উত্তৰ পূবৰ হস্ত শিল্পক বিশ্বৰ বজাৰ দিছে ইমপালছে

উত্তৰ পূবৰ হস্ত শিল্পক বিশ্বৰ বজাৰ দিছে ইমপালছে

Saturday December 31, 2016,

2 min Read

বানে ধোৱা ধেমাজি জিলাৰ পানবাৰী গাৱঁৰ শিখা পামেগামে দেখিছে বানৰ সংহাৰ । তেওঁ দেখিছে বানৰ কবলত পৰি সৰ্বশ্ৰান্ত হোৱা মানুহৰ দুৰ্দশা । নিজেও বানৰ কৰাল গ্ৰাসত পৰি বিভিন্ন সমস্যআৰ সন্মূখিন হৈছিল শিখা। কিন্তু স্বেচ্ছাসেৱী সংগঠন ইমপালছৰ সহযোগত তেওঁ আৰম্ভ কৰিছে এটা নতুন জীৱন । 

Image: Impulse

Image: Impulse


এই সংগঠনটোৱে প্ৰায় ৩০,০০০ হাজাৰ হস্তশিল্পীক বিশ্বজোৰা এখন বজাৰ পোৱাত সহায় কৰিছে । এই সকলোবোৰ বস্তু তেওঁলোকে এমপাৱাৰ নামৰ এটা ব্ৰেণ্ডৰ অধীনত বিপণন কৰে। ইয়াৰ ভিতৰত আছে পাৰম্পৰিক বস্ত্ৰকে আদি কৰি আন আন হস্তশিল্পজাত সামগ্ৰী ।

"আগতে মি কেৱল ঘৰত ব্যৱহাৰৰ বাবে কাপোৰ বৈছিলো । ইয়াক ব্যাৱসায়িক ৰূপ দিয়াৰ কথা মি সপোনতো ভবা নাছিলো । কিন্তু এতিয়া মোৰ সামগ্ৰী দিল্লীত বিক্ৰী হয় । মই অন্যান্য মহিলাকো এই প্ৰশিক্ষম দিব খোজোঁ ।" শিখাই কয় । 

শিখা হৈছে ইমপালছৰ দ্বাৰা সহায় লাভ কৰা বহু সংখ্যাক লোকৰ এগৰাকী । ইমপালছৰ প্ৰতিষ্ঠাতা হাছিনা খাৰভিয়ে ২০১০ চনত ইয়াৰ এটা ভগ্নী সংগঠন আই এছ ই প্ৰতিষ্ঠা কৰে । ইয়াৰ দ্বাৰা উত্তৰ পূবৰ বিভিন্ন গ্ৰাম্য হস্ত শিল্পীৰ সা-সামগ্ৰী বিশ্বজুৰি বিপণন কৰা হয় । এই সামগ্ৰীসমূহ বজাৰৰ চাহিদা আৰু ফেশ্বনলৈ লক্ষ্য ৰাখি নিৰ্মাণ কৰা হয় ।

এই কাম আৰম্ভ হৈছিল মাত্ৰ দহ লাখ টকাৰে । কিন্তু ইয়াৰ ভেটি স্থাপন হৈছিল ২৩ বছৰৰো আগতে । এই অনুস্থান আৰম্ভ হৈছিল মানৱ সৰবৰাহ ৰোধৰ বাবে । কিন্তু লাহে লাহে ই আনুষঙ্গিক দিশবোৰতো মনোনিবেশ কৰিবলৈ আৰম্ভ কৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

২০১৭ চনত অসমৰ ঔদ্যোগিক জগতত ব্যাপক উত্থানৰ অশা উদ্যোগ মন্ত্ৰীৰ

মেৰীনা বীচত চাহ বিক্ৰী কৰোঁতেই বিশাল ব্যাৱসায়িক সাম্ৰাজ্যৰ সপোন দেখিছিল এইগৰাকী মহিলাই

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড

অতিৰিক্ত খাদ্য পেলাব নোৱাৰিব ফ্ৰান্সৰ ছুপাৰমাৰ্কেটে