উদ্যোগপতি হোৱাটো সহজ, কিন্তু ইয়াক বৰ্তাই ৰখাটো কঠিনঃ পেপাৰ প্লেনচৰ প্ৰতিষ্ঠাপক নুপূৰ যোশী থেংকচ

উদ্যোগপতি হোৱাটো সহজ, কিন্তু ইয়াক বৰ্তাই ৰখাটো কঠিনঃ পেপাৰ প্লেনচৰ প্ৰতিষ্ঠাপক নুপূৰ যোশী থেংকচ

Thursday February 11, 2016,

7 min Read

নুপূৰ যোশী থেংকচৰ দেউতাকে জীৱনৰ আধা বয়সলৈকে ৰাজহুৱা খণ্ডত চাকৰি কৰিছিল আৰু তাৰপাছত ৫৯ বয়সত নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ আগলৈকে ব্যক্তিগত খণ্ডত চাকৰি কৰিছিল। নুপূৰৰ মতে তেখেতেই হ’ল তেওঁৰ বাবে ডাঙৰ অনুপ্ৰেৰণা।

'তেখেতে মোক উপদেশ দিছিল, মই যিটো কামৰ প্ৰতি আকৃষ্ট তাৰ বাবে তেখেতৰ দৰে ৰৈ থাকিব নালাগে।'

সেয়েহে নিউয়ৰ্ক ইউনিভাৰ্চিটিৰ স্কুল অব্ লৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী এই ক’ৰ্প’ৰেট ল’য়াৰ গৰাকীয়ে উচ্চপদস্থ চাকৰী ত্যাগ কৰি আৰম্ভ কৰিলে পেপাৰ প্লেনচৰ।

পেপাৰ প্লেনচে ভাৰতীয় পঢ়ুৱৈসকলক সমগ্ৰ বিশ্বৰ বিষয়ে লিখিত ৰূপত(ইংৰাজী ভাষাত) অৱগত কৰালে, ই আটকধুনীয়া সৃষ্টিশীল আলোচনী য’ত প্ৰতিফলিত হয় নিজ নিজ দেশৰ নতুন ধাৰা আৰু উন্নত আৰু আকৰ্ষণীয় বিষয়বস্তুৰে ই ৱেবৰ একক স্বত্বক নিঃশেষ কৰি দিলে।

image


নিজৰ চাকৰিত থকা নিৰাপত্তাক এৰি চলাতো সহজ নহয়। ‘এনেকুৱা অনুভৱ কৰিছিলো যে মই বহু বছৰ এনে এটা কামৰ বাবে কষ্ট কৰিলো যিটো কাম সফল হ’বও পাৰে নতুবা নহ’বও পাৰে। কিন্তু দেশৰ মানুহৰ সলনি হোৱা ভাৱধাৰাই মোক এইক্ষেত্ৰত সহায় কৰিলে য’ত সম্প্ৰতি নতুন নতুন চিন্তাধাৰা আৰু উদ্যোগীকৰণৰ প্ৰতি লোক আকৃষ্ট হ’বলৈ ধৰিলে। এইখিনিতেই মই সুবিধা গ্ৰহণ কৰিলো আৰু গতানুগতিকভাবে ভাল হোৱাটোকে আশা কৰিলো যদিও মই লোকচানৰ সন্মূখীন হোৱাৰ বাবেও প্ৰস্তুত আছিলো’-তেওঁ উল্লেখ কৰিলে।

