এতিয়া আৰু অনুগ্ৰহৰ পাত্ৰ নহয় পিংলাৰ পটশিল্পীসকল

এতিয়া আৰু অনুগ্ৰহৰ পাত্ৰ নহয় পিংলাৰ পটশিল্পীসকল

Tuesday January 19, 2016,

3 min Read

দহ-পোন্ধৰ বছৰ আগেয়ে অানৰ অনুগ্ৰহত জীয়াই থাকিবলগীয়া হৈছিল। কাপোৰৰ ওপৰত আৰ্ট পেপাৰ বহুৱাই তাত নানা ধৰণৰ ছবি অঁকাৰ পিছতো কোনো কদৰ নাছিল। বিভিন্ন চৰকাৰী মেলা আৰু প্ৰদৰ্শনীত সেইবোৰ দেখুৱাবলৈ সুযোগ লাভ কৰাৰ পিছতে লহমাৰ ভিতৰতে পৰিৱৰ্তন হৈ পৰিছে পটশিল্পীসকলৰ জীৱন। এতিয়া আৰু তেওঁলোক পিংলাৰ নয়াগ্ৰামেত সীমাৱদ্ধ হৈ থকা নাই। আজি দিল্লী, কাইলৈ পেৰিছ বা পৰহিলৈ লণ্ডন। এনে ৰুটিনতে অভ্যস্ত হৈ পৰিছে শিল্পীসকল। দেশ-বিদেশৰ নানা প্ৰদৰ্শনীলৈ গৈ তেওঁলোকে বংগৰ গৌৱৰ তুলি ধৰিছে। প্ৰযুক্তি আৰু আধুনিক চিন্তাভাৱনাৰ সংমিশ্ৰণত পশ্চিম বঙ্গৰ পশ্চিম মেদিনীপুৰৰ এই হস্তশিল্পলৈ এতিয়া জোঁৱাৰ আহিছে।


image


এসময়ত পুৱাই কান্ধত মোনা লৈ বাহিৰলৈ ওলাই আহিছিল শিল্পীসকল। মোনাত থাকে পটত অঁকা বিভিন্ন ধৰণৰ চিত্ৰ। পিংলাৰ নয়াগ্ৰামৰ পৰা ওলাই গৈ তেওঁলোকৰ গন্তব্যস্থল আছিল ওচৰ-পাজৰৰ গড়বেটা, মেদিনীপুৰ চহৰ, খড়গপুৰ বা জামবনী আদি অঞ্চল। কাৰোবাৰ ঘৰত সোমাই শিল্পীসকলে মোনাৰ পৰা উলিয়াইছিল চান্দ সদাগৰৰ বেউলা-লক্ষীন্দৰ, চণ্ডীমংগল অথবা সাবিত্ৰী-সত্যবানৰ দৰে পুৰাণৰ কাহিনীৰ আধাৰত নিজে পটত অঁকা ছবি। সেই ছবি আগত ৰাখি জুৰিছিল গীত। গীত গোৱাৰ পিছত শ্ৰোতাসকলে যি দিয়ে তাতেই সন্তুষ্ট থাকিবলগীয়া হৈছিল। ফলত কেতিয়াবা শিল্পীসকলে আধাপেটীকৈ বা কেতিয়াবা অনাহাৰেই থাকিবলগীয়া হৈছিল। ৯০ৰ দশকৰ শেষৰফালেও পিংলাৰ এই অঞ্চলটোৰ শিল্পীসকলৰ একেই অৱস্থা আছিল। পশ্চিমবংগৰ একমাত্ৰ পটশিল্পীৰ গাঁও হ’লেও কোনেও চকুৱেই দিয়া নাছিল।

এসময়ত মেদিনীপুৰ জিলাৰ বিভিন্ন অঞ্চললৈ যোৱাৰ পিছতো ভিক্ষা কৰি পেট পুৰোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছিল। অৱশেষত এই শতিকাৰ আৰম্ভণিতে চৰকাৰীভাৱে শিল্পীসকলৰ বাবে কিছু ব্যৱস্থা গ্ৰহণ কৰা হ’ল। ৰাজ্যখনৰ বিভিন্ন স্থানত চৰকাৰীভাৱে অনুষ্ঠিত হোৱা হস্তশিল্প মেলাত অংশগ্ৰহণ কৰি সুন্দৰ শিল্পকৰ্ম প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিলে পটশিল্পীসকলে। সমান্তৰালভাৱে বেচৰকাৰী উদ্যোগতো শিল্পীসকলে দেশ-বিদেশৰ বিভিন্ন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে। তাৰ পিছত লাহে লাহে অৱস্থাৰ পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰিলে। নয়াগ্ৰামৰ ৬৬টা পৰিয়ালৰ বাবে এতিয়া পটশিল্প বোজা নহয়, সম্পদ। আনহাতে বাহিৰত গান গাই পুতৌৰ পাত্ৰ হৈ থাকিবলগীয়া নহয়। মেলা, প্ৰদৰ্শনীৰ সুবাদত তেওঁলোকৰ ছবিৰ বিক্ৰী ভাল হৈছে। গাঁৱৰ শিল্পীসকলে এতিয়া হোৱাটছএপ, ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়াৰ সহায়ত তেওঁলোকৰ কাম আনৰ হাতত অৰ্পণ কৰাটো সক্ষম হৈছে।

