ক'লা বগা টকাৰে মোডীৰ চমক

( AAP নেতা আশুতোষৰ লেখা )

ক'লা বগা টকাৰে মোডীৰ চমক

Wednesday November 23, 2016,

5 min Read

মোৰ মবাইলৰ স্ক্ৰীণখনত হঠাৎ জিলিকি উঠিল এটা খবৰ । প্ৰধানমন্ত্ৰী মোডীয়ে আৰু কিছু সময়ৰ পিছতেই দেশবাসীক সম্বোধন কৰি ভাষণ দিব । কথাটো শুনি অলপ আচৰিত হ'লো । সীমান্তত সামান্য গুলীবৰ্ষণ বাহিৰে এই কেইদিনত বিশেষ ঘটনা ঘটা নাছিল । গতিকে কথাটোক লৈ মোৰ ভিতৰত এতিয়াও মৰি নোযোৱা সম্পাদকজনে চিন্তা কৰিবলৈ ধৰিলে । কিবা এটা নিশ্চয় ডাঙৰ কথাই হ'ব লাগিব । এইবোৰ ভাবি চিন্তি আঠ বজাত টি ভি অন কৰিলো ।

image


প্ৰধানমন্ত্ৰীয়ে ক'লে সন্ত্ৰাসবাদ, দূৰ্নীতি আৰু ক'লা ধনৰ কথা । মই তেতিয়াও একো উৱাদিহ পোৱা নাছিলো । তেনেতে হ'ল বিস্ফোৰণটো । চৰকাৰে সিদ্ধান্ত লৈছে সেই নিশাৰপৰাই কাৰ্যকৰী হোৱাকৈ ১০০০ আৰু ৫০০ টকীয়া নোট নিষিদ্ধ কৰাৰ । উদ্দেশ্য ক'লা ধন নিয়ন্ত্ৰণ কৰা । আমি হতবাক হ'লো । মোৰ হাতত যিকেইখন ৫০০ টকীয়া নোট আছিল সেইকেইখন সেই মূহুৰ্ত্তৰপৰাই মূল্যহীন কাগজত পৰিণত হ'ল । 

সময় শেষ হোৱাৰ আগতেই মই আৰু মোৰ বন্ধুসকলে বাহিৰত খাবলৈ গৈ নোটকেইখন শেষ কৰাৰ সিদ্ধান্ত ল'লো । খাই থকাৰ সময়খিনি আমাৰ মাজত চলিল সৰব আলোচনা । ই সঁচাকৈ ফলপ্ৰসূ হ'বনে ? ইয়াৰ দ্বাৰা খেলিমেলিৰ সৃষ্টি নহ'বনে ? ই তেওঁক ৰাজনৈতিকভাৱে লাভৱান কৰিবনে ? তেওঁৰ ভাৱমূৰ্ত্তিৰ এপৰত ইয়াৰ কি প্ৰভাৱ পৰিব ?

সঁচাকৈ ক'বলৈ গলে মই সম্পূৰ্ণ বিভ্ৰান্ত হৈ পৰিছিলো । মোৰ ভাব হৈছিল ই তেওঁৰ ভাবমূৰ্ত্তি উজ্জল কৰিব । তেওঁক ক'লা ধনৰ বিৰুদ্ধে যুঁজ দিয়া এজন নেতা হিচাপে চোৱা হ'ব । কিন্তু ই তেওঁক ৰাজনৈতিকভাৱে কিমান লাভাম্বিত কৰিব সেই সম্পৰ্কে মোৰ হাতত কোনো উত্তৰ নাছিল । ইতিমধ্যে পেট্ৰল পাম্পত দীঘল শাৰীৰ বাতৰি আহিবলৈ আৰম্ভ হৈছিল । সকলোৱেই চিন্তিত হৈ পৰিছিল ।

পাছদিনা দেশজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল । চৌদিশে অৰাজকতা আৰু বিভ্ৰান্তি । এ টি এমৰ সন্মূখত দিঘলীয়া শাৰী । চাৰ্চিলে কৈছিল এটা সপ্তাহ ৰাতনীতিৰ বাবে দিঘলীয়া সময় । কিন্তু এতিয়া ৪৫ মিনিট সময় এসপ্তাহতকৈ দীঘলীয়া হৈ পৰিছিল। দুসপ্তাহতকৈ অধিক সময় ইতিমধ্য পাৰ হৈ গৈছে আৰু ভাৰতীয় ৰাজনীতি স্পষ্টভাৱে দুটা শিবিৰত ভাগ হৈ পৰিছে । 

মোডীয়ে এয়া ক'লা ধন আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ বুলি প্ৰচাৰ চলাইছে । পিছে মোৰ বাবে এই কথাটো হজম কৰিবপৰা কথা নহয় । 