সুযোগ হেৰাই যোৱাৰ শংকা

নুপূৰৰ পৰিবৰ্তিত এই হাবিয়াসত নিৰ্দিষ্ট উদ্যোগীকৰণৰ পৰিকল্পনাতকৈ বেছি ইন্ধন যোগাইছিল জীৱনত সুযোগ হেৰাই যোৱাৰ শংকাই, । নুপূৰে কৈছিল- 'পাঁচ বছৰ কাল চাকৰি কৰাৰ পাচত এতিয়া অনবৰতেই ভ্ৰমণ আৰু প্ৰয়োজনতকৈ অধিক পঢ়িবলগা হৈছে। মোৰ চাৰিওকাষে বহুত কিবাকিবি হৈ আছে আৰু মই তাৰ মাজত হেৰাই গৈছো ।'

image


পঢ়ি থকা সময়তেই মই পোনপ্ৰথমবাৰৰ বাবে এখন ইণ্ডি মেগাজিনক সকলোৰে আগত পৰিচয় কৰাবলৈ সুযোগ গ্ৰহণ কৰিলো আৰু স্বাধীনভাবেই তাক প্ৰকাশ কৰিবলৈপৰিকল্পনা কৰিলো। ‘এই আলোচনীখন আগতে মই পঢ়া বা দেখাৰ দৰে নহয়- ডিজাইন নতুবা বিষয়বস্তুৰ ফালৰ পৰাই হওঁক। ইয়াৰ বিষয়বস্তুসমূহ নতুনত্ব থকা তথা ভাৱগধুৰ- ‘মেগাজিন অফ্ পচিবিলিটিজ’, বেইৰুটৰ পৰা প্ৰকাশ পোৱা এই মেগাজিনৰ উদ্দেশ্য আছিল নতুন আৰবক জনসাধাৰণৰ মাজত পৰিচয় কৰোৱা, বাৰ্চিলোনাৰ পৰা প্ৰকাশিত ‘এন এভ্ৰিদে ইনটেৰিয়ৰচ্ মেগাজিন’, য’ত এখন ঘৰত থাকিবলগা গৃহসজ্জাৰ সকলোখিনি বিষয়বস্তু সন্নিৱিষ্ট কৰা হৈছে আৰু আন এখন বাৰ্লিনৰ পৰা প্ৰকাশিত সাক্ষাৎকাৰমূলক মেগাজিন ‘চেনচ্ এনি মেটেৰিয়েলিষ্টিক টাচ্ আপ্’ য’ত বিষয়বস্তু হিচাপে সন্নিৱিষ্ট আছে একোটা সৃষ্টিশীল উদ্যোগৰ কৰ্মৰাজিসমূহ’, তেওঁ ব্যাখ্যা কৰিছিল।

অংকুৰিত পৰিকল্পনা

এই বিষয়বস্তু ভাৰতবৰ্ষত এতিয়ালৈকে প্ৰচলিত নোহোৱাৰ লগতে ইয়াৰ পৰিবহন খৰচ ইমানেই বেছি যে, ইয়াত থকা পঢ়ুৱৈসকলক ইয়াৰ যোগান ধৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। ‘এই পৰিবহনৰ খৰচটো হ্ৰাস কৰাৰ একমাত্ৰ উপায় একে সময়তে অধিক পৰিমাণত প্ৰকাশকসকলৰ পৰা আনিলে ইয়াক কিছু সুলভ মূল্যত পোৱা যাব। এইক্ষেত্ৰত সঁচাকৈ ক’বলৈ গ’লে ভাৰতত এনেধৰণৰ মেগাজিন ব্যৱহাৰ কোনোৱেই কৰা নাছিল আৰু যিহেতু মই মোৰ প্ৰয়োজনৰ বাবে এই মেগাজিন সমূহ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলো, তেতিয়া মই সিদ্ধান্ত ল’লো যে ইয়াত লাভজনকভাবে ব্যৱসায়ৰ সুবিধা আছে। সেয়েহে মই এই কাম কৰাৰ পৰিকল্পনা ল’লো’- তেওঁ কয়।

