পেপাৰকাপত ধুমুহা কলকাতাৰ সোমঋতাৰ

মূল- ৰাজদুলাল মুখাৰ্জী

পেপাৰকাপত ধুমুহা কলকাতাৰ সোমঋতাৰ

Thursday October 20, 2016,

4 min Read

‘মোৰ মা-দেউতা বৰ ভাল। সকলো কথাতেই তেওঁলোকে মোৰ কাষত থিয় দিয়ে। কিন্তু যেতিয়াই মোৰ মাক মোৰ বিষয়ে কোনোবাই সোধে, তেওঁ বিষণ্ণ স্বৰেৰে উত্তৰ দিয়ে যে তেওঁৰ জীয়ৰীয়ে উপাৰ্জনৰ বাবে কেটলী বিক্ৰী কৰে।’ নিজৰ ব্যৱসায় ষ্টাৰ্টআপ পেপাৰকাৰ (Papercup) সম্পৰ্কে ক’বলৈ গৈ প্ৰথমতেই এই কথা ক’লে ২৪ বছৰীয়া সোমঋতা গুহই।

পঢ়াশুনা শেষ হ’লে এটা ভাল চাকৰি। সাধাৰণতে এনেকুৱাই হয়। সোমঋতাই কিন্তু সেই চিনাকি বলয়ৰ বাধা বিচৰা নাছিল। আনহাতে কি কৰিবলৈ বিচাৰে সেয়াও ঠিৰাং কৰিব পৰা নাছিল যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ ছাত্ৰী হৈ থকা অৱস্থাত। সৃষ্টিশীল কাম কৰি আনন্দ পাইছিল তেওঁ। মাত্ৰ চখপূৰণৰ বাবেই তেওঁ আৰম্ভ কৰিছিল পেপাৰকাপ। দৈনন্দিন ব্যৱহাৰ হোৱা কিছুমান বস্তুক নান্দনিক ৰূপ দিয়াৰ উদ্যোগ। বিশ্ববিদ্যালয়ত থকাৰ সময়ত এই ব্যৱসায় নিতান্তই অতি সৰু আছিল। পৰৱৰ্তী সময়ত ইয়াক ডাঙৰ ৰূপ দিয়াৰ কথাও চিন্তা-ভাবনাও সিমান মনলৈ অহা নাছিল। এইবোৰ কথা ২০১০ চনৰ।


image


নিতান্তই চখ পূৰণৰ বাবে যি কাম আৰম্ভ কৰিলে সেয়া কিন্তু মন্থৰিত নহ’ল। সোমঋতা লাগি থাকিল। চাৰিবছৰৰ অন্তত ২০১৪ চনত সংস্থা হিচাপে পঞ্জীকৃত হ’ল পেপাৰকাপ। প্ৰডাক্ট বুলিবলৈ সাধাৰণ কিছুমান সামগ্ৰী। কিন্তু বহুতেই নিজৰ ওচৰত ৰাখিবলৈ বিচাৰে। এয়াই বিশেষত্ব। বিগত তিনিমাহত ই-কমাৰ্চ ৱেবছাইটৰ মাধ্যমেৰেও ইয়াৰ বিক্ৰী আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে সোমঋতাই। ইয়াৰ আগতে থাৰ্ড পাৰ্টী ৱেবছাইট, যেনে- ফেচবুক ইত্যাদিৰ মাধ্যমেৰে পেপাৰকাপ বিক্ৰী কৰা হৈছিল। কিছু ইভেণ্টৰো আয়োজন কৰা হৈছিল যি এতিয়াও কৰা হয়। এইবোৰ ইভেণ্টত মাথোঁ পেপাৰকাপ প্ৰদৰ্শন আৰু বিক্ৰী কৰা নহয়, লগত থাকে লাইভ জেমিং ছেছন, স্প’কেন ৱৰ্ড পয়েট্ৰি, লাইভ আৰ্ট। ষ্টাৰ্টআপ হিচাপে কাম আৰম্ভ কৰাৰ পিছতে বিগত এবছৰত কৰ্প’ৰেট ক্ষেত্ৰতো সামগ্ৰী লৈ উপস্থিত হৈছেগৈ পেপাৰকাপ। পেপাৰকাপ ফ্লেগশ্বিপ প্ৰ’ডাক্টৰ মাজত আছে সুদৃশ্য কেটলি। য’ত ছবি আৰু ৰঙেৰে ভৰাই তোলা হৈছে পৌৰাণিক কাহিনী, লোককথা, দৃশ্যাৱলীৰে। ইয়াৰ বাহিৰেও আছে মাগ, ঘৰ সজোৱাৰ বিভিন্ন সামগ্ৰী।


