গান্ধীজি আৰু এটা প্ৰৱন্ধ

দেশ তোলপাৰ লগোৱা বিতৰ্কিত প্ৰৱন্ধ সম্পৰ্কত মূখ খুলিলে আশুতোষে

গান্ধীজি আৰু এটা প্ৰৱন্ধ

Saturday September 17, 2016,

5 min Read

যোৱা সপ্তাহত মোৰ এটা লেখাই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিলে । সকলো শ্ৰেণীৰ, সকলো ক্ষেত্ৰৰ মানুহে এই বিতৰ্কত ভাগ ল'লে । সকলোৰে নিজস্ব এটা মত আছিল । কিছুমানৰ মতে মই অতি সাহসী আৰু কিছুমানৰ মতে মই জধামূৰ্খ । কোনো কোনোৱে ক'লে যে মোৰ ৰাজনৈতিক জীৱন শেষ । বহুতে মোক ইমেইল আৰু হোৱাটছএপত ভাবুকি দিলে অথবা প্ৰশংসা কৰিলে । টিভি চেনেলত অন্তহীন বিতৰ্ক চলিল । বাতৰি কাকতত সম্পাদকীয় আৰু প্ৰৱন্ধ লিখা হ'ল । কিন্তু মই নিৰৱে আছিলো ।

image


মোৰ প্ৰৱন্ধটো জাতিৰ পিতাৰ বিষয়ে নাছিল । ভাৰতীয়সকলক মুক্ত বায়ু সেৱন কৰাৰ সুবিধা দিয়া মহামানৱজনৰ বিষয়ে মাত্ৰ এটা উল্লেখ কৰা হৈছিল । কিছুমানে ভাবিলে যে তেওঁৰ বিষয়ে কথা কোৱাটো মোৰ বাতুলতা আৰু মোৰ প্ৰৱন্ধটো মহামানৱজনৰ প্ৰতি অপমানজনক । ভাৰতত মানুহে তেখেতৰ বিষয়ে কিবা কবলৈ পোৱাৰ বহু আগতেই দেশৰ এজন মহান সন্তানে কৈছিল- "গান্ধীক ব্যক্তিগতভাৱে লগ পোৱাটো মোৰ বাবে এটা সৌভাগ্যৰ কথা । মই ক'ব পাৰোঁ যে তেওঁতকৈ মহান, পৱিত্ৰ, সাহসী আৰু উচ্চস্তৰৰ আন মানুহে এই পৃথিৱীত ইয়াৰ আগতে ভৰি দিয়া নাই । তেওঁ নেতাৰ ভিতৰত নেতা, দেশপ্ৰেমীৰ ভিতৰত দেশপ্ৰেমী আৰ বহুতেই ক'ব যে তেওঁৰ মাজতেই ভাৰতত আজিৰ সময়ৰ মানৱতাৰ পূৰ্ণ প্ৰকাশ ঘটিছে।" এই কথা কৈছিল আন এজন মহান ভাৰতীয় গোপাল কৃষ্ণ গোখলেই ।

একাংশ লোকৰ ভবাৰ দৰে মোৰ প্ৰৱন্ধটো সচাকৈয়ে তিৰষ্কাৰমূলক আছিল নে নাই সেই বিসয়ে মই বেলেগ এদিন আলোচনা কৰিম । কিন্তু যদি কোনো এজন ব্যক্তিক মই সদায় সন্মান কৰি আহিছো তেওঁ হৈছে গান্ধী । কিন্তু মই কোনো পন্থাৰ অনুগামী অথবা কাৰো অন্ধ সমৰ্থক নহও । কিন্তু মই সচাকৈয়ে বিশ্বাস কৰোঁ যে বৃটিছ বিৰোধী জাগৰণৰ আঁৰত যদি কোনোবা আছিল সেয়া নিশ্চিতভাৱে আছিল জাতিৰ পিতা । ইতিহাস আৰু বিভিন্ন সভ্যতাই যেতিয়া হিংসাৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাই আছিল সেই সময়ত তেওঁ নিজৰ জীৱনকো বিপন্ন কৰি অহিংস নীতিৰ প্ৰচাৰ কৰিছিল । 

আজিৰ প্ৰজন্মই নাজানিব পাৰে যে এটা সময় আছিল যেতিয়া তেওঁ হিংসাৰ সমৰ্থক আছিল । সেই কথা তেওঁ নিজে কৈ থৈ গৈছে- "যেতিয়া মই ইংলেণ্ডলৈ গৈছিলো তেতিয়া মই হিংসাৰ সমৰ্থক আছিলো । মোৰ আস্থা অহিংসাৰ সলনি হিংসাতহে আছিল ।" কিন্তু ৰাছিয়ান লেখক লিও টলষ্টয়ৰ লিখনি পঢ়াৰ পাছত তেওঁৰ মনলৈ পৰিৱৰ্তন আহিছিল । গান্ধীয়ে ১৯৪২ চনত স্পষ্টভাৱে লিখি থৈ গৈছে- "১৯০৬ চনত মোৰ মনলৈ এটা মিছন আহিছিল- জীৱনৰ সকলো স্তৰতে হিংসা আৰু অসত্যৰ সলনি সত্য আৰু অহিংসাৰ প্ৰচাৰ কৰা ।"

