১৮বছৰৰ অনুৰ্দ্ধৰ সম্পাদক আৰু বাকপটু সাংবাদিকৰ চমক-‘বালকনামা’

১৮বছৰৰ অনুৰ্দ্ধৰ সম্পাদক আৰু বাকপটু সাংবাদিকৰ চমক-‘বালকনামা’

Tuesday January 19, 2016,

3 min Read

কোনো এখন দেশৰ উন্নতিৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হৈছে সেইখন দেশৰ প্ৰতিটো বৰ্গৰ লোকৰ সম উন্নতি আৰু কেৱল এটা নিৰ্দিষ্ট শ্ৰেণীৰ উন্নতিৰে দেশখনৰ উন্নতিক জুখিব পৰা নাযায়।পৃথিৱীৰ উন্নত দেশসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে সেইবোৰ দেশত চৰকাৰে প্ৰতিটো শ্ৰেণীক সমান চকুৰে চায়।

বৈচিত্ৰময় হ’লেও ভাৰতৰ যোগাত্মক দিশ হৈছে ইয়াত বৰ্তমান জাগৰণৰ সৃষ্টি হৈছে আৰু দৰিদ্ৰ শ্ৰেণীয়েও শিক্ষাৰ গুৰুত্ব অনুধাৱন কৰিছে।দেশৰ শিশু আৰু যুৱচাম আগুৱাই যাব বিচাৰে।সকলো ধৰনৰ প্ৰতিকূল পৰিস্থিতিক পৰাভূত কৰি তেওঁলোকে জীৱন উন্নত কৰি দেশৰ বাবে কিবা কৰিব বিচাৰে।

image


‘বালকনামা’ সংবাদ হৈছে এনে এক প্ৰয়াস যিয়ে প্ৰত্যক্ষৰূপত দেখুৱাইছে যে আমাৰ ভাৰতক দ্ৰুত গতিত আগুৱাই যোৱাত এতিয়া একোৱে বাধা দিব নোৱাৰে।‘বালকনামা’ দৰিদ্ৰ শিশুসকলে পৰিচালনা কৰা ৮পৃষ্ঠাজোৰা বাতৰিকাকত।ইয়াত শিশুৰ সৈতে জৰিত বিষয়সমূহ অতি সংবেদনশীলতাৰে পৰিৱেশন কৰা হয়।‘বালকনামা’ৰ বিশেষত্ব হৈছে ইয়াৰ সৈতে জৰিত প্ৰতিজন শিশুৰ বয়স ১৪-১৮বছৰৰ ভিতৰত।‘বঢ়তে কদম’ নামৰ সংগঠনটোৱে এই বাতৰি কাকতখন পৰিচালনা কৰি আছে।দৰিদ্ৰ শিশুসকলৰ উত্থানৰ বাবে এই সংগঠনটোৱে আন বহুতো কাম সম্পাদন কৰি আছে।এই সংগঠন সম্পূৰ্ণৰূপত শিশুসকলৰ দ্বাৰা পৰিচালিত বাতৰি কাকত।

২০০৩চনত ‘বালকনামা’ বাতৰিকাকতখন আৰম্ভ হৈছিল আৰু সেই সময়ত ‘বঢ়তে কদম’ সংগঠনত মাত্ৰ ৩৫টা শিশুহে আছিল আৰু সংগঠনটো কেৱল দিল্লীতহে সক্ৰিয় আছিল।কিন্তু ইয়াৰ পিছতে সংগঠনটোৰ বিস্তাৰ হ’বলৈ ধৰে আৰু সংগঠনটোৰ সৈতে জৰিত শিশুৰ সংখ্যা ক্ৰমাৎ বাঢ়িবলৈ ধৰে আৰু বৰ্তমান ইয়াত শিশুসকলৰ সংখ্যাই দহহাজাৰৰ সীমা অতিক্ৰম কৰিছে।‘বালকনামা’ৰ নেটৱৰ্ক দিল্লীৰ ওপৰিউ মধ্যপ্ৰদেশ,উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাত বিস্তৃত হৈ আছে আৰু প্ৰতিদিনে ইয়াৰ ৫হাজাৰৰো অধিক কপি ছপা কৰা হয়।কেৱল এয়াই নহয় ২০১৫ চনত ‘বালকনামা’ৰ ইংৰাজী অনুবাদো ছপা কৰা হয় আৰু এইসমূহ বিদেশলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয়।‘বালকনামা’ৰ সৈতে দীৰ্ঘসময় ধৰি জৰিত চানুৱে য়'ৰ ষ্ট'ৰীক কয়,

image


“আমি ‘বালকনামা’ৰ জৰিয়তে দৰিদ্ৰ শিশুসকলৰ সৈতে জৰিত গুৰুত্বপূৰ্ণ বিষয়সমূহ সংবেদনশীলতাৰে মানুহৰ আগত উপস্থাপন কৰোঁ।মোৰ বয়স ১৮বছৰৰ অধিক হোৱাৰ বাবে মই বৰ্তমান বাতৰিকাকতখনৰ বাবে লিখা-মেলা নকৰোঁ কিন্তু ইয়াৰ উপদেষ্টা মণ্ডলীৰ সৈতে সংযুক্ত হৈ আছো।এনেদৰে মই শিশুসকলক সহায় কৰি আছো।ইয়াৰ পূৰ্বে মই বহুবছৰ কাকতখনৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিলো।”

