এটা এপ(App)ৰ ছন্দোবিজ্ঞান অৰ্থাৎ Metrics অৰ ওপৰত গুৰুত্ব প্ৰদানে মোক কি শিকালে ?

এটা এপ(App)ৰ ছন্দোবিজ্ঞান অৰ্থাৎ Metrics অৰ ওপৰত গুৰুত্ব প্ৰদানে মোক কি শিকালে ?

Tuesday November 24, 2015,

5 min Read

১০ৰ ভিতৰত ২ অথবা ১০:২ বুলিও ক’ব পৰা যায় । এয়া হৈছে ষ্টাৰ্ট আপৰ স্থায়িত্বৰ এক পৰিসংখ্যা। ১০টা ষ্টাৰ্ট আপ আৰম্ভ হয়, কিন্তু তাৰেই ভিতৰত মাত্ৰ দুটা মানেহে নিজৰ অন্তিম সফলতাৰ কথা ৰাজহুৱা কৰিবলৈ সক্ষম হয়। অলপতে মই The Rise and Fall of Everest (The App).নামৰ প্ৰৱন্ধ এটা পঢ়ি এটা এপ কিদৰে জনপ্ৰিয় হৈও অৱশেষত বিফল হ'ল তাক জানিব আৰু বুজিব পাৰিলো।

অনভিজ্ঞসকলক কৈ থওঁ- Everest হৈছে এটা লক্ষ্য নিৰ্ধাৰণকাৰী এপ। এই এপটো তাৰ ডিজাইন আৰু উদ্ভাৱকৰ সক্ষমতাৰ বাবে বহুলভাবে সমাদৃত হৈছিল। সহ-উদ্ভাৱক হিচাপে কোনো কাৰিকৰী ব্যক্তি নোহোৱাকৈয়ে বিনিয়োগো পাবলৈ সক্ষম হৈছিল এভাৰেষ্ট। কিন্তু প্ৰৱন্ধটোত উদ্ভাৱকে এপটোৰ বিফলতাৰ কাৰণ বিচাৰি উল্লেখ কৰে যে উদ্ভাৱনৰ ৮মাহ পিছত তাৰ ছন্দোবিজ্ঞান অৰ্থাত metrics পৰীক্ষা কৰাটোৱেই আছিল এপটোৰ বিফলতাৰ প্ৰথম কাৰণ।

ভাগ্যক্ৰমে আমাৰ এপ Styl ৰ ক্ষেত্ৰত বিশেষভাবে আমি মন দিছিলো যাতে আমাৰ এই ভুলটো হৈ নাযায়। আমি সামগ্ৰিকভাবে এপটোৰ ছন্দোবিজ্ঞান অৰ্থাত metricsৰ ওপৰত আৰম্ভণীৰে পৰা গুৰুত্ব দিছিলো আৰু চকু ৰাখিছিলো। তাৰ লগে লগেই বহুতো কথা আমি শিকিব পাৰিছিলো।

প্ৰথমতে জনাই থও যে Stylহৈছে এটা মোবাইল এপ (বৰ্তমান বাংগালুৰুত উপলব্ধ)। ই গ্ৰাহকক এখন চেলুন বুক কৰা আৰু তিনি মিনিটৰ ভিতৰত চেলুনৰ সেৱাৰ বিনিময়ত ধন পৰিষোধ কৰাত সহায় কৰে। Styl এ গ্ৰাহকক শেহতীয়া style trends নিৰ্বাচনত সহায় কৰে।

লাহে লাহে আমি বুজি উঠিছিলো যে এপটো ডাউনলোদ কৰিবলৈ গ্ৰাহকক বাধ্য কৰোৱাটোতকৈ এপটো ব্যৱহাৰ কৰি থাকিবলৈ গ্ৰাহকক বাধ্য কৰাই ৰখাটোহে বেছি প্ৰত্যাহ্বানমূলক। এটা এপৰ ডিজাইন আৰু প্ৰদত্ত সা-সুবিধাই গ্ৰাহকক এপটো ব্যৱহাৰ কৰি থাকিবলৈ বাধ্য কৰায়। আমি গ্ৰাহকৰ কাষ চপাৰ বাবে, তেওঁলোকক এপটোৰে বান্ধি ৰাখিবৰ বাবে আৰু তেওঁলোকক এপটোৰ সুবিধাবোৰ বুজাই দিবৰ বাবে বিভিন্ন পথ আৰু ব্যৱস্থা গ্ৰহণ কৰিছিলো।

