প্ৰত্যাশাৰ ২৫ টা বছৰ

আশুতোষৰ বিশেষ লেখা

প্ৰত্যাশাৰ ২৫ টা বছৰ

Friday July 22, 2016,

6 min Read

মই এনে এখন বিশ্ববিদ্যালয়ত পঢ়িছিলো যিখনত বামপন্থী ভাৱধাৰাৰ প্ৰচলন আছিল । মই নামভৰ্তি কৰিবৰ সময়ত মাৰ্ক্সবাদ-লেনিনবাদ জনপ্ৰিয় আছিল । ছোভিয়েট ইউনিয়ন আছিল প্ৰধান বিশ্বশক্তি যদিও ইয়াৰ পতনৰ ইংগিত ইতিমধ্যে স্পষ্ট হৈ পৰিছিল । ছোভিয়েট ইউনিয়নৰ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক মিখাইল গৰ্বাচেভে পেৰষ্ট্ৰইকা অৰ্থাৎ ছোভিয়েট ইউনিয়নৰ পুনৰগঠনৰ কথা কবলৈ আৰম্ভ কৰিছিল কিন্তু কোনেও ভাবিব পৰা নাছিল যে ছোভিয়েট ৰাছিয়া হঠাতে পূব ইউৰোপৰ আন কমিউনিষ্ট দেশবোৰৰ সৈতে একেলগে পতনৰ সন্মূখীন হ'ব । ভাৰতো সেইসময়ত বামপান্থী ভাবধাৰাত ডুব গৈ আছিল আৰু ব্যক্তিগতকৰণ আৰু বজাৰ অৰ্থনীতিক পশ্চাদমূখী বুলি গণ্য কৰা হৈছিল । তৃতীয় বিশ্বৰ দেশসমূহৰ বাবে আদৰ্শৰ ৰূপত ভাৰতে গৌৰৱেৰে মিশ্ৰ অৰ্থনীতিৰ ধাৰণা আগবঢ়াই আহিছিল । কিন্তু ১৯৯৪ চনত মই জেএনইউ এৰিবৰ সময়ত ৰাষ্ট্ৰীয় ভাৱধাৰা সলনি হৈছিল । বজাৰ এটা ঋণাত্মক শব্দ হৈ থকা নাছিল । ব্যক্তিগত উদ্যোগক উদগণি দিবলৈ আৰম্ভ কৰা হৈছিল । উদ্যোগজগতক লাইচেন্সৰাজ আৰু পাৰ্মিটৰাজৰপৰা মুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছিল । অৰ্থনীতি উত্তৰণৰ পথত আছিল । সকলোবোৰ ভালেই দেখা গৈছিল ।

মই বিশ্ববিদ্যালয়ত যোগদান কৰিবৰ সময়ত অৰ্থাৎ ৮০ৰ দশকত এছটিডি বুথ এটা নতুন ধাৰণা আছিল । দিল্লীৰ গলিয়ে গলিয়ে গঢ় লৈ উঠিছিল এছটি়ডি বুথ । বিশ্ববিদ্যালয়ৰ ছাত্ৰসকল নিশা ১১ বজালৈ অপেক্ষা কৰি থাকিছিল । কিয়নো সেই সময়ত এছটিডি কলৰ হাৰ চাৰিগুণ কমি গৈছিল । তাৰ বাবে দিঘলীয়া শাৰী দেখা গৈছিল । তেতিয়া মবাইল ফ'ন বা হোৱাটছএপ নাছিল । স্মাৰ্টফ'নৰ যোগেদি বিশ্বৰ যিকোনো ঠাইৰ মানুহৰ লগত যোগাযোগ সম্ভৱপৰ হৈ উঠা নাছিল । ট্ৰাংক কল বুক কৰি মানুহে দুই তিনিঘন্টা অপেক্ষা কৰিব লাগিছিল । 