নুপূৰে ইয়াৰ ওপৰত তেওঁৰ গৱেষণা আৰু জৰীপ কাৰ্য্য সুকলমে কৰিলে। অৱশ্যে ইয়াত বাধা-বিঘিনি আহিলেও নুপূৰৰ মনোবল ইমানেই শক্তিশালী আছিল যে, তেওঁ ইয়াক আগুৱাই নিলেইহেতেন। ‘মই জানো, এই গৱেষণাৰ পৰিণাম যিয়েই নহঁওক, নতুবা যিমানেই বাধা নাহক কিয় মই এই কাম কৰাৰ বাবে বদ্ধপৰিকৰ আছিলো । মই নিশ্চিত আছিলো যে এই মেগাজিনৰ জৰিয়তে সৰহসংখ্যক পঢ়ূৱৈক সাঙুৰি ল’ম’- তেওঁ ক’লে।

পেপাৰ প্লেনচ

নুপূৰে পেপাৰ প্লেনচৰ নাম থোৱাৰ কাৰণ এইটোৱেই যে তেওঁৰ ধাৰণাটোৱেই হ’ল এই মেগাজিনৰ বিষয়বস্তু নিখুঁত কৰা। ‘তদুপৰি মই এখন ঠাইলৈ সদায় পঢ়িবৰ বাবে মেগাজিন লৈ যাওঁ আৰু সেয়া হ’ল এৰোপ্লেন’- তেওঁ হাঁহিছিল।

image


এই মেগাজিনসমূহৰ আমদানিৰ খৰচ কমাবৰ বাবেই নুপূৰে পৰীক্ষামূলকভাবে বিভিন্নধৰণৰ চাৱস্ক্ৰীপচন বেচড্ বিজনেচ মডেলৰ আৰম্ভ কৰিলে। ‘আমি গ্ৰাহকসকলক আমন্ত্ৰন জনাওঁ সমগ্ৰ বিশ্বৰ নতুন নতুন উদ্ভাৱনমূলক আৰু আমোদজনক আকৰ্ষণীয় ইণ্ডি মেগাজিন চাৱস্ক্ৰাইৱ কৰিবলৈ- য’ত প্ৰতি মাহেই একোটা নতুন বিষয়বস্তুক গুৰুত্ব দিয়া হয়। সচাঁ অৰ্থত, আপুনি নিজেই নাজানিব যে, আপোনাৰ দুৱাৰডলিত কোনটো বিষয়বস্তু লৈ হাজিৰ হ’বহি আমাৰ মেগাজিন, যি আপোনাক আনন্দৰো খোৰাক যোগাব’।

বিভিন্ন প্ৰকাশনৰ দ্বাৰা ওলোৱা মেগাজিনসমূহক উদ্ভাৱন কৰাৰ ই হ’ল এক সুন্দৰ প্ৰচেষ্টা। অৱশ্যে গ্ৰাহকসকলে পঞ্জীয়ন কৰাৰ সময়ত নিজাববীয়াকৈয়ো নিজৰ নিজৰ পচন্দৰ বিষয়বস্তু অন্তৰ্ভূক্ত কৰিব পাৰে। ‘ইয়ে আমাক তেওঁলোকে পঢ়িবলৈ বিচৰা পচন্দৰ মেগাজিনসমূহ তেওঁলোকক দিয়াৰ বাবে সুবিধা কৰি দিয়ে। আকৌ যিসকলে আমাৰ এই ৰোমাঞ্চকৰ যাত্ৰাত সংগী হ’ব বিচাৰে তেওঁলোকৰ বাবে এটা ‘চাৰপ্ৰাইজ মি’ অপচনৰ সুবিধা আছে- য’ত বিভিন্ন বিষয়বস্তুৰ মেগাজিনসমূহে তেওঁৰ চাৱস্ক্ৰীপচনৰ সময়সীমাৰ ভিতৰত পঢ়িবলৈ সুবিধা পাব’- নুপূৰে বৰ্ণনা কৰে।

