাইছিল।মাইক্ৰলেণ্ডত চাৰে চাৰিবছৰ থকাৰ সময়ছোৱাত ৰিয়াজে নেটৱৰ্ক নিৰাপত্তাৰ বিষয়ে যথেষ্ঠখিনি শিকিলে।তাৰপিছত তেওঁ গ্ৰাহক এজনৰ লগত প্ৰকল্প এটাৰ কামত এমাহৰ বাবে কাটাৰলৈ গ’ল।গ্ৰাহকজনৰ ৱায়াৰলেছ নেটৱৰ্কটোত (লগতে তেওঁৰ সমগ্ৰ তথ্য) কেনেকৈ বাহ্যিক আক্ৰমণ কৰা হৈছিল সেয়া ৰিয়াজে দৰ্শাইছিল। তেওঁ কৈছিল যে, আমি প্ৰায় গোটেইখিনি ভাঙি পেলাবলৈ সক্ষম হৈছিলো। শেষত আমি তেওঁলোকক কেনেকৈ তথ্য নিৰাপদে ৰাখিব পাৰি পৰামৰ্শ দিছিলো।

image


ৰিয়াজৰ কৌতুহলী মনটোৱে এদিন তেওঁক ‘নাল’ পোৱালেগৈ, যিটো ভাৰতৰ সৰ্ববৃহৎ মুক্ত নিৰাপত্তাপ্ৰদানকাৰী গোষ্ঠী য’ত মানুহে কম্পিউটাৰৰ নিৰাপত্তা বিষয়ত সকলো কথা যেনে, হাৰ্ডৱেৰ হেকিং, মেলৱেৰ এনালাইছিছ, ডিজিটেল ফৰেনচিক, ৱেব এপ্লিকেশ্যন ছিকিউৰিটি, ইণ্টাৰনেট সংযোগী নিৰাপত্তা আৰু যিকোনো হেক্ কৰিব পৰা কথা আদিবোৰ শিকে আৰু শিকায়।তেওঁ তাতে গোষ্ঠীটোৰ বাংগালোৰ সংস্কৰণৰ প্ৰতিস্থাপক আকাশ মহাজনক লগ পায়, যি আজি ৰিয়াজৰ ঘনিষ্ঠ বন্ধু।‘নিৰাপত্তা সম্পৰ্কীয় আধাতকৈও বেছি কথা মই নালত থাকি শিকিছো।এই গোষ্ঠীটোৱে মোৰ ভিতৰত থকা উদ্যমখিনি উলিয়াই অনাত ইন্ধন যোগালে’, ৰিয়াজে ক’লে।

নাল গোষ্ঠীৰ সদস্যসকলৰ সৈতে ৰিয়াজ

২০১০ চনত ৰিয়াজ চেপ্টাৰ মুৰব্বী পদত অধিষ্ঠিত হ’ল যিটো পিছত তেওঁ কনিষ্ঠসকলক প্ৰদান কৰিলে। হেকাৰবিলাকে কেনেকৈ FUD(fear, uncertainty and doubt)ৰ লগত খেলা কৰে সেইটো ৰিয়াজে শিকিলে।তেওঁ OWASP(Open Web Application Security Project)ৰ সৈতেও জড়িত হ’ল,য’ত তেওঁ আকাশ আৰু প্ৰশান্ত কেভিৰ লগত বাংগালোৰ সংস্কৰণটোৰ নেতৃত্ব দিছিল।