২০১৪ চনৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত তেওঁ কৈছিল কলা ধনৰ বিৰুদ্ধে যুঁজৰ কথা । সকলোৰে একাউন্টত ১৫ লাখকৈ টকা সোমাব বুলি ঘোষণা কৰিছিল । আগৰ কংগ্ৰেছ চৰকাৰখনক দুৰ্নীতিয়ে ডুবাইছিল । ৫০ খনতকৈও কম আসনত সীমাবদ্ধ হৈ ৰোৱা কংগ্ৰেছৰ প্ৰত্যাৱৰ্তনক লৈ বিশেষজ্ঞসকল সন্দিহান । কুৰি শতিকাৰ ইতিহাসৰ আটাইতকৈ সফল ৰাজনৈতিক দলটো এতিয়া নিশ্চিহ্ন ।  

দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ জনাদেশ পাইছিল মোডীয়ে । তেওঁ জনাদেশ পাইছিল বিদেশত, বিশেষকৈ ছুইছ বেংকত থকা ক'লা ধন ঘুৰাই আনিবলৈ । ছুইছ বেংক বুলি ক'লেই ভাৰতীয় মানুহৰ মনলৈ আহে এনে এখন ছবি - সকলো ক্ষমতাশালী, দুৰ্নীতিগ্ৰস্ত মানুহে ছুইছ বেংকত এটা একাউন্ট ৰাখে । বিদেশৰ বেংকত এটা একাউন্ট থকা মানে এজন মানুহক শক্তিশালী আৰু ধনী বুলি ধৰা হয় । 

মোডীৰ এসময়ৰ ৰাজনৈতিক গুৰু এল কে আডাৱানিয়ে ক'লা ধনৰ বিৰুদ্ধে ২০০৯ চনৰ সংসদীয় নিৰ্বাচনৰ সময়ত প্ৰথমবাৰৰ বাবে মাত মাতিছিল । কিন্ত সেই সময়ত ভাৰতীয় অৰ্থনীতিৰ জয়জয় ময়ময় অৱস্থাৰ বাবে ই এটা ডাঙৰ ইছ্যু হ'ব নোৱাৰিলে । ২০০৮ চনত গোলকীয় মন্দাৱস্থা স্বত্ত্বেও অৰ্থনীতি ৯ শতাংশ হাৰত বৃদ্ধি পাইছিল । মনমোহন সিং পুনৰ মূখ্যমন্ত্ৰী হৈছিল । ২০০৪ চনতকৈও অধিক সফলতাৰে কংগ্ৰেছৰ প্ৰত্যাৱৰ্তন ঘটিছিল । সেইকাৰণে এইবাৰো ইছ্যুটো জনপ্ৰিয় নহ'ল । কিন্তু ২০১১ চনৰপৰা সমগ্ৰ পৰিস্থিতিটোৱেই সলনি হৈ গ'ল ।

আন্নাৰ আন্দোলনটোৱে দেশজুৰি আলোড়নৰ সৃষ্টি কৰিলে । ইটোৰ পাছত সিটো কেলেংকাৰীয়ে দেশ কঁপাই যোৱাটোৱে মনমোহন সিং আৰু ছোনীয়া গান্ধীৰ ভাৱমূৰ্ত্তি ধ্বংস কৰি পেলালে । কংগ্ৰেছ হৈ পৰিল আটাইতকৈ দুৰ্নীতিগ্ৰস্ত আৰু নিৰ্লজ্জ ৰাজনৈতিক দ'ল । অৰ্থনীতি ক্ৰমান্বয়ে অৱনমিত হৈ আহিছিল । গোলকীয় সংকটে এই অৱস্থাটো আৰু সংকটজনক কৰি পেলালে । জনসাধাৰণ এইবাৰ ক্ষমাৰ মানসিকতাত নাছিল । মোডী নামৰ নতুন ঢৌৱে দেশ কঁপাই গৈছিল । তেওঁ সফলতাৰে এজন সৎ, দক্ষ, শক্তিশালী আৰু নিকা মানুহৰ ভাৱমূৰ্ত্তি এটা ডাঙি ধৰিবলৈ সক্ষম হ'ল । মনমোহনক ওফৰাই মোডীক ৰাইজে প্ৰধানমন্ত্ৰী পাতিলে ।

