বিদ্যালয়ৰ মূখ নেদেখা ৰবি ৰায়ে কাঠৰ বিকল্পৰে কৰিছে পৰিবেশ সংৰক্ষণ

বিদ্যালয়ৰ মূখ নেদেখা ৰবি ৰায়ে কাঠৰ বিকল্পৰে কৰিছে পৰিবেশ সংৰক্ষণ

Friday March 04, 2016,

3 min Read

গছ- গছনি থাকিলে প্ৰকৃতিৰ ভাৰসাম্য বৰ্ত্তি থাকে । এই কথা আপুনি বা মই জানো । তথাপিও ঘৰ বনোৱা অথবা ঘৰৰ আচবাব তৈয়াৰ কৰা আদি কামত গছ গছনি ধ্বংস কৰোঁ । কিন্তু আমি জানো কাঠৰ বিকল্প কি ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়ে জানো কেতিয়াবা ভাবিছো ? জানি হয়টো আপুনি সুখী হ’ব যে কাঠৰ বিকল্প কথা চিন্তা কৰায়ে নহয়, উত্তৰ শালমাৰাৰ এজন ব্যক্তিয়ে উদ্ভাৱন কৰিছে কাঠৰ বিকল্প কেমিকেল বাটাম ।


image


আজি আপোনাক জনাব বিচাৰিছো, বঙাইগাওঁ জিলাৰ উত্তৰ শালমাৰাৰ কেমিকেল বাটাম উদ্ভাৱক ৰবি ৰায়ৰ বিষয়ে । কোনো দিনে বিদ্যালয়ৰ মুখ নেদেখা আথবা কোনো দিনে কাৰিকৰী শিক্ষা গ্ৰহণ নকৰা ৰায়ে উদ্ভাৱন কৰা কেমিকেল বাটামে ইতিবাচক বতৰা কঢ়িয়াই আনিছে । উদ্ভাৱক ৰবি ৰায়ৰ কেমিকেল বাটাম ঘৰত ব্যবহাৰ কৰি হাজাৰ জন ব্যক্তি লাভৱান হোৱাৰ লগতে অন্ততঃ হাজাৰজোপা গছ সংৰক্ষণ হৈছে ।

কেমিকেল বাটামৰ ধাৰণাটো কেনেকৈ আহিল জানিব বিচৰাত ৰবি ৰায়ে এনেদৰে জনায়- 'আৰ্থিক দুৰৱস্থাৰ বাবে মোৰ কোনো বিদ্যালয়লৈ যোৱা নহ’ল । আজিৰ পৰা এটা দশকৰ পূৰ্বে বনাঞ্চল ধবংস বিষয়টোৱে মোক বাৰুকৈয়ে আমনি কৰিছিল। পুৰঠ মূল্যৱান গছ গছনি বোৰৰ ধবংসযজ্ঞ দেখি ভাবিছিলো, আজি যি হাৰত পুৰঠ গছবোৰ কাটি থকা গৈছে, সেয়া চলি থাকিলে এদিন হয়টো গছ গছনি নোহোৱা হ’ব । আৰু জীৱকুললে প্ৰত্যাহবান আহি পৰিব আৰু তেতিয়াই মোৰ কেমিকেল বাটামৰ চিন্তাটো আহি পৰে ।'

image


উদ্ভাৱকৰ প্ৰথম পদক্ষেপ

চিন্তা মতেই কাম । সেইমতে শিল, বলি, ৰদ, চিমেণ্ট, ফেবিকল আৰু কেমিকেল দ্বাৰা Damp Proof, Water Proof, হিচাপে উদ্ভাৱন কৰা হ’ল কেমিকেল বাটাম । প্ৰথম অৱস্থাত নিজৰ ঘৰত ব্যবহাৰ কৰি পৰীক্ষা চলাই সফলতা লাভ কৰা পিচত ২০০০ চনৰ পৰা কেমিকেল বাটামৰ ব্যৱসায় আৰম্ভ কৰে । কিন্তু আতি পৰিতাপৰ কথা যে তেখতৰ ন উদ্ভাৱনে গ্ৰাহকৰ পৰা সহাঁৰি নাপালে । কিন্তু ৰবি ৰায় ভাগি নপৰিল । প্ৰথমবাৰ বিফলতাৰ পিছত আকৌ দুগুণ উৎসাহৰে পুনৰ কেমিকেল বাটামৰ ব্যবসায়ত নামি পৰিল ।