ৰিয়াজ লাইমলাইটলৈ আহিল ২০১২ চনত, যেতিয়া তেওঁক আবু ঢাবিত অনুষ্ঠিত ব্লেক হেট অধিৱেশনলৈ বক্তা হিচাপে আমন্ত্ৰণ জনোৱা হ’ল।এই অধিৱেশনখন সমগ্ৰ বিশ্বৰ ইণ্টাৰনেট নিৰাপত্তা বিষয়ক এখন অতি বিখ্যাত অধিৱেশন।ইয়াৰ পূৰ্বে তেওঁ আমেৰিকাৰ টেক্সাছত OWASPৰ অধিৱেশনত ভাষণ দিছিল।তেওঁ তাত ৱেব এপচৰ ভয়াবহতাৰ বিষয়ে আলোচনা কৰা এখন পেপাৰ দিছিল য’ত হেকাৰে ৱেব এপচৰ চাৰভাৰ ব্যৱহাৰ কৰি আন আন চাৰভাৰত গৈ আক্ৰমণ কৰিব পৰা সুবিধাবিলাকৰ কথা উল্লেখ আছে।এই ভয়াবহতাৰ নাম দিয়া হৈছে Server Side Request Forgey(SSRF)বা Cross Site Port Attacks(XSPA) CWE-918

আমাৰ নিৰাপত্তা ব্যৱস্থাত থকা সমস্যাটো কি?

এবাৰ এটা বৃহৎ ধন লেনদেনকাৰী প্ৰতিস্থানৰ হেক কৰা ডাটাবেজৰ কাম কৰিবলৈ গৈ ৰিয়াজে ধৰা পেলাইছিল যে প্ৰকৃত কাৰণটো হৈছে ভাঙোন ব্যৱস্থাটো।এইটো আনকি লেনদেনকাৰী প্ৰতিস্থানে চৰকাৰীভাৱে ধাৰ্য কৰি দিয়া নিৰাপত্তা সম্পৰ্কীয় পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো সংঘটিত হয়।আমি বৰ্তমান এনেকুৱা এক যুগত বাস কৰিছো য’ত সকলো সংযোগ হৈ আছে আৰু আমি কোনো ৰিস্ক ল’ব নিবিচাৰোঁ।

আজিৰ পৃথিৱীত এনেকুৱা কিছুমান উদাহৰণো আছে য’ত হেকিং জীৱনৰ বাবে এক ডাঙৰ ৰিস্ক হৈ পৰিছে। সি লাগিলে এটা পে’চমেকাৰ নিয়ন্ত্ৰণ কৰাই হওক বা এটা ফ্লাচ (ব্লু টুথ ব্যৱহাৰেৰে) ।উৰাজাহাজ এখনৰ নিয়ন্ত্ৰণ ব্যৱস্থা হেক কৰি বহুত মানুহক হত্যা কৰিব পাৰে।উদাহৰণস্বৰূপে Stuxnet ৰ কথা ক’ব পাৰি যিটো কম্পিউটাৰ ভাইৰাচ ২০১০ চনত উলিয়াই বিশেষকৈ উইণ্ডজ অপাৰেটিং মেচিনবোৰ নষ্ট কৰাৰ আৰু নিউক্লিয়েৰ ৰিয়েক্টৰবোৰ বন্ধ কৰি দিয়াৰ লক্ষ্য লৈছিল।

image


নিৰাপত্তাৰ বাবে কি কি অভাৱ আছে?

ৰিয়াজৰ মতে, ডেভলপাৰসকলে নিৰাপত্তা বিষয়টো কিমান বেছি গুৰুত্বপূৰ্ণ কথাটো বৰ ভালকৈ বুজি নাপায় আৰু ই সময়ত কি বিপদ আনিব পাৰে সেই লৈও নিৰুদ্বেগ।তেওঁলোকে বেছিভাগ শিক্ষাই লয় গুগলৰ পৰা, যিটো প্ৰায়েই ৱেবচাইট এটা চলাৰ বাবে ঠিকেই থাকে, কিন্তু কোনো নিৰাপত্তা প্ৰদান নকৰে।তদুপৰি সদায় নিৰাপত্তা, ব্যৱহাৰযোগ্যতা আৰু কাৰ্যকাৰীতাৰ মাজত এক শীতল যুঁজ চলিয়ে থাকে।শেহতীয়াকৈ যিবোৰ হেকিঙৰ ঘটনা ঘটিছে, মূলতঃ নিৰাপত্তাৰ দুৰ্বলতাৰ বাবেই হৈছে।বৰ্তমান কিছুমান ই-কমাৰ্চ ফাৰ্মে নিৰাপত্তাৰ ক্ষেত্ৰত বহুত টকা খৰচ কৰিছে, কাৰণ তেওঁলোক বজাৰত সদায় সক্ৰিয় হৈ থাকিব বিচাৰে।