image


কিবা এটা সামগ্ৰী প্ৰস্তুত কৰাটো এটা কথা। সেয়া বিক্ৰী কৰাটো অন্য কথা। এই প্ৰসংগত সোমঋতাৰ বক্তব্য, ‘পাঁচ বছৰ আগতে মই যি কৰিবলৈ ওলাইছিলোঁ, তেতিয়া অতি কম মানুহেহে এই পথত আগুৱাইছিল। কিন্তু এতিয়া বজাৰ অতি সীমাৱদ্ধ হৈ পৰিছে। ছুপাৰ ছেচ্যুৰেটেড বুলি ক’ব পাৰি। একেটা ক্ষেত্ৰতে অসংখ্য মানুহে কাম কৰিছে। যি কাৰণত ই কমাৰ্চতো ঠেলা-হেঁচা আৰম্ভ হৈছে। প্ৰথম ১০টাৰ মাজত থাকিবলৈ হ’লে বিশাল বজাৰত ডাঙৰ ডাঙৰ সংস্থাৰ সৈতে প্ৰতিযোগিতা কৰিব লাগিব। কিন্তু কম্পিটিচনৰ এই চেলেঞ্জক স্বাগতম জনাওঁ। আৰু এটা ডাঙৰ বিষয় হ’ল ফাণ্ডিং। কিন্তু সঠিক সময়ত মই তাৰ ব্যৱস্থা কৰি ল’ব পাৰিম বুলি মোৰ আশা আছে।’ লগে লগে আৰু অলপ সংযোজনেৰে সোমঋতাই ক’লে, ‘মোৰ ব্যৱসায় আগুৱাইছে ই-কমাৰ্চৰ পথেৰেই। ইউৰোপ-আমেৰিকাৰ তুলনাত ভাৰতত ই-কমাৰ্চৰ বজাৰ এতিয়াও সৰু। কিন্তু ভাৰতত ই-কমাৰ্চ অতি দ্ৰুতবেগত আগুৱাইছে। য’ত কোটিৰ ঘৰত অনলাইন ক্ৰেতা আছে, তাত আপুনিওতো ভাগ পাবই। এতিয়া কথা হ’ল যিমান সম্ভৱ সিমানেই বেছি সেই বজাৰ দখল কৰা।’


image


বজাৰত টিকি থকাৰ কি পৰিকল্পনা আছে পেপাৰকাপৰ? এই ব্যৱসায়ত ধাৰাবাহিক যুঁজ, হাৰ নমনা মনোভাৱতে জোৰ দিছে সোমঋতাই। একমাত্ৰ সেয়া কৰিব পাৰিলেই বিশাল বজাৰৰ প্ৰতিযোগীসকলৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা যাব বুলি তেওঁ ভাবে। তাৰ পৰিকল্পনাও প্ৰস্তুত কৰিছে তেওঁ। তিনিটা বিশেষ অৱলোকন। প্ৰথম, ই-কমাৰ্চত যিমান সম্ভৱ সিমান বেছি উপস্থিতি নিশ্চিত কৰা, লক্ষ্য আৰু অধিক মানুহৰ কাষ চপা। দ্বিতীয়, কৰ্প’ৰেট ক্লায়েণ্টসকলৰ বাবে প্ৰথম পচন্দ হিচাপে প্ৰতিভাত হোৱা, কৰ্প’ৰেট ক্ষেত্ৰত উপহাৰ সামগ্ৰীৰ প্ৰচুৰ সম্ভাৱনা আছে। আৰু এনে ইভেণ্টৰ আয়োজন কৰা য’ত সমান্তৰালভাৱে লাইভ মিউজিক, কবিতা, শিল্পৰ সৈতে ব্যৱস্থা থাকিব সামগ্ৰী বিক্ৰীৰ।


