4G ডিভাইচ শ্বিপমেন্টৰ বৰ্ধিত পৰিসংখ্যাই ইন্টাৰনেট ষ্টাৰ্ট-আপসমূহক কিমান লাভান্বিত কৰিব?

4G ডিভাইচ শ্বিপমেন্টৰ বৰ্ধিত পৰিসংখ্যাই ইন্টাৰনেট ষ্টাৰ্ট-আপসমূহক কিমান লাভান্বিত কৰিব?

Sunday December 06, 2015,

3 min Read

4G সেৱা সুচল হোৱা বুলি দাবী কৰা বিজ্ঞাপনসমুহে ভাৰতীয় উপভোক্তাক একপ্ৰকাৰে সন্মোহিত কৰি পেলাইছে।শেহতীয়াকৈ ইন্টাৰনেশ্বনেল ডাটা ক’ৰ্পৰেশ্বন (IDC) ৰ এটা তথ্যত প্ৰকাশ পাইছে যে ২০১৫ বৰ্ষৰ তৃতীয় ত্ৰিমাষিক পৰ্যন্ত ভাৰতলৈ বিক্ৰীৰ বাবে অনা স্মাৰ্টফোনসমূহৰ তিনিটাৰ ভিতৰত এটা 4G অনুকূল।উন্নয়নৰ এই পৰিসংখ্যাই ইন্টাৰনেট ষ্টাৰ্ট-আপ সমূহক নিশ্চিতভাৱে লাভান্বিত কৰিব বুলি আশা কৰা হৈছে য’দিও ম’বাইল সেৱাৰ শোচনীয় নেটৱৰ্ক এতিয়াও গ্ৰাহকৰ মূৰৰ কামোৰণি হৈয়ে আছে।

image


IDC ৰ ত্ৰিমাষিক ম’বাইল ফোন ট্ৰেকাৰৰ তথ্যত প্ৰকাশ পাইছে যে, ২০১৫ চনৰ তৃতীয় ত্ৰিমাষিকত ২৮ মিলিয়ন স্মাৰ্টফোন ভাৰতলৈ বিক্ৰীৰ বাবে অনা হৈছে। যোৱাবছৰৰ তুলনাত এইবছৰত স্মাৰ্টফোন আমদানিৰ সংখা ২১ শতাংশৰো অধিক বৃদ্ধি পাইছে। চলিত বৰ্ষৰ ত্ৰিমাষিকত 4G ডিভাইছ শ্বিপমেন্টৰ সংখা পূৰ্বৰ তিনিগুণ বৃদ্ধি পাইছে।

উদোগপতি আৰু বিশেষজ্ঞসকলৰ মতে, ইন্টাৰনেটৰ সৈতে জড়িত কোম্পানীসমূহৰ বাবে এয়া এক সুখৱৰ। “সম্ভৱতঃ আগন্তুক দুবছৰত মেট্ৰ’ সমূহক 4G য়ে যথেষ্ট সহায় কৰিব।কিন্তু চহৰৰ সীমাৱদ্ধতাৰ পৰা ওলাই সৰু সৰু চহৰ-নগৰ সমূহলৈ এই সেৱা সম্প্ৰসাৰিত হ’লেহে প্ৰকৃতাৰ্থত পৰিবৰ্তন আহিব।” ৱেব আৰু এপভিত্তিক ফেশ্বন ষ্টাৰ্ট-আপ ‘ভুনিক’ৰ সহ প্ৰতিস্হাপক সুজায়াথ আলিয়ে এনেদ’ৰে কয়।

বৰ্তমান মেট্ৰ’ সমূহৰ লগতে কেইখনমান সৰু মহানগৰতহে ৰিলায়েন্স 4G উপলব্ধ হৈছে।কিন্তু আগন্তুক দিনত সৰু ঠাইসমূহলৈ এই সেৱা সম্প্ৰসাৰিত হ’ব বুলি আশা কৰা হৈছে।ৰিলায়েন্স জিঅ’ 4G অতি শীঘ্ৰে ২২টা অঞ্চলত উপলব্ধ হব।

ইন্টাৰনেট এণ্ড মবাইল এচছিয়েশ্বন অৱ ইণ্ডিয়া (IAMAI)ৰ “২০১৫ত ভাৰতত ইন্টাৰনেট” শীৰ্ষক এক ৰিপৰ্টত প্ৰকাশ পাইছে যে প্ৰায় ৬০শতাংশ ইন্টাৰনেট গ্ৰাহকৰ বাবে ম’বাইল ফোনটোৱেই ইন্টাৰনেট ব্যৱহাৰৰ প্ৰাথমিক সাধন।“আমি এতিয়া এনে এক সন্ধিক্ষণত উপনীত হৈছো য’ত ইন্টাৰনেট উপভোক্তাৰ বাবে ষ্মাৰ্টফোনেই প্ৰধান আৰু সম্ভৱতঃ একমাত্ৰ কম্পিউটিং ডিভাইচ হ’ব যাৰ দ্বাৰা গ্ৰাম্য ভাৰততো ইন্টাৰনেট সেৱা সুচল হব।”ছিনিয়ৰ মাৰ্কেটিং এনালিষ্ট, ক্লায়েন্ট ডিভাইচেছ এট আইডিচি, কাৰ্থিক জেই এই মন্তব্য কৰে।