বিমান বন্দৰৰ সংখ্যা আছিল সীমিত । আনকি সেই বিমান বন্দৰ কেইটাও আছিল তেনেই সাধাৰণ । দিল্লী বিমান বন্দৰৰ সা-সুবিধা দিল্লীৰ ৰেল ষ্টেচনতকৈ সামান্যহে বেছি আছিল । মধ্যবিত্তৰ বাবে বিমান পৰিবহন আছিল বিৰল আৰু বিলাসিতা । আজিৰ দৰে ইমানবোৰ ব্যক্তিগত বিমান পৰিবহন প্ৰতিষ্ঠান নাছিল । একমাত্ৰ এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিয়ান এয়াৰলাইনছে কেইখনমান চহৰত সেৱা আগবঢ়াইছিল । মাল্টিপ্লেক্সৰ নাম মানুহে শুনাই নাছিল । ছৱিঘৰবোৰ আছিল এখন পৰ্দাৰ । মই এজন ডেকা লৰা হিচাপে চাৰিটা দৰ্শনীৰ কথা জানিছিলো - ১২ৰপৰা ৩ বজা- ৩ৰপৰা ৬ বজা, ৬ৰপৰা ৯বজা আৰু ৯ৰপৰা ১২ বজা । চিনেমা চাবলৈ যোৱাটো এটা ডাঙৰ পাৰিবাৰিক উৎসৱ আছিল । কেবল টিভি তেতিয়া নাছিল । মাত্ৰ দুৰদৰ্শন আছিল আৰু সপ্তাহত মাত্ৰ এবাৰ দেওবাৰে চিনেমা দেখুউৱা হৈছিল । টিভি বাতৰিৰ একমাত্ৰ উৎস আছিল চৰকাৰী দুৰদৰ্শন । টিভি এংকৰৰ সলনি বাতিৰ পঢ়োঁতাহে দেখা গৈছিল টিভিত । তেতিয়া ব্যক্তিগত চেনেল নাছিল । টক শ্ব' নাছিল , আৰু টিভি বিতৰ্কৰ নামত কাজিয়াও নাছিল । টিআৰপিৰ নিগনি দৌৰো তেতিয়া দেখা নগৈছিল । কেবল নিউজ চেনেলৰ কথা মই উপসাগৰীয় যুদ্ধৰ সময়তহে প্ৰথম শুনিছিলো । সেয়ে আছিল ভাৰতত পোনপটীয়া সম্প্ৰচাৰৰো আৰম্ভণী । 

image


ভাৰত তেতিয়া এখন দুখীয়া দেশ আছিল । আজিৰ দৰে এক বিশাল অৰ্থনীতি নাছিল । ভাৰতক বিশ্বই সাধু-সন্ত, পথৰ ওপৰৰ গৰু-ম'হ আৰু সাপৰ খেল দেখুউৱা বাজীকৰৰ দেশৰূপেই জানিছিল । ছোভিয়েট ৰাছিয়া আৰু আমেৰিকাৰ মাজত দুই নাৱত দুই ভৰি অৱস্থাত আছিল ভাৰত । বিশ্বখন কমিউনিষ্ট আৰু পুঁজিবাদী এই দুটা আদৰ্শগত ভাগতে বিভক্ত হৈ আছিল । ভাৰত আজিৰ দৰেই দুৰ্নীতিগ্ৰস্ত আছিল, যদিও সেই সময়ৰ বফৰ্ছ কেলেংকাৰী কংগ্ৰেছৰে আন এক পৰিচয় যেন হৈ পৰিছিল । ছৱিখন সলনি হবলৈ ধৰিছিল ১৯৯১ চনৰপৰা । যেতিয়া নৰসিংহ ৰাৱ দেশৰ প্ৰধান মন্ত্ৰী হৈছিল তেতিয়া দেশ দেউলীয়া হোৱাৰ পথত । কঠোৰ সিদ্ধান্তৰ সময় হৈছিল । সাম্যবাদী অৰ্থনীতিৰ আৰ্হি অচল হৈ পৰিছিল । মিশ্ৰ অৰ্থনীতিয়ে বেয়াকৈ মুখথেকেচা খাইছিল । ভাৰতৰ অৰ্থনীতি মুকলি কৰি দিয়াৰ বাহিৰে কোনো উপায় নাছিল । পুৰণিকলীয়া লাইচেন্স পাৰ্মিটৰাজক বিদায় দি বজাৰকেন্দ্ৰিক অৰ্থনীতি প্ৰৱৰ্তন কৰাৰ সময় হৈছিল । লাভ আৰু প্ৰতিযোগিতাৰ ধাৰণাক আঁকোৱালি লোৱাৰ সময় হৈ আহিছিল । সৌভাগ্যক্ৰমে মাৰ্ক্সে ভৱিষ্যৎবাণী কৰাৰ দৰে কমিউনিষ্ট আৰ্হিটো চৰকাৰে ধ্বংস কৰাতকৈ ই নিজেই ধ্বংস হৈ গৈছিল । এনেকুৱা সময়তে নৰসিংহ ৰাৱে এক সাহসী সিদ্ধান্ত ল'লে । মন্ত্ৰী পদত এজন বিশেষজ্ঞক নিযুক্তি দিয়াৰ অগতানুগতিক সিদ্ধান্তটো মোৰ হিচাপত স্বাধীনোত্তৰ কালৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ অন্যতম আছিল । 

