কিদৰে ভাৰত চৰকাৰে ষ্টাৰ্ট আপ সকলৰ বাবে গঢ়ি তুলিছে এক অনুকূল পৰিবেশ

কিদৰে ভাৰত চৰকাৰে ষ্টাৰ্ট আপ সকলৰ বাবে গঢ়ি তুলিছে এক অনুকূল পৰিবেশ

Saturday January 16, 2016,

2 min Read

শনিবাৰে নতুন দিল্লীত আয়োজিত হোৱা ষ্টাৰ্ট আপ ইণ্ডিয়া অনুষ্ঠানত জনপ্ৰতিনিধি আৰু উদ্যোগীৰ মাজত হোৱা আলোচনাত ষ্টাৰ্ট আপৰ বাবে এক অনুকূল পৰিবেশ গঢ় দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হয়।বিনিয়োগৰ সুবিধাৰ লগতে অৰ্থনৈতিক দিশত ভাৰতবৰ্ষক আগুৱাই নিয়াৰ ক্ষেত্ৰত ষ্টাৰ্ট আপৰ বিশেষ ভূমিকা আছে।এটা সফল উদ্যোগৰ বাবে পৰিকল্পনাই যথেষ্ট নহয়।এটা ব্যৱসায় আৰম্ভ কৰাটো এটা চক্ৰবেহুত প্ৰবেশ কৰাৰ দৰে য'ত আঁচনি ৰূপায়ণ, নীতি নিৰ্দ্ধাৰণ, কৰ, পঞ্জীয়ন আদি বিভিন্ন দিশ জড়িত থাকে।

image


ইলেকট্ৰনিকচ এণ্ড আই.টি.বিভাগৰ সঞ্চালক জে.এচ.দীপকে মন্তব্য কৰে-'অনুজ্ঞা,কৰ আদি সন্দৰ্ভত ষ্টাৰ্ট আপ সকলে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় যদিও আই.টি.বিভাগৰ তথ্যমতে এই ক্ষেত্ৰত সহায় কৰিবলৈ ভি.চি.,ৱবিনিয়োগকাৰী আৰু বহু সংখ্যক নিৰীক্ষণকাৰী থাকে যি ষ্টাৰ্ট আপ সকলক সহায় কৰিব পাৰে।'

আনহাতে কৰ্পৰেট এফেয়াৰৰ সঞ্চালক তপন ৰয়ে এই সন্দৰ্ভত কয়-'এটা কম্পেনি পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত আমি বহু কথা লক্ষ্য কৰিব লাগে।এই ক্ষেত্ৰত আমি ৩৯ টা নীতি মানি চলিব লাগে।বৰ্তমান আমি এনে এক পদক্ষেপ লৈছো যাৰদ্বাৰা মাত্ৰ চৌব্বিশ ঘন্টাত আমি কম্পেনি এটাৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰিম।'

মাইক্ৰ,স্মল এণ্ড মিডিয়াম এন্টাৰপ্ৰাইজেছ(MSME)ৰ কেন্দ্ৰীয় মন্ত্ৰী কালৰাজ মিশ্ৰাই ঘোষণা কৰে যে স্কীল মেপিং প্ৰকল্পৰ অধীনত তেওঁৰ মন্ত্ৰণালয়ে আগষ্ট মাহত ৬৫২ জিলাৰ বাবে ঔদ্যোগিক প্ৰফাইল তৈয়াৰ কৰে।কালৰাজৰ মতে এই প্ৰচেষ্টাই উদ্যোগিক তেওঁৰ পছন্দৰ ঠাইত ব্যৱসায় আৰম্ভ কৰাত সহায় কৰিব।

আনহাতে MSME ৰ সঞ্চালক ড. অনুপ কে.পূজাৰীয়ে ষ্টাৰ্ট আপ সকলক উপদেশ দি কয়-'যেতিয়ালৈকে তুমি হতাশ হ'ব নিবিছাৰা,কোনেও তোমাক হতাশ কৰিব নোৱাৰে।প্ৰথমে নিজৰ সমস্যা বিচাৰি উলিওৱা, তাৰপাছত সমাধানৰ কথা চিন্তা কৰা।'

ষ্টাৰ্ট আপ সকল যাতে জটিল নীতিৰ দ্বাৰা দিশহাৰা নহয় তাৰ সমাধান হিচাপে SEBI ৰ ব্যৱসায় পৰ্যবেক্ষকে যোৱা বৰ্ষৰ জুন মাহত এটা e-IPO চিষ্টেমৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰে যাৰ দ্বাৰা বিনিয়োগকাৰী সকলে জনসাধাৰণৰ সৈতে অনলাইন যোগাযোগ কৰিব পৰাৰ লগতে পুঁজি আদি ক্ষেত্ৰত সীমিত নীতি নিৰ্দেশনাৰে ষ্টাৰ্ট আপ সকল উপকৃত হব।

ষ্টাৰ্ট আপৰ বাবে নতুন আঁচনিত SEBI এ ‘Alternate Capital Raising Platform’ ৰ সুবিধা কৰে যাৰ সহায়ত কিছুমান অনুষ্ঠান আৰু আগশাৰীৰ ব্যৱসায়ীৰ পৰা পুঁজি সংগ্ৰহ কৰাৰ ব্যৱস্থা থাকিব।

উদ্যোগশীলতাৰ পাঠ্যক্ৰমৰ প্ৰসাৰ সন্দৰ্ভত এজন উদ্যোগীয়ে প্ৰশ্ন উত্থাপন কৰাত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সঞ্চালক আশুতোষ শৰ্মাই মন্তব্য কৰে-'বৰ্তমান সত্তৰ জন প্ৰযুক্তিবিদ আমাৰ সৈতে জড়িত আছে।তেওঁলোকৰ সহায়ত আমি বিদ্যালয়,মহাবিদ্যালয়,আই.আই.টি আদিলৈ গৈ ছাত্ৰ-ছাত্ৰীৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰাৰ কথা চিন্তা কৰিছোঁ।'

ষ্টাৰ্ট আপৰ বাবে এক অনুকূল পৰিবেশ গঢ় দিয়াৰ ক্ষেত্ৰত চৰকাৰে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰা হয় এই অনুষ্ঠানত।ইয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহৰ বিষয়ে দেশৰ সকলো প্ৰান্তৰ লোককে সজাগ কৰাৰ প্ৰয়োজন আছে।কিয়নো টায়াৰ টু আৰু থ্ৰী চিটি সমূহৰ উদ্যোগী সকল প্ৰায়ে এই আঁচনি সমূহৰ প্ৰতি উদাসীন হোৱা দেখা যায়।


মূল: অপৰাজিতা চৌধুৰী

অনুবাদ: পূবালী ভাগৱতী