ছ’লাৰ প্লেট নিৰ্মাণৰ শিক্ষা দি সমগ্ৰ বিশ্বতে পোহৰ বিলাইছে ৰাজস্থানৰ এখন সৰু গাৱৰ অনাখৰী মহিলাই

ছ’লাৰ প্লেট নিৰ্মাণৰ শিক্ষা দি সমগ্ৰ বিশ্বতে পোহৰ বিলাইছে ৰাজস্থানৰ এখন সৰু গাৱৰ অনাখৰী মহিলাই

Tuesday January 19, 2016,

4 min Read

তিলোনিয়া গাৱৰ ককা আইতাৰ বয়সৰ অনাক্ষৰী মহিলাও ছ’লাৰ ইঞ্জীনিয়াৰ...

আফ্ৰিকা আৰু এছিয়াৰ বহু দেশৰ বৃহৎ সংখ্যক মহিলাই তিলোনীয়া গাৱলৈ আহি শিকিছেহি ছ’লাৰ ছিষ্টেমৰ কাম

কোৱা হয় সঠিক দিশত কাৰো অনিষ্ট নকৰাকৈ কাম কৰিলে তাৰ পৰিণাম সদায়েই ভাল হয়। ইয়াত সফল হোৱাৰ মাত্ৰাও বাঢ়ি যায়। এনে ক্ষেত্ৰত যদি গোটেই সমাজ খনেই লগত থাকে, তেন্তে নিশ্চিত ভাবেই সফলতাই লগ দিব। বৰঞ্চ ক’ব লাগিব সেই কাম কেৱল সফল নহয়, সাৰ্থক হোৱা বুলি।

ৰাজস্থানৰ এখন সৰু গাৱেঁ গোটেই বিশ্বত পোহৰ বিলাই আছে বুলি ক’লে নিশ্চয় আপুনি শুনি আচৰিত হ’ব। তাকো এনে কিছুমান মহিলাই এই কাম কৰিছে, যি সকলৰ বহুতেই কোনো দিনেই বিদ্যালয়ৰ মুখেই দেখা নাই। এইখন গাৱৰে অনাখৰী মহিলাই সৌৰশক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ইঞ্জিনীয়াৰিং শিক্ষা গ্ৰহণ কৰি বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা অহা মহিলাসকলক সৌৰ শক্তিৰ দ্বাৰা গাওখন পোহৰ কৰা প্ৰযুক্তিৰ শিক্ষা দিয়ে। ককা- আইতাৰ বয়সৰ মহিলাই সৌৰশক্তি আহৰণৰ প্লেট নিৰ্মাণ আৰু চাৰ্কিট সংযোগ কৰা দেখিলে আচৰিত নহৈ নোৱাৰি। সৌৰ শক্তি ব্যৱহাৰৰ জৰিয়তে বিশ্বজুৰি পৰিচিতি লাভ কৰা এই গাওখনো অন্যান্য চহৰৰ দৰে নিশাৰ ভাগত সৌৰশক্তিৰ দ্বাৰা চালিত পোহৰেৰ উজলি উঠে।