নালৰ নিৰাপত্তাৰ দায়িত্বত থাকি ৰিয়াজ আৰু তেওঁৰ সহকৰ্মীসকলে নিৰাপত্তা বিষয়ত বিনামূলীয়া শিক্ষা প্ৰদান কৰে।তেওঁলোকে, তেওঁলোকৰ সামৰ্থৰ ভিতৰত চৰকাৰী কাৰ্যালয়, বিদ্যালয় আৰু মহাবিদ্যালয়ত কম্পিউটাৰ নিৰাপত্তাৰ বিষয়ে বিনামূলীয়া শিক্ষা প্ৰদান কৰে।

'আমাৰ অধিৱেশনবোৰত ৰাজ্যিক আৰক্ষী বিভাগৰ বহুতো বিষয়া, সশস্ত্ৰ বিভাগসমূহ, বায়ুসেনা, আই এ এচ, আই পি এছ, মন্ত্ৰী, চি ই অ’, চি টি অ’ আৰু আন আন সিন্ধান্তগ্ৰহণকাৰীসকলে নিৰাপত্তাৰ বিষয়ৰ বিভিন্ন কথাত অংশগ্ৰহণ কৰে।আমাৰ কাৰণে এইটো খুবেই গুৰুত্বপূৰ্ণ যে, কম্পিউটাৰৰ লগত যিকোনো প্ৰকাৰে জড়িতজনেও যাতে নিৰাপত্তাবোধ কৰে।' ৰিয়াজে সকলোৰে বাবে প্ৰযোজ্য হোৱাকৈ নিৰাপত্তা সন্দৰ্ভত তিনিটা কথা কৈছে—

১) মনত ৰাখিব যে, ইণ্টাৰনেটত লগ পোৱা আৰু পঢ়াবোৰ সকলো সত্য নহয়।কম্পিউটাৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱাসকলৰ মাজত বহুতো ভয়াবহতাও আছে।আপুনি আপোনাৰ প্ৰতিটো তথ্য আপোনাৰ ব্যক্তিগত বস্তু বুলি জ্ঞান কৰিব।আনে সহজে বিচাৰি পোৱা আৰু দুৰ্ব্যৱহাৰ কৰিব পৰাকৈ কোনো তথ্য এৰি নাযাব।

২) আমাৰ চাৰিওকাষে থকা যোগাযোগ ব্যৱস্থাৰ জটিলতা সম্পৰ্কে সজাগ থাকিব।

৩) আপুনি কৰা যিকোনো কাম বা কথাই সম্পূৰ্ণ এটা বেলেগ পৰিৱেশত এখন সম্পূৰ্ণ বিপৰীত ছবি হৈও আপোনাৰ সন্মূখত ধৰা দিব পাৰে।

মূল লেখক- আলোক চ’নি

অনুবাদক- লীনা শইকীয়া

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কাহিনী

পেইন্টিঙৰ বজাৰত এক নতুন কনচেপ্টেৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা এক পিতৃ-কন্যা যুটি

বাঁহৰ চুঙাৰে ধূপকাঠি পেকেজিঙ কৰি ব্যৱসায়ত সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছে অৰ্পণা দাসে

অসমত প্ৰাকৃতিক চাহ উৎপাদনৰ পথপ্ৰদৰ্শক ধীৰেন ফুকন

বিমান প্ৰযুক্তিৰ ডিজাইনিঙৰ পৰা অনলাইনত চাহ বিক্ৰী কৰালৈ, অভিজিত মজুমদাৰৰ সাফল্যৰ কাহিনী।