কোনবোৰ দিশে আমাক সহায় কৰিছিল

প্ৰথমতে প্ৰায় ২২শতাংশ গ্ৰাহকে এপটো ডাউনলোদ কৰি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আৰু দুনাই ব্যৱহাৰ কৰা নাছিল। আমি বুজি উঠিলো যে এপটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শিথিলতা আনিব লাগিব আৰু আমি গ্ৰাহকক স্থায়ীকৰণৰ বাবে পঞ্জীয়নৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিলো। তাৰ পিছত, এপটো ইনষ্টল কৰা সকলোলৈকে আমি একোটিকৈ মেইল পঠোৱা কৰিলো। কিছুদিনৰ পিছত আমি জানিব পাৰিলো যে এপটো ইনষ্টল কৰাৰ ৮ঘন্টাৰ পিছত এটি মেইল প্ৰেৰণ কৰা ব্যৱস্থাই আমাক যঠেষ্ট উপকৃত কৰিছে।

মেইলটোত আমি একোখনকৈ কুপন প্ৰেৰণ কৰিছিলো। এই কুপনখনত এপটো ব্যৱহাৰ কৰাৰ সকলো সুবিধা সবিস্তাৰে সন্নিবিষ্ট কৰিছিলো। মেইলটোৱে গ্ৰাহকগৰাকীক ইতিমধ্যে ইনষ্টল কৰা এপটোক ব্যৱহাৰ কৰাৰ বাবে সোঁৱৰাই দিছিল।

প্ৰাথমিকভাবে , যেতিয়া আমি মেইল পঠোৱা আৰম্ভ কৰিছিলো গ্ৰাহকগৰাকী লগে লগেই চেলুন এখন বুক কৰাৰ বাবে আগ্ৰহী হৈ উঠিছিল আৰু হাতে কামে লাগি গৈছিল। এই ক্ষেত্ৰত এপটোৰ click আৰু conversion rateৰ ছন্দোবিজ্ঞান অৰ্থাত metricsৰ ওপৰত গৱেষণা কৰি আমি call to action আৰু welcome emailটোৰ messageত কিছু সালসলনি কৰিলো। তাৰ পিছত পৰিৱৰ্তিত নতুন promptটোৱে গ্ৰাহকক কুপনটো নিজৰ একাউন্টত সন্নিবিষ্ট কৰি বুকিঙৰ সময়ত পাব পৰা ৰেহাই লাভ কৰাৰ বাবে সচেষ্ট হবলৈ বাধ্য কৰিলে।

আমাৰ প্ৰথম welcome mailটো আছিল এইটো..


image


আৰু এইটো হৈছে একেবাৰে শেহতীয়া মেইল..


image


আমাৰ call to actionত আমি ‘book now on Styl’ ৰ পৰিৱৰ্তে ‘add coupon on Styl’ বুলি অনা পৰিবৰ্তনে এপটোৰ click-through rate ২ৰ পৰা ৫.৫১ শতাংশলৈ বৃদ্ধি কৰিলে। তদুপৰি conversion ratesও প্ৰায় দুগুন কৰিলে।

গ্ৰাহকসকলে যাতে চেলুন এখন বুক কৰাৰ সময়ত কুপনৰ সুবিধাটো পায়,তাৰবাবে যাতে তেওঁলোকে তেওঁলোকে নিজৰ নিজৰ একাউন্টত কুপনটো সন্নিবিষ্ট কৰি ৰাখে,সেই উদ্দেশ্য আগত ৰাখিয়ে এইধৰণৰ পৰিবৰ্তন অনা হৈছিল। আমাৰ পৰিসংখ্যাই এটা কথা স্পষ্ট কৰি দেখুৱালে যে যিসকল গ্ৰাহকে নিজৰ একাউন্টত কুপনটো সন্নিবিষ্ট কৰি লৈছিল তেওঁলোকৰ মাজক এপটো আনইনষ্টল কৰাৰ প্ৰৱনতা যঠেষ্ট কম আছিল।

সঠিক সময়ত সঠিক পদক্ষেপ

আমাৰ গৱেষণাই এটা কথা প্ৰমাণ কৰিলে যে গ্ৰাহকসকলৰ চেলুনলৈ যোৱা সময়ৰ ব্যৱধান ২৩ দিন। যিসকল গ্ৰাহকে আমাৰ এপ Stylৰ জৰিয়তে চেলুন বুক কৰিবলৈ আৰম্ভ কৰিছিল তেওঁলোকক আমি একোটিকৈreminder দি পৰৱৰ্তী বুকিঙৰ বাবে push notification দিবলৈ আৰম্ভ কৰিলো। আমি দেখিলো যে এই push notification ৰ CTRহৈছিলগৈ ৩৪ শতাংশ আৰু প্ৰায় ৪৬ শতাংশ গ্ৰাহকে পুনৰবাৰ ইয়াৰ সেৱা লোৱাৰ বাবে এপটো ব্যৱহাৰ কৰিছে।

তদুপৰি বুকিঙৰ পিছত এপটোক ৰেটিং কৰিবলৈ গ্ৰাহকক মনত পেলাই দিয়া ব্যৱস্থাটোৱেও যঠেষ্ট ফলপ্ৰসূ হৈ পৰিছিল। এটা ইন-এপ নোটিফিকেছনৰ জৰিয়তে এপটোক ৰেটিং কৰিবলৈ বা ৰিভিউ কৰিবলৈ আহ্বান কৰা হৈছিল।

