'পানামা লীকছ'-ক'লা ধনৰ সৰ্ববৃহৎ কেলেংকাৰী

'পানামা লীকছ'-ক'লা ধনৰ সৰ্ববৃহৎ কেলেংকাৰী

Wednesday April 06, 2016,

4 min Read

পানামাস্থিত এক আইন প্ৰতিষ্ঠানে ফাদিল কৰা কিছু তথ্যই যোৱা দেওবাৰে উদঙাই দেখুৱালে বহু ৰাষ্ট্ৰনেতা, চেলিব্ৰেটি, ফিফা বিষয়াবৰ্গ, ধনকুবেৰৰ স্বৰূপ। আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এটা গোটে ফাদিল কৰিলে পাঁচশ ভাৰতীয়ৰ লগতে বিশ্ব নেতা আৰু চেলিব্ৰেটীয়ে পানামাৰ বেংকত জমা কৰা পাহাৰ সদৃশ ক'লা ধনৰ তথ্য।

image



নাম পানামা পেপাৰছ।

বিশ্ব বণিজ্য হৈছেগৈ কিছু বেংকৰ বুজাবুজি, সম্পত্তি পৰিচালন কম্পেনি আৰু আইনৰ কিছু সংস্থাই জনগণৰ চকুৰ আঁৰত গোপন ভাবে কৰা ধনীক শ্ৰেণীৰ সাম্ৰাজ্যৰ পৰিচালনা।

চৰকাৰী আমোলাই গঢ়ি তোলে এনে কিছুমান কম্পেনি (যি একো ব্যৱসায় নকৰি ভৱিষ্যত সুযোগ গ্ৰহণৰ আশাত থাকে), যিবোৰে দেশৰ শাসন যন্ত্ৰতটোক দুৰ্বল কৰি তোলে।

১)কেনেকৈ আৰম্ভ হ'ল অনুসন্ধান

মোছেক ফনছেকা নামৰ এটা পানামাস্থিত আইন সংস্থাই বিশ্বৰ বিত্তবান সকলক গোপন আৰু বেনামীভাবে প্ৰতিষ্ঠান বিক্ৰী কৰে । এই সংস্থাটোৰ কিছু গোপন তথ্যৰে নাম প্ৰকাশত অনিচ্ছুক উৎসৰ পৰা জাৰ্মানীৰ ৰাষ্ট্ৰীয় দৈনিক কাকত এখনক যোগাযোগ কৰা হৈছিল।

জুৰিক, লণ্ডন, হঙকঙ আদিৰ বুজন সংখ্যক প্ৰতিষ্ঠান বিক্ৰীৰ ক্ষেত্ৰত ফাৰ্মখনে প্ৰকৃত স্বতাধিকাৰীৰ নাম গোপনে ৰাখিবলৈ বৃহৎ ধন আদায় কৰি আহিছে।

২)অনুসন্ধানত ফাদিল হোৱা শিহৰণকাৰী তথ্য

এই কেলেংকাৰীত ১৫,৫৭৯ টা প্ৰতিষ্ঠানৰ লগতে ফৰ্বছৰ তালিকাত প্ৰকাশ পোৱা বিশ্বৰ বিভিন্ন প্ৰান্তৰ ২৯ জন কোটিপটিৰ নাম উন্মোচিত হৈছে।

৩) উইকিলিকছ কেবলগেট, অফছৰ লিকছ, লাক্স লিকছ, ছুইছ লিকছ আদি কেলেংকাৰীৰ তুলনাত ১১.৫ মিলিয়ন তথ্যৰ ফাদিলে পানামা পেপাৰ লিক এতিয়ালৈকে সৰ্ববৃহৎ কেলেংকাৰী হিচাপে বিবেচিত হৈছে।

৪) ১৯৭৭ চনৰ পৰা ২০১৬ লৈকে সংগ্ৰীহিত তথ্য সমূহৰ ভিতৰত ই-মেইলছ, পিডিএফ আৰু ফটো ফাইল, মোছেক ফনছেকাৰ আভ্যন্তৰীণ তথ্যৰে মুঠ ২.৬ টেৰাবাইটছ ডাটা ফাদিল হৈছে।

এই দিশেৰে চালে কেবলগেট আৰু উইকিলিকছৰ ১.৭ জি.বি. ডাটা, অফছৰ লিকছৰ ২৬০ জি.বি.,লাক্সেমবাৰ্গ লিকছৰ ৪ জি.বি. আৰু ছুইছ লিকছৰ ৩.৩ জি.বি. তথ্য সংগ্ৰহ কৰিব পৰা গৈছিল।