চানুৱে কয় যে তেওঁ নিজৰ জীৱনত বহুতো উত্থান-পতনৰ সাক্ষী হৈছে।১১ বছৰ বয়সত আৰ্থিক দীনতাৰ বাবে তেওঁ পঢ়া-শুনা এৰি কাৰখানাত শ্ৰমিকৰূপে কাম কৰিবলগীয়া হৈছিল।কিন্তু ‘বঢ়তে কদম’ আৰু ‘বালকনামা’ৰ সৈতে সংযুক্ত হোৱাৰ পিছত তেওঁৰ জীৱনৰ পৰিৱৰ্তন সাধন হয়।তেওঁ নিজৰ অধ্যয়ন পুনৰ আৰম্ভ কৰিবলৈ সক্ষম হয়।বৰ্তমান তেওঁ বেচেলৰ অব ছ'চিয়েল ৱৰ্কৰ প্ৰথমবৰ্ষত অধ্যয়নৰত।চানুৰ দৰে ‘বঢ়তে কদম’ৰ সহযোগত এনে বহু শিশুৰ জীৱন সলনি হৈছে।

‘বালকনামা’ৰ নেটৱৰ্ক যথেষ্ট শক্তিশালী আৰু তেওঁলোকে ইয়াক এনেদৰে গঠন কৰিছে যে প্ৰতিখন জিলাত কাকতখনৰ এজনকৈ সাংবাদিক ৰখাৰ ব্যৱস্থা আছে।ইয়াত ল’ৰা আৰু ছোৱালী উভয়ে জৰিত হৈ আছে।প্ৰতিজন সাংবাদিকৰ বয়স ১৪-১৮বছৰৰ ভিতৰত।সাংবাদিকসকলে নিজৰ নিজৰ এলেকাত শিশুসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ অনুসন্ধান কৰে।তেওঁলোকে মিটিং কৰে আৰু শিশুসকলৰ সৈতে মত বিনিময় কৰে।বালকনামাত দুইধৰণৰ সাংবাদিক আছে-

ক)বাকপটু বা সন্ধানী সাংবাদিক-এওঁলোকে বাতৰিৰ সন্ধান কৰে।

খ)বাতৰি পৰীক্ষা কৰি এইসমূহ লিখিত ৰূপত প্ৰস্তুত কৰা সাংবাদিক।

বৰ্তমান ‘বালকনামা’ৰ সৈতে কাহিনী লিখি উলিওৱা ১৪জন সাংবাদিক জৰিত হৈ আছে আৰু ইয়াৰ লগতে পৃথক-পৃথক ৰাজ্যৰ পৰা বাতৰি সংগ্ৰহ কৰি পঠিওৱা তেওঁলোকৰ বাকপটু সাংবাদিক সক্ৰিয় হৈ আছে।এওঁলোকে সময়ে সময়ে লগ হয়।‘বালকনামা’ত ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰিহে সহ সন্মতিক্ৰমেহে বাতৰিসমূহ প্ৰকাশ কৰা হয়।প্ৰতিমাহৰ ২৫তাৰিখে এডিটৰিয়েল বৰ্ডৰ বৈঠক অনুষ্ঠিত হয়।ইয়াত বাতৰিৰ বিশ্লেষণ কৰাৰ লগতে পৰৱৰ্তী মাহৰ কাৰ্যক্ৰমণিকা নিৰ্ধাৰণ কৰা হয়।

image


চানুৱে কয় যে বাতৰিকাকতখনৰ চাৰ্কুলেশ্যন বৃদ্ধি কৰিবলৈ তেওঁলোকে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ভৱিষ্যতে ইয়াৰ বিস্তাৰৰ বাবে বহু পৰিকল্পনা গ্ৰহণ কৰা হৈছে যাতে বাতৰিকাকতখন অধিকসংখ্যক লোকৰ হাতত পৰে।ইয়াৰ উদ্দেশ্য হৈছে দৰিদ্ৰ শিশুসকলৰ সমস্যা সকলোৰে সন্মুখত উপস্থাপন কৰা।

মূল-আশুতোষ খান্তৱাল

অনুবাদ-তুলিকা দেৱী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

'ভাল' যেন লগা 'বেয়া' ষ্টাৰ্ট-আপ পৰিকল্পনাৰ পৰা কেনেকৈ বাচিব পাৰি

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

‘আঞ্জা-আচাৰত লেটি লৈ থকা এই ভাৰতীয়টোক পিটি পিটি ফাঁচী দিব লাগে’: ই-মেইল উদ্ভাৱক শিৱ আয়াদুৰাইৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰোশৰ কাহিনী

    Share on
    close