image


পেপাৰকাপৰ অধিকাংশ সামগ্ৰীয়ে হাতেৰে প্ৰস্তুত কৰা আৰু সেয়া সমাজৰ পিছপৰা মহিলাসকলৰ দ্বাৰা কৰোৱা হয়। এই কামত যুক্ত নহ’লে যিসকলে হয়তো পৰিচাৰিকা হিচাপেই উপাৰ্জন কৰিব লাগিলহেঁতেন। এইসকল মহিলাৰ সন্মুখত উপাৰ্জনৰ পথো মুকলি হৈ পৰিছে। সোমঋতা অৱশ্যে অকলশৰীয়া নহয়, পেপাৰকাপৰ ক'-ফাউণ্ডাৰ হিচাপে আছে শুভজিৎ পাঁজাও। ব্যৱসায় চলাবলৈ যি পৰিমাণৰ পুঁজিৰ প্ৰয়োজন তাৰ ব্যৱস্থা দুয়োজনে মিলাই কৰিছে। পিছে বজাৰত কিমান সঁহাৰি লাভ কৰিছে? সোমঋতাৰ উত্তৰ, ‘আমি বজাৰ নুবুজোঁ, আমি বুজোঁ মানুহক।’ মানুহৰ মন বুজাতেই ব্ৰতী হৈ আছে পেপাৰকাপ। ই-কমাৰ্চ ৱেবছাইটতো আছেই, সমান্তৰালভাৱে প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে ইভেণ্টৰো আয়োজন কৰা হয়। কলেজ ফেষ্টত গিফট্ স্পনছ’ৰ হিচাপে সহযোগিতা কৰা হয়। সোমঋতাৰ অনুভৱ, যিদৰে চলিছে সেয়া আৰু কিছুদিন ধৰি ৰাখিব পাৰিলে বহুদূৰ আগুৱাই যাব পেপাৰকাপ।


image


পিছলৈ উভতি চালে কেনে লাগে? এই ব্যৱসায়ত ভাললগা, বেয়া লগা দুয়োটাই আছে সোমঋতাৰ। যিমানেই সৰু নহওঁক, তেওঁ নিজৰ ধৰণে কৰাৰ চেষ্টা কৰিছে, ই প্ৰতিটো মুহূৰ্ততে তৃপ্তি দিয়ে। আৰু কাম কৰাৰ বাবে শক্তি দিয়ে। কিন্তু চৌপাশৰ মানুহে যিদৰে তেওঁক নিৰুৎসাহিত কৰিছে, উপহাস কৰিছে সেয়া আজিও পাহৰিব পৰা নাই। সোমঋতাৰ কথাৰে, ‘কোনোবাই অন্য ধৰণে ভাবিছে বা কৰিব বিচাৰিছে মানেই যেন কামটো গোলমলীয়া। নিশ্চয় ইয়াৰ আঁৰত অন্য কাৰকো আছে। আমাৰ সমাজত এনেদৰেই ভবা হয়। মোৰ ক্ষেত্ৰতো সেয়েই হৈছিল। ষ্টাৰ্টআপ আকৌ কি, এইবোৰ ইমানেই বেয়া যে সকলোৱে সাৰগৰ্ভ জ্ঞান দিয়ে। কোনো কোনোৱে উপদেশ দি কয়, হবি হিচাপে এইবোৰ ভাল, কিন্তু কৰিবলৈ গ’লে চাকৰিয়েই ভাল। আচলতে এই ধৰণৰ মানুহে প্ৰত্যাহ্বান গ্ৰহণ কৰি ভাল নাপায়। তেওঁলোকৰ বাবে জীৱন হৈছে যিমান পাৰি প্ৰত্যাহ্বানমুক্ত হৈ থকা। তেওঁলোকে এনে জীৱন কটাইছে যে আনৰ জীৱনো তেনেকুৱাই হোৱা উচিত। কিন্তু এইবোৰ অন্তঃসাৰশূন্য কথাত মই দিশ সলনি নকৰোঁ। যি ভাবিছো, তাকেই কৰিছো। লাজ কৰিলে কিন্তু নচলিব।’ আৰু এতিয়া? ‘ইমানেই থ্ৰিল যে কি ক’ম। ঠিক যেন চিনেমাৰ দৰেই। প্ৰতিদিনেই কমবেছি একেই কাম কৰিলেও প্ৰতিটো দিনেই যেন অন্য ধৰণৰ। ব্যস্ততা, দৌৰাদৌৰি, মিটিং, নতুন নতুন মানুহৰ সৈতে বাক্য বিনিময়, নতুন আইডিয়া। আপুনি অন্য ধৰণৰ কাম এটাযে কৰিছে সেয়াই আনন্দ। বিগত এটা বছৰ ধৰি মই উদ্যোগৰ বাহিৰে অন্য একো চিন্তা কৰিব পৰা নাই। যদি ব্যৰ্থ হওঁ, তেতিয়াও বিচাৰিম এগৰাকী উদ্যোগপতি হ’বলৈ’, গৰ্বেৰে ক’লে সোমঋতাই।