তেওঁ ডাঙৰ ডাঙৰ আশ্বাস দিছিল যদিও ১০০ দিনৰ ভিতৰত বিদেশৰপৰা ক'লা ধন ঘূৰাই আনিব নোৱাৰিলে । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ স্বত্ত্বেও তেওঁ মাত্ৰ এটা বিশেষ তদন্তকাৰী গোটহে গঠন কৰিবলৈ সক্ষম হ'ল যিটো আছিল এটা অৰ্থহীন কুচকাৱাজ । অৱশেষত বি জে পি সভাপতি অমিত শ্বাহ এইবুলি কবলৈ বাধ্য হ'ল যে এয়া মাত্ৰ এটা জুমলা অৰ্থাৎ নিৰ্বাচনৰ সয়য়ৰ বাগাড়ম্বৰ আছিল । আনকি মোডীৰ প্ৰচাৰ অভিযানটো আছিল স্বাধীন ভাৰতৰ আটাইতকৈ খৰচী প্ৰচীৰ অভিযান । কোৱা হয় যে ইয়াত ১০,০০০ কোটিৰপৰা ২০,০০০ কোটি টকা ব্যয় হৈছিল । বৃহৎ পুঁজিপতিসকলে তেওঁলোকৰ চন্দুক উজাৰি দিছিল । এনে ঘটনা আগতে হোৱা নাছিল । এয়া আছিল ধনৰ এক নিৰ্লজ্জ প্ৰদৰ্শন । মোডীয়ে সেই প্ৰচাৰৰ হিচাপ আজিলৈকে দিয়া নাই । তেওঁ এই বিষয়ে কোনো কথাও নকয় । নিৰ্বাচন আয়োগৰ মতে বি জে পিয়ে নিজৰ খৰচৰ ৮০ শতাংশৰ হিচাপ দিবলৈ অসেবীকাৰ কৰিছে । যিকোনো ৰাস্তাৰ মানুহৰপৰা বিশেষজ্ঞলৈকে সকলোৱে বুজিবপৰা এটা কথা হ'ল - এই ধন আছিল ক'লা ধন । হিচাপ দিব নোৱৰা নগদ ধন ।

প্ৰধান মন্ত্ৰীয়ে যোৱা ডেৰ বছৰত লোকপাল সম্পৰ্কে কোনো পদক্ষেপ লোৱা নাই । পদ এৰাৰ আগতে মনমোহন সিঙে এই সম্পৰ্কত এখন আইন গ্ৰহণ কৰিছিল । মোডী গুজৰাটৰ মূখ্যমন্ত্ৰী হৈ থকা ১২ বছৰ কালত কোনো লোকায়ুক্তক দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ দিয়া নাছিল । তেওঁৰ কেবিনেটৰ দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীৰ বিৰুদ্ধে আজিলৈকে কোনো ব্যৱস্থা লোৱা হোৱা নাই । বৰঞ্চ তেওঁ বহু দুৰ্নীতিগ্ৰস্ত লোকক মন্ত্ৰীত্ব দিছে । তেওঁ দিল্লীৰ আপ চৰকাৰৰপৰা দুৰ্নীতি বিৰোধী সংস্থাটো কাঢ়ি আনিছিল ।

এতিয়া দুটা ব্যাৱসায়িক গোষ্ঠীৰপৰা ধন লোৱাৰ গুৰুতৰ অভিযোগ তেওঁৰ বিৰুদ্ধে আছে । চৰকাৰী সংস্থাৰ হাতত এই তথ্য আছে । কিন্তু এই অভিযোগ সম্পৰ্কত প্ৰধান মন্ত্ৰীয়ে কোনো মন্তব্য কৰা নাই । এতিয়া একেজন মোডীয়ে বিচাৰে যে দেশবাসীয়ে তেওঁক দুৰ্নীতি বিৰোধী যুঁজৰ নায়ক বুলি ভাবক । মই এই কথা কেনেকৈ বিশ্বাস কৰোঁ । এয়া মাত্ৰ ৰাজনীতি নহয়নে ?

ইয়াত কোনো সন্দেহ নাই যে এই পদক্ষেপক লৈ দেশৰ জনতাৰ মতামত সম্পূৰ্ণ বিভাজিত । তেওঁক দুৰ্নীতি বিৰোধী যুঁজৰ নায়ক হিচাপে দেখা গৈছে আৰু লগতে নিজৰ ভাৱমূৰ্ত্তি উজ্জল কৰাৰ প্ৰয়াস কৰাও দেখা গৈছে । ই তেওঁক সচাকৈ লাভৱান কৰিব নে তেওঁ লোকচানৰ সন্মূখিন হব সেয়া সময়তহে দেখা যাব । এয়া তেওঁৰ বাবে আৰু দেশৰ জনতাৰ বাবে অতি উৎকন্ঠাৰ সময়। গতিকে অলপ সময় ৰৈ চোৱা যাওক ।

( মতামত লেখকৰ নিজৰ । ইয়াৰ লগত য়'ৰ ষ্ট'ৰীৰ সম্পাদকীয় নীতিৰ কোনো সম্পৰ্ক নাই )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

পিছুৱালে আপষ্টাৰ্ট ২০১৬ ৰ তাৰিখ

ফ্ৰান্সৰ বৃহত্তম সামজিক উদ্যোগ গঢ়ি তোলা উদ্যমীজন

পেলনীয়া সামগ্ৰীৰে বনোৱা এই বাইকখন কেৰাচিন তেলতো চলে

এগৰাকী মূখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব লোৱা প্ৰথম মহিলা আই পি এছ সুবাষিণী শংকৰণ