কি কথাই নীতি পাল্টাক ইমান হাস্যকৰ কৰি তোলে? – এগৰাকী মহিলা ষ্টেণ্ড-আপ কমেডিয়ানৰ মনত এভুমুকি

কি কথাই নীতি পাল্টাক ইমান হাস্যকৰ কৰি তোলে? – এগৰাকী মহিলা ষ্টেণ্ড-আপ কমেডিয়ানৰ মনত এভুমুকি

Sunday December 13, 2015,

6 min Read

যেতিয়াই ষ্টেণ্ড-আপ কমেডিয়ানৰ কথা ভবা হয়, সাধাৰণতে কেৱল পুৰুষ কমেডিয়ানৰ কথাহে আমাৰ মনলৈ আহে- লাগিলে সেইয়া All India Bakchodয়েই হওক বা Funny Leoneয়েই হওক । সেইবাবে যেতিয়া এগৰাকী সহকৰ্মীয়ে এগৰাকী মহিলা ষ্টেণ্ড-আপ কমেডিয়ানৰ কথা ক’লে, মোৰ স্বাভাৱিকতে কৌতূহল জাগি উঠিল । ষ্টেণ্ড-আপ কমেডীৰ বিশেষ অনুৰাগী নহলেও মই দৃঢ়ভাবে বিশ্বাস কৰোঁ যে মানুহে কৰিব পৰা এনে কোনো কাম নাই যাৰ উন্নতি সাধন কৰিব পৰা নাযায় ।

যিহেতু এডভাৰটাইজিঙৰ ক্ষেত্ৰখনো প্ৰায় তেনেকুৱাই, মোৰ নীতি পাল্টাক বিচাৰি উলিয়াওতে বেছি সময় নালাগিল । ভাৰতৰ লেখত ল’বলগীয়া মহিলা ষ্টেণ্ড-আপ কমেডিয়ানসকলৰ ভিতৰত নীতি পাল্টাও এগৰাকী । এডভাৰটাইজিঙত তেওঁৰ এক সুন্দৰ চাকৰি আছিল আৰু তেওঁ JWT কোম্পানীত এগৰাকী জ্যেষ্ঠ আৰ্ট ডাইৰেক্টৰ হিচাপে কাম কৰি আছিল । তেওঁ নিজে কোৱা মতে তেওঁৰ “যুৱসমাজক Cola বিক্ৰী কৰি কৰি আমনি লাগিল” আৰু এডভাৰটাইজিঙৰ পৰা আঁতৰি আহিল । তাৰ পিছত কাহিনীখিনি দেখিবলৈ সুপৰিকল্পিত নহ’লেও নীতিয়ে মানি লয় যে তেখেতৰ পৰবৰ্তী সিদ্ধান্তবিলাকত কোনো সমৰকৌশল লুকাই থকা নাছিল ।

এডভাৰটাইজিং এৰাৰ পিছত নীতিয়ে “গলী গলী চিম চিম” ধাৰাবাহিকৰ এপিছ'ড কিছুমানৰ বাবে লিখিছিল । সেই শ্ব’টো নীতিয়ে চাৰিবছৰৰ কাৰণে কৰিছিল । তাৰপিছত এবাৰ ক’লিন মক্ৰি আৰু ব্ৰেড শ্বেৰউডৰ অনুষ্ঠান এটাত তেওঁলোকে মঞ্চত কৈ থকা কথাৰ সৈতে ঠাইতে চাউণ্ড এফেক্ট দিওঁতে নীতিৰ জীৱনেই সলনি হৈ পৰিল ।

’মই সেই শ্ব’টোত কৰা কামখিনি ভীষণ হাস্যকৰ হৈছিল আৰু তেওঁলোকে জনালে যে- যদিও সেই কামটোৰ বাবে তেওঁলোকে সাধাৰণতে মহিলাক নিৰ্বাচন নকৰে, মই ব্যতিক্ৰম আছিলো ।” এই ঘটনা প্ৰায় চাৰিবছৰৰ আগৰ কথা; তেতিয়াৰে পৰা লৈ নীতিয়ে সমগ্ৰ দেশ জুৰি আৰু দেশৰ বাহিৰতো কেইবাটাও হাস্যব্যংগ অনুষ্ঠানত ভাগ লৈছে ।

কেনেদৰে হাস্যকৰ হ’ব পাৰি?

