'বিশ্বৰ কনিষ্ঠতম প্ৰধান শিক্ষক' বাবৰ আলীয়ে ৯ বছৰ বয়সত প্ৰতিষ্ঠা কৰিছিল এখন স্কুল

'বিশ্বৰ কনিষ্ঠতম প্ৰধান শিক্ষক' বাবৰ আলীয়ে ৯ বছৰ বয়সত প্ৰতিষ্ঠা কৰিছিল এখন স্কুল

Thursday July 14, 2016,

2 min Read


'বিশ্বৰ কনিষ্ঠতম প্ৰধান শিক্ষক' আখ্যা পোৱা বাবৰ আলীয়ে ৯ বছৰ বয়সত প্ৰতিষ্ঠা কৰিছিল এখন স্কুল। পশ্চিম বঙ্গৰ ভাবতা নামৰ এখন পিছপৰা গাৱঁত তেওঁ ৮জন ছাত্ৰৰে আৰম্ভ কৰিছিল এই স্কুলখন । বৰ্তমান এইখন এখন স্বীকৃতিপ্ৰাপ্ত স্কুল । ২০১৫ চনত ইয়াত ৩০০ ছাত্ৰ-ছাত্ৰী আৰু ১০ জন শিক্ষক আছিল । আনন্দ শিক্ষা নিকেতন নামৰ এই স্কুলখন যথেষ্ট জনপ্ৰিয়ও । বাবৰে বেৰহামপুৰৰ কৃষ্ণনাথ কলেজত ৰাতিপুৱা ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ শ্ৰেণীত ছাত্ৰৰ ভূমিকা পালন কৰে আৰু দুপৰীয়া তেওঁ স্কুলত প্ৰঝআন শিক্ষকৰ ভূমিকা পালন কৰে । 

Image: (L-R) The Christian Science Monitor ; Youth LeadeR Magazine

Image: (L-R) The Christian Science Monitor ; Youth LeadeR Magazine


দ্য হিন্দু কাকতক দিয়া এটা সাক্ষাৎকাৰত তেওঁ কয়, 'প্ৰথমতে এয়া খেলৰ দৰে আৰম্ভ হৈছিল মই আমাৰ পিছ চোতালক ভণ্টিক পঢ়ুউৱাৰপৰা । তাৰ পিছত কিছুমান শ্ৰমিকৰ ল'ৰা ছোৱালী মোৰ ওচৰত পঢ়িবলৈ আহে আৰু এইদৰেই স্কুলখন আৰম্ভ হয় ।'

বাবৰে পঢ়ুউৱা ৬ জন ছাত্ৰই ইতিমধ্যে সেইখন স্কুলতে শিক্ষকতা আৰম্ভ কৰিছে । এই প্ৰচেষ্টাত তেওঁক আৰ্থিক আৰু নীতিগতভাৱে বহুতেই তেওঁক সহায় কৰিছে । ইয়াৰে অধিকাংশ কৰ্ণাটকৰ । 'কৰ্ণাটক চৰকাৰে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পাঠ্যপুথিত মোৰ বিষয়ে এটা পাঠ অন্তৰ্ভুক্ত কৰিছে যাৰ ফলত অধিকাংশ ই-মেইল মই কৰ্ণাটকৰপৰা লাভ কৰোঁ ।' তেওঁ কয় ।

এই সকলোবোৰ স্বত্তেও তেওঁ কিন্তু সন্তুষ্ট নহয় । 'আমাৰ গাৱঁৰ বহু লোক এতিয়াও নিৰক্ষৰ আৰু আমি শিক্ষাৰ প্ৰসাৰৰ বাবে বহু কাম কৰিবলগীয়া আছে ।' তেওঁ কয় । ২০১৪ চনত য়'ৰ ষ্ট'ৰীত তেওঁৰ বিষয়ে এটা লেখা প্ৰকাশ পাইছিল । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

যাওঁ ব'ল বুলি বিনা দ্বিধাই ক'বলৈ jaobol.com

বিপদকো নেওচি বন্যাৰ্তৰ সুৰক্ষাত এজন আৰক্ষী বিষয়া

কল্যাণী খ’নাৰ তিনিটাকৈ দুৰ্ঘটনাই ক’ব জীৱনৰ জয়গানৰ কথা