জয়পুৰৰ পৰা প্ৰায় ১০০ কিলেমিটাৰ নিলগত কিষাণগড়ৰ তিলোনিয়া গাওঁ। প্ৰায় দুহেজাৰ লোকে বাস কৰা এই গাওঁখনো আতৰৰ পৰা আন দহখন সাধাৰণ গাৱৰ দৰেই লাগে। কিন্তু বিশ্বৰ মানচিত্ৰত এই গাওঁখন জনাজাত পোহৰ বিলোৱা গাওঁ হিচাবে। গাওঁখনত বুনকৰ ৰায় নামৰ এজন লোকে প্ৰতিষ্ঠা কৰা এটা সামাজিক অনুষ্ঠান ‘বেয়াৰ ফুট কলেজে’ যোৱা ৪০ বছৰ ধৰি কাম কৰি আহিছে। এই বেয়াৰ ফুট কলেজেই ২০০৯ চনৰ পৰা সৌৰ শক্তিৰ ওপৰত এটা প্ৰকল্পৰ কাম কৰি আহিছে। এই প্ৰকল্পটোৱেই গাৱৰ মহিলা সকলৰ জীৱন সম্পুৰ্ণ ৰূপে সলায় পেলালে। এই প্ৰকল্পটোত প্ৰথমে মহিলা সকলক প্ৰাথমিক শিক্ষা দিয়া হ’ল। তাৰ পিছত তেওঁলোকক সৌৰ শক্তি আহৰণৰ চাৰ্কিট নিৰ্মাণৰ দ্বায়িত্ব দিয়া হ’ল। মহিলাসকল পাৰ্গত হৈ উঠাৰ লগে লগে তেওঁলোকে নিৰ্মাণ কৰা সৌৰ লেম্প গাৱত বিক্ৰী হ’বলৈ ধৰিলে। তেতিয়াৰে পৰা এই গাৱৰ মহিলা সকলে আৰু পিছলৈ ঘুৰি চোৱা নাই। চাওতে চাওতে এই প্ৰকল্পৰ সফলতাই তিলোনিয়া গাৱৰ মহিলাসকলক এনেদৰে উৎসাহিত কৰি তুলিলে যে তেওলোকে দেশৰ অন্যান্য প্ৰান্তৰ বহু মহিলাক সৌৰশক্তি আহৰণৰ এই প্ৰযুক্তি শিকাবলৈ আৰম্ভ কৰিলে। এতিয়া আপুনি এইখন গাৱত প্ৰায়ে দেখিব বিদেশী মহিলা। কোৱা হয় গাওঁখনত সদায়ে ৩০পৰা ৪০ জনীকৈ আফ্ৰিকা, উত্তৰ আমেৰিকা আৰু এছিয়াৰ অন্যান্য দেশৰ মহিলাই সৌৰশক্তি ব্যৱহাৰৰ এই প্ৰযুক্তিৰ প্ৰশিক্ষণ লয়হি।

image


“বেয়াৰফুটৰ বাবেই আজি এইখন গাৱত সকলো সুবিধা আছে। এতিয়া এইখন গাৱত কেৱল বিজুলী বাতিয়েই নহয়, সকলো বস্তু সৌৰ শক্তিৰেই চলে।”-ছ’লাৰ প্ৰজেক্টৰৰ ওপৰত কাম কৰি থকা তথা বেয়াৰ ফুট কলেজৰ শিক্ষক মোহনী কম্বৰ নামৰ মহিলা গৰাকীয়ে য়’ৰ ষ্ট’ৰীক ক’লে এনে ধৰণে।

আটাইতকৈ ডাঙৰ কথাটো হ’ল ইয়াত কাম কৰা বা প্ৰশিক্ষণ লোৱা তিলোনিয়া গাৱৰ মহিলাই হওক বা বিদেশী মহিলাই হওক কোনোৱেই দশম শ্ৰেণী উত্তীৰ্ণ নহয়। কিন্তু এওঁলোকৰ কাৰিকৰী জ্ঞান দেখিলে সকলোৱেই আশ্চৰ্যাম্বিত হৈ পৰে। কিবা এটা শিকিবলৈ বা শিকাবলৈ আটাইতকৈ জৰুৰী কথাটো হ’ল ভাষা। কিন্তু ইয়াত ভাষা অন্তৰায় হৈ উঠা নাই। ইংগিততেই তেওঁলোকে নিজৰ মাজত কথা পাতি, প্ৰযুক্তিৰ শিক্ষা লয়। ইয়াত শিক্ষক হিচাপে কাম কৰা মোহনী কম্বৰে ক’লে কেনেদৰে তেওঁলোকে নিজৰ মানুহৰ দৰে ইগৰাকীয়ে সিগৰাকীক কাম শিকায়। একে স্থানতে কাম কৰা বিভা নামৰ এগৰাকী মহিলাৰ ভাষ্য এনেধৰণৰ-“মই ইয়ালৈ আহোতে একোৱেই জনা নাছিলো, মই হিন্দী ক’বও পৰা নাছিলো। আৰু আজি ইয়াত মই শিক্ষক হিচাপে কাম কৰি আন মহিলাক সৌৰ শক্তি ব্যৱহাৰৰ চাৰ্কিট নিৰ্মাণৰ শিক্ষা দি আছো।”