নৰসিংহ ৰাৱৰ বাবে ই সহজ সিদ্ধান্ত নাছিল । এজন যুৱ সাংবাদিক হিচাপে মোৰ মনত আছে সাংবাদিককে ধৰি বিভিন্ন ক্ষেত্ৰৰ মানুহে কম্পিউটাৰৰ বিৰুদ্ধে কি ব্যাপক প্ৰতিৰোধ সৃষ্ঠি কৰিছিল । ইয়াক মানুহৰ চাকৰি কাঢ়ি লোৱাৰ এক যন্ত্ৰ হিচাপে দেখা হৈছিল । বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, বিশ্ব বাণিজ্য সংস্থা - এইবোৰক ভাৰতক পুনৰ উপনিবেশত পৰিণত কৰাৰ মাধ্যম হিচাপে চোৱা হৈছিল । বজাৰক কেৱল এচাম উদ্যোগপতিক সহায় কৰা এটা দানৱ ৰূপে উপস্থাপন কৰা হৈছিল । বৌদ্ধিক সমাজৰ এটা বুজন অংশই বিদেশী প্ৰতিষ্ঠানবোৰে ভাৰতক পুনৰ পৰাধীন কৰিব বুলি মনে প্ৰাণে বিশ্বাস কৰিছিল । কিন্তু ৰাও আছিল নিজৰ মতত অটল । তেওঁ দায়িত্ব লৈছিল দেশৰ ৰাজনীতি পৰিচালনা কৰাৰ আৰু মনমোহন সিঙক দায়িত্ব দিছিল অৰ্থনীতি পৰিচালনা কৰাৰ । এই পদক্ষেপে দেশৰ বাবে অসাধ্য সাধন কৰিছিল । নৰসিংহ ৰাৱে নিজৰ দল আৰু জনতাৰ আস্থা হেৰুৱায় মানে অৰ্থনীতিয়ে ইতিমধ্যে বহুদূৰ পথ অতিক্ৰম কৰিছিল । 

আনকি কমিউনিষ্ট সমৰ্থিত এইচ ডি দেৱেগৌড়া আৰু আই কে গুজৰালৰ চৰকাৰেও একে পথকেই অনুসৰণ কৰিবলগীয়া হৈছিল । বাজপেয়ী চৰকাৰেও আন্তঃগাঁঠনি উন্নয়নৰ ওপৰত গুৰুত্ব দিছিল আৰু এই বিকাশৰ গতি ত্বৰাণ্বিত কৰিছিল । ২০০৪ চনত বাজপেয়ী চৰকাৰে নিৰ্বাচন হাৰিবৰ সময়ত অৰ্থনীতি এক উৰ্দ্ধগামী পথত অগ্ৰসৰ হৈছিল । সেই বছৰ অৰ্থনৈতিক বিকাশৰ হাৰ আছিল ১১শতাংশ আৰু ২০০৮ চনৰ মন্দাৱস্থাৰ সময়ছোৱা বাদ দি ২০১১ চনলৈ ই অপৰিৱৰ্তিত আছিল । আজি ভাৰতৰ অৰ্থনীতি বিশ্বৰ দ্ৰুততম বিকশিত অৰ্থনীতি । 