এজন ভাল কমেডিয়ান হোৱাটো অন্য যিকোনো অনুষ্ঠান সম্পাদন কৰাৰ দৰেই কঠিন কাৰ্য ।নীতিয়ে জনায় যে তেওঁ সদায়েই জীৱনত কিবা নহয় কিবা হাস্যস্পদ বস্তু বিচাৰি ফুৰে । কেতিয়াবা কিবা ভুল হৈ গ’লেও সেইয়াই এজন কমেডিয়ানৰ বাবে সমল হ’ব পাৰে ।

image


“নিজৰ পৰিয়াল অথবা বন্ধুবৰ্গৰ সমুখত যিকোনো মানুহেই হাস্যাস্পদ হ’ব পাৰে, কিন্তু মঞ্চত তেনে কৰাটো কঠিন । আপুনি পাব আদিতেই প্ৰথমে আৰম্ভ কৰিবলগীয়া হয় য’ত মানুহে সাধাৰণতে সুৰাপান কৰিবলৈ আহে; আৰু আপুনি সেই অচিনাকি মানুহখিনিক আমোদ প্ৰদান কৰিবলগীয়া হয়, হঁহুৱাব লগীয়া হয় । কমেডিয়ান হোৱাৰ আন এটি গুৰুত্বপূৰ্ণ কথা হৈছে- আপোনাৰ ছালখন খুব ডাঠ হ’ব লাগিব । মোক কেইবাবাৰো প্ৰত্যাখ্যান কৰা হৈছিল ।”

নীতিৰ মতে আন এক প্ৰত্যাহবান হৈছে কমেডী শ্ব’টো চাই থকা মানুহৰ মনোভাৱ । যিহেতু এনে অনুষ্ঠান সাধাৰণতে ভোজনালয়বিলাকত হে অনুষ্ঠিত হয়, য’ত গ্ৰাহকে উচ্চস্বৰত আহাৰৰ অৰ্ডাৰ কৰে, ইজনে সিজনৰ সতে কথা পাতে, কোলাহল হয়; কিছুমানে শুনে, কিছুমানে নুশুনে । তেওঁ কয়: “এনে মনোবৃত্তি অলপ অসন্মানজনক হয়, কিন্তু তেওঁলোকে সেইকথা গমেই নাপায় ।’ কমেডী কৰোঁতে কেতিয়াবা পাঞ্চলাইন বা কৌতুক পাহৰি গ’লে তেওঁলোকে কোৱাকুই কৰে- “এইজন কাম নাইকিয়া কমেডিয়ান- হঁহুৱাবই নাজানে।”

এগৰাকী সফল কমেডিয়ান হ’বলৈ প্ৰয়োজন হোৱা আন এটি অভ্যাস হৈছে- চৰ্চা । বিষয় এটা নিৰ্বাচন কৰি সেই বিষয়ে লিখি মেলি লোৱাৰ পিছত কেনেদৰে মঞ্চত উপস্থাপন কৰা হ’ব তাৰ অনুশীলন কৰাটো অতিশয় জৰুৰী । নীতিৰ মতে নিতৌ নতুন নতুন আইডিয়া বা বিষয়ৰ কথা ভাবি উলিওৱাটো এটা মচকিল কাম । “মজাৰ কথা হৈছে, মানুহে একেটা গানকে বাৰে বাৰে শুনি থাকিব পাৰে, কিন্তু কোনোবাই যদি একেটা কৌতুককে দুবাৰমান কয়, তেওঁলোক অসহিষ্ণু হৈ পৰে। ” তেওঁ কয় ।

কৰ্মক্ষেত্ৰত তেওঁ কি কি শিকিলে

এজন মানুহৰ প্ৰিয় খাদ্য আন এজনৰ বাবে বিষো হ’ব পাৰে- এই কথা নীতিতকৈ ভালকৈ কোনেনো বুজিব? যেতিয়া দৰ্শকে তেওঁৰ কৌতুকবিলাক সহজভাবে নলৈছিল, তেতিয়া তেওঁ অনেক কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল । নীতিৰ মতে এনে পৰিস্থিতিৰ মুখামুখি হাঁহিৰে সৈতে কৰা উচিত। তেওঁ কয়, “যদি আপুনি হাঁহিমুখীয়া হয়, মানুহবিলাক সহজতে ক্ষুব্ধ হৈ নপৰে।”