কেন্দ্ৰটোৰ সঞ্চালিকা ৰতন দেৱী পূৰ্বতে ঘৰৰ বোৱাৰী আছিল, আনকি কেতিয়াও বাহিৰলৈ ওলায়েই পোৱা নাছিল। এতিয়া ৰতন দেৱীয়ে বিশ্বৰ ভিন্ন প্ৰান্তৰ মহিলাক প্ৰশিক্ষণ দিয়ায়। ৰতন দেৱীৰ ভাষ্য এনেধৰণৰ-“সুৰ্যৰ পোহৰে মহিলা সবলীকৰণৰ ক্ষেত্ৰত ডাঙৰ অৱদান আগবঢ়াইছে। মহিলা সকলে কেৱল প্ৰযুক্তিৰ শিক্ষাই লোৱা নাই, তেওঁলোকে উপাৰ্জনো কৰিছে।”

বাহিৰৰ পৰা অহা মহিলাসকলে শৌৰ শক্তিৰ প্ৰযুক্তিৰ বিষয়ে শিকি খুবেই আনন্দিত। আফ্ৰিকাৰ পৰা অহা ৰৌজলীনাই ক’লে-“আমাৰ তাত বিদ্যুৎ নাই, ইয়াত সৌৰ শক্তিৰ প্ৰযুক্তি শিকি গৈ তাত সৌৰ শক্তিৰ পৰা লাইট জ্বলাবলৈ শিকামগৈ।” একেদৰে বৰ্ণিকায়ো ক’লে-“আমাৰ দেশত মহিলাই এনেদৰে কাম নকৰে, কিন্তু আমি ইয়াত শিকি গৈ তাত এনেদৰে মহিলাসকলক কাম কৰিবলৈ শিকামগৈ।”

কেৱল বিদেশী মহিলাই নহয় ইয়াত বিহাৰ, ঝাৰখণ্ড আৰু অন্ধ্ৰপ্ৰদেশৰো বহু মহিলাই সৌৰ শক্তি ব্যৱহাৰৰ প্ৰশিক্ষণ লৈ আছে। নিজৰ স্বামী, ল’ৰা ছোৱালী আৰু পৰিয়ালক এৰি থৈ সকলো মহিলাই ৬মাহৰ বাবে আহে তিলেনিয়া গাৱলৈ। তিলেনিয়া গাৱৰ মহিলাই অডিঅ’ ভিজুৱেল মাধ্যমৰ যোগেৰে প্ৰশিক্ষণ দিয়ে প্ৰশিক্ষাৰ্থী মহিলা সকলক।

image


বিহাৰৰ বেতিয়া জিলাৰ উজেমণি গাৱৰ প্ৰভাৱতী দেবীও আহিছে তিলোনিয়া গাৱত প্ৰশিক্ষণ ল’বলৈ। তেওঁলোকৰ গাৱত বিদ্যুৎ সংযোগ নাই। সেইবাবে গাওঁ পঞ্চায়তে প্ৰভাৱতী দেৱীক প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ পঠাইছে। চতুৰ্থ শ্ৰেণীলৈকে পঢ়া প্ৰভাৱতী দেৱীৰ বাবে সৌৰ শক্তিৰ প্ৰযুক্তিৰ বিষয়ে শিকাটো ইমান সহজ নাছিল। প্ৰথমে স্বামী আৰু ঘৰৰ মানুহক বুজাবলগীয়াত পৰিছিল কেনেদৰে তাই সৌৰ শক্তিৰ প্ৰযুক্তিৰ বিষয়ে শিকি আহিলে গাওঁখন পোহৰ হৈ পৰিব আৰু কিছু উপাৰ্জনো হ’ব।

তিলোনিয়া গাৱৰ বেয়াৰফুট কলেজে বিদ্যুৎ সংযোগ নথকা শতাধিক গাওঁ বৰ্তমানলৈ সৌৰ শক্তিৰে পোহৰ বিলায় উজলাই তুলিছে। তিলোনিয়া গাৱৰ লোকে নিজৰ ঘৰত এতিয়া কেৰাছিনৰ চাকি নজ্বলায়, বৰঞ্চ গাওঁখনত বিদ্যুৎ সংযোগ থকা স্বত্বেও সৰহ ভাগ কাম সৌৰ শক্তিৰ দ্বাৰাই হয়। মহিলা সকলে নিজৰ গাৱতে থাকি মাহে আঠ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰে। ইয়াৰ দ্বাৰা ঘৰৰ অৱস্থাও কিছু পৰিমাণে ভাল হোৱাৰ লগতে মহিলা সকলৰ আত্মবিশ্বাসো বৃদ্ধি পাইছে।

মুলঃ ৰুবী সিং

অনুবাদঃ মুকুন্দ মাধৱ নেওগ