ধাৰনাই, দেশৰ প্ৰথমখন স্ব-নিৰ্ভৰশীল সৌৰশক্তি চালিত গাওঁ

ধাৰনাই, দেশৰ প্ৰথমখন স্ব-নিৰ্ভৰশীল সৌৰশক্তি চালিত গাওঁ

Friday December 11, 2015,

2 min Read

ধাৰনাই, প্ৰায় ২৪০০ জনবসতিৰ এখন গাওঁ। বিহাৰৰ জেহানাবাদ জিলাৰ বোধগয়াস্থিত এই গাওঁখনত এতিয়াও বিদ্যুৎ সেৱাৰ কোনো ব্যৱস্থা নাই। কিন্তু কেইবছৰমান আগতে গাওঁবাসীয়ে নিজ হাতে নিজৰ ভাগ্য সলনি কৰি পেলালে। সৌৰ শক্তি চালিত মাইক্ৰগ্ৰীড গ্ৰীন পীছ সংস্থাপন কৰি গাওঁখনৰ ৪৫০টা পৰিয়ালৰ ঘৰ তথা প্ৰায় ৫০টাকৈ ব্যৱসায়িক প্ৰতিস্থানলৈ ২৪ঘন্টাই ৭ টা দিনেই অবিৰত বিজুলীৰ ব্যৱস্থা তেওঁলোকে কৰি পেলালে। ধাৰনাইক দেশৰ ভিতৰতে সৌৰ শক্তি চালিত প্ৰথমখন পূৰ্ণাংগ গাওঁ হিচাপে প্ৰতিস্থা কৰাৰ বাবদ গাওঁবাসীয়ে ব্যয় কৰিলে প্ৰায় ৩কোটি টকা।


image


ধাৰনাই গাৱঁৰ এজন বাসিন্দা কমল কিশোৰে সেই সময়ৰ স্মৃতি সোঁৱৰণ কৰি কয়, “যি সময়ত ভাৰতবৰ্ষই দোপতদোপে উন্নতিৰ জখলা বগাই আছিল ,আমি বিজুলীৰ পোহৰ পাবলৈ ৩০টা বছৰে কিতাপত থকা সকলো পদ্ধতি ব্যৱহাৰ কৰিও বিদ্যুতৰ পৰা বঞ্চিত আছিলো। আমি কেৰাচিনৰ লেম্প আৰু উচ্চমূল্যৰ ডিজেলচালিত জেনেৰেটৰৰ ওপৰতেই ভিত্তি কৰি জীৱন সংগ্ৰাম কৰিব লগীয়া হৈছিল। কিন্তু মই এতিয়া কওঁ,আমাৰ ধাৰনাই গাওঁ উদ্ভাৱনৰ বাটকটীয়া । আমি শক্তিক্ষেত্ৰত স্বনিৰ্ভৰশীল এখন গাওঁ হিচাপে নিজকে প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছো। এতিয়া উন্নয়নৰ প্ৰতিযোগিতাত দেশৰ সৈতে ফেৰ মাৰিব পাৰোঁ আমি। ” তেতিয়াৰে পৰা ধাৰনাই গাৱঁৰ পৰা পৰিচালিত ৱেবচাইট ‘Dharnai Live এ দেশৰ অন্যান্য গাওঁ তথা চৰকাৰ সমুহক একেই নব্য উদ্ভাৱিত প্ৰযুক্তি ব্যৱহাৰৰ দিশত উদ্বুদ্ধ কৰি আহিছে। গ্ৰীনপিছ ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক সুমিত আইছে এক প্ৰেছ বিবৃতিত উল্লেখ কৰিছে , “ যিসময়ত দেশৰ চৰকাৰে শক্তি প্ৰকল্প সমুহ বন্ধ হৈ যোৱাৰ বাবে সমাজৰ এটা অংশক দোষাৰোপ কৰাত ব্ৰতি হৈ আছে, সেই সময়ত এইখন গাৱে নিজৰ অভিনৱ পদ্ধতি অৱলম্বন কৰি সংৰক্ষণযোগ্য শক্তি উৎপাদনত সফলতা লাভ কৰিছে। দেশৰ কয়লা আৰু নিউক্লিয় শক্তিচালিত শক্তি প্ৰকল্প সমুহে ধাৰনাই গাৱঁৰ পদ্ধতিৰ লগত ফেৰ মাৰিব নোৱাৰিব। আনকি বিশ্বৰ পৰিবেশতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত হোৱা উদ্বিগ্নতাৰ পৰাও এই পদ্ধতি উৰ্ধত”।

যেতিয়াৰ পৰাই ধাৰনায়ে নিজকে এখন স্ব-নিৰ্ভৰশীল শক্তি উৎপাদক গাওঁ হিচাপে নিজকে প্ৰতিস্থা কৰিছে,তেতিয়াৰে পৰাই গাওঁখনৰ কোনো ছাত্ৰই শিক্ষা আধাতে সামৰিব লগীয়া হোৱা নাই, কোনো মহিলাই সন্ধিয়া এন্ধাৰ হোৱাৰ লগেলগেই ঘৰৰ বাহিৰলৈ ওলাবলৈ ভয় কৰিবলগীয়া হোৱা নাই। ক্ষুদ্ৰ উদ্যোগসমুহেও উন্নতি কৰিছে। এইধৰণেই এক উন্নত আৰু উজ্জ্বল ভৱিষ্যতৰ দিশে অগ্ৰশৰ হৈছে ধাৰনাই গাওঁ।

উৎস---থিংক চেঞ্জ ইণ্ডিয়া

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাতৃৰ কথামতে চিকিৎসক হোৱা পুত্ৰ আজি কৰ্কট ৰোগীৰ জীৱন দাতা

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত

মডেল মাতৃৰ পৰা মডেল উদ্যোগীলৈ – তাৰা শৰ্মা চলুজাৰ কাহিনী