দিল্লী মহানগৰীৰ পৰা অহা নীতিয়ে মহিলা কমেডিয়ান হিচাপে কাম কৰোঁতে অনেকবাৰ সমালোচনাৰ সমুখীনো নোহোৱা নহয়। “প্ৰদৰ্শনী চাই থকা কিছু দৰ্শকে মাজে মাজে তাচ্ছিল্য ভৰা কমেন্ট নকৰাও নহয়। আন কিছুমান দৰ্শকে কিন্তু পিছত আহি কয়, তোমাৰ মাতটো খুব ভাল আৰু ইমান শক্তিশালী কন্ঠৰ অধিকাৰী হোৱাৰ বাবে আমি কিন্তু খুব আনন্দ পালো।”

“ইমান পৰিশ্ৰমৰ অন্তত গুণগ্ৰাহী দৰ্শক লগ পালে সঁচাই ভাল লাগে” নীতিয়ে কয়। তেওঁৰ কৌতুক শুনি বিয়পি পৰা হাঁহিবিলাকেই তেওঁক আটাইতকৈ সন্তোষ দিয়ে । তেওঁৰ বাবে সেইদিনটো অতিশয় গৌৰৱৰ আছিল যিদিনাখন কমেডিয়ান হিচাপে তেওঁ এবছৰ পূৰ কৰাৰ উপলক্ষে নিজৰ পিতৃ-মাতৃক অনুষ্ঠান চাবলৈ মাতি নিছিল । নীতি কমেডিয়ান হোৱাৰ সিদ্ধান্তক লৈ তেওঁৰ পিতৃ-মাতৃ সিমান সুখী নাছিল। “মোৰ দেউতা এজন আৰ্মি-মেন, গতিকে মই এইবোৰ কৰিব বিচৰাত তেওঁ অসন্তুষ্ট হৈছিল। তেওঁ কৈছিল- তুমি এগৰাকী লেখিকা । আনহাতে মোৰ মা মোৰ নিৰাপত্তাক লৈ চিন্তিত আছিল। এজাক সুৰাপায়ী লোকক কৌতুক শুনাই থকা, ৰাতি দেৰিলৈকে ঘৰলৈ নহা- আদি চিন্তা তেওঁৰ মূৰত ভৰি পৰিছিল। দিল্লীৰ নিচিনা চহৰত দেধাৰ টকা থকা মানুহে যিকোনো কামেই কৰিব পাৰে।”

যিদিনাখন নীতিয়ে নিজৰ মাক-দেউতাকক প্ৰদৰ্শনী চাবলৈ মাতি আনিছিল, সেইদিনাখন এজন চৰদাৰে আহি তেওঁৰ পিঠি থপৰিয়াই চাব্বাছী দিলে। চৰদাৰে জনালে যে তেওঁক তেওঁৰ সন্তানে তালৈ লৈ আহিছিল আৰু নীতিৰ আগৰ কমেডিয়ানজনে অশ্লীল শব্দৰ প্ৰয়োগ কৰাত তেওঁৰ বৰ অপ্ৰস্তুত হৈছিল। কিন্তু নীতিৰ অনুষ্ঠানটো চাই তেওঁ সঁচাই বৰ ভাল পালে আৰু নীতিৰ মাক-দেউতাকে তাইক লৈ গৌৰৱ কৰা উচিত। নীতিয়ে গৌৰৱেৰে কয়, “সেই মানুহজনে জনা নাছিল যে মোৰ মা-দেউতাইও সেইদিনাখন অনুষ্ঠান উপভোগ কৰিছিল।”

পৰৱৰ্তী খোজ

নীতিক তেওঁৰ ভৱিষ্যতৰ দীৰ্ঘকালীন পৰিকল্পনাৰ কথা সুধিলে কয় যে তেনে কোনো পৰিকল্পনা নাই। তেওঁ হাঁহিমুখে উত্তৰ দিয়ে, “মোক এক পথপ্ৰদৰ্শক তৰাই বাট দেখুৱাই লৈ যাব।” নিজৰ পুৰণি কৰ্মজীৱনলৈ লক্ষ্য কৰিয়েই নীতিয়ে এনেদৰে কয়। তেওঁ যুটীয়াভাবে লিখা চিনেমাৰ স্ক্ৰিপ্ট এখন স্বয়ং চলমান খানে নিৰ্মাণ কৰি পেলাইছিল। “অ’ তেৰী” নামৰ সেই চিনেমাখনৰ চিত্ৰনাট্য, কাহিনী, বাৰ্তালাপ- আটাইখিনি নীতিয়েই লিখিছিল। নীতিয়ে কয়, “মানুহে চলমান খানক লগ পাবলৈকে দুই-তিনিবছৰ অপেক্ষা কৰিব লাগে, আৰু মই তেওঁৰ আগত বহি চিনেমাখনত কাহিনীৰ বিষয়ে শুনোৱাৰ পিছতেই তেওঁ নিজৰ ভিনিহিয়েক অতুল অগ্নিহোত্ৰীক চিনেমাখন প্ৰযোজনা কৰিবলৈ অনুৰোধ কৰে।”