পৰিৱৰ্তনৰ কাহিনীয়ে তেওঁলোকৰ সৃষ্টিতো প্ৰভাৱ পেলাইছে। চান্দ সদাগৰ, চণ্ডীমংগল, ৰজা হৰিশ্চন্দ্ৰ, সাৱিত্ৰী-সত্যবান, ৰামায়ণ অথবা মহাভাৰতৰ ছবি আঁকিয়েই ক্ষান্ত থকা নাই পিংলাৰ শিল্পীসকল। তেওঁলোকে ছুনামী, ২৬/১১ৰ দৰে সমসাময়িক ঘটনাকো পটত তুলি ধৰিছে। আনকি যৌতুকপ্ৰথা, নাৰী নিৰ্যাতন, এইডছ, পালছ প’লিঅ’ৰ দৰে সামাজিক বিষয়সমূহো তেওঁলোকৰ শিল্পকৰ্মৰ মাজলৈ আহিছে। স্থানীয় শিল্পী ছেৰামুদ্দিনৰ মতে, মেলা-প্ৰদৰ্শনীলৈ যোৱাৰ ফলত তেওঁলোকৰ চকু মুকলি হৈছে। পটৰ যে এনে চাহিদা থাকিব পাৰে আগতে বুজিব পৰা নাছিল। এতিয়া এইসকল শিল্পীৰ মাহে গঁড়ে ৪০ হাজাৰ টকাৰ পট বিক্ৰী হয়।

পটৰ কাম প্ৰায় ১০০ টকাৰ পৰা আৰম্ভ। ৩০ লাখ টকা পৰ্যন্ত ইয়াৰ দাম আছে। পিংলাৰ শিল্পীসকলৰ পটচিত্ৰৰ ব্যৱসায় বছৰি পাঁচৰ পৰা সাত কোটি টকাৰ ভিতৰত। কোনো কোনো শিল্পীয়ে আকৌ বেচৰকাৰী সংস্থাৰ সহযোগত ৱেবছাইটতো নিজৰ হাতৰ কাম প্ৰদৰ্শন কৰিছে। ইয়াৰ ফলত বিদেশৰ পৰাও ভাল অৰ্ডাৰ আহিছে। পটৰ এনেকুৱাই আবেদন যে, মেদিনীপুৰৰ গাঁৱৰ ভিক্ষা পাহৰি প্ৰায় গোটেই বছৰটোৱেই শিল্পীসকলে প্ৰদৰ্শনী-মেলাৰ বাবে দেশে-বিদেশে যাবলগীয়া হয়। মুম্বাইৰ পৰা বাংগালুৰু, চেন্নাই বা এলাহাবাদ। সকলোতে পটশিল্পৰ কদৰ আছে। নগাগ্ৰামৰ পট গৈছে এডিলেইডলৈ, বংগৰ হস্তশিল্প তুলি ধৰিছে লণ্ডন, নিউয়ৰ্ক, পেৰিছ অথবা বাৰ্লিনতো।

নয়াগ্ৰামৰ পটশিল্পীসকলৰ কামৰ আৰু এটা বৈশিষ্ট্য হৈছে তেওঁলোকৰ ৰং একেবাৰে পৰিৱেশ অনুকূল। ক’ব পাৰি ৰঙত আছে মাটিৰ গোন্ধ। সকলো মেড ইন পিংলা। থাউকতে পোৱা বীনেৰে তেওঁলোকে প্ৰস্তুত কৰে সেউজীয়া ৰং। অপৰাজিতা ফুলৰ পৰা প্ৰস্তুত কৰা হয় নীলা ৰং। চেগুণ গছৰ পাতেৰে মেৰুন ৰং। পাণ-ছুপাৰী-চুণেৰে ৰঙা ৰং। গুলপীয়া ৰঙৰ বাবে ব্যৱহাৰ কৰা হয় পুৰৈ। হালধীয়া ৰঙৰ বাবে আছে কেঁচা হালধি। পুখুৰী খন্দাৰ সময়ত পোৱা মাটি ব্যৱহাৰ কৰা হয় বগা ৰঙৰ বাবে।

সংঘবদ্ধ হোৱাৰ বাবে এতিয়া শিল্পীসকলে কম সুদৰ ঋণো লাভ কৰে। ব্যৱসায় বৃদ্ধি কৰিবলৈ এতিয়া বহুতেই ঋণ লৈ ভাল কাম কৰিছে। যাৰ ফলত নয়াগ্ৰামৰ ৫০০ মানুহ এতিয়া মাত্ৰ স্বনিৰ্ভৰশীলেই নহয়, ওচৰ-পাজৰৰ মানুহৰ বাবে ঈৰ্ষাৰো কাৰণ। পটৰ বাবেই তেওঁলোকৰ জীৱন হঠাতে নতুন সোঁতত ব’বলৈ আৰম্ভ কৰিছে। সেই সোঁতক অধিক ত্বৰান্বিত কৰিবলৈ দেশ-বিদেশৰ বজাৰত জঁপিয়াই পৰিব বিচাৰে ছেৰামুদ্দিন, ৰাজেশহঁত।

মূল: তন্ময় মুখাৰ্জী

অনুবাদ: ৰুবুল দাস