আজি এই কথাখিনি লিখিবৰ সময়ত ভাৰতৰ অৰ্থনৈতিক উদাৰীকৰণৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপিত হৈছে । যোৱা ২৫ বছৰৰ পৰিৱৰ্তন মই দেখিছো । আজি ভাৰত এখন দুখীয়া দেশ হৈ থকা নাই । ইয়াক এক ভৱিষ্যৎ ছুপাৰপাৱাৰ হিচাপে দেখা গৈছে । এক নতুন মধ্যবিত্ত শ্ৰেণীৰ উদয় হৈছে । মানুহৰ ক্ৰয় ক্ষমতা বহুগণে বাঢ়িছে । ঘৰৰ বাহিৰত খোৱাটো এতিয়া বিলাসিতা হৈথকা নাই বৰঞ্চ বহুতৰে বাবে ই এক অভ্যাস । প্ৰতি দিনে এখন নতুন শ্বপিং মলৰ আবিৰ্ভাৱ হৈছে আৰু মানুহে সকলোবোৰ ব্ৰেণ্ডৰ সামগ্ৰী কিনিবলৈ লৈছে । বিশ্বৰ বৃহত্তম উপভোক্তা কেন্দ্ৰ হৈ উঠিছে ভাৰত । ভাৰতীয় প্ৰতিষ্ঠানে বিদেশী কোম্পানীক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে । গুগল, মাইক্ৰছফ্ট, পেপচিক' আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ মূখ্য কাৰ্যবাহী পদত ভাৰতীয় ব্যক্তি অধিস্থিত হৈছে । চিলিকন ভেলীত ভাৰতে এক গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে । 

১৯৯১ চনত আমাৰ চুবুৰীটোত মাত্ৰ কেইজনমানৰহে গাড়ী আছিল । আজি প্ৰায় সকলোৰে এখনকৈ গাড়ী আছে । আজিৰ ভাৰত অধিক আত্মবিশ্বাসী আৰু ই প্ৰতিযোগিতাক ভয় নকৰে । বহুজাতিক কোম্পানীয়ে ভাৰতক গ্ৰাস কৰাৰ ভয়ো আজি কাৰো নাই । বিশ্বজুৰি ভাৰতীয়ৰ সম্মান আছে । বিদেশী বিনিয়োগৰ আটাইতকৈ জনপ্ৰিয় স্থানসমূহৰ ভিতৰত ভাৰত অন্যতম । বজাৰ শব্দটো এতিয়া আৰু বেয়া শব্দ হৈ থকা নাই । অৱশ্যে এতিয়াও বহু কৰিবলগীয়া আছে । এতিয়াও আমাৰ দেশত ব্যাপক দুৰ্নীতি আছে । ধনী দুখীয়াৰ প্ৰভেদ বাঢ়ি গৈ আছে । আন্থঃগাঁঠনিৰ অৱস্থা ভাল নহয় আৰু ৰঙা ফিটাৰ মেৰপেচত ভাৰত আজিও বন্দী । বিশ্ব জয় কৰিবলৈ হ'লে ভাৰতে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগিব । আমাৰ গণতন্ত্ৰ আজিও থৰক-বৰক । কিন্তু যোৱা ২৫ টা বছৰক আশা আৰু আত্মবিশ্বাসৰ বছৰ হিচাপে গণ্য কৰা যায় । বৰ্তমানৰ অনিশ্চয়তা স্বত্তেও মই ভাৰতক লৈ আশাবাদী । 

(লেখক প্ৰাক্তন সাংবাদিক, IBN7ৰ প্ৰাক্তন মেনেজিং এডিটৰ আৰু আম আদমী পাৰ্টিৰ মূখপাত্ৰ । ইয়াত প্ৰকাশিত মন্তব্য লেখকৰ নিজৰ ) 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

উত্তৰ-পূৱ ভাৰতৰ ‘পুষ্পসজ্জা’ৰ ক্ষেত্ৰখনক নতুন মাত্ৰা দিছে নাচিমা বেগম লহকৰে

ভালপাওঁ বুলি ক’বলৈ আমি কিয় টান পাওঁ !

বীৰুবালা ৰাভা: যি নিজেই এক বিশাল প্ৰতিষ্ঠান