গাড়ী ধুই জীৱিকা নিৰ্বাহ কৰা বি এম বালকৃষ্ণ আজি ২০ কোটি টকীয়া কোম্পানীৰ মালিক
Tuesday June 28, 2016,
2 min Read
গাড়ী ধুই জীৱিকা নিৰ্বাহ কৰা বট্টালা মুনুছামি বালকৃষ্ণৰ এসময়ৰ দৈনিক উপাৰ্জন আছিল ৫০০টকা । ইয়াৰ পাছত তেওঁ বিক্ৰেতা কেইবাটাও চাকৰি কৰে আৰু অৱশেষত নিজা ব্যৱসায় আৰম্ভ কৰে । আজি তেওঁ পানী শোধনৰ আহিলাৰ এটা কোম্পানীৰ মালিক । ঘৰুৱা আৰু বাণিজ্যিক দুয়োধৰণৰ প্ৰয়োজন পুৰণ কৰা একুৱাপট নামৰ এই কোম্পানীটোৰ বাৰ্ষিক ব্যৱসায় ২০ কোটি টকাৰ । এতময়ত প্ৰতিটো টকাৰ হিচাপ কৰিবলগীয়া হৈছিল তেওঁ। ৩৪ বছৰীয়া বালকৃষ্ণই কয়, ' মই ১০ টকা এটা খৰচ কৰিবলগীয়া হ'লে ভাবিছিলো যে মোৰ মা-দেউতাই ৩ লিটাৰ গাখীৰ বিক্ৰী কৰি সেইখিনি ধন পাইছিল ।'
অন্ধ্ৰ প্ৰদেশৰ চিট্টোৰ জিলাৰ শংকৰয়ালাপেটাৰ এটা দুখীয়া পৰিয়ালত জন্ম হৈছিল বালকৃষ্ণৰ । তেওঁৰ পিতৃ আছইল এজন কৃষক । লগতে গাখীৰো বিক্ৰী কৰিছিল তেওঁলোকে । ১৯৯৮-৯৯ চনত চৰকাৰী প্ৰতিষ্ঠান এটাৰপৰা অটমবিল ইঞ্জিনীয়াৰিঙত এটা পাঠ্যক্ৰম সমাপত কৰি তেওঁ বাঙ্গালুৰুলৈ যায় । লগত আছিল মাকে বহু কষ্টেৰে জমা কৰা ১০০০ টকা ।
২০০১ চনত তেওঁ প্ৰথম চাকৰিত সোমায় । চাকৰিটো আছিল গাড়ী ধোৱাৰ আৰু তেওঁৰ ওপৰৱালা আছিল এজন ১৫ বছৰীয়া ল'ৰা । ছমাহ পাছত ২০০০ টকা দৰমহাত তেওঁ চি আৰ আই পাম্পছ নামৰ এটা প্ৰতিষ্ঠানত বিক্ৰেতাৰ চাকৰিত সোমায় । ইয়াৰ পাছত কেইবাটাও চাকৰি কৰি অৱশেষত ২০০৮ চনত তেওঁ এটা প্ৰতিষ্ঠানৰ কাৰণে সমগ্ৰ অন্ধ্ৰ প্ৰদেশ জুৰি বিপণনৰ দিয়িত্ব লাভ কৰে । ইতিমধ্যে তেওঁ যথেষ্ট অভিজ্ঞতা সঞ্চয় কৰিছিল ।
২০১১ চনত তেওঁ সাঁচতীয়া ১.৫০ লাখ টকাৰে হায়দৰাবাদৰ ছেকেন্দ্ৰাবাদত এটা কাৰ্যালয়ৰ বাবে এটুকুৰা ঠাই বুকিং কৰে । অৱশ্যে তেওঁ কি ব্যৱসায় কৰিব সেই কথা তেওঁ তেতিয়াও ভবা নাছিল । ইয়াৰ কাৰণে তেওঁ মাহে ১৪০০০ টকা দিবলৈ প্ৰস্তুতি চলাবলগীয়া হৈছিল । তেওঁৰ এজন বাল্যবন্ধুৱে তেওঁক উপদেশ দিলে পানী পৰিশোধকৰ ব্যৱসায় কৰিবলৈ । এি কথা শুনি তেওঁ চেন্নাইলৈ যাত্ৰা কৰিলে এনে ধৰণৰ সামগ্ৰীৰ এখন মেলা চোৱাৰ উদ্দেশ্যেৰে । ইয়াৰ পাছত তেওঁ এজন প্ৰাক্তন সহকৰ্মীৰ ওচৰলৈ গ'ল । এই লোকজনে এনেধৰণৰ সামগ্ৰী নিৰ্মাণ কৰিছিল । তাৰপৰা তেওঁ বিশটা তেনে যন্ত্ৰ লৈ উভতি আহিল ।
মাত্ৰ দুই লাথ টকা মূলধনেৰে তেওঁ আৰম্ভ কৰিলে তেওঁৰ একুৱাপট নামৰ কোম্পানীটো । লাহে লাহে কষ্টৰ বলত আজি তেওঁৰ কোম্পানীয়ে হায়দৰাবাদৰ তিনিটা স্থানত এনে সামগ্ৰী নিৰ্মাণ কৰে । তেওঁৰ কোম্পানীৰ বাৰ্ষিক বৃদ্ধি ২৫ৰ পৰা ৫০ শতাংশ ।
একুৱাপটে আনকি কেণ্ট, ইউৰেকা ফৰ্বছ আদি কোম্পানীকো প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে । ভাৰতত এনেধৰণৰ ব্যৱসায় কৰা ১৫০০ কোম্পানীৰ ভিতৰত একুৱাপটৰ স্থান প্ৰথম ২০ টাৰ ভিতৰত ।
এনেকুৱা প্ৰেৰণাদায়ক কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
এইধৰণৰ অন্যান্য কাহিনী
বাঙ্গালুৰুৰ ৪০০ অট'চালকে প্ৰযোজনা কৰিছে এখন বাণিজ্যিক ছৱি
একালৰ বিধায়ক এতিয়া পথৰ বাসিন্দা