নিজৰ প্ৰদৰ্শনীবিলাকত কাম কৰাৰ উপৰিও নীতিয়ে “Loony Goons” নামৰ কনচেপ্ট এটিত কাম কৰি আছে। “Loony Goons”ৰ মাধ্যমেৰে নীতিয়ে দেশৰ বিভিন্ন কোণত কাম কৰিবলৈ সমগ্ৰ দেশ আৰু পৃথিৱীজুৰি বিয়পি থকা কমেডিয়ানসকলক আহবান কৰি আনে। নীতিয়ে জনায়, “এদিন দিল্লীত মোৰ অনুষ্ঠান চাই এজন ব্যক্তিয়ে এইবিষয়ে আগ্ৰহ প্ৰকাশ কৰে। কমেডিৰ ক্ষেত্ৰত ক’বলৈ গ’লে মুম্বাইত ঢেৰ কিবা-কিবি হৈ আছে আৰু তাত নিয়মিতভাবে এনে অনুষ্ঠান পতা হয়। তেওঁলোকে বাহিৰৰ পৰাও কমেডিয়ান মাতি আনে। কিন্তু দিল্লীত তেনে পৰিবেশ হোৱাগৈ নাই। গতিকে Loony Goonsৰ যোগেদি মইন দেশৰ কেইবাগৰাকী কমেডিয়ানৰ সতে যোগাযোগ কৰি তেওঁলোকৰ সৈতে একেলগে অনুষ্ঠান কৰোঁ । তেওঁলোকো যথেষ্ট আগ্ৰহী যিহেতু দিল্লী এইক্ষেত্ৰত এখন নতুন চহৰ।”

কমেডিৰ ব্যৱসায় ভাৰতত নতুন হোৱা হেতুকে নীতিয়ে ভাবে যে এইক্ষেত্ৰত তেওঁ বহুত কিবাকিবি কৰিব পাৰিব । যিবিলাক ইভেন্ট মেনেজমেন্ট এজেন্সীয়ে কমেডিৰ কাৰণে লোক বিচাৰে, সেইবিলাকৰ সতে যোগাযোগ কৰাৰ কাম নীতিয়ে এতিয়া কৰি আছে। তেওঁ Loony Goonsক ভৱিষ্যতে এনেধৰণৰ ব্যৱসায়ৰ মাজলৈ টানি আনিব নে নাই, তাক লৈ বৰ নিশ্চিত নহয়। কাৰণ তেওঁ “অনুষ্ঠান পতাতকৈ অনুষ্ঠানত প্ৰদৰ্শন কৰি” অধিক আমোদ লাভ কৰে।

যিসকল মহিলাই কমেডিক কেৰিয়াৰ হিচাপে গঢ়িব খোজে, নীতিয়ে তেওঁলোকক উৎসাহ প্ৰদান কৰিব বিচাৰে, “আগবাঢ়ি যোৱা। যদি তুমি এগৰাকী সুখী ব্যক্তি, তেন্তে তুমি আনকো সুখী কৰিব পাৰিবা। আমি কমেডিয়ানসকল নিশ্চিতভাবে সন্ত্ৰস্ত হৈ থাকোঁ। তাৰোপৰি মই্ অনেক মানুহ দেখা পাওঁ যি সদায়েই দুখী আৰু মানসিক চাপত ডুবি থাকে। যদি সেইবিলাক লৈ কৌতুক সাজি আনক হঁহুৱাব পাৰি, তেন্তে কমেডি নিশ্চয়েই এক ভাল সিদ্ধান্ত।”

মূল লেখিকা: প্ৰীতি চামিকুট্টী

অনুবাদ: শান্তনু চাংমাই