“ভুনিক”ৰ প্ৰায় ৫০ শতাংশ গ্ৰাহক সৰু চহৰ আৰু মহানগৰৰ।এৰিকছনৰ এটা সমীক্ষাত প্ৰকাশ পোৱা মতে, চহৰৰ ভিতৰতে ৬৩ শতাংশ মবাইল গ্ৰাহকে কথা পাতি থকাৰ মাজতে ভয়চ ড্ৰপ,সংযোগ বিচ্ছিন্ন হোৱা,কম স্পীড, 3G সেৱা উপলব্ধ নোহোৱা আদি সমস্যাৰ সন্মুখীন হয়।মেট্ৰৰ বাহিৰৰ সৰু অঞ্চলবোৰত এই আন্তঃগাঁঠনিৰ সমস্যাবোৰ অতি বেছি।

ট্ৰিবান্দ্ৰমৰ অনলাইন গ্ৰ’ছাৰি ষ্ট’ৰ “কাৰা ” ৰ সহ প্ৰতিষ্ঠাপক শ্বান এম হানিফে কয় যে সৰু চহৰ-নগৰত 3G মুঠেই বিশ্বাসযোগ নহয়।তেওঁৰ মতে, ইন্টাৰনেটৰ ভাল সুবিধা থাকিলে সস্তীয়া ষ্মাৰ্টফোনৰ জৰিয়তেই ই-কমাৰ্চ তৰান্বিত কৰিব পৰা যায়।তেওঁ লগতে কয় যে যোগাযোগ ব্যৱস্হা সুচল হ’লে অধিক মানুহে ষ্মাৰ্টফোন বৱহাৰ কৰি এপসমূহৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।

এফ এম চি জিৰ ডিষ্ট্ৰিবিউটৰ আৰু খুচুৰা বৱসায়ীৰ বাবে এপভিত্তিক B2B বজাৰ ‘বিজম’(Bizom)ৰ প্ৰতিস্হাপক চিইঅ’ ললিত ভিছৰ মতে 4Gৰ মূল্যৰ দিশটোও বৰ সুবিধাজনক নহয়।“১৫,০০০ এপ গ্ৰাহকৰ মাজত মোৰ বৱসায় প্ৰসাৰিত হৈ আছে। এইসকল গ্ৰাহকে সদায় কম খৰচত অধিক লাভ বিচাৰে যেনে-২০০টকাত আনলিমিটেড ডাটা।কিন্তু 4Gত খুৱ সীমিত ডাটা থাকে গতিকে ই লাভজনক নহয় ” তেওঁ কয়। গ্ৰামাঞ্চল আৰু চহৰাঞ্চল উভয়তে ‘বিজম’ৰ সমানসংখ্যক গ্ৰাহক আছে কিন্তু গ্ৰামাঞ্চলৰ বেছিসংখ্যক গ্ৰাহকে 2G হে বৱহাৰ কৰে।তেওঁ আৰু কয়,“বৰ্তমান আমাৰ ডিভাইচসমূহ 4G উপযোগী য’দিও দীৰ্ঘম্যাদী ক্ষমতাসম্পন্ন বেটাৰী উদ্ভাৱনৰ প্ৰয়োজনীয়তা আছে। অন্যথা এপছৰ মাধমেৰে গ্ৰাহকলৈ আগবঢ়োৱা সুবিধাসমুহ গ্ৰাহকে আদৰি লব নোৱাৰিব ”

ষ্মাৰ্টফোন আৰু 4G উপযোগী ডিভাইচৰ বিক্ৰি তথা শ্বিপমেন্টৰ বৰ্ধিত পৰিসংখাই ইন্টাৰনেট ভিত্তিক গ্ৰাহকৰ বজাৰখনৰ শ্ৰীবৃদ্ধিকে প্ৰমাণ কৰিছে।কিন্তু যোগাযোগৰ ক্ষেত্ৰত আন্তঃগাঠনিৰ সমস্যাবোৰ চলি থকালৈকে ইন্টাৰনেট ষ্টাৰ্ট-আপসমূহে কাংক্ষিত লক্ষ্যত উপনীত হোৱা সম্ভৱ নহব।


image


মূল-আথিৰা এ নায়াৰ

অনুবাদ-সংগীতা দেৱী দত্ত