ইন-এপ নটিফিকেছনটো হৈছে এনেকুৱা ...


image


ইন-এপ ন'টিফিকেছনটোত আমি কাকো এপটোক ৫ষ্টাৰ ৰেটিং মাৰ্ক দিবলৈ আহ্বান নকৰোঁ কিন্তু কৌশলেৰে সেই কাম আমি সমাধা কৰি লৈছিলো। আমি এই ক্ষেত্ৰত উন্নতি সাধন কৰাৰ বাবে কাম কৰি আছো। প্ৰাথমিক কনভাৰছেচন ৰেট এইক্ষেত্ৰত ৫শতাংশ হৈছে।

আন-ইনষ্টল কৰা পিছত কি

ইতিমধ্যে উল্লেখ কৰিছো যে এজন গ্ৰাহকে এপ এটা ইনষ্টল কৰিলেই আধা কাম হৈ যায় যদিও এপ কোম্পানী এটাৰ বাবে এপটোৰ আন-ইনষ্টল ৰেট হ্ৰাস কৰা বা নিয়ন্ত্ৰণত ৰখাটোৱেই হৈছে প্ৰধান চিন্তাৰ বিষয়। Stylত আমি এই আন-ইনষ্টল ৰেট ৩৮শতাংশৰ তলত ৰাখিবলৈ সক্ষম হৈছো। তদুপৰি আমি যিসকল গ্ৰাহকে এপটো আন-ইনষ্টল কৰিছে তেওঁলোকক অন্য মাধ্যমেৰে সংযুক্ত কৰি কৰি ৰাখিবলৈ চেষ্টা কৰিছো।

যিসকল গ্ৰাহকে এপটো আন-ইনষ্টল কৰে তেওঁলোকক আমি এই মেইলটো প্ৰেৰণ কৰো :


image


আনহাতে আন-ইনষ্টল মেইলৰ যি পৰিসংখ্যা সেয়াও উৎসাহজনক। এইক্ষেত্ৰত মেইল খুলি চোৱা লোকৰ সংখ্যা হৈছে ৮১শতাংশ। এই ক্ষেত্ৰত আমাৰ কৃতিত্ব আমাৰ subject line ‘Srikanth, 2 things I’d like to tell you’এ দাবী কৰিব পাৰে। আটাইতকৈ ডাঙৰ কথাটো হ’ল, বহুতো গ্ৰাহকে আমাক নিৰ্দিষ্ট কাৰণত মেইলযোগে যোগাযোগো কৰিছে আৰু চেলুন বুকিঙৰ বাবে পৰৱৰ্তী সময়ত পুনৰ আমাৰ এপ ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতিও দিছে। এই মেইলৰ প্ৰত্যুত্তৰ সমুহে আমাৰ কাৰিকৰী আৰু বিপণন বিভাগৰ বাবে যঠেষ্ট প্ৰত্যাহ্বান সৃষ্টি কৰিছে। এইক্ষেত্ৰত প্ৰশংসাৰে ভৰা মেইলো আমি লাভ নকৰা নহয়।

সেইধৰণৰ কেইটামান মেইল এয়া:


image


এইধৰণৰ পৰিবৰ্তনে আমাৰ conversion rate যঠেষ্ট বৃদ্ধি কৰিছে। আমি নিৰৱচ্ছিন্নভাবে এপটোৰ ছন্দোবিজ্ঞান অৰ্থাৎ metricsৰ ওপৰত গুৰুত্ব দি আছো আৰু চকু ৰাখি আছো যাতে ই আমাৰ সেৱা উন্নিত কৰাৰ ক্ষেত্ৰত আমাক ফলপ্ৰসূ সহায় কৰে। Nir Eyalৰ Hooked নামৰ এপটোৰ জঠৰতা দুৰ কৰা তথা গ্ৰাহক বৃদ্ধি কৰাৰ ক্ষেত্ৰত এক শেহতীয়া সম্পৰীক্ষা আৰম্ভ কৰা হৈছে। সেই কথা অন্য এটা লেখাত প্ৰকাশ কৰিম।

লিখকৰ বিষয়ে:

শ্ৰীকান্ত চিএইছ. হৈছে Stylৰ সহ প্ৰতিস্থাপক. এই এপটোৱে আপোনাক চেলুন বুক কৰা আৰু ৩ মিনিটতে ধন পৰিশোধ কৰাত সহায় কৰে। লগতে আপোনাৰ পছন্দৰ চেলুন,ষ্টাইলিষ্ট আৰু সেৱা নিৰ্বাচন কৰাৰ ক্ষেত্ৰতো সহায় কৰে। এই এপটো সম্প্ৰতি বাংগালুৰুত উপলব্ধ।

অতিথি লিখক- শ্ৰীকান্ত চিএইছ

অনুবাদ ---প্ৰাঞ্জল শৰ্মা