৫) ধন আত্মসাৎ আৰু কৰ ফাঁকিৰ লগত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৭২ জন সাম্প্ৰতিক আৰু প্ৰাক্তন ৰাজনৈতিক মুৰব্বী জড়িত আছে।(আৰ্জেন্টিনা, জৰ্জিয়া, ইৰাক, জৰদান, কাটাৰ, চৌদি আৰব, ছুদান, আবু ধাবি, ইউক্ৰেইন আদি দেশৰ মুৰব্বী সকলৰ নাম পোহৰলৈ আহিছে।)

৬) বিভিন্ন দেশৰ গোপন একাউন্টত জমা থকা ক'লা ধনৰ তথ্য আহৰণৰ অভিযানত আন্ত:ৰাষ্ট্ৰীয় সাংবাদিকৰ এক সংস্থা হিচাপে পৰিচিত ইন্টাৰনেশ্যনেল কনছৰ্টিয়াম অব ইনভেষ্টিগেটিভ জাৰ্ণেলিষ্টছ (আই চি আই জে)ৰ সংগঠনটোৰ লগত আশীখন দেশৰ এশটা সংবাদ প্ৰতিষ্ঠানৰ চাৰিশ সাংবাদিক জড়িত আছে।

জাৰ্মানীৰ SZ সংবাদ পত্ৰখনৰ মতে অনুসন্ধানকাৰী গোটটো দ্য গাৰ্ডিয়ান, ইংলেণ্ডৰ বি.বি.চি., ফ্ৰান্সৰ লে মণ্ডে, আৰ্জেন্টিনাৰ লা নেচিয়ন আদি সংবাদ প্ৰতিষ্ঠান আছে। আনহাতে, ছুইছ ছনাটাজিটুঙ আৰু অষ্ট্ৰিয়ান সাপ্তাহিক 'ফলটাৰ'ৰ সাংবাদিকো এই প্ৰকল্পটোত জড়িত আছে।

৭) বিষয়টোত লগত ভাৰতৰ সংযোগ

ইণ্ডিয়ান এক্সপ্ৰেছৰ সমীক্ষা অনুসৰি ক'লা ধন জমা বিষয়টোত পাঁচ শতাধিক ভাৰতীয় জড়িত হৈ আছে।তেওঁলোকৰ ভিতৰত

অমিতাভ বচ্চন: ১৯৯৩ চনত প্ৰতিষ্ঠা হোৱা চাৰিটা বহুৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সঞ্চালক পদত আছে বলীউদৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চন। যদিও এই প্ৰতিষ্ঠান কেইটাৰ আইনন্মত পুঁজি পাঁচ হাজাৰৰ পৰা পঞ্চাশ হাজাৰ ডলাৰৰ ভিতৰত বুলি কোৱা হৈছে, কিন্তু ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে প্ৰতিষ্ঠানকেইটাই জাহাজৰ ব্যৱসায়ত মিলিয়ন ডলাৰ আয় কৰে।

ঐশ্বৰ্য ৰায় বচ্চন: অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু তেওঁৰ পৰিয়াল বৰ্গ এমিক পাৰ্টনাৰ্চ লিমিটেড নামৰ কম্পেনীৰ সঞ্চালক পদত আছিল। কিন্তু ২০০৮ চনত কম্পেনিটো বন্ধ হৈ যাওঁতে অভিনেত্ৰী গৰাকীৰ পদটো শ্বেয়াৰ হল্ডাৰ হিচাপে দেখুওৱা হৈছিল।

ডি এল এফৰ কে.পি.সিং: ডি এল এফৰ মুৰব্বী কে.পি.সিঙে ২০১০ চনত ব্ৰিটিছ আইলেণ্ডত পঞ্জীয়নভুক্ত হোৱা এটা প্ৰতিষ্ঠানৰ দায়িত্বত আছে। ইয়াৰোপৰি সিঙৰ পৰিয়ালৰ আন দহ জন সদস্যই বহি: ৰাষ্ট্ৰৰ দহ মিলিয়ন ডলাৰৰ তিনিটা প্ৰতিষ্ঠান চলাই আছে।

ইণ্ডিয়া বুলছৰ সমীৰ গেহলট: ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি ইণ্ডিয়া বুলছৰ স্বত্বাধিকাৰী সমীৰ গেহলট আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহু প্ৰতিষ্ঠানৰ অধিকাৰী।গেহলটে পৰিয়াল বৰ্গৰ জৰিয়তে কৰ্নাল, দিল্লী, জাৰ্ছি,আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে এছ.জি. ফেমিলি ট্ৰাষ্টৰ অধীনত লণ্ডনৰ তিনিটা সৰ্ববৃহৎ প্ৰতিষ্ঠান চলাই আছে।