হিংসা হৈছে আকৰ্ষণীয় আৰু উত্তেজনাপূৰ্ণ । হিংসাত্মক বীৰত্বৰ কাহিনীৰে ইতিহাস ভৰপূৰ । ১৯১৭ চনৰ ৰুছ বিপ্লৱ আছিল সেই সময়ৰ শেহতীয়া পৰিৱৰ্তন । সেই সময়ত মাৰ্ক্সবাদ আৰু কমিউনিজম বিশ্বজুৰি বন্দিত হৈ আছিল । এই আদৰ্শই কেইবাজনো আকৰ্ষণীয় নেতাৰ জন্ম দিছিল । মাৰ্ক্সবাদে সৰ্বহাৰাৰ নামত, শ্ৰেণীহীন সমাজ স্থাপনৰ নামত, শ্ৰেণী শত্ৰু দমনৰ নামত, আৰু পুঁজিবাদৰ বিৰুদ্ধে সংগ্ৰামৰ নামত হিংসাৰ সমৰ্থন কৰিছিল । জাৰৰ শাসন ওফৰাই লেনিনে এই বিশ্বাসৰ ভেটি সবল কৰিছিল। কিন্তু গান্ধী এনেধৰণৰ আদৰ্শৰ দ্বাৰা আকৰ্ষিত হ'ব পৰাকৈ সাধাৰণ মানুহ নাছিল । 

বৃটিছ শাসনৰ বিৰুদ্ধে অহিংস সত্যাগ্ৰহেই আটাইতকৈ শক্তিশালী অস্ত্ৰ হ'ব বুলি গান্ধী নিশ্চিত আছিল । মদনলাল ঢিংৰাৰ হাতত চাৰ কাৰ্জন ৱিলিৰ হত্যাক ন্যায্য প্ৰতিপন্ন কৰাত যেতিয়া সমগ্ৰ দেশ ব্যস্ত আছিল তেতিয়াও কিন্তু গান্ধী নমনীয় হোৱা নাছিল । তেওঁ কৈছিল- "ক'লাই হওক বা বগাই হওক হত্যাকাৰীৰ শাসনৰপৰা ভাৰতে একো পাব নোৱাৰে । এনেকুৱা শাসনত ভাৰত ধ্বংস হৈ যাব ।" গান্ধীৰ নাতি ৰাজমোহন গান্ধীয়ে তেওঁৰ মোহনদাস, নামৰ কিতাপখনত লিখিছে- "গান্ধীৰ প্ৰতি ছাৱাৰকাৰৰ বিদ্বেষ হয়তো ১৯০৯ চনতেই গঢ় লৈছিল যেতিয়া ৱিলিৰ হত্যাক ন্যায্য প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰাসকলক ঢিংৰাতকৈও দোষী বুলি গান্ধীয়ে মন্তব্য কৰিছিল ।" ছাৱাৰকাৰক গান্ধীৰ হত্যাৰ বাবে গ্ৰেপ্তাৰ কৰি বিচাৰ চলোৱা হৈছিল যদিও প্ৰমাণৰ অভাৱত তেওঁ মুক্তি পায় । 

গান্ধীৰ মহানতা কেৱল উপদেশতে সীমাবদ্ধ নহয় । তেওঁ প্ৰচাৰ কৰা নীতি তেওঁ নিজে পালন কৰিছিল । তেওঁ নিজে পালন নকৰা কোনো কথা তেওঁ প্ৰচাৰ নকৰিছিল । ইয়াৰ ফলত তেওঁৰ পৰিয়লে বহু কষ্ট ভোগ কৰিবলগীয়া হৈছিল । আটাইতকৈ বেছি কষ্ট ভোগ কৰিছিল তেওঁৰ পত্নী কস্তুৰবা গান্ধীয়ে । দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহৰ সময়ত কস্তুৰবা অসুস্থ হৈ পৰিছিল আৰু গান্ধীক জামিনত মুকলি হৈ কস্তুৰবাৰ কাষলৈ যাবলৈ কোৱা হৈছিল যদিও তেওঁ তাক অস্বীকাৰ কৰিছিল । তেওঁ এখন চিঠি লিখিছিল যিখন আধুনিক যুগৰ কোনো স্বামীয়ে নিলিখে । তেওঁ লিখিছিল তেওঁৰ হৃদয় ভাগি গৈছে কিন্তু সত্যাগ্ৰহৰ বাবে তেওঁ পত্নীৰ কাষলৈ যাব নোৱাৰে । সাহস আৰু সঠিক পথ্যৰে কস্তুৰবা আৰোগ্য হ'ব । কিন্তু দুৰ্ভাগ্যবশতঃ যদি তেওঁৰ কিবা হয় তেনেহলে তেওঁ নাভাবে যে স্বামীৰ অনুপস্থিতিত মৃত্য তেওঁৰ উপস্থিতিত মৃত্যুতকৈ পৃথক হ'ব ।