ভাৰতবৰ্ষত এই মেগাজিন প্ৰচলনৰ ক্ষেত্ৰত যদিও চালুকীয়া অৱস্থাত আছে, লাহে লাহে ইণ্ডি মেগাজিনৰ পৰিসৰ গ্ৰাহকৰ মাজত বৃদ্ধি হবলৈ ধৰিছে আৰু এই মেগাজিনসমূহ ৱেবচাইটত বিক্ৰীৰ বাবে উপলব্ধ। সম্প্ৰতি ভাৰতৰ বজাৰত উপলব্ধ কেইখনমান ইণ্ডি মেগাজিন হ’ল ‘দ্য মাডাৰলেণ্ড’(সাংস্কৃতিক আলোচনী), ‘ন্যুৰিয়াচ’(দৃশ্যমান সাংস্কৃতিক আলোচনী) আৰু ‘লাভবাৰ্ডচ্ শ্বৰূম’(চিত্ৰালোচনী)। এই সকলোবোৰ আলোচনী আমাৰ ৱেবচাইটত উপলব্ধ আৰু অতি সোনকালে আমি গাইচি পৰিয়ালে প্ৰকাশ কৰা ‘জাইন’ মেগাজিনো আমাৰ ইয়াত সন্নিবিষ্ট কৰিম, তেওঁ কয়।

উদ্যোগীসকলে আঁকোৱালী লৈছে আমাৰ এই প্ৰচেষ্টাক

নুপূৰে ভাৰতীয় পঢ়ুৱৈসকলৰ বাবে আগবঢ়োৱা মেগাজিনসমূহ ভাৰততো যে জনপ্ৰিয় হ’ব সেয়া হ’ল শংকাজনক। কিন্তু এইক্ষেত্ৰত নুপূৰৰ লক্ষ্য স্থিৰ। ‘মেগাজিনসমূহে সদায় এই দেশৰ পঢ়া সংস্কৃতিৰ ক্ষেত্ৰত আগৰে পৰাই এক মূখ্য ভূমিকা গ্ৰহণ কৰি আহিছে’- নিজেই চাওক, ডাঙৰ বা সৰু কিতাপৰ দোকান বা স্হানীয় বাতৰিকাকতৰ বিপণীত বিভিন্ন বিষয়বস্তুৰ মেগাজিন দেখা যায় আৰু এইবোৰত থলুৱা ভাষাৰ মেগাজিনো সন্নিৱিষ্ট।

image


‘আমি দেখিছো যে, আমাৰ ইয়াত যোগদান কৰিবলৈ বিভিন্ন ক্ষেত্ৰৰ লোকৰ আগমন হৈছে, তাৰ ভিতৰত আছে বিভিন্ন প্ৰতিষ্ঠানৰ চি.ই.অ.সকল, সংগীতজ্ঞ, সাংবাদিক, সৃজনীশীল ব্যক্তি, পেছাদাৰী লোকসকল আৰু সকলোৰে মাজত এটাই মিল,সেয়া হ'ল তেওঁলোকৰ লিখিত কথাৰ প্ৰতি আকৰ্ষণ আৰু অনুসন্ধিৎসু মন। আমাৰ লাহে লাহে অথচ স্থিৰ গতিৰে বাঢ়ি যোৱা গ্ৰাহকৰ সংখ্যাই ইয়াকেই বুজাই যে, আমি এতিয়ালৈকে ভাল কাম কৰিবলৈ সক্ষম হৈছো। ক’ৰ্প’ৰেটচ্ যেনে ‘ওৱাৰ্লপুল’ আৰু ‘লেণ্ডোৰ’এ আমাৰ এই চাৱস্ক্ৰীপচন সেৱাত যোগদান কৰিছে, য’ত আমি বিশ্বাস কৰিছো যে আমাৰ কাষত থকা মেগাজিনৰ গুণসমূহক প্ৰতিফলিত কৰিছে।