ওমকাৰ কুঁৱৰ: এপল' গ্ৰুপৰ অধক্ষ্যজনৰ পৰিয়ালবৰ্গৰ জৰিয়তে ব্ৰিটিছ ভাৰ্জিন আইলেণ্ডৰ জে এণ্ড এছ ছিষ্টেম কৰ্পৰেচন নামৰ প্ৰতিষ্ঠান পৰিচালনা কৰি আছে।

আদানী এন্টাৰপ্ৰাইজৰ অধ্যক্ষৰ ডাঙৰ ভাতৃ বিনোদ আদানীৰ নামো এই তালিকাত প্ৰকাশ পাইছে।

এই কেলেংকাৰীত পোহৰলৈ অহা আন কেইজনমান ভাৰতীয় হল- ৰাজনীতিক অনুৰাগ কেজৰিৱাল, অধিবক্তা হৰিছ চালভি, প্ৰাক্তন এটৰ্নী জেনেৰেল ছলি ছৰবজীৰ পুত্ৰ, বিখ্যাত উদ্যোগপতি মোহন লাল লহিয়া, জ্যেষ্ঠ কংগ্ৰেছী আৰু কৰ্ণাটকৰ উদ্যান শস্য মন্ত্ৰী ছামানুৰ ছিৱছংকৰপ্পাৰ জোঁৱাই, ৰাজেন্দ্ৰ পাটিল, কটেজ ইণ্ডাষ্ট্ৰিজ এক্সপজিছনৰ প্ৰতিষ্ঠাতা আৰু সঞ্চালক প্ৰধান ৰছীদ মীৰ আদি।

২০০ত চনৰ আগত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গাইডলাইন অনুসৰি কোনো ভাৰতীয়ই বহি ৰাষ্ট্ৰত উদ্যোগ স্থাপন কৰিব বা পুঁজি বিনিয়োগ কৰিব নোৱাৰে। পৰৱৰ্তী, ২০০৪ চনত ৰিজাৰ্ভ বেংকে উন্মোচন কৰা 'লিবাৰেলাইজড ৰিমিটেন্স স্কিম' অনুসৰি কোনো ভাৰতীয়ই পঁচিশ হাজাৰ ডলাৰলৈকে পুঁজি বিনিয়োগ কৰিব পাৰিব। কিন্তু আজিলৈকে বহি ৰাষ্ট্ৰত কম্পেনি প্ৰতিষ্ঠা কৰাৰ অনুমতি ৰিজাৰ্ভ বেংকে প্ৰদান কৰা নাই।

পানামা পেপাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ দুই বিলিয়নৰ কেলেংকাৰী পোহৰলৈ আনিছে। বহি ৰাষ্ট্ৰৰ কম্পেনিৰ লগত টকাৰ বিনিময় বিষয়টোত পুটিনৰ শৈশৱৰ বন্ধু ছেৰগি ৰলডুগিনৰ নামটো সাঙুৰ খাইছে।

ইণ্ডিপেণ্ডেন্ট কাকতখনৰ মতে পুটিনৰ কেইজনমান ঘনিষ্ঠ বন্ধুৱে উপাৰ্জন কৰা ধনৰ আঁৰত পুটিনৰ হাত আছে।পুটিনৰ শৈশৱৰ বন্ধু আৰকাদি আৰু বৰিছ ৰটেনবাৰ্গৰ নামো এই তালিকাত আছে।

পানামাৰ বেংকত একাউন্ট খুলি বৃহৎ অংকৰ ক'লা ধন জমা ৰখা আন কেইজনমান ৰাষ্ট্ৰনেতাৰ পৰিয়ালবৰ্গ হ'ল-চীনৰ লী পিঙৰ কন্যা লী ছিয়ালিন, ইজিপ্টৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হোছনী মোবাৰকৰ(১৯৮১-২০১১) ডাঙৰ পুত্ৰ আল্লা মোবাৰক, ইংলণ্ডৰ প্ৰধান মন্ত্ৰীৰ পিতৃ ইয়ান কেমেৰুণ(যি ২০১০ চনত মৃত্যুবৰণ কৰিছিল),পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ তিনিটা সন্তান মৰিয়ম, হাছান আৰু হুছেইন।

মূল: তৰুষ ভাল্লা

অনুবাদ: পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

মই নাজানো আৰু ইয়াক লৈ মোৰ কোনো অস্বস্তি নাই

ভাৰতীয় মহিলাৰ সবলীকৰণৰ বাবে লোভনীয় চাকৰি ত্যাগ কৰা মহিলাগৰাকী

গ্ৰাম্যাঞ্চলত বহুতৰে জীৱন 'মধুময়' কৰিছে লীলা চৰণ দত্তই

সাত পুৰুষ ধৰি এটা কলাক ধৰি ৰখা এটা পৰিয়াল