তেওঁৰ পুত্ৰ তেওঁক লৈ অতি অসন্তুষ্ট আছিল । আনকি শেষৰ ফালে তেওঁ পিতৃৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰিছিল । তেওঁ অসন্তুষ্ট আছিল এই বুলি যে তেওঁৰ পিতৃয়ে তেওঁৰ শিক্ষাক অাওকাণ কৰাই নহয় তেওঁক আইনৰ শিক্ষাৰ বাবে ইংলেণ্ডলৈ যাবলৈ দিয়া নাছিল । হৰিলালে গান্ধীলৈ লিখা শেষ চিঠিখন প্ৰতিজন পিতৃয়ে পঢ়া উচিত । ইয়াৰ এঠাইত তেওঁ লিখিছে- "আপুনি আমাক আজ্ঞানী কৰি ৰাখিলে ।" ক'ব পাৰি গান্ধী পিতৃ হিচাপে আছিল বিফল । কিন্তু সত্যাটো হ'ল যে তেওঁ আনৰ বাবে যি কঠোৰ নিয়ম প্ৰৱৰ্তন কৰিছিল সেই কঠোৰ নিয়ম নিজৰ পুত্ৰ বাবে শিথিল কৰা নাছিল । 

আজিৰ ভাৰতত যি সময়ত প্ৰতিজন ৰাজনৈতিক নেতাই নিজৰ সন্তানৰ বাবে স্থান সৃষ্টি কৰাৰ চেষ্টাত ব্যস্ত আছে সেই সময়ত গান্ধীজি এক উদাহৰণ । তেওঁৰ বাবে সকলো সমান আছিল । তেওঁৰ মতে হৰিলালতকৈ ছগনলাল ইংলেণ্ডত পঢ়াৰ জলপানি লাভৰ বাবে আধিক উপযুক্ত আছিল । সেয়েহে তেওঁ ছগনলালক বেছি গুৰুত্ব দিছিল আৰু ইয়েই পিতা-পুত্ৰৰ বিভাজনৰ কাৰণ হৈ পৰিছিল । 

গান্ধীজি তেওঁৰ সৰল জীৱনৰ বাবেই মহান । তেওঁ জটিল নাছিল । তেওঁৰ সকলো ধাৰণা স্পষ্ট আছিল আৰু তাত কোনো সন্দেহৰ অৱকাশ নাছিল । সত্য তেওঁৰ বাবে আছিল চৰিত্ৰ আৰু সমাজৰ বাবে আটাইতকৈ ডাঙৰ সম্পদ । দুৰ্ভাগ্যজনকভাৱে আমি এনে এক সময়ত বাস কৰিছো য'ত স্পষ্টবাদিতা তথা সত্য গৌণ আৰু বিশ্লেষণাত্মক চিন্তাক তিৰষ্কাৰ বুলি গণ্য কৰা হয়। গান্ধী আছিল মহান আৰু সদায়েই মহান হৈ থাকিব । এটা প্ৰৱন্ধই তেওঁৰ মহানতাক খৰ্ব কৰিব নোৱাৰে অথবা ইতিহাসত তেওঁৰ স্থান লৰচৰ কৰিব নোৱাৰে । কিন্তু তেওঁৰ জীৱনক লৈ গৱেষণাই ইতিহাসক সমৃদ্ধ কৰিব । এই বিতৰ্ক চলি থকা উচিত ।

( প্ৰাক্তন সাংবাদিক আশুতোশ আম আদমী পাৰ্টিৰ মূখপাত্ৰ । প্ৰকাশিত মতামত লেখকৰ নিজৰ আৰু ইয়াৰ সৈতে য়'ৰ ষ্ট'ৰীৰ কোনো সম্পৰ্ক নাই )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

অৰ্জুনৰ বংশধৰ বুলি পৰিচয় দিয়ে মেঅ' মুছলমান সম্প্ৰদায়ে

দুখন হাত প্ৰতিস্থাপন কৰা প্ৰথম শিশু জায়নে এতিয়া লিখিবলৈ আৰম্ভ কৰিছে

বাট পথ নথকা এখন গাৱঁত কিয় বাস কৰে আইআইটিৰ প্ৰাক্তন অধ্যাপক আলোক সাগৰে