আৰোহন

পেপাৰ প্লেনচৰ আৰম্ভণী বৰ্ষই নুপূৰৰ বিশ্বাসক নিশ্চিত কৰিলে যে, তেওঁ এই ব্যৱসায়ক কিছুদূৰ আগুৱাইলৈ যাব পাৰিব। ‘এতিয়া সময় হ’ল পূৰ্ণগতিত ইয়াক আগুৱাই নিয়াটো’- তেওঁ কয়। ২০১৬ বৰ্ষৰ ভিতৰত দেশৰ মেট্ৰ’ চিটিসমূহ সাঙুৰি লোৱাৰ আশা কৰিছো, ‘আমাৰ সমভাবাপন্ন পঢ়ুৱৈসকল যাক আমি জনপ্ৰিয় আৰ্ট, কালচাৰ আৰু ডিজাইনৰ অনুষ্ঠানসমূহত লগ কৰি তেওঁলোকৰ মাজত আমাৰ এই মেগাজিনৰ বিষয়ে জনাও আৰু ইয়াৰ জৰিয়তে নিশ্চয়কৈ আমাৰ লক্ষ্য গ্ৰাহকসকলৰ সংখ্যা বৃদ্ধি কৰোৱা। ইয়াৰ লগতে আমি ক’ৰপ’ৰেটচ (বিশেষকৈ ক্ৰিয়েটিভ এজেঞ্চি, ষ্টুডিঅ’) আৰু ডিজাইন ইনষ্টিটিউটৰ বাবে তেওঁলোকে বিচৰা ধৰণে আমাৰ সেৱা আগবঢ়াও।আমি বিশ্বাস কৰোঁ যে, আমাৰ সেৱাই একে সময়তে সঠিক গ্ৰাহকক অন্তৰ্ভূক্তি কৰাৰ সুযোগ পায় আৰু পঢ়ুৱৈসকলেও নিজৰ নিজৰ পেছাত আগুৱাই যাবৰ বাবে প্ৰেৰণা পায়’। অনলাইন ষ্ট’ৰৰ ক্ষেত্ৰত, তেওঁ পেপাৰ প্লেনচক নতুনত্বৰে এনে ধৰণে আগবঢ়াই নিব বিচাৰে যে, একচেতীয়া বজাৰ হিচাপে ই দেশীয় আৰু প্ৰবাসী সকলোৰে মাজত সমাদৃত হয়।

অতিকৈ সহজ কিন্তু ইমান সহজো নহয়

পেপাৰ প্লেনচ আৰম্ভ হৈছিল নুপূৰৰ নিজা সাচঁতীয়া ধনেৰে আৰু বৰ্তমান ই এনেদৰেই চলি আছে। তেওঁ দুগৰাকীকৈ ফ্ৰীলাঞ্চ লেখকক তেওঁৰ ব্লগত লিখাৰ বাবে ৰাখিছিল যদিও প্ৰায়খিনি কাম তেওঁ নিজেই কৰিছিল। তেওঁ কয়, ‘উদ্যোগী হোৱাটো সহজ কিন্তু ইয়াত বৰ্তি থকাটো সহজ নহয়। তেওঁলোকৰ এই কাম আৰম্ভ কৰা মাত্ৰ এবছৰহে হৈছে, সেয়েহে তেওঁলোক এইক্ষেত্ৰত জয়ী নোহোৱা বুলি ক’ব নোৱাৰি। সচাঁকৈয়ে আমি বহুতো প্ৰত্যাহ্বানৰ সন্মূখীন হৈছো আৰু ভৱিষ্যতলৈ হোৱাৰ সম্ভাৱনা আছে- এক কথাত ঘৰৰ বাহিৰত কাম কৰাটো ভাৰতৰ নিচিনা দেশত সহজ নহয়। প্ৰতিষ্ঠান এটা আৰম্ভ কৰিবলৈ ইয়াৰ পঞ্জীয়ন আৰু আইনী নিয়ম-কানুন বহুত থাকে, যাৰ ফলত ই অত্যাধিক ব্যয়বহুল হৈ পৰে।