প্ৰত্যহ্বানৰ দ্বিতীয় স্তৰত

'দ্বিতীয় বাৰ কেমিকেল বাটামৰ ব্যৱসায় কৰাটো সেই সময়ত মোৰ পক্ষে সহজসাধ্য নাছিল । কিয়নো আৰ্থিক দিশত একেবাৰে সবল নাছিলো। কিন্তু মনত এটা পণ আছিল যে গছ-গছনি কটা বন্ধ কৰিম কেমিকেল বাটাম ব্যৱহাৰ দ্বাৰা … আৰু সেই পণকে সৰোগত কৰি আৰ্থিক আনাটনক প্ৰত্যহ্বান জনাই তিনি বছৰৰ পিছত অৰ্থাৎ ২০০৩ চনত নিজৰ কিছু অংশ মাটি বিক্ৰী কৰি কেমিকেল বাটাম নিৰ্মাণ কৰোঁ। এনে সময়তে সংবাদ শীৰ্ষক মোৰ উদ্ভাৱনৰ বাতৰিয়ে দখল কৰাত লাহে লাহে মানুহৰ মাজত জনপ্ৰিয়তা অৰ্জন লাভ কৰিবলৈ সক্ষম হওঁ। মানুহে ব্যৱহাৰ কৰিব বিচাৰে আৰু মোৰ ব্যৱসায়ও সেইমতে উন্নতি হয়।'

image


কেমিকেল বাটামে ঘৰৰ নিৰ্মাণত প্ৰয়োজন হোৱা সকলো কাঠৰ অভাব পূৰণ কৰিব পাৰে বুলি ৰবি ৰায়ে দাবী কৰে । স্মৰ্তব্য যে কাঠৰ তুলনাত এই কেমিকেল বাটামৰ মুল্য বহু কম । আনহাতে এই বাটাম ব্যৱহাৰ কৰি নিৰ্মাণ কৰা ঘৰৰ নিৰ্মাণ খৰচো কম। বৰ্ত্তমানলৈকে ৪০০০ ৰো অধিকাৰ ব্যক্তিয়ে কেমিকেল বাটাম ব্যৱহাৰ কৰি উপকৃত হৈছে । বঙাইগাওঁ জিলাৰ উপৰিও কোকৰাঝাৰ, বৰপেটা, ধুবুৰী, গোৱালপাৰা আদি জিলাৰ মানুহে এই ন উদ্ভাৱনৰ প্ৰতি সহাৰি জনাই কেমিকেল বাটাম ব্যৱহাৰ কৰি ঘৰ সাজিছে।


এই কেমিকেল বাটামৰ ওপৰত ভিত্তি কৰি চিলাৰায় কেমিকেল বাটাম নামৰ ক্ষুদ্ৰ উদ্যোগ গঢ়লৈ উঠিছে । উদ্যোগটোত পোষ্ট, প্লেট, বাটাম, কেচি, চৌকাঠ, টেবুল, ফুলৰ টাৱ, ইটা, আৰু টাইলছ আদি নিৰ্মাণ হয়। নিজৰ লগতে ৯জন ব্যক্তিয়ে উদ্যোগটোত কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে । এই ক্ষেত্ৰত ৰবি ৰায়ৰ দুজন পুত্ৰয়ো যথেষ্ট সহায়ৰ হাত আগবঢ়ায় । প্ৰকৃতি প্ৰেমী ৰবি ৰায়ে নিজৰ উপাৰ্জিত পুঁজিয়ে সমগ্ৰ বঙাইগাওঁ জিলাত ১০০০ গছৰ পুলি ৰোপন কৰি প্ৰকৃতি প্ৰেমৰ নিৰ্দশন দাঙি ধৰিবলৈ সক্ষম হৈছে । তেখেতে ৰোপন কৰা গছ পুলিৰ সুৰক্ষাৰ বাবে একোখনকৈ নেটৰ বেৰাও নিজে দিছে।

ৰবি ৰায়ে উদ্ভাৱন কৰা কেমিকেল বাটাম সম্পুৰ্ণ প্ৰদুষণমুক্ত । ই সমাজৰ বাবে খুবেই ইতিবাচক খবৰ । উদ্ভাৱনৰ জৰিয়তে সমাজ সেৱা আগবঢ়োৱা ৰবি ৰায় সকলোৰে আদৰ্শ হওক । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

মানসিক শক্তিয়েই মূলধন ৱাচিমৰ

ছেণ্ড এনিমেশ্বনেৰে দিগন্ত মাধৱ গোস্বামীৰ বিশ্বমূখী যাত্ৰা

সৌন্দৰ্যক উদ্যোগৰ ৰূপ দিয়া মধুমিতা শইকীয়া

সংগীতৰ মাধ্যমেৰে বিশ্ববাসীক একত্ৰ কৰাৰ প্ৰচেষ্টাত ব্ৰতী জেজ গোৱা ষ্টুডিঅ'