মূলধনৰ পৰাই মুলধন বৃদ্ধি হয়, আৰু এইটোৱেই সত্য যে স্বকীয়ভাবে বিনিয়োগ কৰা প্ৰতিগৰাকী উদ্যোগীয়ে যিকোনো কাম আৰম্ভ কৰাৰ আগতে এই কথাষাৰ মনত ৰাখিব লাগে। ‘প্ৰথম বছৰৰ প্ৰথম অৱস্থাতেই কেইবাবাৰো মোৰ বাজেটৰ সালসলনি কৰিবলগা হৈছিল, যিটোৱে মোক নিৰাশ কৰিছিল, কিন্তু অৱশেষত মই শিকিলো যে এনেদৰেই ব্যৱসায় আৰম্ভ হয় আৰু প্ৰতিজনেই সময়ৰ লগে লগে তেওঁলোকৰ পৰিকল্পনাসমূহ সালসলনি কৰাৰ বাবে প্ৰস্তুত থাকিব লাগিব’।

image


ই শুনিবলৈ যিমানেই সহজ নহঁওক কিয়, ইয়াক সম্ভৱ কৰি তোলাটো ইমান সহজসাধ্য নহয়, আমি যিদৰে আঁচনি পৰিকল্পনা আৰু ইয়াক গ্ৰহণ কৰোঁ তাৰ আৰম্ভণী নতুবা শেষ আমি ভবাৰ দৰে নহ’বও পাৰে(আমি যিমানেই ভালদৰে ইয়াক তৈয়াৰ কৰি লওঁ নতুবা পেছাগতভাবে সহায় লওঁ)। ‘এইটো তেতিয়াহে সম্ভৱ হব যেতিয়া নিজেই উদাৰ মনোভাবেৰে গ্ৰহণ কৰা আৰু সময়ৰ গতিৰ লগে লগে নিজকে খাপ খুৱাই ল’লে নিজৰ ব্যৱসায়িক যাত্ৰাত যিমানেই প্ৰত্যাহ্বান নাহক কিয়, তাত সফলতাৰে আগবাঢ়ি যোৱাটো নিশ্চিত’- তেওঁ ক’লে।

নুপূৰৰ দৃঢ় বিশ্বাস যে, পেপাৰ প্লেনচৰ আৰু ভাল দিন আহি আছে। নতুনকৈ উঠি অহা উদ্যোগীসকলৰ বাবে নুপূৰৰ প্ৰেৰণামূলক মন্তব্য-

‘তোমাৰ যদি চাকৰি আছে সেয়া তুমি পাৰিলে নেৰিবা। ইয়ে তোমাক যিকোনো প্ৰত্যাহ্বানৰ সন্মূখীন হ’বলৈ সাহস যোগাব। ইয়াৰ লগতে তোমাৰ গ্ৰাহকৰ পছন্দ জানি লোৱাৰ লগতে নিজৰ গৱেষণা নিপুণভাবে কৰাতো উচিত। যদি তুমি তোমাৰ গ্ৰাহকে বিচৰাখিনি নকৰি তোমাৰ মতে কৰা তেতিয়া ই তোমাৰ কেৱল নিচাহে হ’ব আৰু ইয়াত নিজেই কষ্ট কৰি অৰ্জা ধনৰ অপচয় কৰাৰ বাহিৰে একো নহয়’।

লেখক- ৰাখী চক্ৰৱৰ্তী

অনুবাদ- অৰুন্ধতী বেজবৰুৱা


এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

এক লাখ টকাৰ পৰা ১০০ কোটি টকালৈঃঅলপীয়া মূলধনৰ ষ্টাৰ্টআপৰ চমকপ্ৰদ চফৰ

১০,০০০ টকাৰে আৰম্ভ কৰি ১.৫ কোটি টকাৰ ব্যৱসায় কৰা “ব্ৰ’কেন কম্পাছ”ৰ সাফল্যৰ কাহিনী

এটা ব্যৱসায় আৰম্ভ কৰাৰ আগত কাৰ পৰামৰ্শ ল'ব আৰু কাৰ নল'ব

পৰিৱৰ্তনৰ বাহক হোৱাৰ ক্ষেত্ৰত মহিলাৰ বাবে 'ক্ৰোধ' প্ৰথম আহিলা হ'ব পাৰে নেকি?